বশিষ্ঠ আশ্ৰমত অৱস্থিত বশিষ্ঠ মন্দিৰৰ ইতিহাস বৈদিক যুগৰ।এই মন্দিৰটো বিখ্যাত ঋষি বশিষ্ট মুনিৰ আশ্ৰয়স্থল বুলি বিশ্বাস কৰা হয়,বাবে ‘বশিষ্ঠ’ নামেও পৰিচিত।
গুৱাহাটীৰ গড় ভাঙ্গা ৰিজাৰ্ভ ঔফৰেষ্টৰ উপকন্ঠত এই মন্দিৰটো আছে, য’ত হাতীৰ সংখ্যা প্ৰচুৰ যদিও লোকসকলে মন্দিৰত উপাসনা কৰে কিন্তু এতিয়াও ঋষি বশিষ্ঠই ধ্যান কৰা গুহা টো মন্দিৰৰ পৰা ৫ কিলোমিটাৰ নিলগত অৱস্থি বুলি বিশ্বাস কৰা হয়।
উমানন্দ বিশ্বৰ আটাইতকৈ ক্ষুদ্ৰ নদীদ্বীপ, ই গুৱাহাটীৰ পাৰত ব্ৰহ্মপুত্ৰ নদীৰ মাজত অৱস্থিত। উমানন্দত বিখ্যাত উমানন্দ দেৱালয় আছে। এই উমানন্দ দেৱালয়ৰ নামৰ পৰায়ে দ্বীপটোৰ নাম উমানন্দ হ’ল।
ব্ৰিটিছসকলে এই দ্বীপটোৰ গঠন অনুসৰি দ্বীপটোৰ নাম পিকক আইলেণ্ড বা ময়ুৰ দ্বীপ বুলি নাম দিছিল। ১৮৮৬ চনত ব্ৰিটিছ চৰকাৰে কৰা জৰীপ অনুসৰি এই মন্দিৰৰ মাটিকালি ১৩ বিঘা ৩ কঠা।
টিলিঙা মন্দিৰ তিনিচুকীয়া জিলাৰ বৰডুবিত অৱস্থিত। এইটো উজনি অসমৰ শিৱক উৎসৰ্গীকৃত এটা বিখ্যাত মন্দিৰ। এই মন্দিৰলৈ দুলীয়াজানৰ পৰা ১০ কিলোমিটাৰ আৰু তিনিচুকীয়া চহৰৰ পৰা ২৫ কিলোমিটাৰ দূৰত্বত আছে।
এই বন্তি গছি এছিয়া বুক অফ ৰেকৰ্ডছ আৰু ইণ্ডিয়া বুক অফ ৰেকৰ্ডছ এ “দীৰ্ঘতম সময়ৰ বাবে প্ৰজ্বলিত বন্তি” বুলি স্বীকৃতি প্ৰদান দিছে। নামঘৰটোৰ মুঠ মাটিকালি ১৩ বিঘা। এই নামঘৰটো ঐতিহাসিক সংযুক্তি আৰু বৃহৎ প্ৰাংগনৰ কাৰণে বৰনামঘৰ নামে পৰিচিত।
10. মহা ভৈৰৱ মন্দিৰ
তেজপুৰ চহৰৰ উত্তৰ দিশত এটা টিলাৰ ওপৰত মহাভৈৰৱ মন্দিৰ অৱস্থিত।
এই মন্দিৰত হিন্দুসকলৰ আৰাধ্য দেৱতা শিৱক পূজা অৰ্চনা কৰা হয়। মূল মন্দিৰৰ ভিতৰত এটা বৃহৎ শিৱলিংগ আছে, লিংগটোৰ উচ্চতা প্ৰায় ৩.২ মিটাৰ আৰু প্ৰস্থ প্ৰায় ২.৩ মিটাৰ।
মহাভৈৰৱ মন্দিৰৰ এই শিৱলিংগ টো এছিয়া মহাদেশৰ বৃহৎ শিৱলিংগ সমূহৰ ভিতৰত লেখত লবলগীয়া।
So, this brings us to the end of our list of the top 10 famous temples in Assam.
We hope our list will help you plan your visit to these temples to seek blessings or pay your homage.
For more content such as this, do keep following our blog.