Assamese Kobita: 15 Best Assamese Poems by Assam’s Greatest Poets

Assamese Kobita

Love Assamese kobita?

Today, we bring you 15 everlasting poems by some of the greatest poets that Assam has ever produced.

So, without wasting any more words, let’s dive into these classics by Assam’s best wordsmiths!

 

1. প্ৰিয়তমাৰ চিঠি by হেমচন্দ্ৰ গোস্বামী

 

সৌন্দৰ্য্যৰ বুকুত কাঁচলি উদঙ্গাই

প্ৰকৃতিৰ চোঁ-ঘৰ চালোঁ পিত্ পিত্;

কুকুৰঠেঙ্গীয়া এই আখৰকিটিত

যি অমিয়া ঘহাঁ আছে, ক’তো আৰু নাই ।

কবি-নিকুঞ্জত ফুলি কত কবিতাই

মলয়াত উটি উটি ফুৰে পৃথিৱীত,

তোমাৰ চিঠিয়ে কিন্তু জানে যিটি গীত,

কবিতাৰ কাব্যে তাৰ গোন্ধকে নাপায় ।

ফুল ফুলে, সৰি যায়, শুকান বননি,

বসন্তৰ কুঁহিপাত ৰ’দত লেৰেলে;

তোমাৰ চিঠিয়ে প্ৰিয়ে জানে কি মোহিনী,

নিতৌ নোহোৱা বাহী, ন ন ফুল মেলে ।

যত শুঙো, চুমা খাওঁ, নালাগে আমনি,

হৃদয়ত হেপাহৰ ভোটাতৰা জ্বলে ।

 

 

2. সাগৰ দেখিছা by দেৱকান্ত বৰুৱা

 

সাগৰ দেখিছা? দেখা নাই কেতিয়াও?

ময়ো দেখা নাই, শুনিছোঁ তথাপি,

নীলিম সলিলৰাশি বাধাহীন উৰ্ম্মিমালা

আছে দূৰ দিগন্ত বিয়াপি ।

মোৰ ই অন্তৰ খনি সাগৰৰ দৰে নীলা,

বেদনাৰে – দেখা নাই তুমি ?

উঠিছে মৰিছে য’ত বাসনাৰ লক্ষ  ঢৌ

তোমাৰেই স্মৃতি – সীমা চুমি ।

শুনা নাই?

মোৰ সাগৰত তুমি শুনা নাই ধুমুহাৰ উতলা সঙ্গীত ?

বুজা নাই?

অনুভৱো কৰা নাই ফুলনিত বসন্তৰ কোমল ইঙ্গিত?

দেখিছাতো ৰামধেনু?

বাৰিষাৰ ডাৱৰত পোহৰৰ মোহন গৌৰৱ;

প্ৰেমৰ পোহৰ-দীপ্ত মোৰ হিয়া আকাশত

দেখিছানে ৰঙৰ উছৱ ?

মাজনিশা সাৰ পাই শুনিছানে কেতিয়াবা কেতেকীৰ হিয়া ভগা মাত?

ভাবিছানে এটিবাৰো পখীৰ ডিঙিত কান্দে মানুহৰ বুকুৰ সম্বাদ!

মই জানো,তুমি কিটো জানা,হেৰা মোৰ হিয়াহীনা প্ৰিয়া!

তুমি জানা মাথোঁ

তুমি তুমি,মই মই।

তুমিতো নাজানা-হায়,

কিয় বাৰু কিয় আমি গাথোঁ

জঁই পৰা মালতীৰে জয়ৰ গৌৰৱ মালা?

মিলনৰ কাৰেঙ সোনালী

সাজোঁ কিয় পৃথিৱীৰ দুখৰ বোকাৰে আমি?

হৃদয়ৰ ৰঙা তেজ ঢালি

প্ৰতিমাৰ পখালোঁ চৰণ কিয়?

তুমি নুবুজিবা সখি! কিনো বেদনাত

ষষ্ঠীত প্ৰতিষ্ঠা কৰা দেৱীক বিসৰ্জো আমি বিজয়াৰ বিফল সন্ধ্যাত!

সন্ধিয়া আহিছে নামি?

থক হেৰা নেলাগে জ্বলাব চাকি;

দুটি নয়নৰ

সহজ প্ৰভাৰে আজি নাশিবা

তিমিৰ তুমি অন্ধকাৰ মোৰ জগতৰ।

 

 

3. মোৰ দেশ by হীৰেন ভট্টাচাৰ্য

 

