Looking for inspiring words to get & stay motivated?
Well, today we bring you 50 best Assamese motivational quotes.
Check them out below.
1. পৃথিৱীৰ সকলোৱে আপোনাৰ লগত বেইমানি কৰিলেও, আপোনাৰ পৰিশ্ৰম আৰু যোগ্যতাই কেতিয়াও বেইমানি নকৰে ।
2. জীৱনত সুখী হ'বলৈ হ'লে, যিবোৰৰ ভাল পাই সেইবোৰক পাবলৈ চেষ্টা কৰি যাওক নতুবা জীৱনত যি আছে তাক ভাল পাবলৈ শিকি লওক ।
3. পৃথিৱীখন সলনি কৰিবলৈ হ'লে নিজেই ভাল কৰ্ম কৰি উদাহৰণ দিয়ক, উপদেশৰ প্ৰয়োজন নাই ।
4. আনে যিমানেই যি নকওক কিয় আপুনি মনে মনে থাকিবলৈ শিকক, কিয়নো সূৰ্য্যই যিমান প্ৰখৰ ৰ'দ দিলেও পৃথিৱীৰ সাগৰক শুকুৱাব নোৱাৰে ।
5. সফলতা কেৱল দুটা কলাৰ ওপৰতে ৰ্নিভৰ কৰে আৰু সেই কলা দুটা হৈছে – “চেষ্টা আৰু পৰিশ্ৰম” ।
6. আপুনি সেই কামটো ৰ্নিবাচন কৰক যিটো কাম কৰি আপুনি আনন্দ পায়, চাব আপুনি জীৱনজোৰা কাম নকৰি কেৱল আনন্দহে কৰিব ।
7. আপুনি আপোনাৰ ভুলৰ পৰা তেতিয়াহে শিকিব পাৰে যেতিয়া আপুনি আপোনাৰ ভুল স্বীকাৰ কৰে ।
8. সপোন সেইটো নহয় যি আমাৰ টোপনিত আহে, সপোন সেইটোহে যি আমাৰ টোপনি আহিব নিদিয়ে ।
9. শান্ত সমুদ্ৰত কেতিয়াও সুদক্ষ নাৱিকৰ জন্ম নহয় ।
10. আপুনি এইটো ক'ব নোৱাৰে যে আপোনাৰ সময় নাই, কাৰণ আপুনিও দিনত ২৪ ঘন্টাই পায়, যিমান সফল লোকসকলে পায় ।
11. নীৰৱ হৈ নিজৰ কাম কৰি যাওক আপোনাৰ সফলতাই হুলস্থুল লগাই দিব ।
12. আমাৰ জীৱনটোৱেই এক প্ৰত্যাহ্বান, গতিকে জীৱনৰ অকণমান সময় যুঁজি হাৰি গ'লে নহব ; গোটেই জীৱন যুঁজিব লাগিব |
13. শক্তিশালী তেওঁ নহয়, যিয়ে চিঞৰি নিজৰ খং প্ৰকাশ কৰে, শক্তিশালী সেইজনহে যিয়ে খঙৰ সময়তো নিজকে নিয়ন্ত্ৰণ কৰে ।
14. ধনাত্মক চিন্তাধাৰা হৈছে সফলতা অৰ্জনৰ মূখ্য চাবি-কাঠি।
15. নিজৰ প্ৰতি নিষ্ঠা ৰাখিলে প্ৰতিজন ব্যক্তিয়ে জীৱনত সফলতা অৰ্জন কৰিব।
16. কঠোৰ পৰিশ্ৰম কৰি আৰু নিজৰ ওপৰত বিশ্বাস ৰাখিলে যিকোনো পৰিস্থিতিৰ সৈতে আপুনি সংঘাত কৰি জয়ী হ’ব পাৰিব।
17. সুখ – দুখৰ মাজতেই জীৱনটো চলি যাব কিন্তু নিজকে সকলো পৰিস্থিতিৰ সৈতে খাপ খোৱাকৈ গঢ়ি তোলাটো ডাঙৰ কথা।
18. জীৱন সংঘাতৰ এক পটভূমি সংঘাত কৰিয়েই জীৱনটো জয় কৰিব লাগিব।
19. সফলতাৰ বাবে অপেক্ষা কৰাতকৈ নিষ্ঠাৰে চেষ্টা কৰি যোৱাটো দৰকাৰী।
20. যি ব্যক্তিয়ে পৰিশ্ৰম কৰাত বিশ্বাস ৰাখে তেঁও কেতিয়াও নীয়তিৰ লেখনীত বিশ্বাস নকৰে ।
21. যদি তুমি সূৰ্যৰ দৰে জিলিকিব বিচাৰা তেন্তে তুমি সূৰ্যৰ দৰে জ্বলিব লাগিব।
22. কৰ্মই মানুহক তিনিটা বৃহৎ বৃহৎ অনিষ্ট কাৰী শক্তিৰ পৰা ৰক্ষা কৰে – ক্লান্তি, কু-অভ্যাস আৰু অভাৱ।
23. নিজেই নিজৰ প্ৰসংশা কৰাটো ব্যৰ্থ। কাৰণ সুগন্ধিয়ে বুজাই দিয়ে ফুল ক’ত ফুলিছে !
