Menu

  1. Home
  2. Blog
  3. 5 Best Assamese Poems On Life

5 Best Assamese Poems On Life

by FittingFattang.com, 29 Dec 2024

If you are looking for Assamese poems on life, well, we have some good news!

 

In today's blog post, we bring you our Top 5 favourite Assamese poems that offer a deeper perspective on life. 

 

So, here they are.

 

 1.  জীৱন by ঈশান জ্যোতি বৰা

 

   কেতিয়াবা সুখৰ,
   কেতিয়াবা দুখৰ এই জীৱন 

   কেতিয়াবা ৰ'দৰ,
   কেতিয়াবা ছায়াৰ এই জীৱন 

   বিধাতাই দিয়া অদ্ভুত 
   উপহাৰটি হ'ল জীৱন 

   প্ৰকৃতিয়ে পৃথিৱীখনত সিঁচি দিয়া 
   ভালপোৱাৰ নাম হ'ল জীৱন 

   যাৰ পৰা প্ৰতিদিনাই নতুন নতুন 
   শিক্ষা পোৱা যায় 

   বাস্তৱৰ লগত পৰিচয় কৰাই দিয়া 
   তেনে এক মাধ্যমৰ নাম হ'ল জীৱন 

   যাক কোনেও বুজিব নোৱাৰে,
   তেনে এক সাঁথৰ এই জীৱন 

   কেতিয়াবা নিসংগতাত আমাৰ 
   সংগী হোৱা এই জীৱন 

   নিজা নিজা কৰ্মৰ আধাৰত 
   পোৱা যায় এই জীৱন 

   কেতিয়াবা সপোনৰ ঠেলা-হেঁচা,
   কেতিয়াবা অকলশৰীয়া এই জীৱন 

   যি সময়ৰ লগে লগে সলনি হয়,
   সেই সংস্কৃতিৰ নাম হ'ল জীৱন 

   তিক্ত-মধূৰ স্মৃতিৰ 
   সোঁৱৰণী হ'ল এই জীৱন 

   একো নাজানিও সকলো জানি লয়,
   এইয়াই জীৱন 

   কাৰোবাৰ বাবে জটিলতাৰে পূৰ্ণ 
   এক সাঁথৰৰ নাম জীৱন 

   যি প্ৰতিটো মুহূৰ্ততে নদীৰ দৰে বৈ 
   থাকে, সেইয়াই জীৱন 

   যি পলে পলে গৈ থাকে,
   তেনেকুৱাই হ'ল জীৱন 

   কোনোবাই কান্দি কান্দিয়েই পাৰ 
   কৰি দিয়ে জীৱনৰ প্ৰতিটো ক্ষণ 

   কাৰোবাৰ বাবে দুখৰ মাজতো হাঁহি থাকিব 
   পৰা সাহসৰ নাম হৈছে এই জীৱন 

   কেতিয়াবা উদিত সূৰ্য 
   কেতিয়াবা অন্ধকাৰ নিশা এই জীৱন 

   ঈশ্বৰে দিয়া, মাৰ পৰা লাভ কৰা
   অমূল্য উপহাৰ এই জীৱন 

   তেতিয়াহ'লে তুমি অবাবতে 
   পাৰ নকৰিবা এই জীৱন 

   আনতকৈ পৃথককৈ গঢ়ি তোলা 
   তুমি তোমাৰ জীৱন 

   দুনীয়াৰ কোলাহলৰ মাজত হেৰাই 
   নাযায় যাতে তোমাৰ এই জীৱন 

   তোমাক দেখি জীৱনেও যাতে মিচিকিয়ায়,
   তেনেদৰে গঢ়ি লোৱা তোমাৰ জীৱন ।।

 

 2.  জীৱনৰ কবিতা by জলি সভাপণ্ডিত 

 

   জীৱন

   জীৱন এটি ক্ষন

   কিছু সুখ 

   কিছু দুখ 

   কিছু পোহৰ

   কিছু এন্ধাৰ

   কিছু হাঁহি 

   কিছু কান্দোন 

   আৰম্ভ হয় এক নতুন যাত্ৰা 
   এনেকৈয়ে জীৱনে ঢ়াপলি মেলে 
   জীৱনো এক সাঁথৰ।

   আৰম্ভনি যিমানে মধুৰ 
   জীৱনৰ শেষ সিমানে কঠোৰ।

   তথাপিও কৰি যাওঁ নিতৌ 
   বিশাল সংগ্ৰাম 
   এয়াই জীৱন...
   পোৱা নোপোৱাৰ।


 3.  জীৱন সংগ্ৰাম by কল্যাণী ডেকা 


   আই বোপাইক শৈশৱতে হেৰুৱালোঁ , 
   চোতালত জোনাকবোৰ দেখা নাপালোঁ ,
   আন্ধাৰে আৱৰি ধৰিলে মোৰ জীৱন ,
   কলিতে মৰহি গল মোৰ সপোন ।

   বস্ত্ৰ, বাসস্থানৰ বাবে হাহাকাৰ কৰোঁ ,
   এমুঠি অন্নৰ বাবে ভিক্ষাৰী নাম পালোঁ ,
   কত থাকোঁ, কেনি যাওঁ ঠিকনা নাই ,
   কেতিয়াবা ফুটপাথ, কেতিয়াবা ষ্টেচনত
   অনাহাৰে উজাগৰে ৰাতি কটাও ভাই ।

