Top 5 Assamese Poems About Friendship

5 Best Assamese Poems On Friendship

Friendship is one of the purest bonds we experience, and in Assamese culture, it is beautifully expressed through heartfelt poetry.

If you are searching for Assamese Friendship Poems, you’ve come to the right place. 

Today we bring you 5 best Friendship Poems in Assamese that capture emotions of trust, loyalty, and unconditional support, reflecting the true essence of friendship in simple yet powerful words.

1. বন্ধুত্বৰ অনুভৱেৰে by ৰশ্মি ৰেখা চলিহা 

নাই মোৰ তোমাৰ লগত তেজৰ সম্পৰ্ক
তথাপিও তুমি আপোন সহোদৰৰ
যদিও নহয় তুমি আমাৰ পৰিয়ালৰ
তথাপিও আমি যেন একে পৰিয়ালৰ

ধনেৰে জুখিব নোৱাৰি আমাৰ মাজৰ সম্পৰ্ক
ধনী-দুখীয়াৰ লেবেল লগোৱা নাথাকে
এই সম্পৰ্কৰ ওপৰত
ইয়াৰ মাজলৈ নাহে
উচ্চ নীচৰ ভেদা ভেদ
অথবা ধৰ্মৰ বৈষম্যতা

বন্ধুত্বৰ সম্পৰ্কৰ মাজত থাকে কেৱল
অকৃত্ৰিম মৰম
গভীৰ বিশ্বাস
আৰু নিৰ্দোষ ধেমালি বোৰ…

 

 2. বন্ধুত্ব by কংকনা তালুকদাৰ

এক আবেগৰ এনাজৰী
য’ত লুকাই থাকে সুখ দুখৰ হেজাৰ সমাহাৰ
বন্ধুত্ব… এক সৰুযময়ী যাত্ৰা
য’ত এন্ধাৰ কম আৰু পোহৰৰ শক্তি অলেখ
বন্ধুত্ব… য’ত থাকে নিভাঁজ হাঁহি
আৰু হাঁহিৰ আঁৰত থকা ক’ত যে কিমান কাহিনী

ভাবিলেই যেন সৃষ্টি হয়
কিবা এক ৰসাল অনুভৱ

কিন্তু কিয়জানো,
ধেমালিবোৰৰ আজি খনন ঘটিল
চকুপানীৰে নৈ বোৱা গালখন
মুহাৰিব বন্ধুত্বৰ অভাৱ হ’ল
আজিও আমি বিচাৰি ফুৰো
ব্যস্ততাৰ মাজত হেৰাই যোৱা
বন্ধুত্বৰ এনাজৰী
কিজানিবা কেনেবাকৈ ধৰি ৰাখিব পাৰো…

বিচাৰো দুখত ভাঙি পৰা
মনটো জীয়াই ৰাখিবলৈ…

মই আজিও বাট চাওঁ
ঘৃণাৰে দৃষ্টিহীন হৈ পৰা চকুহালক
মিঠা অনুভৱৰ গঁজালি
ওলাবলৈ…

মই আজিও বাট চাওঁ।।

 

3. বন্ধুত্বৰ চহকী by শংকৰ দেৱ 

তোমাৰ কোনো বন্ধুৱে যদি
চলে তোমাৰ বন্ধুত্বক এৰাই,
তেওঁক তুমি বন্ধত্বৰে লোৱা
আগতকৈ বেছি মৰমেৰে বুলাই।

তোমাৰ কোনো বন্ধুৱে যদি
অহিত কৰিবলৈ গৈছে আগবাঢ়ি,
তেওঁক তুমি সময় নষ্ট নকৰাকৈ
আনা বন্ধুত্বৰে উদ্ধাৰ কৰি।

তোমাৰ কোনো বন্ধুৱে যদি
অনিয়মেৰে চলিবলৈ গৈছে আগুৱাই,
তেওঁক তুমি সময় থাকোঁতেই
বন্ধুত্বৰে আনা শুদ্ধতালৈ ঘূৰাই।

তোমাৰ প্ৰতিজন বন্ধুৱেই
একোজন পৱিত্ৰ মনৰ গৰাকী,
তেওঁক তুমি লোৱা বন্ধুত্বৰ প্ৰেমেৰে
জীৱনত থাকিবা হৈ বন্ধুত্বৰ চহকী।

 

