Be prepared for a hearty laughing session!
That's because we bring you 30 funny Assamese jokes that will make your day.
So, let's go.
Assamese Joke No. 1
পুতেকে কৃপন দেউতাকক কৈছে: “মই দূৰৰ বস্তু একেবাৰে নেদেখা হৈছো। চশমা এযোৰ কৰাই দিয়ক।”
আকাশলৈ আঙুলি টোৱাই দেউতাকে পুতেকক সুধিলে: “সেইটো কি কচোন?”
পুতেকে উত্তৰ দিলে: "জোন"
দেউতাক: “তই আৰু কিমান দূৰলৈ চাব খোজ কচোন বোপাই?”
Assamese Joke No. 2
শিক্ষক: “লিঙ্গ পৰিবৰ্তন কৰা”
ছাত্র: “লাখ টকা দিলেও নকৰোঁ।”
Assamese Joke No. 3
স্ত্রী আৰু ইস্ত্রিৰ মাজত তামাম মিল আছে, ইস্ত্রি গৰম হ'লে কাপোৰ চিধা, স্ত্রী গৰম হ'লে স্বামী চিধা।
Assamese Joke No. 4
মাৰ আজি টকা কেইটামান হেৰাল, টকা কেইটা নিবিচাৰি মোক হে বিচাৰি ফুৰিছে।
Assamese Joke No. 5
শিক্ষয়িত্ৰী: “তোমালোকে কোৱাচোন 'মই ধুনীয়া', এইটো কোন কালৰ বাক্য?”
এগৰাকী ছাত্ৰী: “অতীত কালৰ, বাইদেউ।”
Assamese Joke No. 6
পত্নী: “হে'ৰা, আজি-কালি বাতৰি কাকতত প্ৰত্যক্ষ আৰু অপ্ৰত্যক্ষ কৰৰ কথা খুব লিখে দেখোন। বস্তুটো কি মোক বুজাই দিবানে?”
পতি: “তুমি মোক খুজি পইচা নিয়াতো প্ৰত্যক্ষ কৰ মোৰ জেপৰ পৰা মনে মনে নিয়াতো অপ্ৰত্যক্ষ কৰ, বুজিলা।”
Assamese Joke No. 7
পত্নী (কিবা এটা পৰাৰ শব্দ শুনি): “হেৰা, কিবা পৰিছে নেকি?”
পতি: “মোৰ চোলাটো পৰিছে।”
পত্নী: “চোলাটো পৰোঁতে ইমান ডাঙৰ শব্দ হৈছেনে?”
পতি: “চোলাটোৰ ভিতৰত মই সোমাই আছো যে।”
Assamese Joke No. 8
কাজিয়াৰ মাজতে পত্নীয়ে খঙৰ ভমকত ক'লে;
পত্নী: “তোমাৰ স্বভাৱৰ পুৰুষবোৰৰ বাবে নৰকতো স্থান নহ'ব।”
স্বামী (হাঁহিৰে): “ভালেই হয়, তোমাৰ লগত আৰু একেখন ঠাইত থাকিবৰ মন নাই।”
Assamese Joke No. 9
পত্নী (স্বামীক উদ্দেশি): “মানুহে নিজৰ জন্মদিন পাহৰি যায়, কিন্তু বিবাহৰ তাৰিখটো কেতিয়ও নাপাহৰে কিয়?”
স্বামীঃ “হৃদয় বিদাৰক ঘটনা ওৰে জীৱন মনত থাকে।”
Assamese Joke No. 10
পুত্ৰ: “মা!মা! চুইমিং পুল নিৰ্মাণৰ বাবে সহায় বিচাৰি কেইজনমান মানুহ আহিছে।”
মাক: “ঠিক আছে এবাল্টি পানী দিয়া, বেছিকৈ নিদিবা, টেপত পানী নাই।”
Assamese Joke No. 11
ডাক্তৰ: “এই মদেই তোমাৰ জীৱনটো শেষ কৰিলে। মদ নোখোৱাহেঁতেন তোমাৰ স্বাস্থ্য এনেদৰে হানি নহ'লহেঁতেন।”
মদাহী: “ধন্যবাদ ডাক্তৰ চাহাব, আপুনিহে আচল বস্তুটো ধৰিব পাৰিছে। বাকী সকলো মানুহে দোষটো মোৰ ওপৰতেই জাপি দিয়ে। আচলতে দোষটো মদৰহে, মোৰ নহয়।”
Assamese Joke No. 12
এগৰাকী মহিলাই ডাক্তৰক ক'লে:
মহিলা: “ডাক্তৰ বাবু, আপুনি মোক পৰিক্ষা কৰাৰ সময়ত আপোনাৰ নাৰ্চ গৰাকীকো ভিতৰলৈ আনিব।”
ডাক্তৰ (খঙেৰে): “তাৰ মানে আপুনি মোক বিশ্বাস নকৰে, নেকি?”