মোৰ প্ৰাণৰো প্ৰাণৰ, মোৰ গানৰো গানৰ মোৰ দেশ ।

মোৰ প্ৰতোটো কামে, মোৰ প্ৰতিটো চিন্তাই এই দেশৰ বুকুত ৰচে

শ‍ইচ-সোনোৱালী ভৱিষ্যতৰ সপোন ।

মোৰ জীৱনৰ আহেঁ আহেঁ

মোৰ যৌৱনৰ কোহেঁ-কোহেঁ সেই সপোনৰ কলৰোল ।

দেশে-দেশে দেশ আছে

এনে বহু দেশৰ অৰঙে-দৰঙে

ম‍ই ঘূৰিছোঁ ।

বহু বন্ধুৰ সতে হাতে-হাত ধৰি ফুৰিছোঁ ।

কেতিয়াবা সাগৰ পাৰত, কেতিয়াবা খেজুৰ তলত, নতুবা

পাহাৰতলিত খন্তেক জিৰাইছোঁ ।

 বন্ধুৰ সতে প্ৰাণ খুলি প্ৰাণৰ

 কথা পাতিছোঁ ।

 তাৰ পিছত আকৌ আৰম্ভ কৰিছোঁ নতুন যাত্ৰা ।

এনে বহু যাত্ৰাৰ শেষ মোৰ দেশ ।

যাৰ বুকুৰ উমে মোক দিছে

ভালপোৱাৰ আনন্দ, যৌৱনৰ প্ৰাচুৰ্য ।

জীৱনৰ নতুন অৰ্থ ।

এই দেশৰ প্ৰতিটো পুৱাই মোলৈ লুকাই আনে ঐশ্বৰ্যৰ বিপুল সম্ভাৰ

প্ৰতিটো সন্ধিয়াই বৈ আনে স্নিগ্ধ ফুলৰ সুবাস ।

প্ৰতিটো ঋতুৱে

মোক দি যায় জীৱনৰ আশীৰ্বাদ ।

মোৰ দেশৰ বাবে ম‍ই জীয়াই আছোঁ ।

এই দেশৰ বাবে ম‍ই

জীয়াই থাকিবলৈ মৰণ পণ কৰিছোঁ

ৰণুৱা, বনুৱা, হালোৱা

এই সকলোৰে মাজত ঐক্য হৈ, বিৰোধৰ মাজত

সংহতিৰ সম্ভাৱনা হৈ ম‍ই আছোঁ ।

জীৱনে-মৰণে, শয়নে-সপোনে এই দেশৰ আহ্বান ম‍ই শুনিছোঁ

শত্ৰু-মিত্ৰ সকলোকে ম‍ই চিনিছোঁ

সিহঁতৰ অন্তৰ ম‍ই বিশ্বাসেৰে

জিনিছোঁ ।

শান্তিৰ চৰাইযুৰিক আঁজলি ভৰাই দিছোঁ – ভঁৰালৰ

এমুঠি ধান, পৰাণৰ একোটি গান ।

আৰুতো মোৰ একো নাই !

মোৰ দেশ – মোৰ কল্লোলিত সপোনৰ উত্তাল তৰংগ‍ই

মোক লৈ যায় গভীৰৰ পৰা গভীৰতলৈ, আদৰ্শৰ কঠিন

পৰ্বত-মূললৈ…

 

 

4. উভতি নহাৰ কবিতা by নৱকান্ত বৰুৱা

 

মই নাহোঁ মই নাহোঁ

এবাৰেই আহি গুচি গ’লোঁ মই

উভতি অহাৰ কথা নাই

মই জানো মই নাহোঁ

মই জানো কোনো নাহে

মাথোন এই পৃথিৱীখনক ভাল পাই গ’লো

এই  কথাটোকে কিমানবাৰ যে ক’লোঁ

কিমান ভাৱেৰে ক’লোঁ

যন্ত্ৰণা মোৰ জীয়াৰ মন্ত্ৰ

সেই মন্ত্ৰকে গালোঁ

জীয়াই থকাৰ ধেমালিটো মই

এবাৰেই খেলি গ’লোঁ।

আলিৰ কাণৰ জাবৰৰ পৰা এপাহ বকুল

এবাৰেই তুলি ল’লোঁ।

কোনোবা আহিব মোৰ দৰে কোনো দিনা ?

মোৰ সুৰতেই বাজিব নতুন বীণা ?

ওহোঁ সেয়া হ’ব নতুন মানুহ

সেই দিনো হ’ব নতুন দিন

মোৰ তাত একো নাথাকে চিন।

বকুল তলত পৰি ৰ’ব

মইতো নহয় , কোনোবাই বুটলিব

মই নাহোঁ, মই নোৱাৰো আহিব, নাহোঁ

হেৰাই যোৱাৰ ৰঙতেই চোন অকলে অকলে হাঁহোঁ

মই নাহোঁ মই নাহোঁ

পৃথিৱী, তোমাক ভাল পাই গ’লোঁ

তথাপিও মই নাহোঁ।

 

 

5. পোহৰতকৈ এন্ধাৰ ভাল by হেম বৰুৱা

 

সময়ৰ বলুকাৰাশিত পদচিহ্ন ৰখাৰ

উন্মাদ বাসনা আমাৰ নাই । আমি

বুৰঞ্জীৰ শিলাখণ্ডৰ জীৱন্ত ফছিল্।

হেৰা শকুন্তলা, তোমাৰ চকুৰ শেৱালি পাহিত

দুষ্মন্তৰ চুমাৰ চেকা। কোৰিয়াত জৰাসন্ধৰ কঙ্কাল

এছিয়াৰ আকাশত আগুৰি শগুণৰ জাক !

আমি জীয়াই আছো যুগৰ সীমান্তত

প্ৰাচীন নাৱিকৰ জকা। কালিদাস তুমি কোন

অলকাৰ পলাতক কবি? ডাৱৰ দেখি উন্মাদ?

