No products in the cart.
Return To ShopNo products in the cart.
Return To Shop
It goes without saying that Bihu songs are the heart and soul of Assamese culture.
They are played not just during the Bihu seasons but in almost all occasions in Assam.
Assamese Bihu Song Lyrics are, often, poetry in themselves.
So, here are the Top 10 Assamese Bihu Song Lyrics (in our humble opinion) in no particular order.
ঐ জান ঐ আকাশ খন ধুনীয়া
ঐ জান ঐ তৰাৰে জিলিকা
ঐ জান ঐ আকাশ খন ধুনীয়া
ঐ জান ঐ তৰাৰে জিলিকা
ঐ জান ঐ মনৰে সৰগত
ঐ জান ঐ তুমি মোৰ মেনকা
ঐ জান ঐ মনৰে সৰগত
ঐ জান ঐ তুমি মোৰ মেনকা
ঐ জান দূৰণিতে, ঐ জান তুমি থাকা
ঐ জান সপোনত হয়, ঐ জান আমাৰ দেখা
ঐ জান ঐ
ঐ জান আহিল বৰদৈচিলা
ঐ জান ঐ দিলে বিহুৰ বতৰা
ঐ জান আহিল বৰদৈচিলা
ঐ জান ঐ দিলে বিহুৰ বতৰা
ঐ জান ঐ জাকে জাকে বিহুৱা
ঐ জান ঐ ৰঙত হৈ বলিয়া
ঐ জান তুমি আহিবা
ঐ জান কপৌফুল আনিবা
ঐ জান মোৰ ঢিলা খোপাত
ঐ জান তুমি গুঁজি দিবা
ঐ জান ঐ
ঐ জান ঐ সাগৰত কিমান পানী
ঐ জান ঐ কোনেনো জুখিব
ঐ জান ঐ সাগৰত কিমান পানী
ঐ জান ঐ কোনেনো জুখিব
ঐ জান ঐ তোমালৈ থকা মৰম
ঐ জান ঐ কোনেনো বুজিব
ঐ জান ঐ তোমালৈ থকা মৰম
ঐ জান ঐ কোনেনো বুজিব
ঐ জান আনে জানো দিব
ঐ জান তোমাৰ অন্তৰক
ঐ জান কোনে বুজি পাব
ঐ জান তোমাৰ মৰমক
ঐ জান ঐ
ঐ জান ঐ শুনানে দোভাগ ৰাতি
ঐ জান কেতেকীৰ বিননি
ঐ জান ঐ মনৰে চিতনি
ঐ জান ঐ নিশা নাহে টোপনি
ঐ জান মৰুভূমিৰ বালিত
ঐ জান মৰীচিকা খেদি
ঐ জান তোমাকে পাবলৈ
ঐ জান আছোঁ আশা কৰি
ঐ জান ঐ
ঐ জান ঐ আকাশ খন ধুনীয়া
ঐ জান ঐ তৰাৰে জিলিকা
ঐ জান ঐ মনৰে সৰগত
ঐ জান ঐ তুমি মোৰ মেনকা
ঐ জান দূৰণিতে, ঐ জান তুমি থাকা
ঐ জান সপোনত হৈ, ঐ জান আমাৰ দেখা
ঐ জান ঐ
ঐ জান ঐ
ঐ জান ঐ
তুমি নাছঁনী এতিয়া যে গাভৰু
আহাচোন কাষলৈ অকমান মৰম কৰোঁ
বিচাঁৰি ফুৰিছো সুগন্ধি ঐ গোলাপ ফুল
মৰমে জানা নে নিবিচাৰে জাতি কূল
