Looking for Papon song lyrics?
Here are his 21 best song lyrics.
1. তোমাৰ কথা
তোমাৰ কথা ভাবিলেই জানা
জোনাক উপচি পৰে!
বুকুৰ সিপাৰে এহেজাৰ গোলাপে
ৰঙা ৰঙা কলি মেলে
ছায়া হৈ আহাঁ এবাৰ কাষৰলে’
দিঠকত নেলাগে আহিবলে’
সপোনত আহাঁ এবাৰ কাষৰলে’
তোমাৰ কথা ভাবিলেই জানা
জোনাক উপচি পৰে!
বুকুৰ সিপাৰে এহেজাৰ গোলাপে
ৰঙা ৰঙা কলি মেলে
এটি বেলি-ফোঁটে কাণে-কাণে মোক ক’লে
তুমি-মই একেটি হোৱাৰে
সেই বেলি-ফোঁটে ওৰে নিশা মোক আহি
জোকালে, জুৰুলা কৰিলে
ছিয়া হৈ আহাঁ এবাৰ কাষৰলে’
দিঠকত নেলাগে আহিবলে’
সপোনত আহাঁ এবাৰ কাষৰলে’
তোমাৰ কথা ভাবিলেই জানা
জোনাক উপচি পৰে!
বুকুৰ সিপাৰে এহেজাৰ গোলাপে
ৰঙা ৰঙা কলি মেলে
আজি কাঁচি-জোনে গুপুতে আহি মোক ছুলে
এন্ধাৰত টোপনি ভাঙিলে
তৰা ফুলা ৰাতি তোমাক বাছি বাছি ক’লে
তুমি নাই, ক’তো নাই, নোহোৱাৰে
ছায়া হৈ আহাঁ এবাৰ কাষৰলে’
দিঠকত নেলাগে আহিবলে’
সপোনত আহাঁ এবাৰ কাষৰলে’
তোমাৰ কথা ভাবিলেই জানা
জোনাক উপচি পৰে
বুকুৰ সিপাৰে এহেজাৰ গোলাপে
ৰঙা ৰঙা কলি মেলে
2. পাৰিবানে পূৰাব তুমি
পাৰিবানে পূৰাব তুমি,
বগা চাদৰ উকা কপাল,
পাৰিবানে পূৰাব তুমি,
ভঙা হিয়া উদং কোলা,
পাৰিবানে পূৰাব তুমি,
পাৰিবানে, পাৰিবানে কোৱা,
দিব চকুলো মচি,
যদি পাৰা জীৱন দিয়া,
দিব শান্তি-সুখ আনি,
পাৰা যদি হাঁহি দিয়া,
পাৰিবানে…
কোন তুমি, তুমি কি বিছৰা,
নিৰপৰাধ শিশুক কোৱা কি অপৰাধ,
কোৱানা কোৱানা…
দেখি-শুনি আজি চকু কিয় মুদা,
ন্যায় দিব কোনে, দুহাত কিয় বন্ধা,
ৰজা-মন্ত্ৰী খেল মাথোঁ,
শেষ নহয় কাৰো সপোন,
টকা-পইচা আহে মাথোঁ
আমি নহয় কাৰো অপোন…
পাৰিবানে পূৰাব তুমি,
বগা চাদৰ উকা কপাল,
পাৰিবানে পূৰাব তুমি,
ভঙা হিয়া উদং কোলা,
পাৰিবানে পূৰাব তুমি,
পাৰিবানে, পাৰিবানে কোৱা,
দিব চকুলো মচি,
যদি পাৰা জীৱন দিয়া,
দিব শান্তি-সুখ আনি,
পাৰা যদি হাঁহি দিয়া,
পাৰিবানে…
3. এইবেলি মোক
এইবেলি মোক বুকুতে ৰাখি,
এইবেলি মোক লোৱাহি ঢাকি,
এইবেলি মোক আচঁলতে তোমাৰ
চাওঁতে চাওঁতে পুৱাৱ প্ৰতিটো পল, প্ৰতিটো ৰাতি…
এইবেলি হওঁক এই পৃথিৱী সাক্ষী,
আৱেগেৰে জ্বলোৱা চাকি…
তোমাৰ কথা ভাবি পাৰ হয় সময়,
আন কাৰো বাবেচোন মোৰ জানো আজৰি যে নহয়,
জোনৰে দেশৰ লৈ আহা বাতৰি
নেলাগে জানা সোণ মোক একো বাকী…
এইবেলি মোক নথবা ৰাখি,
মৰমৰে লোৱাহি আঁৱৰি…
প্ৰতিটো নিশা সপোনত আহি,
চুমা আঁকি…
ঢালি যোৱা মিঠা মিঠা তোমাৰ সুবাস এচাটি
