Menu

  1. Home
  2. Blog
  3. Assamese Prarthana: Top 10 Prarthana With Lyrics

Assamese Prarthana: Top 10 Prarthana With Lyrics

by FittingFattang.com, 17 Dec 2024

If you are looking for Assamese prarthana, we have got you covered. 

 

Today, we bring you 10 best Assamese prarthana along with their lyrics to help you easily memorise them.

 

So, go ahead and check them out below... and give your prayer sessions a whole new meaning!

 

1. তুমি চিত্ত-বৃত্তি মোৰ প্ৰৱৰ্ত্তক নাৰায়ণ (ছবি ছন্দ)

   তুমি চিত্ত-বৃত্তি মোৰ প্ৰৱৰ্ত্তক নাৰায়ণ 
   তুমি নাথ মই নাথৱন্ত।

   চৰণ-ছত্ৰৰ ছায়া দিয়া দূৰ কৰা মায়া
   কৰা দয়া মোক ভগৱন্ত।।

   তুমি মোৰ অন্তৰ্য্যামী তযু ভৃত্য ভৈলো আমি
   জানি কৃপা কৰা হৃষীকেশ।

   দান্তে তৃণ তুলি লঞো যিমতে সেৱাত ৰঞো
   দিয়া মোক সেহি উপদেশ।।

   তুমি ভক্ত-কল্পতৰু বাহিৰে ভিতৰে গুৰু
   তুমি বিনে নাহি মোৰ আৰ।

   কৃপা কৰা হে হৰি চৰণত ৰক্ষা কৰি
   দিয়া মোক সেৱা-ৰস-সাৰ।।

   তুমি হৰি কৃপাময় বাহিৰত গুৰু ৰূপে 
   অনুগ্ৰহ কৰি আছা মোক।

   অন্তৰ্য্যামী গুৰু ৰূপে তাকে সত্য কৰা মোৰ
   তযু নামে সদা ৰতি হৌক 

   হে কৃষ্ণ হে বাসুদেৱ দৈৱকীনন্দন হৰি
   নমো নন্দ গোপৰ কুমাৰ।

   কৃপাময় শ্ৰীগোবিন্দ তযু পদ-অৰবিন্দ 
   কৰো ম‌ই লক্ষ নমস্কাৰ।।

   পন্ম সম নাভি যাৰ প্ৰনামোহো বাৰম্বাৰ 
   নমো বিদ্যা পদ্ম-মালা-ধাৰী।

   নমো পদ্ম-সম-নেত্ৰ পদ যাৰ শতপত্ৰ
   নমো ভকতৰ ভয়-হাৰী।

   বসুদেৱ-সুত-কৃষ্ণ তুমি ভকতৰ ইষ্ট
   কংস-চাণুৰাদি-বিমৰ্দ্দন।

   দৈৱকী-হৃদয়ানন্দ জগতৰ গুৰু কৃষ্ণ
   তযু পাৱে কৰোহো বন্দন।

   মোৰ সম পাপী লোক নাহিকে ই তিনি লোক 
   তুমি সম নাহি পাপ-হাৰী।

   ই জানি গোৱিন্দ মোক যেন যুৱাই কৰিয়োক 
   তুৱা পাৱে কৰোহো গোহাৰি।।

   সহস্ৰ সহস্ৰ আতি অপৰাধ দিনে ৰাতি 
   কৰো মই মহামূঢ়জন।

   আমি প্ৰভু তযু দাস আকে মানি জগবাস 
   ক্ষমিয়োক শ্ৰীমধুসূদন।।

   ধৰ্ম্মক জানোহো মই তথাপি প্ৰবৃত্তি নাই 
   অধৰ্ম্মতো নিবৃত্তি নোহয়।

   হৃদি-স্থিত হুয়া তুমি যেন কৰাবাহা স্বামী 
   হৃষীকেশ কৰিবো তেহ্নয়।।

   নাজানোহো আৱাহন নাজানোহো বিসৰ্জ্জন 
   পূজা মন্ত্ৰ নাজানো কিঞ্চিত।

   এতেকে পৰমেশ্বৰ দাস ভৈলো চৰণ
   মোৰ গতি সাধিবে উচিত।।

 

2. ব্ৰক্ষ্মা আদি কৰি জীৱ যত ৰাম ৰাম ৰাম ৰাম ৰাম (লেছাৰি ছন্দ)


   ব্ৰক্ষ্মা আদি কৰি জীৱ যত ৰাম ৰাম ৰাম ৰাম ৰাম 
   মায়া-শয্যা মাজে অছয় কুমটি যাই।

   তুমিসে চৈতন্য সনাতন ৰাম ৰাম ৰাম ৰাম ৰাম 
   আমি অচেতন নিয়োক নাথ জগাই।।

   ক্ষুদ্ৰ সুখে বহু আশা কৰি ভৱকূপে জীৱ আছে পৰি 
   কাল-সৰ্প দংশি হৰিল চেতন তাৰ।

   মোক্ষ ৰূপ তযু বাক্যামৃত কৃপায়ে সিঞ্চিয়া প্ৰতি নিতে
   দায়াময় কৃষ্ণ কৰিয়ো মোক উদ্ধাৰ।।

   সৰোবৰে গ্ৰাহে ধৰি আছে গজেন্দ্ৰে পীড়াক পায়া পাছে
   আকাশে গৰুড়-কন্ধে চক্ৰ ধৰি হৰি।

   দেখি সুবৰ্ণৰ পদ্ম ধৰি বোলে দুখ আৰ্ত্তনাদ কৰি
   নমো ভগৱন্ত গুৰু লৈয়ো দাস কৰি।।

   মধু-ৰিপু ৰাম ৰঘুপতি তুমি ভকতৰ নিজ গতি
   তোমাৰ চৰণে শৰণ কৰিলো সাৰ।

   নমো দেৱ দীন-দুখ-হাৰী দায়াশীল দামোদৰ প্ৰভু
   আমি দুখিতক চৰণে কৰা উদ্ধাৰ।।

   হে কৃষ্ণ তযু পাদ-পদ্ম পঞ্জৰ ভিতৰে মোৰ মন
   ৰাজহংস পশি থাকোক প্ৰভু সৰ্ব্বথা।

   প্ৰাণ-প্ৰয়াণৰ সময়ত কফ বাত পিত্ত আদি য'ত
   কন্ঠ-নিৰোধনে তোমাৰ স্মৰণ কথা।।

   হে কৃষ্ণ পুত্ৰ-পত্নী-সঙ্গ তেজি তযু পদ চিন্তিত নিত 
   গৰ্ব্ব-শূণ্য সন্তসৱৰ আশ্ৰমে যাইবো।

   তাসম্বাৰ মুখ-পদ্মে বাজ হুইবে তযু কথামৃত-নদী
   তাতে মগ্ন হুয়া দেহাৰ হাত এড়াইবো।।

 

