Menu

  1. Home
  2. Blog
  3. Top 5 Assamese Poems On Mother

Top 5 Assamese Poems On Mother

by FittingFattang.com, 21 Dec 2024

Mothers have always occupied an exalted stature across cultures around the world.

 

They are cherished and celebrated, and rightly so.

 

This is reflected in both mythology and literature in all these cultures.

 

It is no different in Assam as well.

 

Assamese literature is chock-a-block with prose and poems dedicated to mothers.

 

In today’s blog post, we will take a look at the Top 5 heart-warming Assamese poems on mother.


So, let’s begin.

 

 1. মোৰ মা by পদ্মেশ্বৰ বৰা

    হেৰা মোৰ পূজনীয়া, মান তুমি সৰগীয়া
    হে মোৰ হৃদয় সৰগা,
    তুলনাৰ নাই প্রৱেশ, সমভাব নাই আৱেশ
    তুমিয়েই মোৰ মৰমৰ মা ।

    জীৱনৰ নাওঁখনি, মৰতৰ ভূমি
    তুমি আনিলা মোক হে আই,
    তুমিয়ে মোৰ জীৱনৰ, দেৱী মোৰ সৰগৰ
    তুমাৰ সমান তুলনা নাই ।

    তুমিয়ে মোৰ কলিজাৰ, সপোনৰ যুগমীয়া
    নিজৰ কাৰণে নাই বেশ,
    মোৰ তুমি চেনেহৰ, মৰম মোৰ হৃদয়ৰ
    তুমিয়ে মোৰ আপোন স্বদেশ ।

    নিলগত আতৰিব, কেতিয়াও নিবিচাৰো
    তুমিয়েই মোৰ বিহগী আই,
    সকলো দেশে-বেশে, ঘূৰি ঘূৰি মাতিলেও
    মাতিবলৈ কোনোৱে নাই,
    তুমিয়েই মোৰ একমাত্র আপোন আই ।

 

 2. মা by মণিকুন্তলা ভট্টাচাৰ্যই 

   মাৰ কাষত বহিলে 
   আমোলমোলাই নিৰলে 
   বকুল তগৰ শেৱালি 
   শুকান পাতবোৰো ওলমি ৰয়হি 
   দুৱাৰৰ মংগলমালাত 

   ডাঙৰ হৈ মই 
   মাক যিবোৰ দিম বুলি ভাবি থৈছিলো 
   এতিয়া ভাববোৰ হ'লহি মিচিকি হাঁহি 
   তথাপি ঘূৰি ফুৰো বজাৰত 
   আৰু উভতি আহো শূণ্যহাতে 
   মাকৰ দৰে চহকী সত্তাক 
   কি দিয়া যায় উপহাৰ 

   পুৰণি মন্দিৰৰ নতুন চিৰিৰে 
   মাক যেতিয়া হাতত ধৰি লৈ যাওঁ
   কেনিও নোচোৱাকৈয়ে দেখো
   গোটেই পৃথিৱীৰে শিশুহঁতে 
   মাকৰ হাতত ধৰি খোজ কাঢ়িবলৈ শিকা 

   ব’লা মা, তোমাক আজি ফুৰাম 
   কাষত বহুৱাই যেতিয়া দৌৰাওঁ গাড়ী 
   তেতিয়াইতো সকলোৰে মাক
   সন্তানহঁতৰ লগত ফুৰিবলৈ ওলায় 
   আৰু উদং হৈ যায় বৃদ্ধাশ্ৰম।।

 

 3. মা আজি মোক মৰম কৰা by অনন্ত দেৱ শৰ্মা 

 

   মা! আজি মোক মৰম কৰা
   অলপ মৰম কৰা,
   মনটো দেখোন বেয়া লাগি আছে
   আজি অথনিৰে পৰা।

   কেতিয়াবা মই খেলি থাকিলেও
   হঠাতে ওলোৱা আহি,
   মোৰ খেলা চাই, মোৰ ফালে চাই
   তুমিচোন থাকা হাঁহি!

   হাত বুলাই দি মূৰ-কপালত
   কোলাত দেখোন লোৱা,
  ‘সোনাইটি মোৰ’ বুলি মা তুমি
   দুগালত চুমা খোৱা।

   কেতিয়াবা আক’ কাষলৈ গ’লেও
   মোক দেখোন কোৱা মা!
   কাম আছে মোৰ, আমনি নকৰ
   আতঁৰ, আতঁৰি যা।

   ইমান যে মোৰ বেয়া লাগে মা!
   ইমান যে খং উঠে!
   তেতিয়া তোমাক মাতিবলে’ মোৰ
   মনেই নেথাকে মুঠে।

   লুচী বাইহঁত আহোঁতে সিদিনা
   তুমি খৰধৰকৈ,
   কিমান তুমি যে মৰম কৰিলা
   আগুৱাই আহিলা থৈ।

   অফিচৰ পৰা দেউতা আহিলে
   তুমি লৰালৰি কৰি,
   জলপান সাজি দিয়া নিজহাতে
   কিমান যতন কৰি!

