Top 5 Beautiful Assamese Poems About Nature

5 Beautiful Assamese Poems On Nature

Assam is blessed with natural beauty.

So it is no wonder that its beauty has inspired many of its poets.

In this blog post, we will cover the Top 5 Assamese poems on nature.

So, let’s begin.

 

1. প্ৰকৃতিৰ প্ৰেম by মনীষা শৰ্মা 

 

প্ৰভাতী সূৰুযৰ হেঙুলী ৰহণে

কৰিলে ধুনীয়া বিন্দীয়া ধাৰা।

উন্মন হ’ল সেউজীয়া গছ-বন

তগৰ, নাহৰ, গোলাপ, বকুলে বিলালে সুভাষ

আশাৰ সঞ্চাৰ হ’ল, দ্বিধা আঁতৰিল।

বাছকবনীয়া চৰাই জাকে উৰিছে উলাহত

ৰূপ-লাৱন্যৰ চুমা পৰশে জুৰালে পাৰণ।

সৌৱা, পাহাৰ ৰাজিৰ অপূৰ্ব শোভাই

কৰিছে বলিয়া ক’ত শতজনক।

নিজৰা বৈছে শিলৰ দলিছাত

প্ৰকৃতিৰ কি যে অপূৰ্ব ৰূপ।

দুৱাৰদলিত জ্বলিছে বন্তি সুৰ সমন্বয়ত

প্ৰকৃতিৰ প্ৰেম অগণিত, আজি জ্বলিছে ধৰণী

ৰিক্ত হৃদয় পৰাগে পালে যে, পূৰ্ণ সঁহাৰি।

 

 

2. প্ৰকৃতি by আৰতি শৰ্মা 

 

এজাক সমীৰণে চুই যায়

শ্যামলী পৃথিৱীৰ

প্ৰাকৃতিক ওৰণি।

সেউজীয়াৰ নিৰিবিলি বাটত

কৈ যায় জোনাকৰ পখি বোৰে

সৰু সৰু কাহিনী।

ধৰণীৰ সজল পোহৰত

কত সুন্দৰ সৌন্দৰ্য্যশালী

সকলো জীৱ’ৰে আই-মাতৃ।

ধৰণীৰ বেলিৰ আঁচলত

কত সুষম বিতোপন

জীৱনদায়িনী শক্তি।

কত যে অভিলেশ

কত যে মনোৰম পৰিবেশ

সৃষ্টিৰূপী নিসৰ্গ অমূল্যৰ

অৱদান এয়া অতিকৈ আৱেশ।

উচ্চল ধৰণীৰ অম্লান পুষ্টি

মোহাচ্ছন্ন চঞ্চল ঝৰ্ণাৰ সুৰৰ কাকলি।

সুগন্ধিৰ আমেজ

বননি মোৰ সতেজ

এয়াই আমাৰ পৃথিৱী

সকলোৰে আৱেগ।

চোৱা চোন সৌ তাত অস্তাচলৰ গতি

ৰৈ আছোঁ মাথোন

মৌনতাৰে অন্তিম দৃষ্টিত।

গধুলিৰ পৰৰ মলয়া এচাটি

বাজি উঠে মাথোন

কল্লোৰিত কলৰৱ সুৰৰ বাহিটিত।

সম্যক চেতনা বোধ

হেৰুৱাই পেলাইছোঁ,

আমিয়ে আমাৰ কত-শত বাৰ।

সেউজ বৃক্ষ, তৰু-তৃণ

নদ-নদী, জান-জুৰি

অঙ্গচ্ছেদ কৰি

বিধ্বংসী প্ৰকৃতিৰ

দস্যু-দানৱৰ পৰিচয় বোৰ

আমিয়ে আমাৰ মাজতে আছোঁ বিয়পি।

নঙঠা কৰিছা অৰণ্যৰ আভৰণ

নস্যাৎ কৰিছা বৃক্ষৰ বিভূষণ।

বতাহত সিঁচৰতি বিষাক্ত গৰলৰ ৰণ।

জৰ্জৰিত চোৰাং চোৱা বোৰ

তেনেই এক বিষাক্ত উদাহৰণ।

লেৰেলা লেবেজান মৰণৰ বৰণ।

অপৰিশোধিত দূষিত তেজ বোৰেই

অন্য এক শিহৰণ।

 