3. মই দুৰাচাৰ কেৱল তোমাৰ 

               ।।শৰণ।।

   মই দুৰাচাৰ কেৱল তোমাৰ 
   অপৰাধী নাৰায়ণ।
   ক্ষমিয়োক হৰি লৈয়ো দাস কৰি 
   পশিলোঁ হেৰা শৰণ।।
   হে কৃষ্ণ স্বামী তযু পাৱে আমি 
   কেৱল শৰণ চাওঁ।
   কৰা অনুগ্ৰহ মায়াৰ নিগ্ৰহ
   তেৱেসে প্ৰভু এৰাওঁ।।
   হে যদুপতি মই মূঢ়মতি
   নাজানো সেৱা তোমাৰ।
   কেৱল তোমাৰ চৰণ পংকজে
   শৰণ কৰিলো সাৰ।।
   পুৰুষ উত্তম পৰম পুৰুষ 
   পৰম আনন্দ স্বামী।
   তযু পাদ-পদ্ম মকৰন্দ আশে 
   শৰণ পশিলো আমি।।
   প্ৰভু ভগৱন্ত অনন্ত ঈশ্বৰ 
   প্ৰপন্ন-জন তাৰণ।
   তুমি প্ৰিয়তম পৰম দেৱতা
   জানিয়া লৈলো শৰণ।।

 

4. হে প্ৰাণ-বন্ধু কৃষ্ণ কৃপাৰ ঠাকুৰ (পদ ছন্দ)


   হে প্ৰাণ-বন্ধু কৃষ্ণ কৃপাৰ ঠাকুৰ।
   অণু এক কৰা দায়া মায়া হৌক দূৰ।।
   জয় জয় কৃপাময় দেৱ যদুপতি।
   তোমাৰ চৰণে মাগো অমূল্য ভকতি।।
   হে হে পৰমান্দ প্ৰভু কৃপা-সিন্ধু।
   ভক্তি -অনন্দ-ৰস মাগো এক বিন্দু।।
   পতিত পড়িয়া ৰৈলো এ ভৱ-সাগৰে।
   পতিত-পাৱন নাম বৈল কিবা তৰে।।
   অৰুণ চৰণে মই পাপীক তাৰিয়ো।
   পতিত-পাৱন নাম সাফল কৰিয়ো।।
   আতুৰ ভৈলোহো হৰি বিষয়-বিকলে।
   কৰিয়ো উদ্ধাৰ মোক চৰণ-কমলে।।
   তনু-নাৱ বুৰি আসে নাহিকে গিয়ান।।
   নাম-ধন দিয়া মোক কিনা বনমালী।
   দাস পায়া নলৱা কমন ঠাকুৰালি।।
   নাজ দাস কৰি হৰি মোক কিনা কিনা।
   আন ধন নলাগয় নাম-ধন বিনা।।
   জয় জয় ৰাম কৃষ্ণ শৰণ তোক্ষ্মাৰ।
   কৃপাৰ সাগৰ কৃপা কৰা একবাৰ।।
   দিয়া দৰিশন পাৱ পশিলো শৰণ।
   ভকতজনৰ ধন তুমি নাৰায়ন।।

 

5. অচিন্ত্য অনন্ত শকতিৰ পতি (ঘোষা ছন্দ)

 

   অচিন্ত্য অনন্ত শকতিৰ পতি
   হৰি হৰি হৰি হৰি এ
   তুমি কৃপাময় দেৱ অগতিৰ গতি।
   তুমি সত্য সনাতন সদাশিৱ 
   হৰি হৰি হৰি হৰি এ
   তোমাৰ চৰণে মাগোহোঁ নিৰ্ম্মল ৰতি।।

   হে হৰি মোৰ মুখে নছাড়োক 
   হৰি হৰি হৰি হৰি এ
   পৰম নিৰ্ম্মল তযু গুণ-নাম-যশ।
   কৰা কৃষ্ণ কৃপা মনত মিলোক 
   হৰি হৰি হৰি হৰি এ
   তযু পদ-সেৱা-পৰম-অমিয়া-ৰস।।

   জয় জয় ৰাম কৰুণা সাগৰ এ 
   মোক নাৰায়ণ ইবাৰ কৰিয়ো দায়া।
   অভয় চৰণে শৰণ পশিলোঁ এ 
   প্ৰভু দামোদৰ দূৰ কৰা মোৰ মায়া।।

   যাদৱ যদু-নন্দন গোৱিন্দ মুকুন্দ মুৰবিনাশী।
   অবিদ্যা-সাগৰে মজিলো মাধৱ
   উদ্ধাৰ কৰিয়ো আহি।।

   জীৱন যাদৱৰায় সেৱোহো তোমাৰ পায়
   ৰাম নেৰিবা নফৰ-দায়।
   তুৱা পাৱে ৰতি যিমতে কৰিবো 
   দিয়োক নাথ উপায়।।

   যাদৱ জয় যদুপতি তোমাৰ চৰণে লাগো।
   শ্ৰৱণ-কীৰ্ত্তন নিৰ্ম্মল ভকতি।
   কাকূতি কৰিয়া মাগো।।

   দীন দয়াশীল যাদৱ সেৱক লৈয়ো উদ্ধাৰি।
   দান্তে তৃণ কৰোঁ চৰণত ধৰোঁ।
   নেড়িবা মোক মুৰাৰি।।

   কৰুণাময় কৰুণাসাগৰ কৃপাৰ কৰুণাসিন্ধু।
   তোমাৰ কৃপাৰ আমি নোহো পাত্ৰ
   তুমি পুনু দীনবন্ধু।।

   ৰাম কৃষ্ণ হৰি গোৱিন্দ 
   দীন-দায়াশীল স্বামী।
   তোমাৰ চৰণে সহজ বাসনা শৰণ মাগোহো আমি।।

   জয় যদুপতি যাদৱ তুমি অগতৰি গতি।
   দান্তে তৃণ ধৰি তোমাৰ চৰণে 
   মাগোহো সাধু-সঙ্গতি।।

   ৰাম কৃষ্ণ হৰি গোৱিন্দ সেৱক ভৈলো তোমাৰ।
   অভয় চৰণে শৰণ পশিলোঁ চুৰিয়ো মায়া হামাৰে।।

   গোৱিন্দ গোপাল গোপীনাথ 
   দয়া নছাড়িবা মোৰে।
   অপাৰ সংসাৰ আৰ নাহি পাৰ 
   মাজিলো এ দুখ ঘোৰ।।

   হৰি হৰি হৰি এ ৰাম কৃষ্ণ ৰাম নাৰায়ণ নাৰায়ণ।
   কৰা হৰি মোৰ মায়া উপশাম নাৰায়ণ নাৰায়ণ।।

   গোপীনাথ ইবাৰ মোক নেড়িয়ো।
   তযু মায়াজাল জঞ্জাল গুচায়া
   চৰণে শৰণ দিয়ো।।

   গোপাল গোপাল পালয় কৃপাময়।
   তুলা পাৱে মোৰ মতি ৰতি যেন নছাড়য়।

   ৰাম ৰাঘৱ ৰঘুপতি এ তুমি দেৱ অগতৰি গতি না এ 
   তুৱা পদ-কমলৰ মকৰন্দ-ৰসে ৰতি 
   কৰিয়া থাকোক মোৰ মতি না এ।।