উৰু উৰু মন ৰাঁখোনো কিদৰে
উৰিম আকৌ এইবেলি পাখি হৈ…
এইবেলি হওঁক জোন তৰা সাক্ষী,
মিলনৰে এটি মিঠা ৰাতি,
এইবেলি হওঁক…
চাওঁতে চাওঁতে পুৱাৱ প্ৰতিটো পল, প্ৰতিটো ৰাতি…
এইবেলি হওঁক এই পৃথিৱী সাক্ষী,
আৱেগেৰে জ্বলোৱা চাকি…
4. নিস্তব্ধ নিশাৰ
নিস্তব্ধ নিশাৰ জিলিয়ে মোক
ৰাতিপুৱালে লগ দিলে,
আকৌ এবাৰ উভটি চালো যে মই
ইমান অকলশৰীয়া,
আ আ আ…
কত সঁচা জীৱনৰ
মিছা হৈ পৰিছে
একেবোৰ মিছাকে লৈ
সঁচাকৈ হাঁহিছে,
কত সঁচা জীৱনৰ
মিছা হৈ পৰিছে,
একেবোৰ মিছাকে লৈ
সঁচাকৈ হাঁহিছে,
জানো কেতিয়া পুৱাব এই ৰাতি
পৃথিৱীৰ এই দীঘল ৰাতি
পোহৰ বিছাৰি ৰওঁ;
বুজিব নোৱাৰা সকলো নিয়ম-নীতি
নিজেই আদৰি আজি
হাহোঁ-কান্দো নিজম ৰাতি;
কেতিয়া জানো আঁতৰিব
এই মনৰ কুঁৱলি,
জানো কেতিয়াবা আমি দেখিম
দূৰণিৰ সকলো মন
সকলোৰে মনবোৰ যেন
আজি মুক্ত হয়।
5. মন মোৰ উৰি গুচি যায়
ফাগুণৰে পছোৱা বাঁ অ’…
মন মোৰ উৰি গুচি যায়,
কিজানো পায়ো হেৰুৱায়,
মন মোৰ উৰি গুচি যায়,
কিজানো পায়ো হেৰুৱায়,
ফাগুণৰে উৰণীয়া বা,
অ’ আলসুৱা কঁহুৱাৰে ছাঁ;
পলাশৰ ৰঙা ৰঙা ফুলে,
কাণে কাণে যি কথানো ক’লে,
জাকি মাৰি উৰা পক্ষী জাকে,
আকাশৰ আন্ধাৰে-জোনাকে,
কলিজাৰ বেথা ঢালি ক’ব পাৰিবনে বাৰু
ক’ব পাৰিবনে সেই কথা;
আজি কিয় বাৰে বাৰে,
মনে যে মোৰ বিছাৰে,
আঁচলৰে বা জুৰণীয়া,
আজি যে উদাসী সন্ধিয়া,
অ’ ফাগুণৰে বাউলি বা,
লৈ যা মোক লৈ যা,
ফাগুণৰে উৰণীয়া বা
অ’ আলসুৱা কঁহুৱাৰে ছাঁ,
মন মোৰ উৰি গুচি যায়,
কিজানো পায়ো হেৰুৱায়,
মন মোৰ উৰি গুচি যায়,
কিজানো পায়ো হেৰুৱায়,
ফাগুণৰে উৰণীয়া বা
অ’ আলসুৱা কঁহুৱাৰে ছাঁ,
ফাগুণৰে উৰণীয়া বা
অ’ আলসুৱা কঁহুৱাৰে ছাঁ,
ফাগুণৰে উৰণীয়া বা।
6. এজাক বতাহে
এজাক বতাহে ক’লে আহি,
মই নভবা কথাবোৰ,
এটি ফুলে কান্দি কান্দি,
ক’লেহি মনৰ কথাবোৰ,
মৰম কিদৰে
এজাক ধুমুহা হৈ,
বিছাৰি ফুৰিছে মোক,
এজাক বতাহে ক’লে আহি,
মই নভবা কথাবোৰ,
এটি ফুলে কান্দি কান্দি,
ক’লেহি মনৰ কথাবোৰ…
হাতত তোমাৰ ধৰি হাত,
পাৰ হৈ অহা সেই বাট,
এৰি অহা সেই খোজ,
আজিওটো আছে তাত,
এজাক উমাল সন্ধিয়া আছিলে য’ত,
তোমাক দিয়া এটি তেজৰঙী ফুল,
তুমি কিয় দিলা উভতাই
সেই তেজাল পাহিবোৰ,
তোমাৰ বুকুৰ উমত
আছিল জিপাল সময়বোৰ….
তথাপিও লাগে মোৰ,
তুমি নহয় বহু দূৰ,
তুলি ল’বা দুহাতত
মৰহিব ধৰা আশাবোৰ,
তোমাৰ কোমল পৰশত,
নাচিব মোৰ,
হেৰাই যোৱা এটি
সাতোৰঙী সুৰ….
