Menu

  1. Home
  2. Blog
  3. 30 Thought-provoking Assamese WhatsApp Status

30 Thought-provoking Assamese WhatsApp Status

by FittingFattang.com, 25 Oct 2024

If you are looking for Assamese WhatsApp Status, we have great news for you!

 

We have compliled 30 thoughtful Assamese WhatsApp status for you to make use of. 

 

So, check them out below. 

 

       1. জীৱনৰ আচল মজা তেতিয়াই লাগে, যেতিয়া শত্ৰুৱে তোমাৰ লগত হাত মিলাবলৈ উত্ৰাৱল হৈ থাকে।

 

       2. মুখৰ ভাষা বেয়া হ'লেও চৰিত্ৰ বেয়া নহয়, কাৰণ মিঠা মিঠা কথাৰ আঁৰতো বহুতৰ চৰিত্ৰ বেয়া থাকে।

 

       3. Attitude বুলি ভাবক বা মোৰ Ego বুলি ভাবক, মোৰ বাবে মোৰ আত্মসন্মান সকলোতকৈ ডাঙৰ।

 

       4. মোৰ কথা যিমান বেয়িকৈ কয়… কৈ থাকক, কাৰণ ৰ'দ যিমানেই কঠিন নহ‌ওক কিয় সাগৰৰ পানী কেতিয়াও ৰ'দৰ তাপত নুশুকাই ।

 

       5. জীৱনত বেয়া সময় অহাটো খুবেই প্ৰয়োজনীয়, নহলে মুখা পিন্ধা বেইমান মানুহবোৰক চিনি পোৱা নাযায়।

 

       6. যিদিনাই মোৰ ধৈৰ্য্যৰ বান্ধ চিঙি যাব সেইদিনাই গলিৰ কুকুৰ দুটামানৰ ভুকনি বন্ধ হৈ যাব।

 

       7. শান্ত হৈ আছোঁ সেই বাবে দূৰ্বল বুলি নাভাবিবা ।

 

       8. জীৱনত কষ্ট পোৱাটো বহুত জৰুৰী, কাৰণ ই এক প্ৰকাৰৰ শিক্ষা আৰু এই শিক্ষাই পৰবৰ্তী সমস্যাৰ লগত যুঁজিবলৈ সাহস দিয়ে।

 

       9. নিজকে মানুহৰ পৰা অলপ সময় আতৰাই চোৱা, তুমি মানুহৰ বিষয়ে বহুত কথা জানিব পাৰিবা ।

 

       10. প্ৰতিটো কষ্টৰ অভিজ্ঞতাই আমাৰ বাবে এটা নতুন শিক্ষা।

 

       11. জীৱনটো গঢ়িবলৈ যোৱাৰ আগতে নিজৰ মনটো শক্তিশালী আৰু দৃঢ়ভাবে গঢ়ি ল‌ওক যাতে কোনো শক্তিয়ে আপোনাক বাধা দিব নোৱাৰে।

 

       12. জীৱনত আপুনি কিমান সুখী সেইটো আচল কথা নহয়, কিন্তু আপোনাৰ বাবে কিমান জন সুখী সেইটোহে আচল কথা।

 

       13. চৰিত্ৰ ভাল হ'লে ধুনীয়া নহ'লেও হয়, কাৰণ সৌন্দৰ্য্যতকৈ চৰিত্ৰৰ গুৰুত্ব বহু বেছি।

 

       14. খঙে মানুহক অন্ধ কৰে, লোভে মানুহক সংকীৰ্ণ কৰে আৰু হিংসাই মানুহক ধ্বংস কৰে।

 

       15. মানুহে যেতিয়া কাৰোবাৰ প্ৰশংসা কৰে, তেতিয়া খুব কম সংখ্যক মানুহে বিশ্বাস কৰে আৰু যেতিয়া কাৰোবাৰ বদনাম কৰে তেতিয়া সকলোৱে বিশ্বাস কৰে।