ঐ জান মোৰ জান
তোমাকে লগত লৈ পলাই গুছি যাম
তোমাকে লগত লৈ পলাই গুছি যাম
নাছঁনি তুমি বিহুতে ঐ নহলে
হাতৰ ঢোলৰ মাৰি নাযাই নো মোৰ ঢোললে
ঐ বিচাৰি ফুৰিছো চিৰনো সেউজীয়া
সচাকৈ হব নে মৰমনো যুগমীয়া
ঐ জান মোৰ জান
মনৰে চিতনি কেনেকৈনো পাম
তোমাক লৈ সছাকে পলাই গুছি যাম
তোমাক লৈ জানা নে পলাই গুছি যাম
ঐ ভনী ভণী বুলি মাতো মৰমতে
কিয় বেয়া পালা অকনমান কথাতে
ঐ হেৰা বুলি মাতিম গৈ বহাগৰ পাছতে
চাহ জলপান দিবাগৈ পথাৰৰ মাজতে
ঐ কহুঁৱা বনঁনি তাতে চৰে শৰিণী
ৰঙা চোলা নিপিন্ধিবা…
ঐ জান এনেই তুমি সুৱঁনি
ঐ জান এনেই তুমি সুৱঁনি
ঐ ভাৱিছিলো বিয়া পাতিম কামাখ্যাতে গৈ
গাঁৱৰ দুই চাৰিজন মান বুঢ়া মেঠা লৈ
ঐ ৰাম কৃষ্ণ হৰি নাযাও কেলৈ মৰি
ৰূপা-দীপা-জোনালীয়ে কলে নাহো বুলি জানৈ
কলে নাহো বুলি
ব্ৰহ্মপুত্ৰত জাপ হেনো দিলে কোনোবাই
আজি দুই চাৰি দিন হল ঘৰত ত্ৰী ৰো নাই
অহ ঘৰত আজি নাই
ঐ ৰাম-কৃষ্ণ হৰি নেযাও কেলৈ মৰি
নাযাও কেলৈ মৰি
নিৰুৰ অবিহনে মই
থাকিম কেনেকৰি
জানৈ থাকিম কেনেকৰি
থাকিম কেনেকৰি জানৈ
থাকিম কেনেকৰি
নাহৰৰে কুমলীয়া পাতে সৰুমাই
তই বাৰু মােৰে কথা বুজিছনে নাই
ঘনে ঘনে তােলৈ কিয় মােৰে চকু যায়
ঘনে ঘনে তােলৈ কিয় মােৰে চকু যায়
নাহৰৰে
দোভাগ ৰাতি কোনে বাৰু সুহুৰি বজায়
চাওঁ বুলি যদিও তই দুৱাৰ খােলা নাই
বুকুৰ মাজত জানাে কিবা কিবি লগা নাই দোভাগ ৰাতি
নাহৰৰে কুমলীয়া পাতে সৰু মাই
পুৱতি নিশাৰে সপােন হেনাে ফলিয়াই
সপােনত তােক মনৰ কথা ক’লে কেতিয়াবাই আজিও চোন জান ঐ মােৰ সপােন
আজিও কিয়বা নফলিয়াই
মােৰ সপােন আজিও কিয়বা নফলিয়াই
পুৱতি নিশাৰে
আনৰে আগত মােৰে কথা পাতিছেনে নাই
আনে বেয়া বুলি ক’লে দুখ লাগেনে নাই
সঁচাকৈ তােৰ মােলৈ
মৰম আছেনে নাইমই ধৰিব পৰা নাই
মৰম আছেনে নাইমই ধৰিব পৰা নাই
আনৰ আগত
দিখৌ নৈ এৰিব নোৱাৰোঁ
জাঁজী নৈ এৰিব নোৱাৰোঁ
দিখৌ নৈ এৰিব নোৱাৰোঁ
জাঁজী নৈ এৰিব নোৱাৰোঁ
মৰম অ’ই এৰিব নোৱাৰোঁ
মৰিবও নোৱাৰোঁ নোৱাৰোঁ
দিখৌ নৈ এৰিব নোৱাৰোঁ
