Some melodies are just eternal!
This is true when it comes to music in Assam.
Hence, we bring you the lyrics of the Top 15 old Assamese songs that still touch our hearts each time we hear them.
Know these lyrics so that you can sing along to these old classics.
So, let's dive in.
1. মই এটি যাযাবৰ (ভূপেন হাজৰিকা) Lyrics
মই এটি যাযাবৰ
মই এটি যাযাবৰ
ধৰাৰ দিহিঙে-দিপাঙে
লৱৰো নিবিছাৰি নিজা ঘৰ
মই এটি যাযাবৰ
মই এটি যাযাবৰ…
মই লুইতৰ পৰা মিছিছিপি হৈ
ভল্গাৰে ৰূপ চালো,
অতোৱাৰ পৰা অষ্ট্ৰিয়া হৈ
পেৰিছ সাৱটি ল’লো,
মই ইলোৰাৰ পৰা পুৰণি ৰহণ
চিকাগোলে কঢ়িয়ালো
গালিবৰ শ্বেৰ দুচম্বেৰ
মীনাৰত শুনা পালো
মাৰ্কটুৱেনৰ সমাধিত বহি
গৰ্কীৰ কথা ক’লো
বাৰে বাৰে দেখো বাটৰ মানুহো
আপোন হৈছে পৰ,
সেয়ে মই যাযাবৰ
সেয়ে মই যাযাবৰ…
বহু যাযাবৰ লক্ষ্যবিহীন
মোৰ পিছে আছে পণ
ৰঙৰ খনি য’তেই দেখিছো
ভগাই দিয়াৰ মন
বহু যাযাবৰ লক্ষ্যবিহীন
মোৰ পিছে আছে পণ
ৰঙৰ খনি য’তেই দেখিছো
ভগাই দিয়াৰ মন
মই দেখিছো অনেক গগণ চুম্বী
অট্টালিকাৰ শাৰী
তাৰ ছাঁতেই দেখিছো ক’তনা
গৃহহীন নৰ-নাৰী
মই দেখিছো কিছো ঘৰৰ সমুখ
বাগিছাৰে আছে ভৰি
আৰু দেখিছো মৰহা ফুলৰ পাপৰি
অকালতে পৰা সৰি
বহু দেশে দেশে গৃহদাস দেখি
চিন্তিত হওঁ বৰ
মনৰ মানুহ বহুতেই দেখো
ঘৰতেই হৈছে পৰ
সেয়ে মই যাযাবৰ
সেয়ে মই যাযাবৰ
ধৰাৰ দিহিঙে-দিপাঙে
লৱৰো নিবিছাৰি নিজা ঘৰ
সেয়ে মই যাযাবৰ
মই এটি যাযাবৰ…
মই এটি যাযাবৰ
ধৰাৰ দিহিঙে-দিপাঙে
লৱৰো নিবিছাৰি নিজা ঘৰ
2. পৰিচয় বিহীন (জ. পি. দাস) Lyrics
পৰিচয় বিহীন, যাযাবৰ নগৰী
অকলশৰীয়া মই, বিচাৰিছোঁ সঁহাৰি
পৰিচয় বিহীন, যাযাবৰ নগৰী
অকলশৰীয়া মই, বিচাৰিছোঁ সঁহাৰি
তুমি কোন নেজানোঁ, বাটৰে চিনাকি
নাম কি নেজানোঁ, তুমি যে অনামী
মৰমেৰে তুমি মোক, ল’বা নে আদৰি
মৰমেৰে তুমি মোক, ল’বা নে আদৰি
আমি যেন চিনাকি, বহু যুগৰে
আমি বান্ধ খালোঁ, হোমৰে শিখাৰে
আলফুলে তুমি মোক, ল’লা যে সাৱটি
আলফুলে তুমি মোক, ল’লা যে সাৱটি
3. মন হীৰা দৈ (মহানন্দ মজিন্দাৰ বৰুৱা) Lyrics
মন হীৰা দৈ চাইকেল নহয় টিলিঙা
মন হীৰা দৈ ডেকা নহয় পিলিঙা