তোমাৰ কাব্য-বেদীত আমাৰ জীৱন-অৰ্চ্চনা

সৰি পৰা মদাৰৰ ফুল ! (….গুৰুতো নেলাগে,

গোসাইতো নালাগে,থাক তলে ভৰি সৰি…)

ৰজাই ৰজাই ৰণ-বিগ্ৰহ, তীখাৰ আস্ফালন। আমি খাণ্ডৱ-দাহ

অগ্নি-শিখাৰ পুৰি ছাই হোৱা বিৰিণাৰ ফুলঃ আমাৰ

পিৰামিড্ হিৰোশ্বিমা,নাগাছাকি।

হেৰা শকুন্তলা তোমাৰ আঙুলিৰ অগ্নি-কণাৰে নুমাই দিয়া

ৰাজকাৰেঙৰ শলিতাৰ জুই । দুষ্মন্তৰ ভাগক স্বপ্ন।

পোহৰতকৈ এন্ধাৰ ভাল।

জীৱনৰ অগ্ৰগতিত ৰামেশ্বৰৰ সেতুৰ বান্ধ।

শঙ্কা কিহৰ?

নতুন পুৱাৰ কেঁচা পোহৰত আশাৰ জুই।

আমাৰ চকুত তীখাৰ শাণ।

 

 

6. মালতী by লক্ষ্মীনাথ বেজবৰুৱাৰ

 

পূবৰে ৰ’দতে         চিকমিক কৰিছে

         লুইতৰ পাৰৰে বালি;

আকাশত উৰিছে    তেনে চিকেমিকাই

         বগলীজাকৰে লালী ।

পাৰতে কঁহুৱাৰ      ফুলে চিকেমিকাই

         পানীয়ে ফটিকৰ জোল,

মালতীৰ হাঁহিতে     দাঁতে চিকেমিকাই

         দেখোঁতেই আমোলমোল ।

লুইতৰ কুঁৱৰী          নহয় ঐ মালতী

         নহয় তেওঁ ফুলৰে ৰাণী;

আকাশী পোহৰৰ    নহয় তেওঁ প্ৰতিমা

         নহয় তেওঁ বীনৰে বাণী।

পৰ্বতৰ জীয়ৰী        সুন্দৰী গৌৰী

         সাঁচত মোৰ মালতী নাই;

নুশুঙা ফুলটিৰ         নুফুলা কমিটিৰ

         মালতীত তুলনা পায় ।

ভাবৰে প্ৰতিমা       ভাবতে বাঢ়িছে

         ভাবৰে বেহানি কৰে;

বুকুৰে ভিতৰত      চেনেহৰ সঁফুৰাত

         মালতীৰ চেনেহকন চলে ।

চায় মই মালতীক    ওৰে জীৱন জূৰি

         থম মোৰ বুকুতে বান্ধি;

মালতীৰ হাঁহিতে      হাঁহিটি মিলাই মই

         থাকিম খান্দোনতে কান্দি ।

চেনেহী মালতীৰ     কোলাত থৈ মূৰটি

         মুদিম দুই চকুৰে পটাৰ;

নিঠুৰ এই জগতৰ    মেলানি মাগি লম

         ঢুকাব সকলো কথা ।

 

 

7. ভ্ৰম by লক্ষ্মীনাথ বেজবৰুৱাৰ 

 

কোনে কলে সেয়া বাঁহী বাজে বুলি ?

         বনদেবী গীত গায় ;

শেৱালীৰ মালা নহয় এই ধাৰ,

         তৰাৰে গুঁথিছে হায় ।

নয়ন ফুলনি কুঁৱৰী সকলৰ ;

         দঢ়াই দঢ়াই ক‌ওঁ ;

গোলাপৰ নহয়,‌ প্ৰিয়াৰ নয়ন,

         দেখি থিৰ হৈ ৰ‌ওঁ ।

কোনে কয় সেইটি হৰিনা পোৱালি ?

         ইমান চেতনা নাই !

বনৰ সৌন্দৰ্য‌ই ৰূপ ধৰি আহি

         দেও দি দুবৰি খায় ।

নহয় পুখুৰী, প্ৰেমিকৰ হিয়া,

         পানী নহয়, প্ৰেমৰস ;

নৈ নহয়, ঠিক প্ৰেমৰ প্ৰবাহ,

         বাচাৰি প্ৰেম বিৱশ ।

বীণৰ আত্মাটি উৰি ‘গুন’ গায়,

         কোনেনো ভোমোৰা বোলে?

খোপাৰ ফুলটি উৰিয়েই প্ৰিয়াৰ,

         পখিলা নাম পালে ।

কৃষ্ণ পখী বোলে নিকুঞ্জবনত

         ‘কৃষ্ণ কৃষ্ণ ‘ ডাক দিছে ?

পখী নহয় জানা ব্ৰজৰ কান্দোন

         প্ৰতিধ্বনি ৰূপে আছে ।

         মলয়া নহয়,  বিৰহীসৱৰ

         গোট খোৱা হুমুনিয়া,

         প্ৰিয়তমাৰ গাল ওফন্দি পৰিছে,

         সেয়েহে জনা সন্ধিয়া ।

 

 

8. সাৱধান, সাৱধান by জ্যোতিপ্ৰসাদ আগৰৱালাৰ

 

সুবিধাবাদীৰ দল !

তোৰ মিছা হ’ব কৌশল,

ৰাইজৰ তই সেৱা চুৰ কৰি

বঢ়াব খুজিছ বল।

শিল্পীৰ তই সৰল মনৰ

শিল্পীৰ তই অমল প্ৰাণৰ

বিমল গানৰ

কি বুজিবি, কিয় ওলায়

নিৰ্মল অশ্ৰুজল?