জাঁজী নৈ এৰিব নোৱাৰোঁ
ৰঙা ৰঙা পলাশে হাঁহিছে
তাকে দেখি পছোৱা বলিছে
ৰঙা ৰঙা পলাশে হাঁহিছে
তাকে দেখি পছোৱা বলিছে
ৰঙা ৰঙা পলাশে হাঁহিছে
তাকে দেখি পছোৱা বলিছে
পলাশ নহয় জুমি চোৱা
ই যে মোৰ কলিজাৰে ৰঙা তেজ
দিখৌ নৈ এৰিব নোৱাৰোঁ
জাঁজী নৈ এৰিব নোৱাৰোঁ
মৰমে টানিছে ইফালে
চেনেহে বান্ধিছে সিফালে
মৰমে টানিছে ইফালে
চেনেহে বান্ধিছে সিফালে
হৃদয়ে কান্দছে অকলে
কোনেও নুবুজে নুবুজে
মৰমে টানিছে ইফালে
চেনেহে বান্ধিছে সিফালে
তোমালে মোক নিদিয়ে সহজে
তুমাকো জানো দিব মোক নিবলে
তোমালে মোক নিদিয়ে সহজে
তুমাকো জানো দিব মোক নিবলে
দিখৌ নৈ এৰিব নোৱাৰোঁ
জাঁজী নৈ এৰিব নোৱাৰোঁ
আগলে যাবও নোৱাৰোঁ
উভতি চাবও নোৱাৰোঁ
আগলে যাবও নোৱাৰোঁ
উভতি চাবও নোৱাৰোঁ
থ’মকি ৰবও নোৱাৰোঁ
আপোন ঘাটি হবও নোৱাৰোঁ
আগলে যাবও নোৱাৰোঁ
উভতি চাবও নোৱাৰোঁ
ঘৰৰ কথা পেলাবও নোৱাৰোঁ
তোমাক এৰি আনৰ হবওনোৱাৰো
ঘৰৰ কথা পেলাবও নোৱাৰোঁ
তোমাক এৰি আনৰ হবওনোৱাৰো
দুখন নাওৱত দুভৰি থৈ
বঠা বাবও যে মই নোৱাৰোঁ
দিখৌ নৈ এৰিব নোৱাৰোঁ
জাঁজী নৈ এৰিব নোৱাৰোঁ
দিখৌ নৈ এৰিব নোৱাৰোঁ
জাঁজী নৈ এৰিব নোৱাৰোঁ
দিখৌ নৈ এৰিব নোৱাৰোঁ
জাঁজী নৈ এৰিব নোৱাৰোঁ
আলহী হৈ আহিম এদিন তোমাক চাবলৈ
দৰা সাজি আহিম এদিন তোমাক নিবলৈ
আলহী হৈ আহিম এদিন তোমাক চাবলৈ
দৰা সাজি আহিম এদিন তোমাক নিবলৈ
আয়তীয়ে উৰুলিৰে বহাব কাষত
সমনীয়াই জোকাব মোক আহি ওচৰত
আয়তীয়ে উৰুলিৰে বহাব কাষত
সমনীয়াই জোকাব মোক আহি ওচৰত
মোৰ সোণ সিদিনা তুমিতো কান্দিবা
কেনেকৈনো নিচুকাম মই সমাজৰ আগত
কেনেকৈনো নিচুকাম মই সমাজৰ আগত
কলা ছাতিৰ আঁৰত কাৰো নালাগে নজৰ
পদুলিতে মায়ে দিব চুমা মৰমৰ
কলা ছাতিৰ আঁৰত কাৰো নালাগে নজৰ
পদুলিতে মায়ে দিব চুমা মৰমৰ
ভনীয়ে ধুৱাব ভৰি তামুলী পিৰাত
ভাইটিয়ে বুকুচাত লৈ বহাব ৰভাত
ভনীয়ে ধুৱাব ভৰি তামুলী পিৰাত
ভাইটিয়ে বুকুচাত লৈ বহাব ৰভাত
মোৰ জান সিদিনা,লাগিব কেনেবা
চাঁও বুলি চাবলৈ মই নোৱাৰিম তোমাক