   জয় যাদৱ যদুপতি এ
   তুৱা পাৱে পশিলোঁ শৰণ নাম এ।
   ভাল কথা শুনি আছে মনে লৈলো সাৰ বাছি 
   তুৱা নাম পতিত পাৱন এ।।

   প্ৰাণ-বান্ধৱ মাধৱ এ দায়াশীল দৈৱকী-নন্দন না এ
   তুমি দেৱ দীন-বন্ধু কেৱলে কৰুণাসিন্ধু
   কৰোঁ তযু চৰণে বন্দন না এ।।

   মোৰ প্ৰাণ-বন্ধু গোৱিন্দ সেৱক কৰিয়া লৈয়ো।
   আন একো কাম নামাগো তোমাৰ 
   ভৃত্যৰ সঙ্গত থৈয়ো।।

   চিদানন্দ ৰাম সদানন্দ হৰি।
   নিত্যানন্দ কৃষ্ণ মোক লৈয়ো দাস কৰি।।

   হৰি ও তুমি আনন্দ-সিন্ধু।
   হামো ভিক্ষাৰী মাগো এক বিন্দু।।

   মধু-ৰিপু ৰাম ৰঘু-পতি।
   তোমাৰ চৰণে মোৰ গতি।।

   অৰুণ চৰণে দিয়ো ছায়া ৰাম।
   তেৱেসে তৰিবো তযু মায়া ৰাম।।

   দান্তে তৃণ ধৰি হৰি চৰণত লাগো।
   তযু কৃপাৰসৰ কণিকা এক মাগো।।

   দয়া কৰা দয়া কৰা মোৰে হে ৰাম।
   তোমাৰ চৰণ হৰি হৃদয়-পঙ্কজে ধৰি 
   মুখে লৈবো তুৱা গুণ-নাম যদুমনি এ।।

   ৰাম-কৃষ্ণ বুলি অনাথে ডাকয় এ হৰি নাৰায়ণ।
   অনাথক দয়া কৰা কৃপাময় এ হৰি নাৰায়ণ।।

   নাৰায়ণ নাৰায়ণ নাৰায়ণ নাৰায়ণ জয় নাৰায়ণ।

   তোমাৰ অৰুণ চৰণ-পঙ্কজে নিমজোক মেৰি মন।।

   নাৰায়ণ নাৰায়ণ তুৱা চৰণে আমাৰ।
   মজোক মন জয় ৰাম।।

 

                                                     

6. তুমি সৰ্ব্বসাখী আত্মা হৃষীকেশ (দুলড়ি ছন্দ)

 

   তুমি সৰ্ব্বসাখী আত্মা হৃষীকেশ 
   জানাহা মোৰ চিত্তক।
   শৰণাগতক মঞি আতুৰক
   উপেক্ষা কৰা কিসক।। 
   হে কৃষ্ণদেৱ মঞি আতুৰক
   চৰণে কৰা উদ্ধাৰ।
   তিনি তাপময় সংসাৰ-নিকাৰ
   সহিতে নপাৰো আৰ।।
   বাহিৰে ভিতৰে তুমি হৰি গুৰু
   আছাহা চৈতন্য-ৰূপে।
   দিয়োক সুমতি তুমি বিনে গতি 
   নাহিকে কৈলো স্বৰূপে।।
   হৰি ও হৰি কৰুণা-সাগৰ 
   কৰিয়ো কৃপা আহ্মাক।
   প্ৰিয়তম আত্মা সংখ্যা ইষ্ট দেৱ
   মানিয়া আছে তোহ্মাক।।
   হে হৰি মোক দুৰাচাৰ বুলি 
   নকৰিবা পৰিহাৰ।
   তুমি বিনে মহা-পতিত-পাৱন 
   কোন দেৱ আছে আৰ।।
   নমো নমো ৰাম কৃষ্ণ প্ৰভু দেৱ 
   তুমি মোৰ নিজ গতি।
   হুয়োক সদয় যিমতে ৰহয় 
   তোহ্মাত নিৰ্ম্মল ৰতি।।
   নমো নমো কৃষ্ণ তোমাৰ ভকতি 
   মুকুতিতো কৰি বলে 
   মোৰ তাকে মন দিয়োক শৰণ 
   অৰুণ-চৰণ-তলে।।
   চৰণত ধৰো কাতৰ কৰোহো 
   ইবাৰ নেৰিয়ো হৰি।
   পতিত-পাৱন দেৱ নাৰায়ণ 
   নাহিকে তোহ্মাৰ সৰি।।
   এ ভৱ-সাগৰে মজি নাৰায়ণ 
   আতুৰ ভৈলো পাৰ।
   দীন অনাথক তুমি কৃপাময় 
   চৰণে কৰা উদ্ধাৰ।।
   হে হৰি তযু মায়ায়ে আমাক 
   ভাণ্ডিছে কৰি কপট।
   দূৰ কৰা মায়া চাপোহো তোহ্মৰ
   চৰণ ছত্ৰ-নিকট।।
   পতিত-পাৱন ৰাম নাৰায়ণ 
   চৰণে মোক উদ্ধাৰ।
   আমি পতিতৰ পতিত-পাৱন 
   নামৰ পৰীক্ষা কৰা।।
   পতিত-পাৱন নাম নাৰায়ণ 
   প্ৰসিদ্ধ সমস্ত জনে 
   আমি মহা পাপী শৰণে পৰিলোঁ 
   ৰাখিয়ো নিজ চৰণে।।
   হে হৰি মঞি অনাথক দায়া 
   কৰা হৰি একবাৰ।
   কৃপা-ৰসে তিন্তি অৰুণ-বৰণ
   চৰণ ভৈল তোহ্মাৰ।।
   কৃপাৰ সাগৰ দেৱকী-নন্দন
   পূৰিয়ো মনৰ কাম 
   ভকতৰ সঙ্গ সদা নুগুচোক 
   মুখে তুৱা গুণ নাম।।
   কোটি কোটি ঘোৰ অপৰাধ নিত 
   কৰো আমি দুৰাশয়।
   হে হৰি মোক দাস হেন মানি 
   ক্ষমিয়োক কৃপাময়।।
   অনাদি অনন্ত অচিন্ত্য ঈশ্বৰ 
   তুমিসে নিত্য নিৰ্ম্মল।
   গুচায়ো কুমতি ভজোহো কেৱলে 
   তোহ্মাৰ পদ-কমল।।
   হে ভগবন্ত ভজোহো তোহ্মাৰ 
   অভয় পদ-কমলে।
   মঞি অনাথক ৰাখিয়ো ঈশ্বৰ 
   অৰুণ-চৰণ-তলে।।
   হে কৃষ্ণ কৃপা-ময় প্ৰভু মোক 
   কৰা কৃপা এহিমান।
   তোহ্মাৰ চৰণে ৰহোক আহ্মাৰ 
   সদায় নিৰ্ম্মল জ্ঞান।।
   জয় জগবন্ধু জগত-কাৰণ
   নাৰায়ণ নিৰাকাৰ।
   কেৱলে তোহ্মাৰ চৰণ-পঙ্কজে 
   ৰহোক ৰতি আহ্মাৰ।।
   দীন দয়াশীল দেৱ দামোদৰ 
   দীনক নেৰিয়ো মোক।
   হেন কৃপা কৰা তযু পাৱে মোৰ 
   সহজে ৰতি মিলোক।।
   তোহ্মাৰ চৰণ-সেৱাৰ গোবিন্দ 
   নাজানো একো উপায়।
   যিমতে সেৱাত ৰহিবো কৰুণা 
   কৰিতে হৰি যুৱাই।।
   হে প্ৰাণ-হৰি দান্তে-তৃণা ধৰি 
   মাগোহো তোহ্মাৰ পাৱে।
   মোৰ মন মজি তোহ্মাৰ পাৱত
   ৰহোক হৰি স্বাভাৱে।।
   জ্বৰ তাপ পীড়া মৰণ সময়ে 
   কৰা হৰি কৃপা মোক।
   বচন-গোচৰ হোক।।
   গোপিনীৰ ধন ব্ৰজৰ জীৱন 
   মোহন ৰাম গোবিন্দ।
   পৰম সাদৰে শিৰে তুলি ধৰো 
   তযু পদ-অৰবিন্দ।।

