Menu

  1. Home
  2. Blog
  3. Janambhumi Assamese Poem by Nalini Bala Devi

Janambhumi Assamese Poem by Nalini Bala Devi

by FittingFattang.com, 18 Nov 2024

Here is the classic patriotic Assamese poem by one of Assam's iconic poet.

 

 

জনমভূমি - নলিনীবালা দেৱী

 

মেলিলোঁ প্ৰথম চকু তোমাৰ কোলাতে আই 

জনমৰ আদিম পূৱাত;

মুদিম আকৌ চকু তোমাৰ কোলাতে শুই 

জীৱনৰ শেষ সন্ধিয়াত।

 

মৰাৰ পিছতো যেন পাওঁহি আকৌ ঠাই 

চেনেহৰ শীতলী কোলাত;

ভাগৰুৱা আত্মাই শেষৰ জিৰণি লৈ 

জিৰাবহি তোমাৰ ছাঁয়াত।

 

পখী হৈ আকাশৰ বুকুত ফুৰিম উৰি,

বাঁহ ল’ম ওখ বিৰিখত;

পুঁৱতিৰ লগে লগে জগাম তোমাক নিতে 

বনৰীয়া সুৱদী গীতত।

 

আকাশৰ তৰা হৈ ৰ লাগি চাম ৰৈ

সেউজীয়া শুৱনি জেউতি;

জোনাকত মিল হৈ বিমান পথত ৰৈ 

ওৰে ৰাতি কৰিম আৰতি।

 

হিমালয় পৰ্বতৰ শুকুলা টিঙত গৈ 

ফুলি ৰ’ম মানসী বিলত;

মলয়াৰ চোঁৱৰত পাৰিজাত ৰেণু সানি 

ঢুলাম তোমাৰ চৰণত।

 

নদী হৈ পখালিম দুখানি চৰণ নিতে

মাটি হৈ মিলিম বুকুত;

সোণোৱালী মেঘ হৈ ৰঙা হাঁহি বিৰিঙাম 

শেঁতা পৰা দুখনি ওঁঠত।

 

তোমাৰেই ধূলি বালি তোমাৰ আকাশ বায়ু 

আই মোৰ সৰগত বাস;

তুমি মোৰ মৰতৰ পূণ্য মুকুতিৰ ভূমি 

তুমি মোৰ তীৰ্থৰ প্ৰভাস।

 

অ’ মোৰ চেনেহী দেশ তোমাৰ দুখীয়া পঁজা 

ৰচা তাত শান্তিৰ স্বৰগ;

ক'ত পাম এনে প্ৰীতি সৰল প্ৰাণৰ ভাষা 

সেৱাৰ মহিমাময় ত্যাগ।

 

দুখীয়াৰ ভগা পঁজা একোখনি তীৰ্থ তাত 

একেখনি পূণ্যৰ আশ্ৰম;

মৰিলে পুণৰ আহি দুখীয়া দেশতে মোৰ 

ল‌ওঁ যেন পুণৰ জনম।

 

We hope you enjoyed this classic poem. 

For more content such as this, keep following our blog. 

 

In case, you are looking for t-shirts that celebrate all things Assam and Assamese, we suggest you check out our Assamese T-shirt Collections

Till next time... 

 

Cheers!