চাঁও বুলি চাবলৈ মই নোৱাৰিম তোমাক
ভন্টীয়ে এটাই কথা শুনাই বৰেকৈ
নবৌক পালে পাহৰিবি দাদা আমালৈ
ভন্টীয়ে এটাই কথা শুনাই বৰেকৈ
নবৌক পালে পাহৰিবি দাদা আমালৈ
ভাইটিয়ে নুজোকায় মোক মাৰৰে ভয়ত
তোমাক পিছে নুজোকায় সি নেৰে সহজত
ভাইটিয়ে নুজোকায় মোক মাৰৰে ভয়ত
তোমাক পিছে নুজোকায় সি নেৰে সহজত
জানো সোণ পাৰিবা মৰমে বান্ধিবা
নিজৰ বুলি সাবতিলৈ বুকুৰে মাজত
নিজৰ বুলি সাবতিলৈ বুকুৰে মাজত
আজি তুমি যিমান মৰম ৰাখিছা মোলৈ
কমে যদি লাহে লাহে বিয়াৰ পাছলৈ
আজি তুমি যিমান মৰম ৰাখিছা মোলৈ
কমে যদি লাহে লাহে বিয়াৰ পাছলৈ
আজি তুমি যত সপোন ৰচিছা মোলৈ
হেৰায় যদি লাহে লাহে পালে মোক কাষত
আজি তুমি যত সপোন ৰচিছা মোলৈ
হেৰায় যদি লাহে লাহে পালে মোক কাষত
মোৰ জান তেতিয়া, জানো মোক ৰাখিবা
মৰমেৰে সাবতিলৈ বুকুৰে মাজত
মৰমেৰে সাবতিলৈ বুকুৰে মাজত
মৰমেৰে সাবতিলৈ বুকুৰে মাজত
মৰমেৰে সাবতিলৈ বুকুৰে মাজত
ফুল ফুলিছে বসন্তৰ
তুমি জানমণি বহাগৰ
প্ৰতিটো বহাগতে
মৰম যাচোঁ তোমাক অন্তৰৰ
গুণগুণকৈ ভোমোৰা
ফুলে ফুলে পৰিছে
থোপা থোপে নাহৰ তগৰ
ডাল ভৰি ফুলিছে
জানমণি তুমিয়েই মোৰ কামনা বাসনা
তুমিয়েই মোৰ জীৱনৰ ভৰসা
তুমিয়েই মোৰ বুকুৰে কলি
জুৰ মলয়া ফাগুনৰ
তুমি জানমণি মৰমৰ
প্ৰতিটো বসন্ততে
মৰম যাচোঁ তোমাক হৃদয়ৰ
ৰঙা নীলা পখিলা
জাকে জাকে উৰিছে
কুকু কৈ কুলিটিয়ে
পাতৰ আঁৰত মাতিছে
অ’ জানমণি তুমিয়েই মোৰ প্ৰাণৰে পুতলা
তুমিয়েই মোৰ আশাৰে নিজৰা
তুমিয়েই মোৰ নয়নৰ মণি
ন’ কুঁহিপাত আঁহতৰ
ন’ ঢল নামে লুইতত
সদায়ে সোণ থাকিবা
তৰা হৈ মোৰ মনৰ আকাশত
ঢোল পেঁপাই গৰজিলে
অসমৰ চুকে কোণে
তুমি কাষত নাথাকিলে
মনে কিবা কৰে
জানমণি তুমিয়েই মোৰ মৰমৰ গহনা
তুমিয়েই মোৰ সাগৰৰ মুকুতা
তুমিয়েই মোৰ জীৱন লগৰী
শেৱালি ফুল শৰতৰ
বহাগ মাহৰ দুপৰৰ
প্ৰতিটো ঢোলৰ চাপৰে
মনত পেলাই কথা অতীতৰ
মৌ বৰষা মৰম দিম
মোৰ কোমল হিয়াৰে
সপোনে ঐ দিঠকতে
থাকিবা মোৰ কাষতে
অ’ জানমণি তুমিয়েই মোৰ আকাশৰ চন্দ্ৰমা
তুমিয়েই মোৰ জোনাকী পৰুৱা