   এমুঠি অন্নৰ বাবে বাচি লওঁ পথ এটি ,
   ষ্টেচনতে গান গাই হওঁ ভিক্ষাৰী ।
   কোনোৱে দিয়ে এটি, দুটি টকা 
   কোনোৱে দিয়ে গালি, তথাপি আছোঁ জীয়াই 
   জীয়াইথাকিবলৈ কিবা অলপ খাই ।

   কেতিয়াবা পাওঁ যদি ভবাতকৈ বেচি, 
   মাতি আনো এটা, দুটা সমনীয়া ভিক্ষাৰী 
   একেলগে মিলি জুলি একেলগে খাওঁ 
   সংগ্ৰামী জীৱনৰ তাতে স্ফূৰ্তি পাওঁ ।

   এমুঠি অন্ন, এখন বস্ত্ৰৰ বাবে 
   সংগ্ৰাম কৰোতে জীৱনটো গ'ল, 
   হাঁহি বোৰ কেনি গুচি গ'ল 
   দিনবোৰো ৰাতি যেন হ'ল ।

   বস্ত্ৰ বিহীন ঠাণ্ডা, খাদ্য বিহীন ৰাতি 
   নিজানত, অকলে অনুভৱ কৰিবচোন আপুনি,
   আমাৰ কথা ভাবিলে সাহস পাব 
   নিজৰ জীৱনৰ দুখ বোৰ উৰি গুছি যাব ।

   জীৱন মানে সংগ্ৰাম, 
   তাতো আছে সমাধান ,
   জীৱন বৰ অনুপম, 
   সংগ্ৰাম কৰিও আকাশ চুবৰ মন ,
   নেচাওঁ মই পিছলৈ ঘূৰি ,
   কিজানি কেতিয়াবা যাব পাৰোঁ ,
   নীলাবোৰ ধৰিবলৈ আকাশলৈ উৰি ।

 

 4.  জীৱন by প্ৰদীপ 
 

   জীৱন বৰ অনুপম 
   সুখ-দুখৰ  লগৰী ।

   হে বন্ধু শুনা কাণপাতি
   হেনজানি নকৰিৱা আক্ষেপ
   জীৱন পথত যি পাইছা
   আনন্দ মনেৰে বুটলি যোৱা ।

   কৰ্মই ধৰ্ম  মানি
   নিজমনে কৰ্ম কৰা
   ফল নিশ্চিত পাবা ।

   জীৱন যাপন  কৰিবলৈ
   কচৰৎ কৰা সততাৰ,
   দেখিবা এদিন  তোমাৰ হাতত
   সৰি পৰিছে সৰগৰ মণি মুকুতা ।

   জীৱন তোমাৰ পুতলা
   সময়ৰ সুতত উটি গলেও
   হাতৰ মুঠিৰ পৰা 
   জৰীডাল খুলিব নিদিবা ।

   বন্ধু এই জীৱন
   তোমাৰ  আপোন জীৱন
   তুমিয়ে গঢ়িব লাগিব
   তুমিয়ে পালিব লাগিব
   সময়ৰ সতে 
   তুমিয়ে যুঁজিব লাগিব ।

   বন্ধু পুনৰাই কওঁ
   এই জীৱন বৰ অনুপম ।

 

 5. ‌   জীৱন by মামণি বৰঠাকুৰ 

   নুসুধিবা  মোক  
   জীৱনৰ  কথা
   জীৱন মানে  কি? 

   এখন কাগজ মাথো উকা !
   লিখা যে নহল  তাত কেতিয়াও  
   কাৰোৰে নাম ঠিকনা ।
   সপোনৰ পাছত দৌৰা   
   ভাগৰুৱা প্রাণ  
   হৃদয়ৰ মন্দিৰ তো বাজে দেখো
   বিষাদ ৰাগিনীৰ শূণ্যতা ভৰা গান !

   ক্ষনিকৰ এই জীৱন !
   কিনো আছে, কিনো দিম ! 
   শুভাশীষ চেনেহৰ, 
   কিছু সান্তনা, সাহস, অটুট মনোবল;
   শেতাপৰা মুখখনিত কিঞ্চিত হাঁহিৰ ৰেঙণি;
   সঁচাঅন্তৰৰ পৰা আশীষ নিৰ্মালী ! 
   মন আকাশত নিজিলিকে আজি 
   জোন জোনালী  

   সকলোতে মাথোঁ বিষাদৰ ছাঁ !
   অৱশেষত মৃত্যু য়ে দেখোন কৰুণ পৰিনতি। 
   তেনে, অহংকাৰ কিয় বন্ধু? 
   তুমি নহলেও কাৰো একোৱেই নহয় ! 
   প্রিয়জনে  চকুলো ৰে বাট হেৰুৱাব,
   জগত খন জানা একেই থাকিব;

   সোঁৱৰণি ও বিলিন হব পাহৰনিৰ বুকুত ! 
   জীৱন নামৰ কাগজ খনত,
   কাৰোৰে নাথাকে  প্রকৃত ঠিকনা !
   মৰুভূমিত  মৰীচিকা বিচাৰি 
   পাই  মাথো  যাতনা !

   সেয়ে ?
   নুসুধিবা মোক জীৱনৰ কথা ! 
   জীৱন এখনি কাগজ  মাথো 
   উকা !
   লিখা নহল কাৰোৰে ? 
   নাম !
   ঠিকনা ।

 

We hope these poems offered you some food for thought. 

 

For more Assamese poems, quotes or pearls of wisdom, keep following our blog. 

 

And if you like all things Assam and Assamese, we recommend you check out our Assamese T-shirt Collections

 

There is no better way to celebrate and show your love for Assam then wearing one! 

Until next time... 

Cheers!