 

3. প্ৰকৃতি এতিয়া ৰুষ্ট by মণীষা ভাৰদ্বাজ 

 

সময় গতিশীল

গৈ আছে উভতি নোচোৱাকৈ

কিন্তু লৈ গৈছে চাৰিওফালৰ সেউজীয়াখিনি

দি গৈছে কংক্ৰিতৰ এটা জীৱন

যিয়ে আজি শিকাইছে

সেউজীয়াখিনি কি?

ক’ত হেৰাল এই সেউজীয়াখিনি?

কোনে হেৰালে?

কাৰণ মাথোঁ ব্যক্তিগত স্বাৰ্থ‌ই নহয় জানো

কাৰণ মাথোঁ কিছু ভুৱা সুখে নহয় জানো

যাৰ বিনিময়ত এতিয়া প্ৰকৃতিয়ে জীৱন লৈছে

নিজক হেৰুৱাই এতিয়া প্ৰকৃতি ৰুষ্ট হৈছে

যাৰ কাৰণে প্ৰকৃতিয়ে লৈছে নিজৰ প্ৰাপ্য

আমিয়ে জগৰীয়া নহয় জানো

আজিৰ এই পৰিস্থিতিৰ বাবে

নিজেই জগৰীয়া নহয় জানো

সেউজীয়া প্ৰকৃতিৰ ৰূপ কঢ়াৰ বাবে

উওৰ জানো আছে আমাৰ হাতত

পাৰিম জানো দিব ঘূৰাই

প্ৰাকৃতিক নিজৰ ৰূপ।

 

 

4. গছ by ববিতা দত্ত

 