 

7. কিমতে ভকতি কৰিবো তোমাত হৰি এ (ঘষা ছন্দ)

                    ।।কাকূতি।।

   কিমতে ভকতি কৰিবো তোমাত হৰি এ 
   মঞি মূঢ়-মতি নাজানো তাৰ উপায় ৰাম-ৰাম।
   মহাবলৱন্ত দুৰ্ব্বাসনা ঘোৰ হৰি এ 
   আমাৰ মনক তেজিয়া দূৰ নযায় ৰাম ৰাম।।
   তোমাৰ মায়ায়ে মন মুহি আছে হৰি এ 
   অজ্ঞান আন্ধাৰে পৰিয়া পাৰ নপাঞো ৰাম ৰাম।
   অভয় চৰণে শৰণ পশিলোঁ হৰি এ 
   তুৱা গুন-নাম-ভকতি-প্ৰদীপ চাঞো ৰাম ৰাম।।
   ভকতি মিনতি প্ৰণতি নজানো হৰি এ 
   মোৰ পৰে জ্ঞান-শূন্য হীন-মতি নাই নাই ৰাম ৰাম।
   তুমি প্ৰভু কৃপা ৰসৰ সাগৰ হৰি এ 
   দিয়ো মোক তুৱা পদ-ছায়া-তলে ঠাই ৰাম ৰাম।।
   হৰি এ কৰুণাসিন্ধু জীৱন-বন্ধু
   গতি মতি তুমি নাৰায়ন।
   তুৱা গুণ-নাম ভকতৰ মহাধন।।
   পতিত বুলিয়া মোকে হৰি হৰি ও ৰাম
   তেজিতে নপাৰা নাৰায়ণ।
   পৰম কৰুণা গুণে হৰি হৰি ও ৰাম 
   নাম ধৰিছা পতিত-পাৱন।।
   দায়াৰ ঠাকুৰ হুয়া দায়া কেনে নকৰয়।
   ৰাম কৃষ্ণ নাৰায়ণ দীন দায়াময়।।
   মোক কৃপা কৰা হৰি এ 
   দান্তে ধৰো তৃণ মাথে ধৰো তৃণ।
   তুমি কৃপাময়ক নজানো এত দিন 
   মোকে কৃপা কৰা হৰি এ।।
   মোকে কৃপা কৰা এ ঐ বন্ধু ৰাম প্ৰাণ-বন্ধু ৰাম
   নেৰোক মুখে ৰাম-কৃষ্ণ-নাম।।
   পতিত-পাৱন বুলি নাৰায়ণ এ
   পৰম পতিতে ডাকয় আতুৰ হুয়া।
   তযু বেদ-বাণী আমি আছোঁ শুনি এ
   মহা মহাপাপী তৰে তযু নামে লৈয়া।।
   তুৱা গুণ-নাম অমৃত-আশায়ে এ
   তোমাৰ চৰণে বিকা গৈলো মূঢ়মতি।
   চৰণত ধৰো কাতৰ কৰো এ
   মঞি অনাথক নছাড়িবা যদুপতি।।
   তোমাৰ সেৱক ভৈলো নাৰায়ণ এ 
   নিশ্চয় তোমাৰ দিবাক লাগে প্ৰসাদ।
   নাজ ভৃত্য কৰি লৈলে গোপীনাথ এ 
   তযু কৃপাময় মিলয় কোন প্ৰসাদ।।
   হে দয়াশীল দেৱ দামোদৰ এ 
   তোমাৰ চৰণে বোলোহো কাকূতি-বাণী।
   মোক নিজ দাস কৰি লৈলে হৰি এ 
   কহিয়ো কৃপাল তোমাৰ কি হয় হানি।।
   পৰম কৃপালু হুয়া যদুপতি এ 
   কোন অপৰাধে মোক ভৃত্য পৰিহৰা।
   শাস্ত্ৰতো প্ৰসিদ্ধ অজ্ঞানতো হৰি এ 
   যিটো নাম লৱে তাক মোৰ বুলি ধৰা।।
   জ্ঞান-শূন্য আতি পশু-পক্ষী জাতি এ 
   তাকো অনুগ্ৰহ কৰি আছা কৃপাময়।
   আকে জানি হৰি শৰণে পশিলোঁ এ 
   আমাক তোমাৰ তেজিতে উচিত নয়।।
   তোমাৰেসে নিজ ভৃত্য ভৈলো হৰি এ 
   কৃপাৰ সাগৰ তুমি মোৰ নিজ স্বামী।
   মই অনাথক নবঞ্চিবা হৰি এ 
   তযু সেৱা-ৰস আশা কৰি আছোঁ আমি।।
   বেদৰ গুপুত বিত্ত নাৰায়ণ এ 
   দৈৱকীত হন্তে সাক্ষাত ভৈলো বিদিত।
   জীৱৰ তাৰণ-হেতু নাৰায়ণ এ 
   প্ৰচাৰিলা নিজ য়শ-ধৰ্ম্ম বিপৰীত।।
   ভকতৰ বশ্য হুইবাৰ শঙ্কায় এ 
   যোনো মোক তুমি দাস পৰিহৰা হৰি।
   ইটো শঙ্কা হৰি দূৰতে তেজিয়া এ 
   লৈয়োক তোমাৰ ভৃত্যৰ অধীন কৰি।।
   তোমাৰ গুণৰ মহিমা দেখিয়া এ 
   আন যত কাম দূৰতে তেজিয়া থৈলো।
   তযু পদ-সেৱা-ৰসক আশায় এ 
   তোমাৰ একান্ত ভৃত্যৰ কিঙ্কৰ ভৈলো।।
   সহজ কৃপালু গুণক প্ৰকাশি এ 
   ধৰি আছা হৰি ভকত-বৎসল নাম।
   ধেনু যেনমতে বৎস ক পালয় এ 
   তুমি সেহিমতে ভকতক পালা ৰাম।।
   আমি যত জীৱ তোমাৰ পালন 
   হৰি হৰি হৰি হৰি এ 
   তুমিসে পালিয়া ফুৰা হুয়া অন্তৰ্য্যামী।
   আৱে যেৱে নিজ ভৃত্য বুলি পালা 
   হৰি হৰি হৰি হৰি এ
   তেৱেসে কৃপাল কৃতকৃত্য হঞো আমি।।
   তুমি যাক পালা সিয়োজন আমি 
   হৰি হৰি হৰি হৰি এ 
   সংসাৰ নিকাৰ ভুঞ্জিয়া ফুৰো বহুত।
   তোমাৰ অধীন হুয়া কেনে আমি 
   হৰি হৰি হৰি হৰি এ
   ভৈলোহোঁ স্বতন্ত্ৰ ইটো কিনো অদভুত।।
   তোমাক পৰম ঈশ্বৰ নামানি 
   হৰি হৰি হৰি হৰি এ 
   মহা অহঙ্কাৰে দ্ৰোহ আচৰিলো আমি।
   আৱে তযু পদে শৰণ পশিলোঁ 
   হৰি হৰি হৰি হৰি এ 
   মঞি দ্ৰোহিয়াৰ দোষ ক্ষমা কৰা স্বামী।।
   দাস হুয়া তযু সেৱা নকৰিলোঁ 
   হৰি হৰি হৰি হৰি এ 
   ইটো ঘোৰ অপৰাধৰ চিকিৎসা নাই।
   তুমি পুনু প্ৰভু সহজ-কৃপালু 
   হৰি হৰি হৰি হৰি এ 
   শৰণ পশিলোঁ ক্ষমিবে প্ৰভু যুৱাই।।
   মঞি অজ্ঞানীৰ যতেক অজ্ঞান 
   হৰি হৰি হৰি হৰি এ 
   কথা কহি কোনে সীমা কৰিবেক তাক।
   ইটো মোৰ ঘোৰ দোষ পৰিহৰি 
   হৰি হৰি হৰি হৰি এ 
   কৃপাময় কৃষ্ণ চৰণে ৰাখা আমাক।।
   প্ৰিয়তম আত্মা ঈশ্বৰ দেৱতা 
   হৰি হৰি হৰি হৰি এ 
   কৃষ্ণসে সুহৃদ বান্ধৱ গুৰু আমাৰ।
   কৃষ্ণৰ চৰণ-পঙ্কজ বিনাই 
   হৰি হৰি হৰি হৰি এ 
   মঞি অনাথৰ গতি নাহি নাহি আৰ।।