তুমিয়েই মোৰ নদীৰে সূতি
বাটি ভৰাই চিৰা খাবি বাঁহৰ চুঙাৰ দৈ
বাঁহৰ চুঙাৰ দৈ ঐ বাঁহৰ চুঙাৰ দৈ
জুঁহালতে জুতি লবি সাজৰ বাটি লৈ
সাজৰ বাটি লৈ ঐ সাজৰ বাটি লৈ
বাটি ভৰাই চিৰা খাবি বাঁহৰ চুঙাৰ দৈ
বাঁহৰ চুঙাৰ দৈ ঐ বাঁহৰ চুঙাৰ দৈ
জুঁহালতে জুতি লবি সাজৰ বাটি লৈ
সাজৰ বাটি লৈ ঐ সাজৰ বাটি লৈ
অ’ বিয়া পাতি জুতি লবি জাৰৰ দিনত ঐ
কেঠা কম্বল লৈ ঐ কেঠা কম্বল লৈ
কেঠা কম্বল লৈ ঐ কেঠা কম্বল লৈ
পইতাঁকৰ গৰা খাবি জুতি-পুতি লৈ
জুতি-পুতি লৈ ঐ জুতি-পুতি লৈ
দৰা বাচি বাচি থবি গাভৰুতে ঐ
গাভৰুতে ঐ ঐ গাভৰুতে ঐ
পইতাঁকৰ গৰা খাবি জুতি-পুতি লৈ
জুতি-পুতি লৈ ঐ জুতি-পুতি লৈ
দৰা বাচি বাচি থবি গাভৰুতে ঐ
গাভৰুতে ঐ ঐ গাভৰুতে ঐ
অ’ বিয়া পাতি জুতি লবি জাৰৰ দিনত ঐ
কেঠা কম্বল লৈ ঐ কেঠা কম্বল লৈ
কেঠা কম্বল লৈ ঐ কেঠা কম্বল লৈ
কুকি ভৰাই ফুল আনিবি জবা-খৰিকাজাঁই
জবা-খৰিকাজাঁই ঐ জবা-খৰিকাজাঁই
মোনা ভৰাই শাক আনিবি লফা ঢেকীয়া লাই
লফা ঢেকীয়া লাই ঐ লফা ঢেকীয়া লাই
অ’ ছোৱালী আনিবি ককাই তপিনা দাঙৰ চাই
তেহে বেছিদিন যায় ঐ তেহে বেছিদিন যায়
তেহে বেছিদিন যায় ঐ তেহে বেছিদিন যায়
অ… হ… অ… হ…
অ… হ… অ… হ…
অ… হ… ঐ…
চেনি চেনি চেনি চেনিমাই
বিহুতলীত তোমাক দেখা পায়
কাষে চাপি গ’লো যে
মৰম লাগি তোমাৰে
ধুনীয়া মুখ খনি চাই চাই
এ চেনি চেনি চেনি চেনিমাই
মোৰ বুকুত তুমি ল’লা ঠাই
মিচিঁকিয়াই হাঁহিলে
লাহি কঁকাল ভাঙিলে
আমনি নালাগে চাই চাই
এ ভয়ো লাগে ভালো লাগে
ধিপিং ধিপিং কলিজা কঁপে
মৰম লাগে চেনেহ লাগে
তোমাক দেখি পিৰিতি জাগে
চেনি চেনি চেনি চেনিমাই
মোৰ বুকুত তুমি ল’লা ঠাই ঐ
হে… সোনালী ধা… ননী
চালে চকু ৰোৱা
চালে চকু ৰোৱা
দেখি ভালে লাগি যায়
এ তোমাৰে হাঁ… হিতি
ইমান যে ধুনীয়া
ইমান যে ধুনীয়া
দেখি ভালে লাগি যায়
অ… অ… অ…
ভয়ো লাগে ভালো লাগে
ধিপিং ধিপিং কলিজা কঁপে
মৰম লাগে চেনেহ লাগে
তোমাক দেখি পিৰিতি জাগে
চেনি চেনি চেনি চেনিমাই
মোৰ বুকুত তুমি ল’লা ঠাই ঐ