মহিলা: বিশ্বাস কৰো, কিন্তু নাৰ্চ গৰাকীৰ লগত বহি থকা মোৰ স্বামীক হে নকৰোঁ।”
Assamese Joke No. 13
ডেকা (গাভৰুক উদ্দেশি): “তুমিয়ে মোৰ জোনমণি, তুমিয়ে মোৰ সোণমণি।”
গাভৰু: “আপুনিয়ে মোৰ নগেনদা, আপুনিয়ে মোৰ খগেনদা আৰু আপুনিয়ে মোৰ কেশৱদা।”
Assamese Joke No. 14
প্ৰেমিকা: “মই আৰু দেউতাই আমাৰ ইনোভা গাড়ী খনত গৈ আছোঁ। বিশাল'ত কিছু শ্বপিং কৰিম, পাছত পাপাই মোক পাণবজাৰত দ্ৰপ কৰিব আৰু তাতেই তুমি মই লগ হ'ম দিয়া। বাৰু তুমি এতিয়া ক'ত আছা?”
প্ৰেমিক: “তুমি গৈ থকা 'মেজিক' গাড়ীখনৰ পাওদানিত ধৰি ওলমি গৈ আছোঁ।”
Assamese Joke No. 15
পুত্ৰ: “দেউতা এটি ভাল খবৰ আছে।”
পিতৃ: “কি ভাল খবৰ?”
পুত্ৰ: “এই বছৰ তুমি মোৰ বাবে নতুন কিতাপ নিকিনিলেও হ'ব।”
পিতৃ: “কিয়, চৰকাৰে ফ্ৰিতে দিব নেকি?”
পুত্ৰ: “নহয় দেউতা, এবেলি মোৰ যোৱা বছৰৰ কিতাপেৰে হ'ব। কাৰণ মই ফেইল কৰিছোঁ।
Assamese Joke No. 16
পথৰ দাঁতিত দুজন লেবাৰ, এজনে গাঁত খান্দে আন এজনে গাঁতটো পুৰ্ণ কৰে…
বিৰক্ত হৈ এজন মানুহে প্ৰশ্ন কৰিলে: “হে'ৰি আপোনালোকে কি কৰিছেহে? এজনে গাঁত খান্দিছে, এজনে গাঁত পূৰ্ণ কৰিছে।”
লেবাৰ: “নাই, নক'ব দিয়ক। আমাৰ তৃতীয়জন আহি নাপালে। চৰকাৰী কাম, গছ পুলি ৰোপণ কৰিব লাগে । মই গাঁত খান্দো, এওঁ গাঁত মাৰিব লাগে আৰু এজনে গছৰ পুলিটো ৰোপণ কৰিব লাগে তেওঁ নাহিল। গতিকে আমি আমাৰ দায়িত্ব শেষ কৰিলোঁ। কাৰণ, হাজিৰাৰ কথা আছে।”
Assamese Joke No. 17
বাটৰুৱা (ভিক্ষাৰী প্ৰতি): “তুমি কেনেকৈ ভিক্ষাৰী হ'লা?”
ভিক্ষাৰী: “আগতে ভিক্ষা দিয়ক পিছত ক'ম।”
বাটৰুৱা (জেপৰ পৰা পাঁচ টকীয়া এটা উলিয়াই দি ক'লে): “কোৱা এতিয়া তোমাৰ ভিক্ষাৰী হোৱাৰ কাহিনী।”
ভিখাৰী: “আগতে মইও তোমাৰ দৰে উদাৰ আছিলোঁ। লোকক দি দি আজি ভিক্ষাৰী হ'লোঁ।”
Assamese Joke No. 18
আকবৰ: “বীৰবল, যোৱা ৰাতি এটা সপোন দেখিলো সপোনত তুমি এটা পায়খানাত পৰিছা আৰু মই এটা মৌৰ পাত্ৰত পৰিছোঁ।”
বীৰবল: “সপোনটোৰ বাকীখিনি মই দেখিলোঁ।”
আকবৰ: “কি দেখিলা?”
বীৰবল: “আপুনি মোক চেলেকি আছে আৰু মই আপোনাক।”
Assamese Joke No. 19
বিচাৰক: “মই এতিয়া মোকৰ্দমাৰ ৰায় দিম। মই কথা কোৱাৰ সময়ত যাতে কোনেও মাত নামাতে। কোনোবাই তেনে কৰিলে এতিয়াই আদালতৰ কোঠাৰ পৰা ওলাই যাওক।”
অপৰাধী: “ছাৰ, মই কিন্তু প্ৰতিবাদ নকৰাকৈ থাকিব নোৱাৰিম। গতিকে মোক আদালতৰ কক্ষৰ পৰা এতিয়াই বাহিৰ কৰি দিয়ক।”
Assamese Joke No. 20
বিচাৰকে সাক্ষী এজনক সুধিলে: “এই মানুহগৰাকীয়ে গিৰিয়েকৰ লগত মাৰপিট কৰা সময়ত তুমি তাত উপস্থিত আছিলানেকি?”
সাক্ষী: “হয় হুজৰ, আছিলো।”
বিচাৰক: “তুমি ঘটনা সম্পৰ্কে কি ক'ব বিচৰা?”