 

8. মুক্তি নিস্পৃহ যিটো

                         ভজন

                   ঘোষা।। ছবি।।


   মুক্তিতো নিস্পৃহ যিটো সেহি ভকতক নমো 
   ৰসময় মাগোহো ভকতি

   সমস্ত মস্তক মণি নিজ ভকতৰ বশ্য 
   ভজো হেন দেৱ যদুপতি।।

   যাৰ ৰাম কৃষ্ণ নাম-নাৱে ভৱসিন্ধু তৰি 
   পাৱে পৰম্পদ পাপী যত।

   সদানন্দ সনাতন হেনয় কৃষ্ণক সদা 
   উপাসা কৰোহো হৃদয়ত।।

                     নমস্কাৰ

   মৎস্য কুৰ্ম্ম নৰসিংহ বামন পৰশুৰাম 
   হলীৰাম বৰাহ জ্ৰীৰাম।

   বুদ্ধ কন্ধি নামে দশ আকৃতি ধৰিছ কৃষ্ণ 
   তযু পাৰে কৰোহো প্ৰণাম।।

 

                     উপদেশ

   একান্ত ভকতসৱে নিৰ্গুণ কৃষ্ণৰ গুণ
   গাৱে সদা বসিয়া যথাত।

   বৈকুণ্ঠক পৰিহৰি যোগীৰো হৃদয় এৰি 
   থাকা হৰি সাক্ষাতে তৰাত।।

   কৰ্ম্মত বিশ্বাস যাৰ হিয়াত থাকন্তো হৰি 
   আতিশয় দূৰ হন্তো তাৰ।
   দূৰতো বিদূৰ হন্তো তাৰ।