এজাক বতাহে ক’লে আহি,
তুমিটো সদায় মোৰ,
বুকুৰ কোণতেই আছে
সেই জোনাকী ৰাতিবোৰ…..
7. মন উৰণীয়া পক্ষী
মন উৰণীয়া পক্ষী,
হেৰুৱা ঠিকনা বিছাৰি,
পাখি মেলো দূৰ নীলিমলে,
দিগন্তৰ সীমনালে,
মন উৰণীয়া পক্ষী…..
উৰি উৰি উৰি গধূলি,
পাওঁগৈ মই ঠাই যিখনি,
তাতে লওঁ জিৰণি,
নিশাটিৰ হওঁ আলহী…..
নতুন পুৱাই জগাই দিয়ে,
সপোনে আকৌ ৰিঙিয়াই মাতে,
মন উৰণীয়া পক্ষী…..
আজি যদি সাগৰে,
কাইলৈ মাতে মোক পাহাৰে,
চহৰৰ কোলাহলে,
গাঁৱৰ চহা জীৱনে,
সাদৰি মাতে মোক মহাকাশে,
যাযাবৰী মন,
যাযাবৰী মন,
যাযাবৰী মন উৰি ফুৰে,
মন উৰণীয়া পক্ষী…..
হেৰুৱা ঠিকনা বিছাৰি,
পাখি মেলো দূৰ নীলিমলে,
দিগন্তৰ সীমনালে,
এই মন উৰণীয়া পক্ষী…..
8. নীলা আকাশ
নীলা আকাশ, মেঘৰ আবাস,
বৰণীয়া পোহৰ এজাক,
ই ক’ৰপৰা আহি আছে !
নেজানো একোকে,
সঁচা-মিছা…..
অতি চিনাকি এজাক বৰষুণ,
নামিলেহি মোৰ চোতালতে,
অতি চিনাকি অনুভূতিবোৰ,
বাগৰ সলায় মোৰ হৃদয়তে,
মোৰ মনক জোকায়,
সেই বৰষুণজাকৰ দৰে সিও গুচি যায়,
বৰ অসহায়,
অসহায় লাগে সেই পৰতে,
বৰ অসহায়,
অসহায় লাগে সেই পৰতে কিয়?
সময় বালিৰ সোণোৱালী,
নিৰৱে তাইৰ চতুৰালি,
হাতৰ ফাঁকে সৰকি যায়,
নোৱাৰি ধৰিব…..
পাৰি জানো???
জিৰ্ জিৰ্ জিৰ্ জীৱন্ত,
চঞ্চল মনৰ নিজৰাতে,
কত হাঁহি শত অশ্ৰু,
উটি আহে উটি যায় নেদেখাকে ,
জিৰ্ জিৰ্ জিৰ্ জীৱন্ত
চঞ্চল মনৰ নিজৰাতে,
কত হাঁহি শত অশ্ৰু,
উটি আহে উটি যায় নেদেখাকে,
মোৰ মনে জানো বুজি পায়!
এই অভিনয় আঁৰে আঁৰে কোনে জুমি চায়
বৰ অসহায়,
অসহায় লাগে সেই পৰতে,
বৰ অসহায়,
অসহায় লাগে সেই পৰতে কিয়?
নীলা আকাশ, মেঘৰ আবাস,
বৰণীয়া পোহৰ এজাক,
ই ক’ৰপৰা আহি আছে?
নেজানো একোকে,
সঁচা-মিছা…..
9. নিয়ঁৰ সনা সন্ধিয়া
তোমাৰেই যেন,
আজি এই ৰাগে,
নিয়ঁৰটো ৰং সানে;
বুজা নুবুজা বহু অবুজ আবেশ,
নিযঁৰৰেই দৰে….
নাজানো কিয় নামে এই এন্ধাৰ আজি,
কিয়নো সপোন ভাগে,
তোমাৰেই আশা মাঁথো দুচকুতে মোৰ,
নাজানো মনে কি বিচাৰে;
তোমাৰেই যেন,
আজি এই ৰাগে,
নিয়ঁৰটো ৰং সানে;
বুজা নুবুজা বহু অবুজ আবেশ,
নিযঁৰৰেই দৰে….
দুচকুত আজি
তোমাৰেই মাথোঁ হেঁপাহ,
পোৱা নোপোৱাৰ সচাঁ-মিছা আশা,
দুচকুত আজি
তোমাৰেই মাথোঁ হেঁপাহ,
পোৱা নোপোৱাৰ সচাঁ-মিছা আশা;
পামনে তোমাকেই,
জোনাকৰেই মাজত,
পামনে তোমাকেই,
বুকুৰে সোঁমাজত,
পামনে তোমাকেই,
চাকিবোৰ জ্বলে যেতিয়া,
নিয়ঁৰ সনা মিঠা সন্ধিয়াত;
তোমাৰেই যেন,
আজি এই ৰাগে,
নিয়ঁৰটো ৰং সানে;
বুজা নুবুজা বহু অবুজ আবেশ,
নিযঁৰৰেই দৰে….