জনতাক ভৰা ছল-চাতুৰীৰ

আলাসতে গজা কোৱাভাতুৰীৰ

স্বৰূপ ওলাই হ’ল,

তই হাতে হাতে পাবি ফল

দেৰ’ খকুৱাৰ দল।

তই জনা নাই一

তই যাক ভাব

মূৰ্খ জনতা

মূঢ় জনতা

ৰূঢ় জনতা বুলি

যাৰ হ’ব খোজ স্বয়ংসিদ্ধ নেতা

সেই জনতা আজি প্ৰবুদ্ধ হ’ল।

কৌপিনধাৰী মহাফকিৰৰ

সঞ্জীৱনৰ

উদ্বোধনৰ

বোধন, মন্ত্ৰ

নাই যোৱা অ’

নাই যোৱা অ’

এনেয়ে বিফল।

ঘৃণিত তোৰ অহঙ্কাৰৰ নেতৃত্বভিমান।

জনতাই তোৰ স্বৰূপ চিনিছে

সাৱধান, সাৱধান

শত, শতাব্দীৰ

আন্ধাৰ আঁতৰি যায়,

আজি জনতাই

অৰুণ আলোক পাই

অগ্ৰগতিৰে মষিমূৰ কৰি

অত্যাচৰীৰ দল

নিজৰ মনৰ নিজেই গৰাকী হ’ল

মহাজনতাই

মহাশক্তিৰ মহাসন্ধান পাই

বুকুত বান্ধিলে

চক্ৰৱৰ্তী শত সম্ৰাটৰ

বিশ্ববিয়পা নৱ অৰ্জুনৰ

পৃথিৱীৰ এই প্ৰদক্ষিণৰ

স্বপ্ৰণোদিত

আত্মনিহিত বল।

হেৰ’ স্বাৰ্থ-ক্ষমতা-অৰ্থলুভীয়া অন্ধ!

মই জানো তই জনসেৱকৰ মুখা পিন্ধ,

যি ত্যাগ কৰিলে তিনিগুণ লাভ পাৱ

আগ দুৱাৰেদি গৈ

মদে ভাতে ভোজ খাৱ।

ৰাষ্ট্ৰনীতিৰ

সমাজনীতিৰ

ৰাজনীতিৰ

অৰ্থনীতিৰ তোৰ

থৈ দে ফোপোলা জ্ঞান,

জনতা-পূজাৰ ভাও দি, ভাও দি

নেদেফুৱাবি

ঘৃণিত তোৰ অহঙ্কাৰৰ নেতৃত্বভিমান।

জনতাই তোৰ স্বৰূপ  চিনিছে

সাৱধান, সাৱধান।

 

 

9. লুইতৰ আকাশত by জ্যোতিপ্ৰসাদ আগৰৱালা

 

লুইতৰ আকাশত তৰাৰ তৰাৱলী

পাৰত দীপাৱলী তেজৰে মোৰ–

আই নাকান্দিবি,

থাপনাত তেজেৰে বন্তি দিলেহি

ল’ৰা-ছোৱালীয়ে তোৰ।

লাচিতৰ দিনৰে জ্বলা জুয়েকুৰা

আই অ’ নুমুৱা নাই,

নতুনতেজেৰে শলিতা জ্বলিছে

উজলিছে ভমকাই।

চকুলো বোৱাই জুই নুনুমাবি

গুচকে আন্ধাৰে ঘোৰ–

লুইতৰ আকাশত তৰাৰ তৰাৱলী

পাৰত দীপাৱলী তেজৰে মোৰ।

 

 

10. বিষাদ by ৰঘুনাথ চৌধাৰী

 

পুষ্প-কাননত আছিল এজুপি

ধুনীয়া শেৱালি ফুল,

ধীৰ বতাহত হইছিল ধৰা

গােন্ধতে আমােলমােল।

আকাশী নর্তকী খঞ্জনী অপ্সৰা

বিচিত্র কাচোনে কাচি,

বিহৰ-বিধুৰা প্ৰকৃতিবালাক

দিছিল অমিয়া যাচি।

নিষ্ঠুৰ নিদাঘ আহিল যিদিনা

সকলাে পৰিল জয়,

সৰি গ’ল ফুল উৰি গ’ল পখী

জগত বিষাদময়।

আকৌ এদিন আহিব শৰৎ

হাঁহিব শেৱালি পাহি,

ঠেও ধৰি ধৰি কৰিব নর্তন

খঞ্জনী পখীটি আহি।

হ’ব কুসুমিত কুসুমাভৰণা

কুসুম কাননখনি,

ধীৰ সমীৰণে কুসুমে কুসুমে

দিব পৰিমল সানি,

কিন্তু মােৰ সেই মানস কুসুম

গইছে যিদিনা সৰি,

সৌন্দর্য-পৰাগশূন্য হিয়াখনি

নুঠে আৰু ঠন ধৰি।

 

 

11. সাপ by হোমেন বৰগোহাঞি

 

কি দু:সহ সুন্দৰ ৰাতি, উষ্ণ আবেগ আৰু উত্তাপ,

ৰোমাঞ্চিত হয় মোৰ মন

( যি মন লৈ ম‌ই খেলা কৰোঁ )

যেন এটি উজ্জ্বল সাপ

সোণালী যাৰ গাৰ ৰং,মৃত্যুৰ ক্ৰূৰ আৱেগ তাৰ দৃষ্টিত ।

( কেনেকৈ এই স্বপ্ন সফল হ’ল আমাৰ এই বন্ধ্যা সৃষ্টিত)