24. আধা বাটৰ পৰা উভতি আহিলে একো লাভ নাই কাৰন উভতি আহোতে ইমানেই সময় লাগিব যিমান লক্ষ্য প্ৰাপ্তী পাওঁতে লাগিলহেতেন।
25. জীৱন যুদ্ধত কেৱল শক্তিশালী ব্যক্তিয়েহে জয়লাভ নকৰে, কেতিয়াবা সেইজনেও জয়লাভ কৰে, যিজনে ভাবে মই জয় হ’ব পাৰিম।
26. অসফলতাই তোমাক কেতিয়াও স্পৰ্শ কৰিব নোৱাৰে যদিহে তুমি সফল হবলৈ একাগ্ৰতা আৰু অপ্ৰান্ চেষ্টা কৰা।
27. চিনাকি ডাঙৰ মানুহৰ লগত নহয়, সময়ত কাষত থকা জনৰ লগতহে থাকিব লাগে ।
28. সময় ভাল থাকিলে আনক সহায় কৰক, সময় বেয়া হ'লে কষ্ট কৰক ।
29. আমি যদি বিচাৰো তেন্তে আমাৰ আত্মবিশ্বাস আৰু কঠিন পৰিশ্ৰমেৰে আমাৰ ভাগ্য লিখিব পাৰো । কিন্তু যদি আমাৰ ভাগ্য আমি লিখিবলৈ নিবিছাৰি হাত সাৱতি বহি থাকো তেতিয়া পৰিস্থিতিয়ে আমাৰ ভাগ্য লিখি দিয়ে ।
30. সমস্যাৰ পৰা পলায়ন কৰা মানে আন এক নতুন সমস্যাক নিমন্ত্ৰন জনোৱা ।
31. জীৱনত কঠিনতা আমাক বৰবাদ কৰিবলৈ নাহে । কঠিনতা আমাৰ ভিতৰত থকা সামৰ্থ আৰু শক্তিক বাহিৰলৈ আনিব কাৰনে আহে ।
32. জীৱনৰ আছল সত্য - আপুনি সময়ে সময়ে সমস্যাৰ লগত সন্মুখিন হবই লাগিব ।
33. আপুনি যদি শুদ্ধ তেন্তে বাঢ়ে বাঢ়ে প্ৰমান দিয়াৰ প্ৰয়োজন নাই । লাহেকে থাকক । সময়ে এদিন সকলোকে প্ৰমান দি দিব ।
34. আপোনাৰ সপোনক সদায় জীয়াই ৰাখক । অন্যথা আপোনাৰ সপোনৰ অগ্নি শলিতা নুমাই গলে আপুনি এক জীৱিত মৰাশলৈ পৰিৱৰ্তীত হব ।
35. দৰিদ্ৰতা সফলতা অৰ্জনত হেঙাৰ হ’ব নোৱাৰে।
36. জীৱনত যিমানেই অসফলতা লাভ কৰিব এদিন আপোনাৰ ভৱিষ্যত সিমানেই সফল হ’ব।।
37. কোনো ব্যক্তি অসফল নহয় যেতিয়া তেওঁ হাৰি যায়,অসফল তেতিয়া হয় যেতিয়া তেওঁ ভাবি লয় যে মই জিকিব নোৱাৰিম ।।
38. আমাৰ সকলােতকৈ ডাঙৰ দূর্বলতা হৈছে, মাজ বাটতে ভাগৰি পৰা। সফল হােৱাৰ সকলােতকৈ সহজ উপাই হৈছে আকৌ এবাৰ চেষ্টা কৰা।
39. সফলতাৰ আনন্দ উপভােগ কৰাটো ভাল কথা,তাতকৈ জৰুৰি আপোনাৰ অসফলতাৰ পৰা জ্ঞান লােৱাটো।
40. যদি কিবা কাম কৰি থাকোতে ভাগৰি পৰা, তেনেহ’লে বিশ্ৰাম লোৱা কামটো এৰি নিদিবা ।
41. বাৰে বাৰে অসফল হোৱাৰ পিছতো কেতিয়াও উৎসাহ নেহেৰুৱাবা কাৰণ সেইটোৱেই হৈছে তোমাৰ জীৱনৰ আটাইতকৈ ডাঙৰ সফলতা।
42. পৰিশ্ৰম কৰিব লাগিব, কষ্ট কৰিব লাগিব, তেতিয়াহে জীৱনটো সুন্দৰ হ'ব।
43. কেৱল সাহস ৰাখক, আপুনি আপোনাৰ জীৱনটো যিকোনো পৰিস্থিতিৰ পৰা পুনৰ আৰম্ভ কৰিব পাৰিব।
44. কেৱল তেওঁলোকৰ বাবেহে সকলো সম্ভৱ যিসকলে আনতকৈ অধিক পৰিশ্ৰম কৰিবলৈ সাজু হৈ থাকে ।
45. আপুনি যেতিয়ালৈকে চেষ্টা কৰা বন্ধ নকৰে, তেতিয়ালৈকে আপুনি বিফল নহয় ।
46. জীৱনৰ কঠিন সময়ত আটাইতকৈ প্ৰয়োজনীয় বস্তুটো হ'ল ধৈৰ্য।
47. আজি যদি তুমি সময়ৰ মুল্য বুজি তোমাৰ কৰিবলগীয়া কামবোৰ কৰা তেন্তে আহি থকা সময়বোৰ তোমাৰেই হ'ব।।
48. যিসকল উৎসাহী আৰু পৰিশ্ৰমি পৃথিৱীখন তেওঁলোকৰহে ।
49. তুমি তোমাৰ জীৱন যাত্ৰাৰ কাৰ্য্যক্ৰম বিলাক আগতে স্থিৰ কৰি লোৱা, দেখিবা এসময়ত সিয়েই তোমাক মানুহ কৰি তুলিব ।
50. আপোনাৰ দিনটোৰ ৰুটিন খনতেই আপোনাৰ ভবিষ্যত লুকাই আছে ।
Till next time.
Stay inspired. Stay motivated.