সন্ধিয়া সৰা
নিয়ঁৰৰ দৰে,
আহিবানে ওচৰলৈ,
সন্ধিয়া হ’লে
মন জোনাকীৰ দৰে,
বাৰে বাৰে কিয় যে ৰৈ…
তোমাকে উজ্বলাই,
ই চোন জ্বলি যায়,
তোমাকে বিচৰা আবেগতে বৈ যায়,
ক’লা ডাৱৰ জাকে,
বৰষাই কিয় উটি যায়,
নিয়ঁৰ সনা মিঠা সন্ধিয়াত;
তোমাৰেই যেন,
আজি মিঠা ৰাগে,
নিয়ঁৰটো ৰং সানে;
বুজা নুবুজা বহু অবুজ আবেশ,
নিযঁৰৰেই দৰে….
আ আ আ…..
10. আইলৈ মনত পৰে
সন্ধ্যা যেতিয়া নামে
জিলমিলাই কাঁচি জোনে
আইলৈ মনত পৰে
পখী যেতিয়া বাহলে আহে
কোলাহল যেতিয়া কমে
অৱসাদে আৱৰি ধৰে
আইলৈ মনত পৰে
অবুজ আবেগ উজাই আহে
চকুলো বই বাৰে বাৰে
সন্ধ্যা যেতিয়া নামে
আইলৈ মনত পৰে ।
এছাটি বতাহ ব’লে
জিৰ জিৰ বৰষুণ পৰে
মাটিৰ সুৱাস ভাহে
বিজুলী চমকি উঠে
গৰজি উঠা আকাশ দেখি
আপোন দেশলৈ মনত পৰে …
আইলৈ মনত পৰে ।
শৰতৰ ৰাতিপুৱা বাট বুলি যায়
তলসৰা শেৱালিয়ে মিঠা সুৱাস পাই
উৰু উৰু মন শৈশৱ কাললে
ফুল বুটলি ফুৰা সোণালী দিনলে
শেৱালিৰ সুৱাস হেৰুৱাৰ দৰে
বেদনাই মোকো দহে
নিয়ৰৰ টোপাল অশ্ৰু হৈ মোৰ চকুৰে সৰে
সন্ধ্যা যেতিয়া নামে
জিলমিলাই কাঁচি জোনে
আইলৈ মনত পৰে
আইলৈ মনত পৰে
সন্ধ্যা যেতিয়া নামে
লা লা লা লা …
11. মৃগাতৃষ্ণা
আ…
মৃগাতৃষ্ণা তোমাৰ ছবি,চকামকা ছায়া অ…
হৰিণীনয়না তোমাৰ, দুচকুৰ মায়া
অ…পাহে পাহে ফুলি উঠে বুকুতে গোলাপ হ,হ…
আহে আহে বাঢ়ি নো যায় শ্যামলী সুবাস
হৃদয়ৰে কাননতে ফুলে পাৰিজাত
পৰানৰে কোঁহে কোঁহে অমিয়া সুবাস
ওৰণিৰ ফাঁকেৰে সৰকি আহে হেঙুলীয়া ৰ’দ
তোমাৰে খোজত পদুমৰ কলি খোপাত বাবৰি ফুল
আ…সাজলি কপালত ৰূপহী পখিলাই চুমা আকি নো যায়
কহুঁৱাৰ সিপাৰে জেউতি চৰিলে সুৰভি বাকি যায়
অ…তোমাৰে মাততে অলেখ মাধুৰী উশাহতে বিভোৰ
অ…বিৰহী কেতেকীৰ সুৱদি ৰহনে ৰজনীতে গুনগুন…
12. জোনাকী ৰাতি
ক’ত এজাক, ক’ত এজাক…..
ক’ত এজাক, ক’ত এজাক…..
জোনাকী ৰাতি,
কিয়নো আহি…..
প্ৰতিটো সুৰটো ছবি আঁকিলি,
জোনাকী ৰাতি,
কিয়নো আহি…..
তোমাৰ দুচকোৱে মোক
নিশা কিয় কন্দুৱায়,
তোমাৰ মিঠা হাঁহিটিয়ে
মোক আজিও হঁহুৱায়,
তোমাৰ দুচকোৱে মোক
নিশা কিয় কন্দুৱায়,
তোমাৰ মিঠা হাঁহিটিয়ে
মোক আজিও হঁহুৱায়,
আজি নিশা জোনাকী পৰুৱাই
তোমাৰ ছবি কিয় উজ্বলায়
পাহৰিব নোৱাৰো মই তোমাক…..