অনুভৱ হয় মুক্তিৰ বিপুল আনন্দ

মোৰ সত্তাত, মোৰ চেতনাত; জীৱনৰ অনায়াস ছন্দ

সৰ্পিল গতিৰে ভাহি যায় ৰাতিৰ অন্ধকাৰৰ নদীত

উদ্দাম, উত্তাপ অবাৰিত ।

উন্মাদৰ দৰে ম‌ই ভালপাঁও ৰাতিৰ ৰক্তস্নাত অন্ধকাৰ,

যেনেকৈ ভালপাঁও এটি মন, আলকা তৰাৰ দৰে

গাৰ ৰং কোনো এক ব্যেশ্যাৰ ।

স্বপ্নৰ অৰণ্যত বিচৰণশীল এটি উজ্জ্বল সোণালী সাপ

তাৰ চৌপাশ ঘেৰি সোণালী স্তব্ধতা, দু:সহ বিস্ময় আৰু উত্তাপ

অন্ধকাৰ আৰু অন্ধকাৰ

ম‌ই ভালপাঁও ৰাতিৰ দৰে সুন্দৰ এটি সাপ,

আৰু তাৰ অবাক অহঙ্কাৰ:

আলকা তৰাৰ দৰে গাৰ ৰং কোনো এক ব্যেশ্যাৰ

গলিত হৃদয় যেন, মৃত্যু আৰু সৌন্দৰ্য্যৰ এই সমাহাৰ ।

 

 

12. স্মৃতি by হোমেন বৰগোহাঞি

 

হঠাৎ নিৰৱ হয় পৰিচিত পখীৰ ক্ৰন্দন,
পকা ফল সৰি পৰে ইমান নিৰৱে যে
গছে তাৰ গমকে নেপায়;
পথাৰ উৰুঙা হয় সাপৰ এন্ধাৰ জঠৰত।

মৌন এই মৃত্যু-লীলা প্রকৃতিৰ প্রাচীন নিয়ম,
কেৱল মইহে তাৰ কঠিন উদ্ধত ব্যতিক্রম।
মৃত্যুৰ অমোঘ হাতে স্পর্শ মোক কৰেহি যেতিয়া,
ক্রুদ্ধ এটি প্রতিবাদ ফাটি পৰে হৃদয়ত মোৰ
বাৰে বাৰে ঘূৰি চাওঁ, কি এক ৰক্তাক্ত হাহাকাৰ
দীর্ণ কৰি কণ্ঠ মোৰ অনন্তৰ হিমল বতাহ—
কৰি তোলে ভাবাতুৰ; প্রতিধ্বনি বাজে অবিৰাম।

কাৰণ সত্তাত মোৰ আছে এক স্মৃতি অনির্বাণ
অনাদি অতীত আৰু অমাপিত দূৰ ভবিষ্যৰ,
প্রিয় এক মুখচ্ছবি বুকুত গভীৰ স্পর্শ যাৰ
চিৰন্তন বিৰহৰ বেদনাত অনন্ত অম্লান।

স্মৃতি নাই প্রকৃতিৰ নিৰুৎসুক অন্ধ হৃদয়ত;
সেয়ে মই সৃষ্টি কৰোঁ প্ৰকৃতিৰ অতীত প্রতীক
মৃত্যুৰ তমিস্রা ভেদি শব্দৰ উজ্জ্বল দীপশিখা—
প্রকৃতিক তুচ্ছ কৰি যাতে মোৰ অমৰ বিষাদ
পূর্ণ কৰে অন্য এক ভুৱনৰ শূন্য অধিকাৰ,
মই য’ত মৃত্যুহীন, সৃষ্টিৰ শাশ্বত অঙ্গীকাৰ।

 

 

13. অক্টোবৰ by হীৰেন গোহাঁই 

 

কঠোৰ কৰুণ শীতৰ ৰাতি

বাহিৰত

ক্ষুধিত বতাহৰ আৰ্ত্তনাদত

শিয়ঁৰি উঠিছিল কঙ্কালসাৰ গছৰ ডালবোৰ

ভিতৰত

অৱশেষত

জঠৰ হৈ পৰা আমাৰ দেহবোৰৰ ওপৰত

মেৰমেৰকৈ কঁপি উঠিছিল পঁজাঘৰৰ জীৰ্ণ চাল,

আৰু পথাৰত

বৰফৰ গধুৰ মৰকাপোৰখন

হাঁহি উঠিছিল টিক্ টাক্ কৰে ৰঙা

ফুলপাহ,

যেন অস্তমিত সূৰ্য্যৰ শিশু !

সেই ঠাইতে ঢালি দিছিল

ভেকা সৈনিকবোৰে সিহঁতৰ ভৰযৌৱনৰ তেজ

বাকী দিছিল ভোকাতুৰ গাঁৱৰ তিৰোতাবোৰে

সিহঁতৰ অভাৱ আৰু অপমানৰ লুণীয়া চকুলোবোৰ

অজ্ঞাতনামা কবিবোৰে

ক্ষতচিহহ্নৰে ভৰা সিহঁতৰ সপোনৰ পাহিবোৰ।

দুপৰ ৰাতি সাৰ পালোঁ

কলাঘুমটিৰ পৰা ।।

ট্ৰাকে ট্ৰাকে ক’ৰ পৰা মানুহ আহি

সিহঁতৰ জয়গানেৰে

ডুবাই দিলে বতাহৰ হাহাকাৰ…

ভগা দৰ্জাই ভাহি আহে তাৰ কৰি:
চোৱাঁ, আমাৰ জন পৰা পথাৰত

কি আচৰিত ফুল ফুৰিছে !