ৰহ ঢলা পথাৰত, আহিবা ঐ নিজানত
মন হীৰা দৈ তোমাৰনো কুমলীয়া মাত
মন হীৰা দৈ গাভৰু নহয় লহঙা
মন হীৰা দৈ পীৰিতি নহয় মহঙা
মেলেঙৰে বজাৰত, ঢেঁকীয়ালৰ কলহত
মন হীৰা দৈ গুৰৰ বজাৰ আঁহতৰ ছাঁত
মন হীৰা দৈ বোৱাৰী নহয় যখিনী
বেমাৰ নহয় গ্ৰহণী
ভাত নহয় অমাতৰ মাত
অ’ মন হীৰা দৈ ছোৱালী নহয় ঢেপেচী
এচাৰি নহয় লেকেচি, নজৰ পালে এৰাব আন
মন হীৰা দৈ কুলি-কেতেকীৰ মিঠা মাতৰ সুৰেৰে
কুলি-কেতেকীৰ মিঠা মাতৰ সুৰেৰে
কি কথা মোক কৈছিলা নৈৰে ঐ ঘাটতে
নেপায় নহয় ঠগিব, জীৱন ধংস কৰিব
প্ৰলয় হ’লে পৰিব বিনা মেঘে ব্ৰজপাত
মন হীৰা দৈ জিৰাবাহি যৌৱনৰে ছাঁত
মন হীৰা দৈ মাত নহয় মুৰুলী
হাঁহি নহয় বিজুলী, দেহা নহয় বিৰিণাৰ পাত
মন হীৰা দৈ সাতদিনিয়া বহাগত
নাচিবা ঐ উলাহত, পীৰিতিৰে লগাবা মাত
মন হীৰা দৈ জাঁজী নৈ চনমা, বিহু কৰোঁ আহা
হাততে টকাটি মুখতে হাঁহিটি, জীৱন কিনো মোহনীয়া
কিনো মোহনীয়া মাত
অ’ কলাকৈ কুলিয়ে জীৱন জাঁজী নৈ চনমা
এ কেনেকৈ জানিলে জীৱন জাঁজী নৈ চনমা
কলাকৈ কুলিয়ে জীৱন জাঁজী নৈ চনমা
এ কেনেকৈ জানিলে জীৱন জাঁজী নৈ চনমা
মেলিলে আমৰে, মেলিলে আমৰে পাত
মন হীৰা দৈ চাইকেল নহয় টিলিঙা
4. সুৰাত মগন ভয়াল ৰাতি (জয়ন্ত হাজৰিকা) Lyrics
সুৰাত মগন ভয়াল ৰাতি
মৌন কোলাহল
মই যেন এক ৰʼদৰ বিলাপ
শব্দৰ সমদল
চন্দ্ৰ তৰাক থাপ মাৰি আনি
থেকেচি পেলাবৰ হʼল,
সূৰ্যমুখীয়ে সজাব কাহানি
বেথাৰ সমাধি তল
নিয়ম পিয়াসী সন্তানবোৰে
নিয়ম নমনা হʼল
মাতৃৰ চকু ঘন কুৱঁলীৰ গহ্বৰ হৈ গʼল
শগুণে সদায় সভাকে পাতে
ভাষণ পৰি ৰʼল
দিনবোৰ আমাৰ মৃত হৰিণৰ
বেঁকা শিং যেন হʼল
মই যেন এক ৰʼদৰ বিলাপ
শব্দৰ সমদল
5. মানুহে মানুহৰ বাবে (ভূপেন হাজৰিকা) Lyrics
মানুহে মানুহৰ বাবে
যদিহে অকনো নেভাবে
অকনি সহানুভূতিৰে
ভাবিব কোনেনো কোৱা
সমনীয়া
মানুহে মানুহক বেচিব খুজি
মানুহে মানুহক কিনিব খুজি
পূৰণি ইতিহাস দোহাৰিলে
ভুল জানো নহʼব কোৱা
সমনীয়া
দুৰ্বল মানুহে যদি
জীৱনৰ কোবাল নদী
পাৰ হয় তোমাৰে সাহত
তুমি হেৰুৱাবানো কি
মানুহ যদিহে নহয় মানুহ
দানৱ কাহানিও নহয় মানুহ
যদি দানৱ কাহানিবা হয় মানুহ
লাজ পাব কোনেনো কোৱা
সমনীয়া