ক’ত আছা তুমি আজি?
কাক চোৱা তুমি আজি?
কাৰ বাট চোৱা তুমি আজি?
কাৰ গান গোৱা তুমি আজি?
নাহিবা সপোনতে এতিয়া তুমি,
কিবা বিভীষিকা আহিছে নামি
জোনাকী ৰাতি…..
কিয়নো আহি
প্ৰতিটো সুৰটো ছবি আঁকিলি,
জোনাকী ৰাতি…..
13. জোনাকে বিছাৰে কি
জোনাকে বিছাৰে কি?
ফাগুণী বতাহে সুঁৱৰাই কি?
তোমাকে তোমাকে তোমাকে তোমাকে,
তোমাকে তোমাকে তোমাকে তোমাকে…..
জোনাকে বিছাৰে কি???
দোকমোকালি পুৱা কুলিৰ বিননী,
বেদনাই আহি দুচকো তিয়ায়,
বেদনাই আহি দুচকো তিয়ায়,
ডাৱৰে আৱৰে সপোন মোৰ,
বতাহে নিলে উৰুৱাই…..
জোনাকে বিছাৰে কি???
জোনাকৰে ৰাতি,
তিৰ্ বিৰ্ তৰায়ে,
কিনো মায়া সানে দুচকো যুৰি,
কিনো মায়া সানে দুচকো যুৰি,
মন মোৰ উৰি যায় দূৰণিলে,
আপোন গাঁৱৰ পদূলিলে…..
ফাগুণী বতাহে সুঁৱৰাই কি?
তোমাকে তোমাকে তোমাকে তোমাকে,
জোনাকে বিছাৰে কি?
জোনাকে বিছাৰে কি????
14. সপোনত আজি
সপোনত আজি,
দিঠকত আজি,
তোমাৰেই পৰশ;
সপোনত আজি,
দিঠকত আজি,
তোমাৰেই পৰশ;
বতাহত আজি,
উশাহত আজি,
তোমাৰেই পৰশ;
তোমাৰেই পৰশ সন্ধিয়াৰ আকাশত
ডাৱৰৰ আঁৰে লুকা-ভাকু খেলা
জিল্ মিল্ জোনৰ
সপোনত আজি,
দিঠকত আজি,
তোমাৰেই পৰশ;
তিৰ্ বিৰ্ তৰা জাকৰ মাজত
তোমাৰ কোমল নিবিৰ পৰশ;
ধুনীয়া সুৰ এটি,
উজাগৰী ৰাতি…..
গুণ গুণাই আছো,
নিৰৱতা ভাঙি…..
ধেমালি মন উৰি গুচি যায়,
ধেমালি মন উৰি গুচি যায়…..
বিছাৰি তোমাৰ সুৰীয়া ভাষা,
কণ্ঠৰ পৰশ,
সপোনত আজি
দিঠকত আজি,
তোমাৰেই পৰশ,
তোমাৰেই পৰশ…..
নিসংগতাৰ ৰাতিৰ
পল গণি শেষ নহয়,
কাষত তোমাক পোৱাৰ বাবে
আকূল হৃদয়…..
অবুজ কূলাহল
গুজৰি-গুমৰি মনতে ৰয়,
অভিমানৰ প্ৰাচীৰ ভাঙি
অশ্ৰু হৈ বয়…..
মনৰ এন্ধাৰ আঁতৰি যায়,
পক্ষীৰ মাতত ৰাতি পুৱায়…..
হিয়াতে আনে পুৱাৰে ৰাগে,
ন অনুভৱ…..
সপোনত আজি,
দিঠকত আজি,
বতাহত আজি,
তোমাৰ পৰশ ৷
15. গুণ গুণ গুণ গুণ কাণে কাণে
গুণ গুণ গুণ গুণ কাণে কাণে,
জিৰ্ জিৰ্ জিৰ্ জিৰ্ বৰষুণে,
গায় মাঁথো এই গান,
প্ৰভাতী পক্ষীৰ ধ্বনি,
আকাশে-বতাহে উৰি,
ৰিঙিয়াই ৰিঙিয়াই গায়,
অ’ অ’ অ’ অ’ অ’…..
গুণ গুণ গুণ গুণ কাণে কাণে,
জিৰ্ জিৰ্ জিৰ্ জিৰ্ বৰষুণে…..
কুলু কুলু নদী বয় কেতেকীৰ বিননীত,
গৰখীয়াৰ বাঁহীতে একেটা সুৰৰ কলি,
কুলু কুলু নদী বয় কেতেকীৰ বিননীত,
গৰখীয়াৰ বাঁহীতে একেটা সুৰৰ কলি,
দিশে দিশে মুখৰিত ছন্দ গানৰ,
শুনা মাঁথো শুনা অভিমানী প্ৰিয়া মোৰ,
দূৰণিত বহি তুমি শুনা,
অ’ অ’ অ’ অ’ অ’…..
