Menu

  1. Home
  2. Blog
  3. 50 Beautiful Assamese Quotes On Life

50 Beautiful Assamese Quotes On Life

by FittingFattang.com, 25 Oct 2024

Looking for Assamese quotes that offer you a new perspective on life?

 

Well, here are 50 such Assamese quotes on life that we like. 

 

       1. জীৱনটো পাৰ কৰা কেতিয়াও সহজ নহয়, ইয়াক সহজ কৰি ল’বলগীয়া হয়, কিছু এলাগী কৰি আৰু কিছু সহ্য কৰি ।
       
       2. নিজৰ ভুলৰ বাহিৰে মানুহে পৃথিৱীত সকলো বস্তুৱেই বিচাৰি পায়।

 

       3. জীৱনৰ আটাইকৈ ডাঙৰ শিক্ষক হৈছে সময়, যিয়ে ক্ষণে ক্ষণে শিক্ষা দি যায়।

        4. কবলৈহে ভাল টকা পইচাই সকলো নহয় বুলি, কিন্তু জীৱনত টকা নাথাকিলে গ'ম পোৱা যায় জীৱনতটো কিমান কঠিন।

        5. জীৱনত কেতিয়াওঁ মূর্খৰ লগত তর্ক নকৰিব, কাৰণ আপুনি মূর্খৰ লগত তর্ক কৰি জিকিবতো নোৱাৰিবই একো শিকিবও নোৱাৰিব ওলোটাই সন্মানহে যাব।

        6. যেতিয়ালৈকে আমি অলপ অলপ বুজিব ধৰো যে, জীৱনটো কি? তেতিয়ালৈকে আমাৰ জীৱনৰ

আধা পাৰ হৈ যায়।

        7. সকলোৱে মৃত্যুৰ দৰে এটা ডাঙৰ সত্য পাহৰি যদি জীৱনৰ ৰং বিচাৰিফুৰিব পাৰিছোঁ, তেন্তে পুৰণি কথাবোৰ পাহৰি আমি কিয় জীৱনটোত আগুৱাব নোৱাৰিম ?

        8. য'ত কোনো প্ৰচেষ্টা নাই তাত সফলতা নাই।

        9. আপুনি নিজে নকৰা বা কৰিব নোৱাৰা কামবোৰ আনক উপদেশ নিদিব।

       10. জীৱনত আগুৱাই যাবলৈ হ'লে আনৰ কথাবোৰত গুৰুত্ব নিদিয়াই ভাল,কাৰণ আজিকালি মানুহৰ কথাবোৰে উৎসাহ দিয়াৰ সলনি মনবোৰ দুর্বলহে কৰি তুলে।

       11. জীৱন আৰু সময় পৃথিৱীৰ শ্ৰেষ্ঠ শিক্ষক, জীৱনে সময়ক ভালদৰে ব্যৱহাৰ কৰিবলৈ শিকাই, সময়ে জীৱনক মূল্য দিবলৈ শিকাই।

       12. পৃথিৱীৰ আটাইতকৈ শক্তিশালী যোদ্ধা হৈছে, ধৈৰ্য্য আৰু সময়।

       13. জীৱনত দুখ যদি নাথাকিল হয়, তেন্তে আমি সুখবোৰ কেনেকৈঅনুভৱ কৰিলোঁ হয়।

       14. জীৱনত যদি দুখ নাহে,তেনেহলে সুখৰ অনুভূতি মানুহেকেনেকৈ বুজিব। সেই কাৰনে সুখ আৰু দুখ জীৱনৰে অংশ।

       15. স্বাৰ্থ অবিহনে কোনো কাৰো আপোন নহয়, অলপ দেৰিকৈ হলেও সকলোৱে জীৱনত এই কথাষাৰ বুজি পায় ।

       16. কিতাপৰ পাতে নহয়, পেটৰ ভোক আৰু কঠিন মতেহে আমাক অধিক শিকায় ।

       17. মানুহক চেহেৰা আৰু কাপোৰৰ সহায়ত চিনিব নোৱাৰি, মানুহক চিনিব পাৰি কৰ্ম আৰু মানসিকতাৰ সহায়ত ।

       18. খং উঠিলে চিঞঁৰিবলৈ যিমান শক্তি লাগে, তাতকৈ মনে মনে থাকিবলৈ বেছি শক্তি লাগে ।

       19. সুখ বিচাৰি বিচাৰি মৃত্যুৰ কাষ চাপি যোৱাৰ নামেই হল - জীৱন 

 

       20. জীৱনত সুখ দুখ অহাটো বছৰত ঠাণ্ডা গৰম অহাৰ দৰেই, গতিকে ইয়াক সহ্য কৰিবলৈ শিকা উচিত,,

 

       21. জীৱনত এনেকুৱা একো বস্তয়েই নাই যাক পোৱাৰ পাছত তোমাৰ জীৱন পাৰফেক্ট হ’ব ।

 

       22. ধৈৰ্য এনেকুৱা এডাল গছ‌ যাৰ সৰ্বশৰীৰ কাঁইট, কিন্তু ফল অত্যন্ত মিঠা ।

 

       23. জীৱনত আগবাঢ়ি যাবলৈ হ'লে কিছুমান কথাত গুৰুত্ব দিয়াটো বাদ দিব‌ই লাগিব ।

 

       24. জীৱনত দুটা কথা হিচাপ কৰিবলৈ এৰি দিয়ক, নিজৰ দুখ আৰু আনৰ সুখ; জীৱনটো সহজ হৈ পৰিব,,

 

       25. বয়সে নহয় পৰিস্থিতিয়ে শিকাই জীৱনৰ অৰ্থ !