   ডাঙৰ কাঁহীত, ডাঙৰ বাটিত
   দেউতাই ভাত খায়,
   মোৰ কাঁহী-বাটি অকণ অকণ
   দেখি বেয়া লাগি যায়।

   সিদিনা আকৌ কাজলীজনীক
   অসুখ হওঁতে কিবা,
   কিমান যে তুমি যতন কৰিলা
   নিজেই এবাৰ ভাবা।

   আনবোৰ হ’ল আপোন তোমাৰ
   মই হৈ গ’লো পৰ,
   সিদিনা আকউ খঙতে দেখোন
   মাৰিছিলা এটা চৰ।

   মা! মই তোমাক কৈছোঁ পুনৰ
   তুমি মোক নামাৰিবা,
   পলাই ফুৰিম কান্দি কান্দি
   তেতিয়া মজাটো পাবা।

   মা! তুমি মোক মৰম কৰিলে
   ইমান যে ভাল লাগে,
   পাছত শুনিম সকলো কথা
   মৰম কৰিবা আগে।

   মা! আজি মোক মৰম কৰা
   অলপ মৰম কৰা,
   মনটো দেখোন বেয়া লাগি আছে
   আজি অথনিৰে পৰা!


 4. মা by জয়ন্ত বৰা
                      

   মা এতিয়াও সাৰে আছো মই 
   হৃদয়ত  ম্মৃতিৰ সমাধি প্ৰতিটো পল,

   অনুপল হৃদয়ত বাজি উঠা হাহাকাৰ কৰুণ বিননী 
   কিদৰে বুজাওঁ মই নিজকে নিজে।

   জীৱৰ সৃষ্টি আৰু মৃত্যু উপলদ্ধি কৰো মই,
   বুজো মই পামজানো সেই শুদ্ধ মৰম স্নেহ পূজা,বিহু,
   জন্মদিনৰ উপহাৰ হিয়া ভৰা আশীৰ্বাদ।

   তুমি মিছাতে কৰা খং অভিমানৰ স্মৃতিত বিলীন হৈ 
   মই সাৰে আছো এই দুভাগ নিশা।

   অশ্ৰুৰ নৈ সহিব নোৱাৰি এন্ধাৰ বন্ধ কোঠালিত 
   নিজানত অকলশৰে চকুলো টুকিছো ।

   চিঞৰি কান্দিব নোৱাৰি উচুপি উঠিছো ।
   তুমি যেন অকলশৰে দুৰ বহুদুৰত ৰৈ 
   মোলৈ চাই আছা স্নেহৰ দৃষ্টিত ।

   তোমাৰ অবিহনে মোৰ যে
   টোপনি নাহে মা, মই সাৰে আছো।

   শুব পৰা নাই অ মা।
   শুব পৰা নাই অ মা।

 

 5. মৰমৰ আই by আনন্দচন্দ্ৰ আগৰৱালা 


   কোনে মোক তুলি-তালি কৰিলে ডাঙৰ 
   মৌসনা মিঠা মাতে পাহৰি ভাগৰ;
   কৰিছিল স্নেহ মোক দুগালত চুমা খাই 
   তেৱে মোৰ পূজনীয়া মৰমৰ আই।

   চেনেহৰ চকুপানী ধাৰেৰে বোৱাই,
   কোনে মোক ৰাখিছিল বুকুত শুৱাই;
   টোপনিত লালকাল মুখখনি চাই 
   তেৱে মোৰ পূজনীয়া মৰমৰ আই।

   কান্দিছিলোঁ যেবে নৰিয়াত দুখ পাই;
   একেথিৰে কোনে মোৰ মুখলৈ চাই,ক 
   মৰোঁ বুলি কান্দিছিল কাঢ়ি হুমুনিয়া 
   তেৱে মোৰ পূজনীয়া মৰমৰ আই।

   হ‌ইছিলোঁ থিয় যেৱে অ'ত ত’ত ধৰি 
   পৰিলেনো কোনে গ‌ই ততালিকে লৰি;
   নিচুকাইছিল মোক নাম গুণ গাই 
   তেৱে মোৰ পূজনীয়া মৰমৰ আই।

   মোৰ প্ৰতি এনে যাৰ মৰম অসীম 
   কেনেকৈ সিজনাক মই পাহৰিম?
   চেনেহ ভকতি মোৰ বাঢ়োক সদায় 
   তযু চৰণত হেৰা মৰমৰ আই।

 

We hope these poems moved you as much as they moved us.

 

For more content such as this, do keep following our blog.

 

And if you are interested in all things Assam and Assamese, we recommend you check out our Assamese T-shirt Collections.

 

They are a perfect way to show your love for everything Assam and Axomiya.

 

So, do check them out


Until next time…


Take care.