A homeland is more than just a place on a map – it is where our first memories are born and where our hearts always return.
In this timeless poem Jonombhumi, one of Assam’s iconic poet Nalini Bala Devi beautifully expresses the deep love, gratitude, and spiritual bond between a person and their motherland.
“জনমভূমি” is a poetic tribute to the soil that nurtures us, the sky that shelters us, and the memories that shape our identity
Jonombhumi by Nalini Bala Devi
মেলিলোঁ প্ৰথম চকু তোমাৰ কোলাতে আই
জনমৰ আদিম পূৱাত;
মুদিম আকৌ চকু তোমাৰ কোলাতে শুই
জীৱনৰ শেষ সন্ধিয়াত।
মৰাৰ পিছতো যেন পাওঁহি আকৌ ঠাই
চেনেহৰ শীতলী কোলাত;
ভাগৰুৱা আত্মাই শেষৰ জিৰণি লৈ
জিৰাবহি তোমাৰ ছাঁয়াত।
পখী হৈ আকাশৰ বুকুত ফুৰিম উৰি,
বাঁহ ল’ম ওখ বিৰিখত;
পুঁৱতিৰ লগে লগে জগাম তোমাক নিতে
বনৰীয়া সুৱদী গীতত।
আকাশৰ তৰা হৈ ৰ লাগি চাম ৰৈ
সেউজীয়া শুৱনি জেউতি;
জোনাকত মিল হৈ বিমান পথত ৰৈ
ওৰে ৰাতি কৰিম আৰতি।
হিমালয় পৰ্বতৰ শুকুলা টিঙত গৈ
ফুলি ৰ’ম মানসী বিলত;
মলয়াৰ চোঁৱৰত পাৰিজাত ৰেণু সানি
ঢুলাম তোমাৰ চৰণত।
নদী হৈ পখালিম দুখানি চৰণ নিতে
মাটি হৈ মিলিম বুকুত;
সোণোৱালী মেঘ হৈ ৰঙা হাঁহি বিৰিঙাম
শেঁতা পৰা দুখনি ওঁঠত।
তোমাৰেই ধূলি বালি তোমাৰ আকাশ বায়ু
আই মোৰ সৰগত বাস;
তুমি মোৰ মৰতৰ পূণ্য মুকুতিৰ ভূমি
তুমি মোৰ তীৰ্থৰ প্ৰভাস।
অ’ মোৰ চেনেহী দেশ তোমাৰ দুখীয়া পঁজা
ৰচা তাত শান্তিৰ স্বৰগ;
ক’ত পাম এনে প্ৰীতি সৰল প্ৰাণৰ ভাষা
সেৱাৰ মহিমাময় ত্যাগ।
দুখীয়াৰ ভগা পঁজা একোখনি তীৰ্থ তাত
একেখনি পূণ্যৰ আশ্ৰম;
মৰিলে পুণৰ আহি দুখীয়া দেশতে মোৰ
লওঁ যেন পুণৰ জনম।
“জনমভূমি” reminds us that our homeland lives not only in the land beneath our feet but also in our memories, dreams, and devotion.
Through simple yet powerful words, the poem Jonombhumi captures a love for one’s birthplace that lasts beyond a lifetime.
It is a gentle reminder that no matter how far we travel, the call of our homeland will always remain close to our hearts.