6. মোৰ মিনতি তৰা হয় যদি (জয়ন্ত হাজৰিকা) Lyrics
মোৰ মিনতী তৰা হয় যদি
তোমাৰ আকাশ চুব
মোৰ এই গান যদি সুৰ হয়
মোৰ এই গান যদি সুৰ হয়
তোমাৰ বনত ৰব
মোৰ মিনতী তৰা হয় যদি
তোমাৰ আকাশ চুব
মোৰ এই গান যদি সুৰ হয়
মোৰ এই গান যদি সুৰ হয়
তোমাৰ বনত ৰব
মোৰ মিনতী তৰা হয় যদি
তোমাৰ আকাশ চুব
মোৰ এই কথা যদি সুৰ হয়
মোৰ এই সুৰ যদি জোন হয়
মোৰ এই কথা যদি সুৰ হয়
মোৰ এই সুৰ যদি জোন হয়
সেই জোনে তোলা জোনালী মায়াৰে
সৰু সুৰুঙাৰে
সেই জোনে তোলা জোনালী মায়াৰে
সৰু সুৰুঙাৰে
মনে মনে গৈ তোমাৰ মূখতে ৰৱ
মই নাথাকিলে সাজৰ তৰাই মোৰেই কব
মই নাথাকিলে সাজৰ তৰাই মোৰেই কব
মোৰ মিনতী তৰা হয় যদি
তোমাৰ আকাশ চুব
মোৰ এই গান যদি সুৰ হয়
মোৰ এই গান যদি সুৰ হয়
তোমাৰ বনত ৰব
মোৰ মিনতী তৰা হয় যদি
তোমাৰ আকাশ চুব
7. যদি কেতিয়াবা অকলে (জিতুল সোণোৱাল) Lyrics
যদি কেতিয়াবা অকলে
জ্বলে বুকু মোৰ নিৰলে
কিয় আহা মোৰ মন লে
তুমি জানো জানা
যদি কেতিয়াবা অকলে
জ্বলে বুকু মোৰ নিৰলে
কিয় আহা মোৰ মন লে
তুমি জানো জানা
আবেগৰ চকুলো বোৰ, কলিজাত শুকালে মোৰ
কিয় জানো জানা
যদি কেতিয়াবা অকলে
জ্বলে বুকু মোৰ নিৰলে
কিয় আহা মোৰ মন লে
তুমি জানো জানা
যেতিয়া দূৰ দূৰণিৰ ঘৰমুৱা পখী উৰে,
দূৰণিৰ মৰমী তোমালে মোৰ, কিয় যে মনত পৰে
সন্ধিয়া জোন তৰাৰে আকাশ ভৰি পৰে
দূৰণিৰ মৰমী তোমালে মোৰ, কিয় যে মনত পৰে
হিয়া মোৰ উকা হৈ পৰে
জোনাকত মন নভৰে
যদি কেতিয়াবা অকলে
জ্বলে বুকু মোৰ নিৰলে
কিয় আহা মোৰ মন লে
তুমি জানো জানা
সেমেকা দুটি চকুৰে, অবুজ ভাষাটিৰে
বিদায় বেলাৰে মুখনিলৈ, কিয় যে মনত পৰে
নিশাটি আহে নীৰৱে, তমসা ভৰি পৰে
বিদায় বেলাৰে মুখনিলৈ, কিয় যে মনত পৰে
হিয়া মোৰ উকা হৈ পৰে
জোনাকত মন নভৰে
যদি কেতিয়াবা অকলে
জ্বলে বুকু মোৰ নিৰলে
কিয় আহা মোৰ মন লে
তুমি জানো জানা
আবেগৰ চকুলো বোৰ, কলিজাত শুকালে মোৰ
কিয় জানো জানা
যদি কেতিয়াবা অকলে
জ্বলে বুকু মোৰ নিৰলে
কিয় আহা মোৰ মন লে
তুমি জানো জানা
তুমি জানো জানা
8. বুকু হম হয় কৰে (ভূপেন হাজৰিকা) Lyrics
বুকু হম হম কৰে, মোৰ আই
কোনে নিদ্রা হৰে, মোৰ আই
পুত্র হৈ মই কি মতে তৰোঁ
