Menu

  1. Home
  2. Blog
  3. Top 5 Assamese Poems On Child

Top 5 Assamese Poems On Child

by FittingFattang.com, 29 Dec 2024

Looking for poems on child in Assamese?

 

Worry not!

 

Today, we bring you the 5 best Assamese poems on child or childhood that we like. 

 

So, let's start.

 

 1. অক্কণমানি ল'ৰা by জ্যোতিপ্ৰসাদ আগৰৱালা

   অক্কণমানি ল’ৰা...

   থিয় দিব খোজোঁতেই
   থুপুক-থাপাক পৰা।
   কোনোমতে অকাই-পকাই
   এখোজ দুখোজ যায়
   চিৎভলঙা খায়,
   খোজ কাঢ়িব নৌ পাৰোঁতেই
   লৰ দিবলৈ চায়।

   কান্দে ৰাতি পৰে পৰে
   দুধ নাপাই চিঞৰ ধৰে
   হঁহা-কন্দা দুটা কথা
   এতিয়া মাথোন জানে,
   মুখৰ এটাও মাত ফুটা নাই
   কল্‌কলায় পাৰেমানে।

   নতুন কিবা পালে
   নিয়ে মুখৰ ফালে
   হিচাপ নেপাই
   নাকৰ বিন্ধাত গোজে,
   উৰি যোৱা ঘৰচিৰিকা
   থাপ মাৰিব খোজে ।


 2.  এজনী কণমানি ছোৱালীৰ কথা by ভবেন্দ্ৰ কুমাৰ দাস 

   স্কুল গৈছিলে অকণি এজনী
   ক-মান শ্রেণীত পঢ়া,
   বাট হেৰুৱাই হাবি পালেগৈ
   আহোতে স্কুলৰ পৰা।

   হাবিত পালে চৰাই-চিৰিকটি
   গান গাই উৰি ফুৰা।

   লগতে দেখিলে হৰিণ এজাক
   ঘাঁহ খাই ঘূৰি ফুৰা।

   দূৰত দেখিলে গড় দুটামান
   আপোন মনেৰে থকা,
   জান এটিত ম'হ কেইটামান
   সাতুৰি-নাহুৰি থকা।

   কাছও দেখিলে নৈ এখনত
   গাত ৰ'দ লৈ থকা,
   হাতী এটি দেখিলে তাৰ পাৰতে
   শুৰেৰে পানী পি থকা।

   ফৰেষ্টাৰে এনেতে তাইক পাই
   উঠাই ল'লে জীপত,
   গাৱলৈ গৈ চমজাই দিলে
   দেউতাকৰ হাতত।।


 3. হাঁহি by ভবেন্দ্ৰ কুমাৰ দাস 

   হাঁহি থাকা হাঁহি থাকা,
   হাঁ হাঁ হাঁ
   হাঁহি থাকা প্রতিদিন,
   বাহ্ বাহ্ বাহ্

   হাঁহি হাঁহি পাঠ পঢ়া,
   খেলা-ধূলা কৰা,
   হাঁহি হাঁহি তুলিকাত
   ৰং সানি লোৱা,
   উকা উকা মনবোৰ
   ৰঙেৰে বুলোৱা।

   হাঁহি হাঁহি ঘূৰি ফুৰি
   ধৰা জয় কৰা,
   আপোন ঘৰখনিক
   স্বর্গময় কৰা।।


 4. পপীয়া তৰা by ভবেন্দ্ৰ কুমাৰ দাস 

   ভাইটিয়ে দেখা পালে বাৰান্দাৰ পৰা
   তৰা এটি সৰি পৰা আকাশৰ পৰা।

   লগে লগে সোমাল সি বা'ৰ পঢ়া কোঠা,
   পঢ়ি থকা বা'ক দিলে তৰাৰ বতৰা।

   বা'ই ক'লে সেয়া নহয় আচলতে তৰা,
   তৰাবোৰ বৰ ডাঙৰ ভাবিব নোৱাৰা।

   দুৰৈত থকা বাবেহে সৰু যেন লাগে,
   সিহঁতো নক্ষত্র আমাৰ বেলিটিৰ দৰে।

   এটিয়া তুমি দেখা বস্তটোৰ কথা কওঁ শুনা,
   সিহঁত মহাকাশত ভাহি থকা অতি ক্ষুদ্র কণা,

   ভাহি ভাহি যেতিয়া কাষ পায় ধৰা,
   প্রচুণ্ড বেগত আহি সাৱতেহি ধদৰা,

   আহোতে বায়ুৰ ঘহনি খাই জুলি উঠি হয় যেন তৰা,
   সেয়ে তৰা নহয় সিহঁতক বোলে পপীয়া ।।

 

 5. আকাশ by অনিল ডেকা

   সৰগত আছে আকাশখনি
   আছে জোন-বেলি-তৰা
   বতাহৰ কোবত লৰি ফুৰে
   শুকুলা মেঘডৰা। 

   ঢলপুৱাতে বেলিটি ওলাল
   আকাশ ৰাঙলী হ'ল
   ৰিব ৰিব  মলয়া ছাটিত
   দেহ জুৰ পৰি গ'ল। 

   দুপৰীয়া হ'ল বেলিটি আহি
   মূৰৰ ওপৰ পালে
   হাল-গৰু সামৰি কৃষক-শ্রমিকে
   ঘৰলৈ উভতিলে।

   সন্ধিয়া নামিল জোনবাই ওলাল
   ওলাল অলেখ তৰা
   উজলি উঠিল ফৰকাল আকাশ
   ৰূপোৱালী হ'ল ধৰা।

 

So, that's it. We hope you liked them. 

 

For more Assamese poems, do keep following our blog. 

 

And if you like all things Assam and Assamese, we recommend you check out our Assamese T-shirt Collections

 

They make excellent everyday wear, and are perfect to show your love for Assam!

 

Until next time...

 

Stay poetic!