গুণ গুণ গুণ গুণ কাণে কাণে…..
তৰাৰ আকাশতে ধ্ৰুৱতৰা জিলিকে,
নয়ন জোৰাই চোৱা কিনো বিতোপন দেখে,
তৰাৰ আকাশতে ধ্ৰুৱতৰা জিলিকে,
নয়ন জোৰাই চোৱা কিনো বিতোপন দেখে,
এন্ধাৰ-পোহৰ নীলা পুৱতিৰ সেই ক্ষণে,
আনে উৰুৱাই মলয়া বতাহে একেটা সুৰৰ ক’লি,
অ’ অ’ অ’ অ’ অ’…..
গুণ গুণ গুণ গুণ কাণে কাণে…..
16. আকাশ আকাশ
আকাশ আকাশ তোমাৰ কথা
ডাৱৰ ডাৱৰ মোৰ মন,
সাঁথৰ সাঁথৰ তোমাৰ চকু
পাতল পাতল মোৰ উম,
তাকৰ তাকৰ তোমাৰ আশাত
বাখৰ হ’ব মোৰে বাট…..
আকাশ আকাশ তোমাৰ কথা
ডাৱৰ ডাৱৰ মোৰ মন;
নিশা যিমানেই গভীৰ হ’ব
সিমানে আশা বাঢ়ি যাব,
নিশা যিমানেই গভীৰ হ’ব
সিমানে আশা বাঢ়ি যাব,
নাই নালাগে আকাশৰ জোন-তৰা
নাই নালাগে মিছা মিছা মায়া,
যেনি যাওঁ তোমাকে দেখা যেন পাওঁ,
আকাশ আকাশ তোমাৰ কথা
ডাৱৰ ডাৱৰ মোৰ মন;
চেঁচা বতাহে দুগাল চুব
এপাল হেঁপাহো ৰৈ যাব,
চেঁচা বতাহে দুগাল চুব
এপাল হেঁপাহো ৰৈ যাব,
নাই নালাগে পদূলিৰ ফুল সৰা
নাই নালাগে অচিনা বাটচ’ৰা,
যেনি যাওঁ মাঁথো তোমাকে পাওঁ…..
আকাশ আকাশ তোমাৰ কথা
ডাৱৰ ডাৱৰ মোৰ মন;
সাঁথৰ সাঁথৰ তোমাৰ চকু
পাতল পাতল মোৰ উম,
তাকৰ তাকৰ তোমাৰ আশাত
বাখৰ হ’ব মোৰে বাট…..
আকাশ আকাশ তোমাৰ কথা
ডাৱৰ ডাৱৰ মোৰ মন ৷
17. পুৱাৰ ৰ’দালিয়ে
পুৱাৰ ৰ’দালিয়ে যে আকাশক কৈ যায়,
পুৱাৰ ৰ’দালিয়ে যে আকাশক কৈ যায়,
আহিবা তুমি পুৱা,
আজিয়েই ৰাতিপুৱা;
পুৱাৰ ৰ’দালিয়ে যে আকাশক কৈ যায়,
পুৱাৰ ৰ’দালিয়ে যে আকাশক কৈ যায়,
আহিবা তুমি পুৱা,
আজিয়েই ৰাতিপুৱা;
তুমি আহিলে দেখো পাহিবোৰে হাঁহি চায়,
দিঠকো যেন শুৱনি এক সপোন হৈ যায়,
তুমি আহিলে দেখো পক্ষীবোৰে গীত গায়,
মোৰো বাগিছাত যেন ফাগুণ সাৰ পায়,
পুৱাৰ দূবৰিত পৰা নিয়ঁৰেও যে মিচিকায়,
শৰতেও মিঠা হাঁহি মাৰি আজি সাৰ পায়,
তোমাৰ অহা বাতৰি পায়;
পুৱাৰ ৰ’দালিয়ে যে আকাশক কৈ যায়,
পুৱাৰ ৰ’দালিয়ে যে আকাশক কৈ যায়,
আহিবা তুমি পুৱা,
আজিয়েই ৰাতিপুৱা;
তুমি নাহিলে দেখো বতাহো বতাহো ৰৈ যায়,
ফুলৰ সুবাস দেখো ম্লান হৈ যায়,
নিয়ঁৰ চুব খোজা আঙুলিও ৰৈ যায়,
সৰা শেৱালী দেখো মাটিতে মৰহি যায়;
তোমাৰ খোজৰ বাবে বাট চায় বাট চায়,
তুমি নাহিলে কিয় সকলো অসহায়,
নাহা কিয় সঘনায়?