আই, তোৰে হৈ মই মৰোঁ
দেশৰে চন্দ্রমা, কাল এন্ধাৰে আৱৰে
অগনিকালিকা, দেহ ৰন্ধ্রে ৰন্ধ্রে চৰে
বজ্রসম দৃঢ় আই
চৌপাশৰে গড়
চৌপাশৰে গড় ভেদিম
কিঞ্চিতো নাই পৰ
যাচিম সান্ত্বনা, আই মুক্তি প্রভাতেৰে
থাপিম থাপনা, আই শোণিত তিয়াগেৰে
9. বহু ৰাতি হ'ল জানা (জিতুল সোণোৱাল) Lyrics
বহু ৰাতি হ’ল জানা
বহু গান আজি হ’ল গোৱা
ৰাতি পুৱাবলে অলপ সময়
জানা নে নাজানা
মোৰ বাবে চকুলো নুটুকিবা
যোৱাৰ পৰত ক’লো
শোণিতেৰে বুকুত নাম লিখি
আজি দূৰণিলে ওলালোঁ, অকলশৰে
অ’ মোৰে লগৰী
বহু ৰাতি হ’ল জানা
বহু গান আজি হ’ল গোৱা
ৰাতি পুৱাবলে অলপ সময়
জানা নে নাজানা
চাওঁ নে নাচাওঁ কৈ চোৱা
দেখি কৰুণ মুখনি
বুকুৱেদি বৈ যাব খোজে
জুই সনা বিষাদ নদী
চাওঁ নে নাচাওঁ কৈ চোৱা
দেখি কৰুণ মুখনি
বুকুৱেদি বৈ যাব খোজে
জুই সনা বিষাদ নদী
যাবলে ওলাই আজি
থমকে কিয় দু-ভৰি, আজানিতে
অ’ মোৰে লগৰী
বহু ৰাতি হ’ল জানা
বহু গান আজি হ’ল গোৱা
ৰাতি পুৱাবলে অলপ সময়
জানা নে নাজানা
পৰিলে মনত মোক পাবা
সপোন নদীৰ পাৰতে
সুধিলে খবৰ মোৰ পাবা
তৰা ভৰা আকাশকে
পৰিলে মনত মোক পাবা
সপোন নদীৰ পাৰতে
সুধিলে খবৰ মোৰ পাবা
তৰা ভৰা আকাশকে
জোনাকত যিমান পোহৰ
সিমান মৰম তোমালে, বুকুভৰি
অ’ মোৰে লগৰী
বহু ৰাতি হ’ল জানা
বহু গান আজি হ’ল গোৱা
ৰাতি পুৱাবলে অলপ সময়
জানা নে নাজানা
মোৰ বাবে চকুলো নুটুকিবা
যোৱাৰ পৰত ক’লো
শোণিতেৰে বুকুত নাম লিখি
আজি দূৰণিলে ওলালোঁ, অকলশৰে
অ’ মোৰে লগৰী
অ’ মোৰে লগৰী
অ’ মোৰে লগৰী
10. দিনৰ পোহৰ ৰংচঙীয়া (মান্না দে) Lyrics
দিনৰ পোহৰ ৰঙ-চঙীয়া
ভাল মানুহৰ খং
ৰাতিৰ আন্ধাৰ গমগমীয়া
চোৰ মাতালৰ ৰঙ
ৰাতি ক’লা, হাবি ক’লা
ক’লা গোম সাপ
তাতকৈ ক’লা জাৰণিৰ
মাজ নিশাৰ বাট
মই মদাহী থাকো হাঁহি
নাই মোৰ খং
ৰাতিৰ আন্ধাৰ গমগমীয়া
চোৰ মাতালৰ ৰঙ
চোৰাং বেহা কৰি
দেহা নিমজ কৰে যি
ভাটি খানাত
ৰাতি সোমাই
হাবিত ঘূৰে সি
নাৰী দেখি মা বুলি দিনত দোৱাই শিৰ
অৰণ্যত ৰাতি সিয়েই
বলাৎকাৰী বীৰ
মুকলিত যি
দেখা বাপু
সব ভাওনাৰ চল
দিনৰ পোহৰ ৰঙ-চঙীয়া
ভাল মানুহৰ খং
ৰাতিৰ আন্ধাৰ গমগমীয়া
চোৰ মাতালৰ ৰঙ
11. লুইতপৰীয়া ডেকা বন্ধু (ভূপেন হাজৰিকা) Lyrics