 

 

14. ফুল শয্যা by ৰঘুনাথ চৌধাৰীৰ

 

আৰুনো কিমন দিয়া বেদনাৰ বোজা,

হে মোৰ হৃদয় দেৱতা ?

কৰুণ ৰোদন তুমি ভাঙি দিলা কিয়

প্ৰাণৰ নিবিড়- নীৰৱতা ?

জীৱনৰ সন্ধিক্ষণ বিয়লি বেলাত

হিয়া ধুনি উঠে কোলাহল,

আৰু কিয় তিক্ত ব্যথা ৰিক্ত হৃদয়ত

ঢালি দিলাঁ তীব্ৰ হলাহল ?

কোন কাহানিয়ে তুমি হৰি নিছা মোৰ

প্ৰীতিভৰা প্ৰণয়ৰ লাৰু,

অন্তৰ্দাহী ৰাৱনৰ চিতা-জুইকুৰা

কোনদিনা নুমবনো আৰু ?

আনন্দৰ পূৰ্ণপাত্ৰ শূন্য আজি মোৰ

কেউপিনে দেখোঁ হাহাকাৰ –

দাৱাগ্নিৰ দহনত দেৱদাৰু তৰু

পুৰি-দেই হ’ল ছাৰখাৰ !

মাৰিছিলা শক্তি-শেল তাহানি যিপাট

যোৱা নাই সি বিষ জামৰি,

বেদনাৰ যত অস্ত্ৰ কৰিছোঁ প্ৰয়োগ

বুকু পাতি লইছোঁ সামৰি ।

হিয়া ভগা বিষাদৰ তিতি অশ্ৰু-জলে

পাহৰিছোঁ সংসাৰ – মৰম ;

ভাৰাক্ৰান্ত চিত্ত আজি উদ্বেলিত কৰি

কিবা সুখ পালাঁ প্ৰিয়তম ?

মৰহিছে জীৱনৰ দুৰ্লভ মাধুৰী

নোৱাৰিলোঁ আকাঙ্খা পুৰাব;

আহিছে প্ৰাণত আজি ক্লান্তি-আৱসাদ

দিয়া মোক শান্তিৰে জুৰাব ।

যাতনাৰ নিপীড়িত ওৰে জীৱনত

কড়িয়ালোঁ যত আবৰ্জনা,

তোমাৰেই অৱদান বুকুত সাবটি

অন্তিমত লভিম সান্তনা ।

জ্বলিছে দূৰত সউ প্ৰলয়ৰ শিখা,

ধৰিছে কি ৰূপ বিতোপন,

সেয়ে মোৰ ফুল-শয্যা ৰক্ত কমলৰ,

ল’ম তাত অনন্ত শয়ন ।

 

 

15. দহিকতৰা by ৰঘুনাথ চৌধাৰী

অ’ মৰমী বন্ধু মোৰ অ’ দহিকতৰা,

কোন মূৰ্চ্ছনাত তোৰ বাজে দোতাৰা,

মিলন-মাধুৰী লই

আহিছ সাদৰী অই,

কোন বিৰহীক দিবি প্ৰেমৰ বতৰা,

পদূলিত আছে বই গুলঞ্চি কতৰা !

আলোক নে অন্ধকাৰ সুদূৰ প্ৰান্তৰ
কোন সাগৰৰপৰা
অমৃত গৰল ভৰা
মেলি দিছ সঁফুৰাটি মোহিনী কণ্ঠৰ,
বই গ’ল বিশ্ব ব্যাপি দিক্ দিগন্তৰ !

কোনেনো পঠালে তোক কলকণ্ঠী কৰি ৷
পূবে দিলে ধলফাট
মাতিলি সুৱদি মাত
শীতলী মলয়া বাৱে দিলে পাল তৰি ;
প্ৰকৃতিৰ নিস্তব্ধতা গ’ল ভেদ কৰি ৷

জহ গ’ল বৰ্ষা গ’ল আহিল শৰত,
বিদ্যাধৰী চিত্ৰলেখা
খঞ্জনী দিলেহি দেখা,
নাচে কত ছন্দ তুলি কৰুণ সুৰত,
চমক লগালি কিনো নন্দনপুৰত ৷

কাষত মঙ্গল-ঘট ফুলৰ কৰণি
মিলি যত বনমালা
পিন্ধাইছে বনমালা
বুকুত সজাই দিছে দুগ দুগিখনি,
ধৰিছে উষাই ৰূপ কনক-বৰণী ৷

পুষ্পবৃষ্টি হ’ল তোৰ পৰশমণিত
নিমজ ঘাঁহনিডৰা
পানীপিয়লীৰে ভৰা
মুকুতাৰ শুভ্ৰমালা শ্যামল পাটীত ;
কি সুন্দৰ স্নিগ্ধকান্তি ফুল্ল বননিত

শ্যামল তৃণেৰে ভৰা ধুনীয়া পথাৰ
সুন্দৰী শাৰদ বালা
পিন্ধালে হৰিত মালা
সঙ্গীতৰ হিল্লোলত প্ৰেমৰ আধাৰ
ফুলিল হ্ৰদত কত কুমুদ কহলাৰ ৷

আছিলি নিমাতী হই কত দিন ধৰি ;
বলিল শীতল বাৱ,
কুৰুৱাই দিলে ৰাৱ,
আহিলা বসন্ত দৰা লাহ-বাহ কৰি ;
আদৰি আনিলি তয়ে তুলি সুৱাগুৰি ৷