   অহঙ্কাৰ থাকন্তেও সাক্ষাতে কৃষ্ণক পাৱে 
   অৱণ কীৰ্ত্তন ধৰ্ম্ম যাৰ।।‌

   যিটোজনে শুদ্ধভাৱে হৰিত শৰণ লৈয়া 
   হৰিক সুহৃদ বুলি আছে।

   হৰিৰ প্ৰসাদে সিটো বিঘ্নিৰ মুণ্ডত ভৰি 
   দিয়া হৰিগুণ গায়া নাচে।।

   সকল নিগম লতা তাৰ অৱিনাশী ফল 
   কৃষ্ণনাম চৈতন্য স্বৰূপ।

   সুমধুৰ সুমঙ্গল অদ্ধায়ে হেলায়ে লৈয়া 
   নৰ মাত্ৰে তৰে ভৱকূপ।।

   অভ্যস্ত ঈশ্বৰ হৰি কিমতে পূজিবা তাঙ্ক
   ব্যাপকত কিবা বিসৰ্জন।

   এতাৱন্ত মূৰ্ত্তিশূন্য কেনমতে চিন্তিবাহা 
   ৰাম বুলি শুদ্ধ কৰা মন।।

   যিটোজনে কৃষ্ণকথা বিচাৰ সময়ে মনে 
   ধৈৰ্য্য ধৰি ক্ষণেক থাকয়।

   যত তীৰ্থ স্নান দান দেৱ পিতৃ যজ্ঞ যাগ 
   যোগাদিৰো ফলক পায়।।

   যাৰ পুত্ৰসৰে এঁত হৰিত শৰণ লৈয়া 
   হৰিগুণ গাৱে শুদ্ধভাৱে।

   দধি দুগ্ধ ঘৃত মধু নদীৰ জলক পিয়া 
   পিতৃগণে তৃপিতিক পাৱে।।

   সেহিসে সকলে শাস্ত্ৰ পঢ়িলে শুনিলে সি সি
   অনুষ্ঠান সমস্তে কৰিলে।

   নিৰাশা ঈশ্বৰ কৃষ্ণ তাহাঙ্ক সম্মুখ ভৈল 
   আশাক যিজনে পিঠি দিলে।।

   অপৰৱিত্ৰ যিটো আতি পৰৱিত্ৰ হোৱেবা যদি 
   সমস্তে অৱস্থা আছে পায়া।

   কমললোচন যিটো সুমৰে তাৰেসে শুদ্ধ 
   বাহিৰে ভিতৰে হোৱে কাঢ়া।।

   সেহিসে চতুৰ যিটো পুণ্যৰ দিনানভূত 
   নাৰায়ণ নামক উচ্চৰে।

   অচতুৰ সি সি আতি পাপৰ নিদানভূত 
   নামে অৰ্থবাদ যিটো কৰে।।

   মহেশে বোলন্ত মোৰ ৰ-কাৰাদি নাম শুনি 
   পৰম প্ৰসন্ন হোৱে মন।

   শুনিয়ো পাৰ্ব্বতী মঞি মনতে শঙ্কঞো ৰঙ্গে
   ৰাম বুলিবেক ইটো জন।।

   কৰ্ণপথে ভকতৰ হিয়াত প্ৰৱেশি হৰি 
   দুৰ্ব্বাসনা হৰে সমস্তয়।

   জলৰ যতেক মল যেহেন শৰত কালে 
   স্বভাৱতে নিৰ্ম্মল কৰয়।।

   হুয়া দেৱ দিগম্বৰ ভস্মবিভূষিত অঙ্গ
   শিৰত ধৰিয়া জটাভাৰ।

   মহেশে সেৱন্ত যাক হেন কৃষ্ণ বিনে আন 
   কোন শ্ৰেষ্ঠ দেৱ আছে আৰ।।

   ব্ৰহ্মা আদি দেৱগণে নিচল সম্পত্তি মনে 
   লক্ষ্মীক সেৱন্ত তপ কৰি।

   লক্ষ্মীও সেৱন্ত যাক হেন মহেশ্বৰ বিষ্ণু 
   আন কোন দেৱ তাঙ্ক সৰি।।

   সমস্ত বেদান্ত সাৰ মহাভাগৱত শাস্ত্ৰ
   ইহাৰ অমৃতৰস পাই।

   পৰম সম্তোষে পান কৰিলে যিজনে তাৰ 
   অন্যত্ৰ ষসত ৰতি নাই।।

   মহাভাগৱত ৰস মাধৱৰ নাম যশ 
   আক পান কৰিলে যাজনে।

   কৃষ্ণৰ চৰণে চিত্ত দিয়া মোক্ষ আদি ৰসে 
   ৰতি আৰ নকৰয় মনে।।

   কৃষ্ণৰ নামক সদা কীৰ্ত্তন কৰয় যিটো 
   যনে দৃঢ় কৰিয়া নিশ্চিত।

   নিষ্কাম হোক বা যদি সকাম হোৱয় তাক 
   কদাচিতো কলি নবাধয়।।

   চাণ্ডাল পৰ্য্যন্ত কৰি জগতৰে উপকাৰী
   নাহি নামণ্ডণ বিনে আন।

   সেহিসে কাৰণে হৰি নিজ যশপিয় ভৈল
   ভগৱন্ত ভকতৰ প্ৰাণ।।

   যিহেতু চৈতন্য পূৰ্ণ পৰমাত্মা ৰূপে হৰি 
   হৃদয়ত আছন্ত প্ৰকাশি।

   তাতেসে ইন্দ্ৰিয়ণ ভুত প্ৰাণ বুদ্ধি মন 
   প্ৰৱৰ্ত্তে যতেক জড়ৰাশি।।

   ৰাম কৃষ্ণ হৰিনাম সৰ্ব্বধৰ্ম্ম অনুপাম 
   সকল নিগম তত্ত্ব সাৰ।
   যাত পৰে ধৰ্ম্ম নাই আৰ।

