Menu

  1. Home
  2. Blog
  3. Top 20 Diwali Wishes in Assamese

Top 20 Diwali Wishes in Assamese

by FittingFattang.com, 29 Dec 2024

আপুনি আপোনাৰ প্ৰিয় জনক বা বন্ধু-বান্ধৱক দীপাৱলীৰ শুভেচ্ছা অসমীয়াত যদি জনাব বিছাৰে...

 

তেন্তে আমি আপোনালৈ লৈ আহিছোঁ ২০ টা অসমীয়া দীপাৱলীৰ শুভেচ্ছা বাণী |

 

So, here they are...

 

   1. পোহৰৰ এই উৎসৱত আপোনাৰ জীৱন হ‌ওঁক সুখময়, 

       প্ৰেম জ্যোতিয়ে আপোনাৰ জীৱন আনন্দৰে ভৰাই তোলক…

       শুভ দীপাৱলী!

 

   2. পোহৰৰ এই উৎসৱত আপোনাৰ জীৱন সুখময় হ‌ওঁক,

       দীপাৱলীৰ বন্তিয়ে আপোনাৰ জীৱন পোহৰেৰে ভৰাই তোলক...

       শুভ দীপাৱলী!

 

   3. দীপাৱলীৰ এই শুভ দিনটো আপোনাৰ লগতে,

      পৰিয়ালৰ সকলোৱে যেন লগ হৈ হাঁহি আনন্দৰ মাজেৰে উপভোগ কৰে, তাৰে কামনাৰে… শুভ দীপাৱলী!

 

   4. পোহৰৰ উৎসৱত জ্বলি থকা চাকিৰ পৰা ওলোৱা পোহৰে এই দীপাৱলীত আপোনাৰ আৰু আপোনাৰ পৰিয়াললৈ কঢ়িয়াই আনক শুভ দিন, প্ৰানৰ শক্তি

       শুভ দীপাৱলী!

 

   5. দীপাৱলীৰ চাকিৰ পোহৰৰ দৰে পোহৰ হৈ পৰক তোমাৰ জীৱন,

       তাৰে কামনাৰে... শুভ দীপাৱলী!

 

   6. পোহৰৰ উৎসৱ দীপাৱলীয়ে আপোনাৰ মনৰ আশাবোৰ পূৰণ কৰক, 

        তাৰে কামনাৰে… শুভ দীপাৱলী!

 

   7. আপোনাৰ জীৱন যেন দীপৰ দৰে উজ্জ্বল হয় তাৰে কামনাৰে…

       শুভ দীপাৱলী!

 

   8. দীপাৱলীৰ পবিত্ৰতাৰ সৈতে আপোনাৰ জীৱন উজ্জ্বল হৈ থাকক।

       শুভ দীপাৱলী!

 

   9. পোহৰৰ আৰু আনন্দৰ উৎসৱ দীপাৱলীয়ে যেন আপোনাৰ জীৱনো পোহৰাই তোলে,

       আপোনাৰ মনৰ আকাশখন যেন মুক্ত হয়, ফৰকাল হৈ পৰে,

       আৰু এক নতুন জীৱনী শক্তিয়ে আপোনাৰ জীৱনক আৱৰি ধৰে।

       শুভ দীপাৱলী!

 

   10. দীপাৱলীৰ এই মংগলময় সন্ধিক্ষণত আপোনাৰ আৰু আপোনাৰ পৰিয়ালৰ সকলোৰে জীৱন স্বাস্থ্য, সুখ, সম্পদ আৰু প্ৰেমৰ পোহৰত জ্যোতিময় হৈ পৰে যেন,তাৰেই কামনা কৰিলোঁ।

         শুভ দীপাৱলী!

 

   11. দীপাৱলীৰ এই শুভ লগনত আপোনাৰ মনৰ অন্ধকাৰ গুচি যেন জীৱনত পোহৰ বিয়পি পৰে। শুভ দীপাৱলী!

 

   12. পোহৰৰ উৎসৱত জ্বলি থকা চাকিৰ পৰা ওলোৱা পোহৰে এই দীপাৱলীত আপোনাৰ আৰু আপোনাৰ পৰিয়াললৈ কঢ়িয়াই আনক সুখ,সম্পদ আৰু সমৃদ্ধি। তাৰেই কামনা কৰিলোঁ।

         শুভ দীপাৱলী!

 

   13. আপোনাক দীপাৱলীৰ শুভ কামনা,

         পোহৰৰ উৎসৱে উজলাই তোলক আপোনাৰ জীৱন।

         শুভ দীপাৱলী!

 

   14. পোহৰৰ উৎসৱে আপোনাৰ জীৱন উজ্জ্বল কৰক আৰু আপোনালৈ সফলতা, সমৃদ্ধি আৰু সুখ কঢ়িয়াই আনক। শুভ দীপাৱলী!

 

   15. এই দীপাৱলীয়ে যেন আপোনাৰ জীৱনলৈ প্ৰেমৰ উষ্ণতা আৰু জ্ঞানৰ পোহৰ কঢ়িয়াই আনক। শুভ দীপাৱলী!

 

   16. এই দীপাৱলীত নতুন আশা পোহৰলৈ আহে আৰু আপোনাৰ দিনবোৰ আনন্দদায়ক হ‌ওঁক আৰু আশ্চৰ্য কঢ়িয়াই আনক।

         আপোনাৰ আৰু আপোনাৰ পৰিয়াললৈ দীপাৱলীৰ শুভেচ্ছা থাকিল।

         শুভ দীপাৱলী!

 

   17. দীপাৱলীৰ উজ্জ্বলতাই আপোনাৰ জীৱনক আলোকিত কৰক আৰু আপোনাৰ বাবে অপৰিসীম সমৃদ্ধি আনক। শুভ দীপাৱলী!

 

   18. পোহৰৰ উৎসৱে আপোনাৰ জীৱনক সুখৰ উজ্জ্বলতা আৰু আনন্দৰ জিলিকিৰে ভৰাই তুলক।

         আপোনাক দীপাৱলীৰ শুভেচ্ছা জনাইছো।

         শুভ দীপাৱলী!

 

   19. দেৱালীৰ এই পবিত্ৰ সন্ধিক্ষণত ঐশ্বৰিক পোহৰে আপোনাৰ জীৱনৰ পৰা অন্ধকাৰ আঁতৰাই আপোনাক শান্তি, সুখ আৰু সফলতা দিয়ক।

         শুভ দীপাৱলী!

 

   20. চাকিৰ উজ্জ্বলতাই সুখ আৰু সফলতাৰে আপোনাৰ জীৱন উজ্জ্বল কৰক,

         আপোনাক মৰম আৰু সমৃদ্ধিৰে ভৰা এক আনন্দময় দীপাৱলীৰ শুভেচ্ছা জনাইছোঁ।

         শুভ দীপাৱলী!

 

We hope you have found one or two Diwali wishes you could use this festive season.

 

আৰু এনেধৰণৰ contentৰ বাবে kindly আমাৰ blog টো follow কৰি থাকিব।

 

And if you are looking for a unique gift this Diwali, we suggest you take a look at our Assamese T-shirt Collections.

 

Our t-shirts make perfect gifts for friends & family.

 

So, go on, make someone's Diwali special with an Assamese t-shirt from FittingFattang.com!

 

Have a Happy Diwali!