লুইতৰ পাৰৰ ডেকা বন্ধু
তোমাৰ তুলনা নাই…
লুইত পৰীয়া ডেকা বন্ধু
তোমাৰ তুলনা নাই
জীয়াই থকাৰ যুজঁঅত নামিছা
মৃত্যু শপত খাই…
পূৰণি পুৰুষে হাত সাৱতি
বহুতোহ হেৰুৱালে
উদাৰতাক শতৰুৱে
দূৰ্বলতা ললে
আজি বজ্ৰৰ দৰে গৰ্জন কৰি
শতৰুক ওফৰায়
জীয়াই থকাৰ যুজঁত নামিছা
মৃত্যু শপত খাই…
তোমাৰ পবিত্ৰ সাহত কলংক
সানোতা যিসব আছে
চোৱা এটি এটি কৈ
লাজতে সিহঁতে
নিজৰ সমাধি ৰছে
লুইতে আজি ফেনে ফোটোকাৰে
তীব্ৰ বেগেৰ বলে
তোমাৰ সাহৰ জোৱাৰ দেখি
নতশিৰে প্ৰণামিলে
পৃথিৱীয়ে আজি তোমাৰ পিনে
ডিঙি মেলি চায়
জীয়াই থকাৰ যুজঁঅত নামিছা
মৃত্যু শপত খাই
12. অ' জুৰ মলয়া (মধুমতী গোস্বামী) Lyrics
অ' জুৰ মলয়া
কোন দেশলৈ বাতৰি নিয়া
এই মাটিতেই কঁহুৱা বনত
এবাৰ ৰৈ কৈ যোৱা অ’
তুমি ৰৈ কৈ যোৱা
অ' জুৰ মলয়া
কোন দেশলৈ বাতৰি নিয়া
এই মাটিতেই কঁহুৱা বনত
এবাৰ ৰৈ কৈ যোৱা অ’
তুমি ৰৈ কৈ যোৱা
ফাগুন অহাৰ সময়তে
আকৌ এবাৰ আহি কবানে
ভৰি ৰব যেন মৰমেৰেই
তোমাৰে কথাতেই
অ'... ফাগুন অহাৰ সময়তে
আকৌ এবাৰ আহি কবানে
ভৰি ৰব যেন মৰমেৰেই
তোমাৰে কথাতেই
অ' জুৰ মলয়া
কোন দেশলৈ বাতৰি নিয়া
এই মাটিতেই কঁহুৱা বনত
এবাৰ ৰৈ কৈ যোৱা অ'
তুমি ৰৈ কৈ যোৱা
নতুন আশা আনি দিব
নিতৌ পুৱা গধুলিতে
শৰীৰ অৱশ যেন সৰগৰে
মালতী সুখৰেই
অ'... নতুন আশা আনি দিব
নিতৌ পুৱা গধুলিতে
শৰীৰ অৱশ যেন সৰগৰে
মালতী সুখৰেই
অ' জুৰ মলয়া
কোন দেশলৈ বাতৰি নিয়া
এই মাটিতেই কঁহুৱা বনত
এবাৰ ৰৈ কৈ যোৱা অ'
তুমি ৰৈ কৈ যোৱা
অ' জুৰ মলয়া
কোন দেশলৈ বাতৰি নিয়া
এই মাটিতেই কঁহুৱা বনত
এবাৰ ৰৈ কৈ যোৱা অ'
তুমি ৰৈ কৈ যোৱা
13. কি নাম দি মাতিম (দিপেন বৰুৱা) Lyrics
কি নাম দি মাতিম
মাতিম তোমাক
নিবিড় গোপন কিযে মায়া
কি নামৰে সোণ পৰশত
স্বৰ্ণালীহৈ হিয়া
যি নাম দি মাতা
সেয়ে মিঠা
জীৱন মৰুৰ তুমি ছাঁয়া
চম্পা বনৰ
সুবাস লাগি
উন্মনা মন হিয়া
কি নাম দি মাতিম, মাতিম তোমাক ...
মন আজি মোৰ যায় হ’বলৈ
পলাশৰ এটি ফুল
বনতে সৌ
মন আজি মোৰ যায় হ’বলৈ
পলাতক এটি ভুল
বিচাৰি মৌ
প্ৰজাপতি মন
হয় উন্মন
ফুলে ফুৰে উৰণীয়া
চম্পা বনৰ
সুবাস লাগি
উন্মনা মন হিয়া
কি নাম দি মাতিম, মাতিম তোমাক ...