   হেন নাম নুসুমৰি কমন ভাৰসা কৰি 
   ৰৈয়া আছা ভৱ তৰিবাৰ।।

   বিষ্ণু পাদোদকী গঙ্গা মহেশে সহিতে ইটো 
   জগতকে পৰৱিত্ৰ কৰয়।

   হেন কৃষ্ণ বিনে কোন ভগৱন্ত হেন ইটো 
   শবদৰ স্বৰূপ আছয়।।

   পুণ্য অৰণ্যৰ মাজে মাধৱৰ নামসিংহ 
   প্ৰকাশ কৰয় আতি বড়ে।

   যাৰ ধ্বনি শুনি ভয়ে মহাপাপ হস্তীচয় 
   পলায় আতি ত্ৰাসত লবৰড়ে।।

   আপুনি আপুন বন্ধু আপুনি আপুন শত্ৰু
   আপুনি আপুন ৰাখে মাৰে।

   হৰিক নভজি নৰে আপুনি আপুন হোৱয় নষ্ট 
   হৰি ভজি আপুনাক তাড়ে।।

   দুৰ্ল্লভ মনুষ্য তনু লভিয়া পশুৰ যোগ্য
   বিষয়ৰ আশা পৰিহৰা।

   সন্তৰ সঙ্গত বসি সুখে হৰিগুণ গায়া 
   সন্তোষ অমৃত পান কৰা।।

   বিষয় সম্বন্ধ সুখ সমস্ত যোনিতে পায়
   হৰিসেৱা একো থানে নাই।

   হৰিৰ সেৱাৰ যোগ্য কেৱলে মনুষ্যতনু 
   জানি ফুৰা হৰিগুণ গাই।।

   হৰিনাম কীৰ্ত্তন নাহি কাল দেশ পাত্ৰ 
   নিয়ম সংযম একো বিধি।

   হৰিত শৰণ লৈয়া কেৱলে হৰিৰ নাম 
   কীৰ্ত্তন কৰন্তে হোৱা সিদ্ধি।।

   মৃত্যুৰ মুখত পৰি আছে যিটো সিটো নৰে 
   হৰিগুণ কীৰ্ত্তন নকৰে।

   মৃত্যু তৰিবাৰ জানা নাহিকে উপায় আন 
   হৰিনাম কীৰ্ত্তন পৰে।। 

   মৃত্যু তৰিবাৰ যত আছয় উপায় আন 
   বিঘিনি দূষিত নিৰন্তৰে।

   বিঘিনি ৰহিত যত মাধৱৰ গুণ কৰ্ম্ম 
   কীৰ্ত্তন কৰিয়া সুখে তৰে।। 

   লুব্ধমতি মনুষ্যৰ হৰি কীৰ্ত্তনত পৰ 
   নাহিকে ৰহস্য বিত্ত আৰ।

   আন আশা পৰিহৰি মিধৱক মনে ধৰি 
   হৰিৰ কীৰ্ত্তন কৰা সাৰ।। 

   শুনা পৰমাৰ্থ তত্ত্ব শ্ৰীমন্ত শঙ্কৰ মত 
   ধৰিয়োক সজ্জনসকল।

   হৰিৰ কীৰ্ত্তন কৰি সুখে সংসাৰক তৰি 
   পিইবা ভক্তি পৰম নিৰ্ম্মল।। 

   শুনা সভাসদচয় নেৰিবা শাস্ত্ৰৰ নয় 
   হৰিগুণ ভাগৱত সাৰ।

   সাধুসঙ্গ আনুসাৰ অৱণ কীৰ্ত্তন কৰা 
   পৰিহৰা পাষণ্ড আচাৰ।। 

   বৈৰাগ্যত পৰে ভাগ্য নাহি প্ৰবোধত পৰে 
   সুখ আৰ নাহি পুৰুষৰ।

   হৰি বিনে পৰিত্ৰণ কৰ্ত্তা আৰ নাহি জানা 
   ৰিপু নাহি সংসাৰত পৰা।। 

   লক্ষ্মীপতি ভগৱন্ত যাহাৰ প্ৰসন্ন ভৈল 
   তাহাৰ দুৰ্ল্লভ কিছু নাই।

   নাৰায়ণপৰ ভৈলে তথাপি কিঞ্চিতো আন 
   নবাঞ্ছয় সেৱা সুখ পাই।। 

   কৃষ্ণৰ হৃদয় চাৰু লক্ষ্মীৰ নিৱাস থান 
   মুখ নয়নৰ পান পাত্ৰ।

   দিগপাল সমস্তৰ আশ্ৰয় কৃষ্ণৰ বাহু 
   ভকতৰ পাদপদ্ম মাত্ৰ।। 

   পৰম ম‌ইম্বৰদেৰ কৃষ্ণক নপায় লাগ 
   তপন যপ যাগ যজ্ঞ দানে।

   একান্ত ভক্তৰ পদ-ৰেণু শুদ্ধ চিত্তে মাথে 
   অভিষেক নকৰয় মানে।। 

   গ্ৰাম্যকথা বিনাশন উত্তম শ্লোকৰ গুণ 
   প্ৰসৱয় সাধুৰ সঙ্গত।

   তাক অনুদিনে যিটো সেৱে তাৰ সতী মতি 
   হোৱে বাসুদেৱ চৰণত।। 

   সেহিসে দিনক ভাই দুৰ্দ্দিন বুলিয়া মানি 
   মেঘাচ্ছন্ন নোহয় দুৰ্দিন।

   হৰিকথা অমৃতৰ সম্যক আলাপ ৰসে 
   যিটো দিন হোৱয় বিহীন।। 

   আত্মা ঈশ্বৰৰ লাগ প্ৰত্যক্ষে সততে পায় 
   নপায় জানা তাঙ্ক আবিদ্যাত।

   অবিদ্যা নাশিলে লাগ কৃষ্ণক পাৱয় যেন
   কন্ঠলগ্ন বস্তক সাক্ষাত।। 

 