পুৱাৰ ৰ’দালিয়ে যে আকাশক কৈ যায়,
পুৱাৰ ৰ’দালিয়ে যে আকাশক কৈ যায়,
আহিবা তুমি পুৱা,
আজিয়েই ৰাতিপুৱা ৷
18. ঢৌৱে ঢৌৱে
ঢৌৱে ঢৌৱে নৈয়ে কি কথা পাতিছে
ঢৌৱে ঢৌৱে নৈয়ে কি কথা পাতিছে,
মনে অকলে কাৰ কথা ভাবিছে
মনে অকলে অকলে কাৰ কথা ভাবিছে,
ঢৌৱে ঢৌৱে নৈয়ে কি কথা পাতিছে এয়া,
ঢৌৱে ঢৌৱে নৈয়ে কিনো যে কথা পাতে
দূৰণিৰে থূপি তৰা জুমি জুমি চায়,
বুকুৰে গোপন বেথা কোনেও দেখা নাই অ’
ৰিঙা ৰিঙা লাগে ৰিঙা ৰিঙা লাগে
ৰিঙা ৰিঙা লাগে কিয় যে আজি…..
ইমান সপোন মোৰ ঢৌৱে ঢৌৱে যায় উটি…..
সোণ পুৱতিৰ পৰা ওৰে জীৱন জুৰি,
ওৰে জীৱন ৰাখিছিলো সাঁচি…..
কোনে আহি জানো অজানিতে দিলেহি মচি,
বুকুৰ ইমান বেথা তই জানো জান মোৰ নদী
বুকুৰ ইমান বেথা জান জানো তয়ে মোৰ নদী…..
মোৰ বুকুখনে ইমান উচুপে কিয় জানা জানো তুমি?
ঘূৰি চাবৰ বাবে জানো আজৰি পোৱা তুমি…..
সেই আগৰ দৰে বাউলি হোৱানে মোৰ মাতটো শুনি?
জ্বলেনে জুই উমি উমি…..
ঢৌৱে ঢৌৱে নৈয়ে কি কথা পাতিছে,
মনে অকলে কাৰ কথা ভাবিছে
মনে অকলে অকলে কাৰ কথা ভাবিছে
ঢৌৱে ঢৌৱে নৈয়ে কিনো যে কথা পাতে
ঢৌৱে ঢৌৱে নৈয়ে কি কথা পাতিছে এয়া ৷
অ’ মোৰ নদী…..
19. উজায়ে যা নৈ
উজায়ে যা নৈ,
বেলিটিক ক’গৈ,
নীলিমা মোৰ দুখৰ;
ভটিয়ায়ে গৈ,
মোহাৰি নে ঐ,
তুলিকা মোৰ দুখৰ;
কি ৰঙীন পোচাকে হাঁহে,
আৱৰি উকা মন,
কি মালিন হৃদয়ে চুমি চায়,
চকুলো হয় নিগৰা ৰং…..
ৰ’দলে বাট চায়,
থমকে মোৰ ৰামধেনু,
বৰষা নাই নাই,
লুকালে মোৰ ৰামধেনু…..
গহনাৰ মিছা ৰং,
ইপাৰতে ৰ’…..
বিকশা প্ৰাণৰ ৰং,
মাঁথো সিটো পাৰ হ’…..
উন্মদনাৰ কি ৰং সানে,
সময়ে ৰৈ সূতিৰ গড়াত;
উল্লাসে পাহৰা এই ৰঙা ৰঙে যে,
তেজ সিঁচি যায়…..
ৰ’দলে বাট চায়,
থমকে মোৰ ৰামধেনু,
বৰষা নাই নাই,
লুকালে মোৰ ৰামধেনু…..
ভাওনাৰ বচন কি?
দিঠকৰ চলন কি?
চাৰিবেৰ উৱঁলি,
নিকাকৈ পদূলি;
অট্টালিকাই জানো চুমিব পাৰে,
হাবিয়াস মনত,
ৰামধেনুৰ সাতো ৰঙতে,
দিবনে পাঁৰো মোকোলাই…..
ৰ’দলে বাট চায়,
থমকে মোৰ ৰামধেনু,
বৰষা নাই নাই,
লুকালে মোৰ ৰামধেনু…..
সময়ে কৈ যায়,
ধুমুহা বৈ যায়,
বিৰিঙে হাঁহি মুখৰ,
ৰ’দে পুনৰাই উভটি লগ পায়,
মুকুতা বৰষুণত;
বিবেকে ৰোধিব যেহি
পৰশুৰামৰে বাট,
জানিবা সাতো ৰং আছে ৰৈ,
সেহি বাটে ৰামৰে লৈ নাম…..
জীৱনে ৰং চায়,
ৰঙে গঢ়ে ৰামধেনু;
সপোনে প্ৰাণ পায়,
আঁকে পুনৰ ৰামধেনু…..