সাক্ষী: “ঘটনা দেখি মই বিয়া পতাৰ সিদ্ধান্ত বাদ দিছো।”
Assamese Joke No. 21
পুলিচ: “হেৰি! স্কুটাৰখনৰ লাইট নাই যে?”
আৰোহী: “আগৰ পৰা আঁতৰ হওক ব্ৰেকো নাই।”
Assamese Joke No. 22
পত্নী: “মোক ভালকৈ কওঁক, আপুনি মোক কিমান ভাল পায়।”
স্বামী: “বহুত ভাল পাওঁ।”
পত্নী: “তথাপিও, মোক কওঁক কিমান?”
স্বামী: “ইমান বেছি যে তোমাৰ দৰে আৰু এজনী আনিব মন যায়।”
Assamese Joke No. 23
পত্নী: “বিয়াৰ পিছৰে পৰা আপুনি সলনি হৈছে, আপোনাৰ মোৰ প্ৰতি কোনো আগ্ৰহ নাহোৱা হৈছে ।”
স্বামী: “মই ইতিমধ্যে তোমাক কৈছিলো যে মই বিবাহিত মহিলাৰ প্ৰতি একেবাৰে আগ্ৰহী নহয়।”
Assamese Joke No. 24
শিক্ষক: “যদি তােমাৰ হাতত এটকা থাকে আৰু দেউতাৰাৰ ওচৰত তুমি এটকা বিচাৰা, তেতিয়া তােমাৰ হাতত মুঠ কিমান টকা জমা হ'ব?”
ছাত্র: “এটকা, ছাৰ।”
শিক্ষক: “তুমি এই সামান্য অংকটোও নাজানা?”
ছাত্র: “আপুনি মােৰ দেউতাক নাজানে, ছাৰ।”
Assamese Joke No. 25
শিক্ষক: “কোৱাচোন, হিমালয়ৰ উচ্চতা কিমান?”
বিপুল (অলপ সময় পাছত): “চাৰে চাৰি ছেণ্টিমিটাৰ।”
শিক্ষক: “কি? কেনেকৈ জানিলা?”
বিপুল: “ছাৰ, এইমাত্র ভূচিত্ৰাৱলীৰ পৰা জুখি ললোঁ।”
Assamese Joke No. 26
গৰম বন্ধৰ পাছত, স্কুল খােলাৰ সময়ত, ইংৰাজী শ্ৰেণীত বিষয় শিক্ষকে অতুলক সুধিলে…
শিক্ষক: “এইবাৰৰ বন্ধত মাৰা-দেউতাৰাৰ সৈতে ফুৰিবলৈ তুমি ক'লৈ গৈছিলা?”
অতুল (টপৰাই): “তিৰুৱনন্তপুৰমলৈ।”
উত্তৰ শুনিয়েই শিক্ষকে সুধিলে।
শিক্ষক: “ঠিক আছে বাৰু, এইবাৰ ঠাইখনৰ বানানটো ইংৰাজীত কোৱাচোন!”
অতুল: “ছাৰ, আচলতে এইবাৰ আমি পুৰীলৈহে গৈছিলোঁ।”
Assamese Joke No. 27
বুৰঞ্জীৰ শ্ৰেণী চলি আছে। এজন ছাত্র মাজতে ওলাই গ'ল। ভালেমান বেলিৰ পাছত সি উভতি আহিল।
ছাত্র: “ছাৰ, সােমাব পাৰোনে?”
শিক্ষক: “তই কেতিয়া ওলাই গৈছিলি, মনত আছেনে?”
ছাত্র: “আছে, ছাৰ। পাণীপথৰ দ্বিতীয় যুদ্ধৰ ঠিক পাঁচ মিনিট পাছত।”
Assamese Joke No. 28
শিক্ষক: “ৰতন কোৱাচোন, গছৰ ছালক ইংৰাজীত কি বােলা হয়?”
ৰতন: “নাজানাে, ছাৰ।”
শিক্ষক: “বার্ক, ৰতন বার্ক।”
ৰতন: “ভৌ-ভৌ-ভৌ-ভৌ”
Assamese Joke No. 29
শিক্ষক: “নাৰী সম্পর্কে কি জানা কোৱাচোন ?”
ছাত্র: “খুব অদ্ভুত এই নাৰীজাতি, মা হ'লে শাসন, প্রেমিকা হ'লে শোষণ আৰু ঘৈণীয়েক হ'লে ভাষণ।”
Assamese Joke No. 30
ছমহীয়া পৰীক্ষাত ভূগােলৰ প্রশ্ন আহিছে:
পৃথিৱীত প্রথম কেতিয়া জীৱ সৃষ্টি হৈছিল?
এজন ছাত্ৰই লিখিলে: “সেইকথা একমাত্র ভগৱানেহে জানে।”
পৰীক্ষকে বহী চাই শূন্য এটা দি মন্তব্য লিখিলে: “তেতিয়াহ'লে সম্পূর্ণ নম্বৰ ভগৱানকে দিলোঁ।”
We hope you had a good time with these jokes!
Keep reading our blog for more such content.
Till next time...
Cheers!