9. পৰম অমূল্য ৰত্ন

                 বস্ত প্ৰকাশ

   পৰম অমূল্য ৰত্ন হৰিৰ নামৰ পেড়া 
   আতি গুপ্ত স্বৰূপে আছিল।

   লোকক কৃপায়ে হৰি শঙ্কৰ স্বৰূপে আসি 
   মুদ ভাঙ্গি সমস্তকে দিলে।।

   হৰিনাম প্ৰেমৰস অমৃত নিধিক বান্ধি
   গুপ্ত কৰি থৈলা দেৱগণে।

   দয়ালু শঙ্কৰে পাই তুলি মুদ ভাঙ্গি দিলা 
   সুখে পান কৰে সৰ্ব্বজনে।।

   হৰিনাম গুপ্ত ভৈল মনুষ্যত পূজা ৰৈল 
   বুলি ৰঙ্গ কৰে দেৱ সৰ্ব্ব।

   হেন হৰিনাম ধৰ্ম্ম শঙ্কৰে বিদিত কৰি 
   চুৰ কৈলা দেৱতাৰ গৰ্ব্বা।। 

                   প্ৰশংসা

   বেদৰ বিহিত যত আছে ধৰ্ম্ম সংসাৰত
   সৱে হৰিনামৰ কিঙ্কৰ।

   হেন জানি যিটোজনে নামৰ কীৰ্ত্তন কৰে 
   সেহিসে পৰম সাধু নৰ।। 

                  অনুধিত

   হৰিৰ গৃহৰ দ্বাৰে বেত্ৰৰ প্ৰহাৰ যোগ্য
   ব্ৰহ্মা ইন্দ্ৰ আদি দেৱজাক।

   হেনয় দ্বাৰত বেত্ৰ-প্ৰহাৰ পাইবাৰ যোগ্য
   হঞো আমি কমন বৰাক।

                    নাম

   অচ্যুত কেশৱ বিষ্ণু হৰি সত্য জনাৰ্দ্দন 
   হংস নাৰায়ণ অষ্ট নাম।

   পৰম মঙ্গলৰূপ যিটো অহৰ্নিশে লৱে 
   তাৰ পূৰ্ণ হোৱে মনস্কাম।।

               পৰমাৰ্থ সাৰ

   মাধৱ মাধৱ নাম বচনত সুমৰয় 
   মাধৱ মাধৱ হৃদয়ত।

   নিৰন্তৰে সাধুসসৱে মাধৱ মাধৱ নাম 
   উচ্চৰয় সমস্তে কাৰ্য্যত।।

   পৰম মঙ্গল ৰূপ মাধৱ মাধৱ নাম 
   যিটো মহাজনে উচ্চৰয়।

   তাৰ অমঙ্গল ৰূপ গুচয় সংসাৰ ভয় 
   মাধৱৰ নিকট পায়।।

   দু:স্বগ্গ নাশন ইটো মাধৱ মাধৱ নাম 
   দুষ্ট গ্ৰহভয় বিনাশন।

   পৰম সম্পদ ৰূপ জানি মাধৱৰ নাম 
   সৰ্ব্বদায়ে কৰিয়ো কীৰ্ত্তন।।

   মাধৱেসে আত্মা নিজ মাধৱেসে ইষ্ট গুৰু 
   মাধৱেসে দেৱতা পৰম।

   পৰম ঈশ্বৰ স্বামী জানি মাধৱক ভজা 
   মনুষ্যৰ ইসি নিজ ধৰ্ম্ম।।

   পৰম চতুৰ সি সি বুদ্ধিত কুশল আতি 
   যিটো মাধৱৰ গুন বাবে।

   মিছা কলেৱৰগোটে মুকুতি বণিজ কৰি 
   ভৱ তৰি মাধৱক পাৱে।।

   যিজনে একাস্ত চিত্তে মাধৱক ভতি নিতে 
   ফুৰে মাধৱৰ গুণ গাই।

   দুৰ্ল্লভ অমৃত যেন যিজনে কৰিলে পান 
   মধুৰ পিবাক আৰ নাই।।

   ভজ ভাই মাধৱক স্মৰ ভাই মাধৱক 
   গাৱ ভাই মাধৱৰ গুণ।

   নিচিন্তি আপুন মাৰ সুখে আপুনাক তাৰ 
   দুয়ো ভাই পৰম নিপুণ।।

                  সাৰনিৰ্ণয় 

   ভগৱন্ত ঈশ্বৰৰ গুণসমূহক যিটো 
   শুনিত উদ্যম কৰে নৰ।

   তেখনৰেপৰা সিটো জানিবা নিশ্চয় কৰি 
   ভৈল আতি শুদ্ধ নিৰ্ম্মৎসৰ।।

   ঈশ্বৰ কৃষ্ণসে নিষ্ট পৰম আৰাধ্য দেৱ 
   মোৰ তান নামে নিজ গতি।

   হেনয় নিশ্চয় যিটো কৰিলেক নিতে আতি 
   সি সি জন পৰম সুকৃতি।।

   সংসাৰৰ ইন্দ্ৰ কৃষ্ণ তাহান নামক যিটো 
   অজ্ঞানতো চাণ্ডালে লৱয়।

   হেনয় পৱিত্ৰ সিটো জানিবা যজ্ঞত আনি 
   পাত্ৰ পাতিবাৰ যোগ্য হয়।।

   ৰাম ৰাম ৰাম বাণী পৰম মঙ্গলৰূপ 
   যাৰ মুখে প্ৰকাশ কৰয়।

   চিৰকালে মহাতীৰ্থ কৰিয়া পৰিত্ৰ হুয়া 
   তাকো কদাচিতো তুল্য নহয়।।

   জগত আশয় কৃষ্ণ তাহান অন্যয় স্থান 
   তাক প্ৰতি যেৱে আছে মন।

   ভগৱন্ত ঈশ্বৰৰ চৰণপঙ্কজে সদা 
   হুয়ো তেৰে একান্ত শৰণ।।

   পৰম নিৰ্ম্মল ধৰ্ম্ম হৰিনাম কীৰ্ত্তনত 
   সমস্তে প্ৰাণীৰ অধিকাৰ।

   এতেকেসে হৰিনাম সমস্তে ধৰ্ম্মৰ ৰাজা 
   এহি সাৰ শাস্ত্ৰৰ বিচাৰ।।

   বৰ্ণশ্ৰম ধৰ্ম্ম যত যাৰ যেন বিধি আছে 
   তাৰেসে কেৱলে অধিকাৰ।

   হৰিনাম কীৰ্ত্তনত নাহিকে নিয়ম একো 
   এতেকেসে ধৰ্ম্ম মাজে সাৰ।।

                  হৰবাৰ

   অধম কেৱলে দোষ লৱয় মধ্যমে গুণ
   দোষ লৱে কৰিয়া বিচাৰ।

   উত্তমে কেৱলে গুণ লৱয় উত্তমোত্তমে 
   অল্প গুণ কৰয় বিস্তাৰ।।

   দোষৰ সাগৰ কলি তাকো পৰীক্ষিত ৰাজা 
   গুণ দেখি কৰিলা ৰক্ষণ।

   মহাপাপী অন্ত্যজাতি তৰয় কলিত সুখে 
   মুখে কৰি হৰিৰ কীৰ্ত্তন।।

   অবিদ্যাজনিত সুখ সত্যলোক আদি কৰি 
   আত নিৰপেক্ষ নিৰন্তৰ।

   কেৱলে চিদংশ শুদ্ধি কৰণেসে মাত্ৰ জানা 
   পুৰুষাৰ্থ মুমুক্ষুজনৰ।।

   বিদ্যা-অবিদ্যা জন্য সুখে নিৰপেক্ষ হুয়া 
   কৰিল আপুন মন থিৰ।

   সকল জগত ইটো বাসুদেৱময় মাত্ৰ  
   পুৰুষাৰ্থ জানিবা জ্ঞিনীৰ।।

   সমস্তে সুখক তেজি পুৰুষোত্তমৰ প্ৰেম 
   ভকতিক কৰিল আশ্ৰয়।

   ভকতসৱৰ এহি পুৰুষাৰ্থ মনোনীত 
   আনো সুখ অধিক পাৱয়।।

   মুমুক্ষুজনৰ যেৱে অবিদ্যাজনিত সুখে 
   বিৰকতি ভৈল আতিশয়।

   কেৱলে আত্মাত মাত্ৰ সদায় ৰমণ কৰে 
   তেৱে বিধিকিঙ্কৰ গুচয়।।

   জ্ঞাননিষ্ঠজনে বিদ্যা, অবিদ্যা জনিত দুয়ো 
   সুখে বিৰকতি ভৈল যেনে।

   বাসুদেৱময় মাত্ৰ দেখয় জগত ইটো 
   বিধিৰ কিঙ্কৰ গুচে তেৱে।।

   পুৰুষোত্তমৰ প্ৰেম ভকতি সুখক মাত্ৰ
   নিশ্চয় কৰিলা যিটোজন।

   শৰণ কালৰেপৰা বিধিৰ কিঙ্কৰ গুচি 
   কৰে সদা অৱণ কীৰ্ত্তন।।

   ভাৰত ৰত্নৰ দীপ মনুষ্য শৰীৰ নৌকা 
   ৰামনাম মহাৰত্ন সাৰ।

   হেয়ন বাণিজ পাই যিটো জীৱ নতৰয় 
   তাত পৰে দুখী নাহি আৰ।।

 

10. নিবেদন: এ ৰাম ৰাম জয় পৰমান্দ (ঘোষ ছন্দ)

 

   এ ৰাম ৰাম জয় পৰমান্দ।
   পিয়ো তযু চৰণ-কমল মকৰন্দ।।
   এ ৰাম ৰাম কৃষ্ণ ৰাম নাৰায়ণ।
   তযু পদ-কমলে মজোক মেৰি মন।।
   এ ৰাম ৰাম কৃষ্ণ ৰাম নিৰঞ্জন।
   তুমিসে ঈশ্বৰ দেৱ ভকত-ৰঞ্জন।।
   এ ৰাম ৰাম কৃষ্ণ ৰাম কৃষ্ণ ৰাম।
   তুমি গুণ-নিয়ন্তা নিৰ্গুণ গুণধাম।।
   ৰাম কৃষ্ণ ৰাম হৰি ৰামচন্দ্ৰ ৰাম ৰাম,
   শ্ৰীৰাম দেৱ ৰঘুপতি।
   হে প্ৰভু ৰঘুনাথ প্ৰণামো দমায়া মাথ 
   তুমি মোৰ হৈবা নিজ গতি হৰি ৰাম 
   ৰঘুকুল-নন্দন মুৰাৰি।।
   গোপাল গোৱিন্দ ৰাম গোপাল গোৱিন্দ ৰাম 
   গোপাল গোৱিন্দ জয় ৰাম।
   তোমাৰ চৰণে হৰি কেৱল ভকতি বিনে 
   মোৰ আৰ নাহি আন কাম হৰি ৰাম।।
   গোপীনাথ গোপীনাথ গোপীনাথ গোপীনাথ 
   গোপীনাথ গোপীনাথ হৰি।
   তোমাৰ অভয় দুই চৰণে শৰণ লৈলো 
   লৈলো মোক নিজ দাস কৰি হৰি ৰাম।।

 

We hope you like these prarthanas.

 

Adopt any of these, if not all of them, in your prayer sessions.

 

If you need more such content, do keep following our blog. 


Until next time... 

 

Take care.