অ… হ… বহুতৰ মাজতে…
মোৰে জান মোৰে জান
ল’লো বাছি তোমাক
মোৰে জান মোৰে জান
তুমি বা কোৱা কি
মোৰে জান
নে কৰিবা অভিমান
তোমাক বুজি পোৱা
তোমাক বুজি পোৱাই টান
অ… ঔ… অ…
ভয়ো লাগে ভালো লাগে
ধিপিং ধিপিং কলিজা কঁপে
মৰম লাগে চেনেহ লাগে
তোমাক দেখি পিৰিতি জাগে
চেনি চেনি চেনি চেনিমাই
মোৰ বুকুত তুমি ল’লা ঠাই
মিচিঁকিয়াই হাঁহিলে
লাহি কঁকাল ভাঙিলে
আমনি নালাগে চাই চাই
আমনি নালাগে চাই চাই
আমনি নালাগে চাই চাই ঐ
পৰ্বতৰ ঢে ঢেঁকীয়া
লিহিৰিপতীয়া
বতাহত যেনেকৈ হালে
ঢোলৰে চাপৰত তোৰে লাহি কঁকাল
দুছেও তিনিছেও কৈ ভাগে
তোৰদৰে নাচনী দেখি শ্ৰীকৃষ্ণই
বাঁহী বজাইছিলে চাগে
মোৰ মইনা ঐ
বাঁহী বজাইছিলে চাগে
পৰ্বতৰ ঢে ঢেঁকীয়া
লিহিৰিপতীয়া
বতাহত যেনেকৈ হালে
ঢোলৰে চাপৰত তোৰে লাহি কঁকাল
দুছেও তিনিছেও কৈ ভাগে
তোৰদৰে নাচনী দেখি শ্ৰীকৃষ্ণই
বাঁহী বজাইছিলে চাগে
মোৰ মইনা ঐ
বাঁহী বজাইছিলে চাগে
পাহাৰী নিজৰা দেখি ভালে লগা
কুলু কুলু কৰি নামে
ছোৱালী ধুনীয়া মাগুৰ বৰণীয়া
কঁকাল খামোচীয়া হলে
ভেকাটো বাদেই দে বুঢ়াইও জাপমাৰিব
বিহু নাচিবলৈ পালে মোৰ মইনা ঐ
বিহু নাচিবলৈ পালে
পাহাৰী নি নিজৰা দেখি ভালে লগা
কুলু কুলু কৰি নামে
ছোৱালী ধু ধুনীয়া মাগুৰ বৰণীয়া
কঁকাল খামোচীয়া হলে
ভেকাটো বাদেই দে বুঢ়াইও জাপমাৰিব
বিহু নাচিবলৈ পালে মোৰ মইনা ঐ
বিহু নাচিবলৈ পালে
ফাগুনৰ পছোৱাই আগলি কলাপাত
চিৰিলি চিৰিলি কৰে
যৌৱনৰ ধুমুহা উদঙীয়া মন
যেনি তেনি জান ঐ উৰে
তোকে দেখাৰ পৰা জাননে বুকুত মোৰ
ঘনাই ভুমিকম্প আহে
মোৰ মইনা ঐ
ঘনাই ভুমিকম্প আহে
ফাগুনৰ পছোৱাই আগলি কলাপাত
চিৰিলি চিৰিলি কৰে
যৌৱনৰ ধুমুহা উদঙীয়া মন
যেনি তেনি জান ঐ উৰে
তোকে দেখাৰ পৰা জাননে বুকুত মোৰ
ঘনাই ভুমিকম্প আহে
মোৰ মইনা ঐ
ঘনাই ভুমিকম্প আহে
লগৰ সমনিয়া যোৰ পাতি আহে
হাঁহি দেখি ভাগৰ লাগে
তেনেকৈ নেচাবি চকু থৈ চকুতে
বুকুত মেজিৰ জুই জ্বলে
তোৰ কাষ চাপি গ’লে মোৰ মৰমী
বাঁহী বজাই দিওঁ যেন লাগে
মোৰ মইনা ঐ
বাঁহী বজাই দিওঁ যেন লাগে