স্বপ্ন দিলা দুই নয়নত
ছন্দ যি মনত গোপনে মোৰ
তুমি দিলা মোক শিহৰণ
ৰিক্ত হৃদয়ত
সিঁচিলা ফুল
মনৰে ময়ূৰ
স্বপ্ন বিভোৰ
ৰঙে ৰঙে মোহনীয়া
চম্পা বনৰ
সুবাস লাগি
উন্মনা মন হিয়া
কি নাম দি মাতিম
মাতিম তোমাক
নিবিড় গোপন কিযে মায়া
কি নামৰে সোণ পৰশত
স্বৰ্ণালী হয় হিয়া
যি নাম দি মাতা
সেয়ে মিঠা
জীৱন মৰুৰ তুমি ছাঁয়া
চম্পা বনৰ
সুবাস লাগি
উন্মনা মন হিয়া
14. যা যা যা পখী দূৰলৈ (ঋতুপৰ্ণ শৰ্মা) Lyrics
যা যা যা যা, যা পখী দূৰলৈ
যা যা যা যা, যা পখী দূৰলৈ
উৰি উৰি উৰি যা
নীলা আকাশলৈ
ঘূৰি ঘূৰি ঘূৰি চা
মোৰ পথাৰলৈ
মেঘৰ আঁৰে আঁৰে
উৰি উৰি উৰি
আকাশৰে বতৰা
আমাকো দিবি
যা যা যা যা, যা পখী দূৰলৈ
ক’লা মেঘ জমে যদি
তোৰ আশেপাশে
ক’লা মেঘ জমে যদি
তোৰ আশেপাশে
উৰা মাৰি বহিবিহি
মোৰ চোতালতে
যা যা যা যা, যা পখী দূৰলৈ
বতৰৰ বতৰা সময়তে দিবি
মেলি দিয়া সৰিয়হবোৰ
খুটি খুটি খাবি
ওলাবি এদিন, যাম দিগন্তলৈ
যিমানবোৰ নীলা আছে
তাকে আনিবলৈ
কিনো আছে তাতে
দিগন্তৰ সিতো পাৰে
জানিবৰ মোৰ হেঁপাহ আছে
কিনো আছে তাতে
ভাব হয় চৰাইহৈ
উৰি উৰি গৈ
সাত সাগৰ তেৰ নদীৰ বাতৰিকে লৈ
তোৰে সতে কথাপাতি উভতি আহিম
তোৰে মোৰে সেউজীয়া
এই পৃথিৱীলৈ
যা যা যা যা, যা পখী দূৰলৈ
উৰি উৰি উৰি যা
নীলা আকাশলৈ
ঘূৰি ঘূৰি ঘূৰি চা
মোৰ পথাৰলৈ
মেঘৰ আঁৰে আঁৰে উৰি উৰি উৰি
আকাশৰে বতৰা আমাকো দিবি
যা যা যা যা, যা পখী দূৰলৈ
যা যা যা যা, যা পখী দূৰলৈ
15. বিস্তীৰ্ণ পাৰৰে (ভূপেন হাজৰিকা) Lyrics
বিস্তীৰ্ণ পাৰৰে, অসংখ্য জনৰে
হাঁহাকাৰ শুনিও, নিঃশব্দে নিৰৱে
বুঢ়া লুইত তুমি
বুঢ়া লুইত বোৱাঁ কিয়
নৈতিকতাৰ স্খলন দেখিও
মানৱতাৰ পতন দেখিও
নিৰ্লজ্জ অলসভাৱে বোৱাঁ কিয়
জ্ঞানবিহীন নিৰক্ষৰৰ
খাদ্যবিহীন নাগৰিকৰ
নেতৃবিহীনতাত নিমাত কিয়
সহস্ৰ বাৰিষাৰ, উন্মাদনাৰ
অভিজ্ঞতাৰে, পংগু মানৱক
সবল সংগ্ৰামী
আৰু অগ্ৰগামী
কৰি নোতোলা কিয়
ব্যক্তি যদি ব্যক্তিকেন্দ্ৰিক
সমষ্টি যদি ব্যক্তিত্বৰহিত
তেনে শিথিল সমাজক নাভাঙা কিয়
তুমিয়ে যদি ব্ৰহ্মাৰে পুত্ৰ
সেই পিতৃত্ব তেনে নাম মাত্ৰ
নহʼলে প্ৰেৰণা নিদিয়া কিয়
উন্মত্ত ধৰাৰে, কুৰুক্ষেত্ৰৰে
শৰশয্যাতে, আলিঙ্গন কৰা
ভীষ্মৰূপী
অজস্ৰ বীৰক
জগাই নোতোলাঁ কিয়
So, there you are!
The 15 best old Assamese song lyrics that everyone should know.
And if you love old Assamese songs, you might also love our Assamese Song Lyrics Printed T-shirt Collection.
That's because, at FittingFattang.com, we help you wear your favourite songs... in style!
See you soon!