 

       16. প্ৰকৃতিৰ মাজতে নিহিত হৈ আছে সমস্ত বিশ্ব ব্ৰহ্মাণ্ডৰ ৰহস্য আৰু সকলো দু: চিন্তাৰ পৰা মুক্তিৰ উপায়।

 

       17. অপমান পাহৰি নাপাবা উত্তৰ দিয়াৰ বাবে তৈয়াৰী কৰা কিন্তু সেইটো সফলতাৰ পিছত।

 

       18. বাৰে বাৰে অসফল হোৱাৰ পিছতো কেতিয়াও উৎসাহ নেহেৰুৱাবা কাৰণ সেইটোৱেই হৈছে তোমাৰ জীৱনৰ আটাইতকৈ ডাঙৰ সফলতা।

 

       19. আনৰ আচৰণে যাতে কেতিয়াও আমাৰ ভিতৰৰ শান্তি নষ্ট কৰিব নোৱাৰে তালৈ লক্ষ্য ৰাখিব লাগে।

 

       20. এজন জ্ঞানী মানুহে কেতিয়াও সকলো নাজানে, কেৱল মূৰ্খ সকলেহে সকলো জানে ।

 

       21. পৰিশ্ৰম কৰিব লাগিব, কষ্ট কৰিব লাগিব তেতিয়াহে জীৱনটো সুন্দৰ হ'ব।

 

       22. ক্ষমা হাজাৰ বাৰ কৰিবা, কিন্তু বিশ্বাস এবাৰেই কৰিবা, কিয়নো সময়ৰ সোঁতত মানুহৰ ব্যয়ৱহাৰ সলনি হলেও চৰিত্ৰ কেতিয়াও সলনি নহয়।

 

       23. এটা কথা সদায় মনত ৰাখিব, আমি কোৱা কথাবোৰে তথা আমি আনক কৰা ব্যৱহাৰে মা-দেউতাই দিয়া সংস্কাৰকো প্রতিনিধিত্ব কৰে।

 

       24. সেইবোৰ মানুহক তুমি একো কৰিব নোৱাৰা যিবোৰ মানুহে নিজৰ ভুল জনাৰ পিছতো ভুল স্বীকাৰ কৰিব নিবিচাৰে।

 

       25. সকলোৱে মৃত্যুৰ দৰে এটা ডাঙৰ সত্য পাহৰি যদি জীৱনৰ ৰং বিচাৰি ফুৰিব পাৰিছো, তেন্তে পুৰণি কথাবোৰ পাহৰি আমি কিয় জীৱনটোত আগুৱাব নোৱাৰিম ।

 

       26. তুমি যিমানেই সহজ সৰল হবা তোমাক সিমানেই ঠগ-প্ৰবঞ্চনা কৰিব।

 

       27. মানুহে তোমাক হিংসা কৰিলেও তুমি নিজৰ কৰ্ম কৰি যোৱা… সময়ে ইয়াৰ প্ৰত্যুত্তৰ এদিন হ'লেও দিব।

 

       28. নাৰীৰ গাত হাত দিয়াটো পুৰুষত্ব নহয়, বৰং সেই হাতেৰে নাৰীক সুৰক্ষা কৰাটোহে পুৰুষত্ব ।

 

       29. সময় কাৰো বাবে নলয় সেয়েহে কোনোবা আমাৰ লগত আহক বা নাহক আমি কিন্তু কাৰোবালৈ অপেক্ষা কৰি সময় নষ্ট কৰাতকৈ সময়ৰ লগত আগবাঢ়ি যোৱাই ভাল।

 

       30. যেতিয়ালৈকে দেহত প্ৰাণ থাকিব তেতিয়ালৈ কষ্ট থাকিব, কষ্টক জয় কৰি আগুৱাই যোৱাৰ নামেই জীৱন।



Did you like any of these Assamese WhatsApp status?


If yes, keep following our blog for more such content.

Till then....

 

Take care.