কাজিৰঙা বৰ ধুনীয়া
একোৰেই নাই তুলনা
তাতোতকৈ ধুনীয়া তুমি
কেঁচা সোনৰ টুকুৰা
কাজিৰঙা বৰ ধুনীয়া
একোৰেই নাই তুলনা
তাতোতকৈ ধুনীয়া তুমি
কেঁচা সোনৰ টুকুৰা
অ’ দেহাৰ বৰণ ৰঙ-চঙীয়া মূগা চুমনীয়া
চাদৰৰে আছলখন টানি টানি বান্ধি ল’বা
চাদৰৰে আছলখন টানি টানি বান্ধি ল’বা
শিৱসাগৰ মোহনীয়া স্বৰ্গদেওৰে বাট চ’ৰা
নামডাঙৰ শিলৰ সাঁকো দেখিবলৈ ধুনীয়া
শিৱসাগৰ মোহনীয়া স্বৰ্গদেওৰে বাট চ’ৰা
নামডাঙৰ শিলৰ সাঁকো দেখিবলৈ ধুনীয়া
অ’ মনৰ খবৰ ক’ব খুজিলে কাষলৈ আহিবা
কুমলীয়া অন্তৰখন লাহে লাহে বুজি পাবা কুমলীয়া অন্তৰখন লাহে লাহে বুজি পাবা
তুমি কোৱা কথাষাৰে কৰিছে মন বলিয়া
কেনেকৈ ফালি দেখুৱাওঁ কুমলীয়া কলিজা
কেনেকৈ ফালি দেখুৱাওঁ কুমলীয়া কলিজা
অ’ তোমাক দেখাৰ দিনাৰ পৰাই হ’লো মতলীয়া
তুমিয়ে মোৰ মৰমজান যুগে যুগে যুগমীয়া
তুমিয়ে মোৰ মৰমজান যুগে যুগে যুগমীয়া
অ’ দিনৰ পাহাৰ ৰঙ-চঙীয়া ৰাতি হয় গুম-গুমীয়া
মৰম চেনেহ তেনে নহয় বুলি কিয় ভাবিছা
অ’ দিনৰ পাহাৰ ৰঙ-চঙীয়া ৰাতি হয় গুম-গুমীয়া
মৰম চেনেহ তেনে নহয় বুলি কিয় ভাবিছা
অ’ কোনো জনে মৰম যাচে ধনেৰে সোনেৰে
কোনো জনে অন্তৰ দিয়ে মৰমৰ ভাষাৰে
কোনো জনে অন্তৰ দিয়ে মৰমৰ ভাষাৰে
মহাসাগৰ নৈ নিজৰা নেদেখো দূৰৰ পৰা
তুমি কাষত নেথাকিলে কোনে দিব শান্তনা
মহাসাগৰ নৈ নিজৰা নেদেখো দূৰৰ পৰা
তুমি কাষত নেথাকিলে কোনে দিব শান্তনা
অ’ তুমি আহি মৰম দিলে একুৱে নেলাগে
ধনেৰে সোনেৰে মোক জুখি চাব নেলাগে
ধনেৰে সোনেৰে মোক জুখি চাব নেলাগে
মনৰ দুৱাৰ খোলা আছে তুমি আহি জিৰাবা
ধুনীয়াকৈ পাৰি থৈছোঁ মনৰ ফুলাম দলিছা
দিনৰ বেলি ৰাতিৰে জোন সাক্ষী কৰি ল’লো
বহুত জনৰ মাজতে তোমাকে বাচি ল’লো
বহুত জনৰ মাজতে তোমাকে বাচি ল’লো
So, that’s it.
These Bihu Songs that have delighted people across generations in Assam.
We hope that our lyrics help you sing along to these classic Bihu songs.
Till next time.
Cheers!