 

       26. নিজৰ জীৱনৰ যুদ্ধ নিজেই যুঁজিব লাগিব জ্ঞান বহুতে দিব সংগ কোনেও নিদিয়ে ,,

 

       27. জীৱনৰ পৰি পলোৱা সহজ কিন্তু কঠিন হ'ল জীৱনৰ লগত যুদ্ধ কৰি জীয়াই থকা ,,

 

       28. জীৱন দুদিনীয়া, তুমি এনেকুৱা কৰ্ম কৰা যিয়েই তোমাক চিৰযুগমীয়া  কৰিব ।

 

       29. জীৱনত কিবা এটা উন্নতি কৰিবলৈ হ’লে জ্ঞানীৰ লগত ঘুৰিবা, মূৰ্খৰ লগত নহয় ,,

 

       30. জীৱনৰ আচল সত্য হ'ল আপুনি সময়ে সময়ে সমস্যাৰ লগত সন্মুখীন হ'ব‌ই লাগিব,,

 

       31. জীৱনৰ কঠিন সময়ত আটাইতকৈ প্ৰয়োজনীয় বস্তুটো হ'ল ধৈৰ্য,,

 

       32. সফলতাৰ আনন্দ উপভোগ কৰাটো ভাল কথা, তাতকৈ জৰুৰী আপোনাৰ অসফলতাৰ পৰা জ্ঞান লোৱাটো।

 

       33. আমি কিমান দিন জীয়াই থাকো সেইটো লেখত লবলগীয়া কথা নহয়, কেনেকৈ জীৱন যাপন কৰো সেইটোহে আচল কথা ।

 

       34. জীৱন যুদ্ধত পৰি নাযাবলৈ হ'লে সদায় নিজৰ ওপৰত বিশ্বাস ৰাখিব লাগিব, আনৰ ওপৰত নহয় ।

 

       35. জীৱনত আগুৱাই যাওঁতে এটা কথা মনৰ পৰা নোহোৱা কৰি লবা, সেইটো হৈছে,  আনে কি ভাবিব। ।।

 

       36. পৰিশ্ৰম কৰিব লাগিব, কষ্ট কৰিব লাগিব, তেতিয়াহে জীৱনটো সুন্দৰ হ'ব ।।

 

       37. জীৱনটো আপুনি বিচৰাৰ দৰে সহজ নহয়, গতিকে এনেকৈয়ে জীয়াই থকাৰ অভ্যাস গঢ়ি ল‌ওক ।।

 

       38. ল’ৰায়েই হ‌ওক বা ছোৱালীয়েই হ‌ওক, জীৱনত প্ৰতিষ্ঠিত হোৱাটো খুবেই জৰুৰী।।

 

       39. জীৱনত সমস্যাৰ অত্যন্ত প্ৰয়োজন, তেতিয়াহে সফলতা উপভোগ কৰিব পাৰি।।

       40. ক'বলৈ গ'লে চিন্তা আৰু আশা বোৰলৈয়েইটো আমি জীয়াই আছো, এইবোৰ বাদ দিলে চোন জীৱনটো জীৱন হৈয়ে নাথাকিব।

       41. জীৱনৰ উদ্দেশ্য হ’ল ইয়াক জীয়াই থকা, অভিজ্ঞতাক সৰ্বাধিক সোৱাদ লোৱা, নতুন আৰু চহকী অভিজ্ঞতাৰ বাবে আগ্ৰহেৰে আৰু ভয় নোহোৱাকৈ হাত আগবঢ়োৱা

       42. জীৱনটো ধুমুহা পাৰ হ’বলৈ অপেক্ষা কৰা নহয়, বৰষুণত নাচিবলৈ শিকাটোৱেই জীৱন ।।

 

       43. নিজৰ প্ৰতি নিষ্ঠা ৰাখিলে প্ৰতিজন ব্যক্তিয়ে জীৱনত সফলতা অৰ্জন কৰিব ।

       44. আপোনাৰ সময় সীমিত, গতিকে আনৰ বাবে জীয়াই থাকিবলৈ সময় নষ্ট নকৰিব।

       45. জীৱনত যদি কিবা‌ভ ডাঙৰ কাম কৰিব বিচৰা, নিজে ভাল পোৱা কাম কৰিবা ।।

 

       46. আশা অবিহনে জীৱন হতাশাৰে পূৰ্ণ হৈ পৰে, জীৱনৰ আশাবোৰক কেতিয়াও মৰিবলৈ নিদিব, কিয়নো জীৱন আছে মানেই আশা আছে আৰু আশা থাকিলেহে জীৱন সম্ভৱ।।


       47. কাৰো পৰা একো আশা নকৰিবা, জীৱন যুঁজত নিজৰ ওপৰত ভৰষা কৰি আগবাঢ়ি যোৱা ।

       48. জীৱনত কঠিনতা আমাক বৰবাদ কৰিবলৈ নাহে । কঠিনতা আমাৰ ভিতৰত থকা সামৰ্থ আৰু শক্তিক বাহিৰলৈ আনিব কাৰনে আহে ।

       49. জোখতকৈ বেছি চিন্তা কৰিলে জীৱনৰ সকলো সুখ শান্তি নষ্ট হয় ।।

       50. যেনেকৈ ৰাস্তাত উজুতি খােৱাৰ পিছতহে, সাৱধানে খােজ কাঢ়িবলৈ লওঁ,ঠিক তেনেকৈ জীৱন বাটত উজুতি খােৱাৰ পিছতহে নিজক বুজিবলৈ লওঁ।

 

Till next time. 

 

Cheers!