গছবোৰে মানুহক বাট দেখুৱায়

ঋতুৰ পৰা ঋতুলৈ গঢ়ে সাঁকো…

মানুহবোৰ গছৰ দৰে হোৱা হ’লে

পৃথিৱীৰ নি:স্বাৰ্থ প্ৰেমিক

নিৰ্জন নিস্তব্ধ পৰিবেশত স্থানু হৈ ৰোৱা নিৰ্ভীক পথিক…

পখীৰ নিলয় হোৱা গছবোৰে নাজানে

কিহৰ বাবে অকালতে হেৰুৱাব লগা হয় প্ৰাণ

পৃথিৱীৰ উষ্ণতা নিয়ন্ত্ৰণত ব্যস্ত থকা গছবোৰে নাজানে

বাৰে বাৰে কিয় পৰে বুকুত কুঠাৰাঘাত…

তথাপি গছবোৰ ব্যাকুল হয় মানুহৰ বাবে

বুকুত সাৱটি লয় শ্ৰমজীৱী মানুহৰ ঘৰ্মাক্ত শৰীৰৰ নিশ্বাস

আৰু বুকুৰ অনেক সম্বাদ…

পৃথিৱীৰ ইতিহাস জনা গছবোৰে

উৰ্দ্ধমুখী হৈ আকাশক বিচাৰে এমুঠি সেউজীয়া…

আবুৰ হেৰুৱাই লঠঙা হয় ঋতুৰ বাবে

অভিগমনত মত্ত বিলাস বৈভৱী মানুহবোৰে গঢ়িব নাজানে সম্ভাৱনা

গছৰ সতে

পলসুৱা মাটিত গুজি দিয়া

দুপতীয়া পুলিটো এদিন গছ হয়

বন্ধুত্ব গঢ়ে মানুহৰ সতে

গছৰ সান্নিধ্যত ভাষাময় হয় বাটৰুৱাৰ দীঘলীয়া বাট

নি:সঙ্গ সময়বোৰত সঙ্গ দি

অনৈকট সান্নিধ্যৰ প্ৰতিটো আবেলি জীপাল কৰে গছবোৰে

নানা পখীৰ কলৰৱেৰে মুখৰিত পুৱাবোৰত

গছৰ চিৰিলি চিৰিল পাতৰ মাজেৰে সৰি পৰে সূৰ্য্যৰ কিৰণ

সন্ধিয়াৰ আন্ধাৰত গছবোৰ নোহোৱা হ’লে

উদাস হৈ পৰে পৃথিৱীখন

নানা ঋতুৰ সুবাসক সামৰি লোৱা গছবোৰে

খোৰোঙত কত পখীক আদৰি লয়

লালন কৰে কত প্ৰজন্মক

প্ৰেমহীন পৃথিৱীত গছবোৰ প্ৰেমৰ আলয়

গছৰ আশীষ নিৰ্মালিৰে মানুহে পান কৰে জীৱন অমৃত

গছে হৃদয় সলনি নকৰে

গছৰ প্ৰেম নদীৰ সতে

গছৰ প্ৰেম পখীৰ সতে

গছৰ প্ৰেম পৃথিৱীৰ সতে

মঙ্গলময় জোনাকত গছে শীতল ছাঁৰে বুকু জুৰায়

গছে নি:স্বাৰ্থ প্ৰেমিক

মানুহবোৰ গছৰ দৰে হোৱা হ’লে…

 

 

5. প্ৰকৃতি by শেৱালী বৈশ্য

 

প্ৰকৃতি বিনন্দীয়া প্ৰকৃতি মোহনীয়া

তুমি চিৰ সেউজী সেউজ,

তুমি প্ৰাণ প্ৰদায়িনী তুমি কৰুণাময়ী

শ্যামলা তোমাৰ বেশ।

তোমাৰ বুকুতেই মানৱ জাতিৰ উদ্ভৱ

তোমাৰ বুকুতেই বিলয়,

তোমাৰ বুকুৰ অমৃত সম্ভাৰেৰে

তুমিয়েই জীৱৰ জীৱন।

অথচ, এচাম স্বাৰ্থপৰে

তোমাৰ বুকুৰ অৰণ্য ধ্বংস যজ্ঞত

তোমাকেই কৰে উলঙ্গ!

ৰঁচে মহা সম্ভোগৰ স্বপ্ন।

নিজৰ মৰন ফান্দ নিজেই পাতি

মহা প্ৰলয়লৈ কৰে গতি।

বৃহদাকায় কল-কাৰখানাৰ নিৰ্গত ধোৱাই

পৃথিৱীলৈ কঢ়িয়াই অস্তিত্বৰ ভাবুকি।

সমগ্ৰ বিশ্বতে হৈছে প্ৰদূষণ

“গ্লোবেল ৱাৰ্মিং” তাৰেই কুফল।

অৰণ্য‌ই জন-অৰণ্যৰ প্ৰাণ

অৰণ্যহীনতাই জীৱনৰ মৃত্যুবান!

আহাঁ আমি সময় থাকোঁতেই হ‌ওঁ সচেতন

দিওঁ আমি অৰণ্যক ৰক্ষণাবেক্ষণ।

হ‌ওঁ‌ আমি একো একোজন অৰণ্যমানৱ

যাদৱ পায়েং

ল‌ওঁ আহা আমি সংকল্প ধৰণী গঢ়াৰ।

 

We hope you liked these poems.

For more content such as this, do keep following our blog.

And if you are interested in all things Assam and Assamese, we recommend you to check out ourAssamese T-shirt Collections

We bring you a range of Assamese T-shirts  to cherish & celebrate your roots!

Till next time…

Take care.

 

Blog Post Banner

Share This Blog Post

Add comment

Your email address will not be published. Required fields are marked

More Blog Posts You Might Like...