ক্ষীৰস্ৰাৱী সুকণ্ঠৰ মল্লাৰ-ধ্বনিত,
বাজি উঠে বনবেণু
উৰি ফুৰে ফাকুৰেণু
কৰে নৃত্য-লীলা-ভঙ্গি ফুল্ল ফুলনিত
উঠিল স্পন্দন গিৰি-শিখৰ-মণিত ৷

পল্লৱে পল্লৱে ভৰি উঠে গীতি-ছন্দ,
কিবা অপৰূপ দৃশ্য,
উদ্বেলিত মহাবিশ্ব,
স্বৰগৰপৰা আনি অমৃতৰ ভাণ্ড
ঢালি দিছ মৰতত প্ৰেম-মকৰন্দ ৷

কাৰ প্ৰেৰণাত তই জুৰিলি সঙ্গিত,
তটিনীৰ ক্ষীৰ-ধাৰা
কাৰ প্ৰেমে আত্মহাৰা ?
যি গীতৰ তৰঙ্গত হ’ল তৰঙ্গিত,
হৃদয় আপ্লুত কৰে নাচোন-ভঙ্গিত ৷

সঙ্গীতৰ সুধাধাৰা দিলি তই বাকি ;
আকাশত ৰামধনু
ৰঞ্জিলে নীলিমা তনু
দেৱপুৰী এৰি থই আকাশী নৰ্ত্তকী
মৰতত ভৰি দিলে উৰ্ব্বশী কেতকী ৷

মেঘকন্যাসৱে পিন্ধি তড়িতৰ হাৰ
গাত লই নীলাম্বৰী
আৰোৱাণখনি ধৰি
আগ্ৰহেৰে দিছে তোক প্ৰীতি–উপহাৰ,
কুঞ্জে কুঞ্জে ঘুৰি কত কৰিছ বিহাৰ ৷

আলোড়ি গন্ধৰ্ব্বপুৰ নন্দন কানন,
গালি কিনো বিশ্বজিত
মদালসা প্ৰেম-গীত,
পাতিলি প্ৰেমৰ হাট লীলা-নিকেতন ;
কৰে য’ত বসন্তই কুঞ্জে নিধুৱন ৷

সোণ-গুটি সোণাৰুৱে লই থোপামণি,
কনক-কৱিতা ৰচি
দিছে প্ৰেম উপাযাচি,
ধৱল মেঘৰ বুকু তুলাপাতখনি
কত কাব্য-কথাৰেই হইছে শুৱনি ৷

লুইতৰ কাণে কাণে কহুঁৱাৰ ফুল
বতাহত হালি জালি
ঢৌৱে ঢৌৱে ঢৌ খেলি
তুষাৰ-ধৱল-কান্তি ধৰিছে পিপুল ;
যেন সুৰ-তৰঙ্গিণী পুলকে আকুল ৷

সোণোৱালি ৰহণব সৰিয়হডৰা,
ৰূপৰ মাধুৰী-সনা
ঢালি প্ৰেম জ্যোতিকণা
উৰায় পৰাগ-ফাকু মন-প্ৰাণ হৰা
ৰমক-জমক হ’ল বিশ্ব বসুন্ধৰা ৷

শোভাৰ অজন তুলি তৰু শোভাঞ্জন ;
তাতে পৰি প্ৰিযা তই
তুলি সঙ্গীতৰ লয়
সানি দিলি ৰূপচ্ছটা ধৱলী অঞ্জন,
কৰিছে স্বৰ্গীয় দৃশ্যে হৃদয় ৰঞ্জন !

বুঢ়া অজাৰৰো তয়ে ভাঙিলি চমক,
লাগিল বসন্ত বা,
উলহ মালহ গা,
নৱ কিশালয় দলে কৰি জকমক
সম্ভাষিছে ভাগৰুৱা কত পথিকক ৷

শিৰীষ ডালত প্ৰিয়ে পৰি দিনে দিন
ফুল-কোঁৱৰক লই
কি খেলা খেলিছ তই ?
ডেকাধনি লাগি তাৰ দেহা হ’ল ক্ষীণ,
এয়েনেকি যাদু তোৰ ভাল পোৱা চিন !

ৰূপহী সেউতী জৱা চম্পা যুতি জাতি
ফুলৰ কুঁৱৰীবোৰে
সাজি ৰং-ৰূপহেৰে
ফুলৰ শৰাই কত থানে থানে পাতি ;
জনাইছে ব্যাকুলতা ইঙ্গিতেৰে মাতি ৷

দিনফুলি মালতীৰ ৰূপ বিতোপন,
বিচিত্ৰ বৰণ ধৰি
বুকুখনি উদি কৰি
লই গন্ধ-উপহাৰ কুঙ্কুম চন্দন ;
যাচিছে সাদৰী তোক প্ৰণয়-চুম্বন ৷

কৰবীৰ-টগৰত তুলি দিলি ঢৌ ;
ফুলে ফুলে ফুলৰাণী
সাজি দিলে ফুলবেণী
মৌ-পিয়া আটাটীকো লাগে কিবা মৌ ;
মনৰ আশাটি বাৰু পূৰাবি নে নৌ ?