20. নাচে নয়নে
নাচে নয়নে দিবা নিশি যশোৱা নন্দন,
হিয়াতো জ্বলে সেই শ্যাম সশোভন;
হ’ল পাগলী ব্ৰজাবালা আকূল ব্যাকূল,
লহৰী লহৰী যায় যমুনাৰ কূল;
নাচে নয়নে দিবা নিশি যশোৱা নন্দন,
হিয়াতো জ্বলে সেই শ্যাম সশোভন;
উন্মনা ৰাধিকা এবেলিৰ বেলা,
অ’ বিৰহে নধৰেহি যি অসহনো জ্বালা;
কেনে ত্যাগী গ’লা কিয় এই বৃন্দাবন,
কেনে অবুজন প্ৰেম কিজানি কৰুণ,
সবাৰে কাৰণে তেওঁ হেনো ভগৱান;
নাচে নয়নে দিবা নিশি যশোৱা নন্দন,
হিয়াতো জ্বলে সেই শ্যাম সশোভন;
অ’ ৰাধাই জানে ৰাধাই জানে প্ৰেম মানে কি,
বুকুৰে মাজেৰে বয় যমুনা নদী,
ৰাধাৰ প্ৰেম বিৰহৰ মাথোঁ বিৰহৰে উন্মাদ,
হৃদয়হীন কৃষ্ণই কি কৰিব অনুমান,
অনুভৱৰ সিপাৰত সেই প্ৰেম জোতিষ্মান;
নাচে নয়নে দিবা নিশি যশোৱা নন্দন,
হিয়াতো জ্বলে সেই শ্যাম সশোভন;
হ’ল পাগলী ব্ৰজাবালা আকূল ব্যাকূল,
লহৰী লহৰী যায় যমুনাৰ কূল;
নাচে নয়নে দিবা নিশি যশোৱা নন্দন,
হিয়াতো জ্বলে সেই শ্যাম সশোভন ৷
21. চিনাকী চিনাকী
চিনাকী চিনাকী মুখ অচিনাকী মন
মুখা পিন্ধি সকলোচোন নিজতেই মগন
চিনাকী চিনাকী মুখ অচিনাকী মন
মুখা পিন্ধি সকলোচোন নিজতেই মগন
ইমান কোলাহল লাগিছে আমনি
নীলা আকাশখনি ইয়াত যে নেদেখি
সেই চিনাকী চিফুংৰ সুৰে মাতিছে বাৰে বাৰে…
চিনাকী চিনাকী মুখ অচিনাকী মন
মুখা পিন্ধি সকলোচোন নিজতেই মগন…
ইমান আদৰ আইৰে মাতত চেনেহৰ উম বিনন্দিয়া
নৈৰে ঘাটৰ জুৰ মলয়া জীৱন জুৰোৱা মাদকতা
শাৰদী নিশাৰ জোনাকতে কহুঁৱা কোমল সপোন জাগে
শেৱালী ফুলৰ সুবাস লাগি মন উৰণীয়া হয় মোৰ বাৰে বাৰে…
চিনাকী চিনাকী মুখ অচিনাকী মন
মুখা পিন্ধি সকলোচোন নিজতেই মগন…
ঘূৰি চালে অতীতৰে মিঠা অনুভূতি
সাহসেৰে সুৰ হয় মন শকতি
ঘূৰি চালে অতীতৰে মিঠা অনুভূতি
পাওঁ সেই সৰলতা সংস্কৃতি
দেশৰ কাহিনী মূলা জয়মতী
লাচিতৰে সেই ভৰা আখ্যান
আইতাই গোৱা, বৰগীত-ঘোষা
নীৰৱে কঁপে কলিটি যাৰ
চিনাকী চিনাকী মুখ অচিনাকী মন
মুখা পিন্ধি সকলোচোন নিজতেই মগন…
আকাশ পিয়াসী মানুহৰ বাবে
মুখাই আমুৱা এই যুগৰ বাবে
চিফুং বাঁহীৰ সুৰেৰে গাঁঠি
ৰছিলোঁ এই নতুন সুৰ
বুকুৰ সঁচা চেনেহেৰে
মনৰ মিঠা আবেগেৰে
চিনাকী চিনাকী মুখ অচিনাকী মন
মুখা পিন্ধি সকলোচোন নিজতেই মগন…
চিনাকী চিনাকী মুখ অচিনাকী মন
মুখা পিন্ধি সকলোচোন নিজতেই মগন
ইমান কোলাহল লাগিছে আমনি
নীলা আকাশখনি ইয়াত যে নেদেখি
সেই চিনাকী চিফুংৰ সুৰে মাতিছে বাৰে বাৰে…
চিনাকী চিনাকী মুখ অচিনাকী মন
মুখা পিন্ধি সকলোচোন নিজতেই মগন…
So, that’s it!
Hope you have found this blog post helpful.