4. বন্ধুত্বৰ এনাজৰী by অনিৰ্বাণ গগৈ 

বন্ধুত্ব হয়তো
এনেদৰেই গঢ়ি উঠে।
যিদৰে গঢ়ি উঠিছে,
তোমাৰ আৰু মোৰ
বন্ধুত্বৰ এনাজৰী।

হে, মোৰ প্ৰিয় বন্ধু
কিহেৰে পুঁজিম তোমাক।
সাতোটা বসন্ত গৰকা,
আমাৰ এই বন্ধুত্ব চিৰ যুগমীয়া।

মনত পৰে কেতিয়াবা
তোমাৰ সৈতে কটোৱা
হোষ্টেলীয়া দিনবোৰ।

মনত পৰে তোমাৰ
সেই বিশেষ গুণ তো।
যিটো গুণে বিৰিঙিয়াব
পাৰে সকলোৰে
মুখত সুখৰ হাঁহি।

যদিও তোমাৰ আৰু
মোৰ মাজত কোনো
তেজৰ সম্পৰ্ক নাছিল।
তথাপিটো গঢ়ি উঠিছে,
এক এৰাব নোৱাৰা
আত্মীয়তাৰ সম্বন্ধ।

হে, মোৰ…প্ৰিয় বন্ধু
সুখী হোৱা তুমি।
সফল হোৱা,

তোমাৰ জীৱন যুদ্ধত।
গঢ়ি তোলা এখন সুখৰ চানেকি।।

 

 5. বন্ধুত্ব by মামণি বৰঠাকুৰ

নিভাজ প্ৰেমেৰে ভৰা,
এটি পবিত্ৰ শব্দ
যাৰ নাম বন্ধুত্ব!
য’ত থাকে সঁচা ভালপোৱা,
নিস্বাৰ্থ মৰম…

 নাথাকে কোনো কামনা বাসনা।
কোনো জন হয় আধ্যবন্ত…
কোনো জন হয়তোবা দৰিদ্ৰ,
সংসাৰৰ কৰ্তব্য পালনত ব্যস্ত,
হব পাৰে জীৱনত পৰিশ্ৰান্ত,
সমস্যাৰে চাকনৈয়াত মন ভাৰাকান্ত।

 কিন্তু…
যেতিয়া কথা হয় সঁচা বন্ধুত্বৰ…
আন্দোলিত হয় মন…
সকলো পাহৰি হৈ পৰে…
কন, কন শিশুৰ দৰে…

ধৰ্ম নাই…
জাতি নাই…
বিভেদ নাই…
আছে মাথোন এটাই শব্দ…
বন্ধুত্ব…
মই তোমাক ভাল পাওঁ…
নিস্বাৰ্থ…

 

We hope these soulful Friendship Poems in Assamese touched your heart and reminded you of your closest bonds. 

Share these Assamese Friendship Poems with your friends, celebrate your connections, and keep the spirit of friendship alive through these timeless words.

A Perfect Gift For Your Friends

Mon Jai Assamese T-shirt - Back - ModelMon Jai Assamese T-shirt - Front - Model

Mon Jai

Original price was: ₹1,299.00.Current price is: ₹699.00. Select options This product has multiple variants. The options may be chosen on the product page
The Battle of Saraighat T-shirt - Model - FrontEkdom Bihu Bihu Lag Raha Hain - Model Back

The Battle Of Saraighat

Original price was: ₹1,299.00.Current price is: ₹699.00. Select options This product has multiple variants. The options may be chosen on the product page
Mayabini Zubeen Garg T-shirt - Model - BackMayabini Zubeen Garg T-shirt - Model - Front

Mayabini

Original price was: ₹1,299.00.Current price is: ₹749.00. Select options This product has multiple variants. The options may be chosen on the product page
Politics Nokoriba Bondhu - Model - FrontEkdom Bihu Bihu Lag Raha Hain - Model Back

Politics Nokoriba Bondhu

Original price was: ₹1,299.00.Current price is: ₹699.00. Select options This product has multiple variants. The options may be chosen on the product page
Share This Blog Post

One comment

  • NIRANJAN BORAH

    বন্ধুত্ব সম্পৰ্কীয় কবিতা কেইটি পঢ়ি আপ্লুত হৈছোঁ। বন্ধুত্ব এনেকুৱাই হোৱা উচিত য’ত স্বাৰ্থ নাথাকে।

    Reply

Add comment

Your email address will not be published. Required fields are marked

More Blog Posts You Might Like...