 আলসুৱা ডালিমীৰ বুকুখনি জুৰি
পাখিলাহী পখিলাই
ঘনে ঘনে চুমা খায়
ৰূপ-লীলা-তৰঙ্গত নাদুৰি সাঁতুৰি
হেঁপাহ পলাই পিয়ে অমিয়া-মাধুৰী ৷

 অ’ প্ৰেয়সী গুটিমালী, নহ’বি অধীৰা,
প্ৰিয়তমজনে আহি
বজাই মোহন বাঁহী
পিয়াব মিলন দূতে প্ৰণয়-মদিৰা ;
পলাব পিয়াহ ভোক হৃদয়ৰ পীড়া ৷

বিহুৱতী সুৱাগীয়ে বিহুনাম গাই
পিন্ধি বনকৰা শাৰী
লগালেহি মাতষাৰি,
ফুল-বছা ৰিহাখনি গাত মেৰিয়াই
বিলাহী ময়ূৰে দিছে জেউতি চৰাই !

সুৰত-প্ৰসঙ্গী সৌ কপোত-মিথুন,
ৰঙেৰে আধাৰ বাটি
অমাতৰ মাত মাতি
দেখাইছে প্ৰণয়ৰ চানেকি চিকুণ ;
যেনি চাওঁ তেনি যেন সকলো নতুন

সখি অ’ সখি অ’ বুলি সখিয়তী বাই,
গছে গছে উৰি উৰি
তোৰ সুৰে সুৰে ধৰি
ৰূপ-গন্ধ-জেউতিৰে সৌন্দৰ্য্য বঢ়াই ;
প্ৰকৃতিৰ নগ্ন ৰূপ দিছে সোলোকাই ৷

অ’ মৰমী বন্ধু মোৰ, অ’ মোৰ বহনা,
চক্ৰবাক-মিথুনৰ
আশা হ’ল মিলনৰ,
বজালি যি বিশ্ব-ভোলা মিলন গগনা
নুমাবনে মৰমীৰ মৰম-বেদনা ?

শুনালি যিদিনা গীত শৃঙ্গাৰ ৰসত,
বিৰহিনী তপতীৰ
বই গ’ল অশ্ৰু-নীৰ
সম্বৰণ ৰূপ-ছবি ধৰি অন্তৰত ;
ভ্ৰমিলে কতনো দিন শৈল শিখৰত ৷

কৰিলিনে মুখৰিত ঋষি-তপোবন,
দেৱযানে উঠি আহি
প্ৰেম-নীৰে অৱগাহি
কি যাদু-মন্ত্ৰত হ’ল যুগল-মিলন
নুবুজিলো বিধাতাৰ অপূৰ্ব্ব বন্ধন !

নজানো কি গাইছিলি গিৰি কৈলাসত
মদনৰ শৰ ধৰি
কাৰ্ তপ ভঙ্গ কৰি
অভিশপ্তা হলি তই ভোগ-বিলাসত
সেয়েহে ভ্ৰমিছনেকি মৰ্ত্ত্য-প্ৰৱাসত ?

সংসাৰত তোৰ মান আশাশুধি নাই
মিলন-সম্ভোগ-আশা
জনায় প্ৰানৰ ভাষা
ব্যথিতৰ ব্যথা ভৰা দুখ পাতলাই ;
দাম্পত্য প্ৰণয়-বীজ দিছ ওপজাই ৷

গছে গছে পাতে পাতে লতাই লতাই
ৰূপৰ পোহৰ মেলি
নাজানো কি খেলা খেলি
ছয় ৰাগ সপ্ত সুৰে মুৰলী বজাই
ৰাখিছ সাদৰি তই ভুৱন ভুলাই

তয়েই অলকানন্দা প্ৰেম-মধুৰিমা,
জগতৰ অনুপম
তয়ে অতি প্ৰিয়তম,
তয়েই বসন্ত-দূত, শাৰদ প্ৰতিমা,
প্ৰচাৰিছ ঘৰে ঘৰে, মিলন-মহিমা ৷

কবি-লেখনীত তই নুফুটিলি কিয় ?
ৰূপ তোৰ নাই দেখি
অনাদৃতা হ’লিনেকি,
হ’লি জীৱ-জগতৰ অতি ক্ষুদ্ৰ জীৱ ;
কিন্ত, প্ৰিয়ে তয়ে মোৰ অতি প্ৰাণপ্ৰিয় ৷

চিৰদিন তই মোৰ হিয়াৰ আপোন ’
উদিছে মনত মোৰ
শৈশৱৰ চিত্ৰবোৰ,
কোন দূৰ অতীতৰ মায়াৰ সপোন ;
জগাই তুলিলি প্ৰিয়া স্মৃতি বিতোপন !

কোমলতা পৱিত্ৰতা সৌন্দৰ্য্য-মাধুৰি
প্ৰেম-প্ৰৱাহিনী হই,
আছ চিৰকাল বই,
স্নিগ্ধ সলিল্ত যেন থাকিম নাদুৰি !
পূৰাবিনে বাঞ্ছা মোৰ কচোন সাদৰী !

আৰতিৰ শঙ্খধ্বনি হ’ল বিশ্ব জুৰি ;
বিদায়ৰ শেষ বাণী
উচ্চাৰিলে সন্ধ্যাৰাণী,
ধীৰে  ধীৰে মিলি গ’ল গীতৰ মাধুৰী ;
বিমোৰত পৰি ৰ’ল মায়া স্বপ্নপুৰী !

 

We hope you like these Assamese kobita as much as we do!

Till next time.

Cheers!

 

Blog Post Banner

Add comment

Your email address will not be published. Required fields are marked

You may like to read these as well