Menu

  1. Home
  2. Blog
  3. Top 10 Famous Temples in Assam

Top 10 Famous Temples in Assam

by FittingFattang.com, 29 Dec 2024

Assam has always been a land of spirituality.

 

It has been a birthplace of different spiritual and religious traditions since ancient times.

 

No wonder, it has several temples that are steeped in rich history and legacy.

 

In today's blog post, we will cover 10 such temples where pilgrims and worshippers have sought blessings across the centuries.

 

So, let's dive in.

 

   1. কামাখ্যা মন্দিৰ 

 কামাখ্যা মন্দিৰ গুৱাহাটীৰ নীলাচল পাহাৰত অৱস্থিত। ভাৰতৰ ৫১ টা শক্তিপুঠৰ ভিতৰত এটা প্ৰাচীনতম শক্তিপীঠৰ আটাইতকৈ পুৰণি। কামাখ্যা দেৱীৰ এই মন্দিৰকেই অসমৰ সবাতোকৈ প্ৰসিদ্ধ আৰু প্ৰভাৱশালী মন্দিৰ বুলি ভবা হয়।

 অতি প্ৰাচীন কালৰে পৰাই অসমৰ ইতিহাসৰ ৰাজনৈতিক আৰু ধাৰ্মিক দুয়ো দিশতে শক্তি উপাসনাৰ কেন্দ্ৰস্থল কামাখ্যাই অতিশয় গুৰুত্বপূৰ্ণ প্ৰভাৱ বিস্তাৰ কৰি আহিছে।

 কামাখ্যা মন্দিৰৰ নিৰ্মাণকৰ্তা হিচাপে প্ৰবাদ অনুসৰি নৰকাসুৰ আৰু ইতিহাস   অনুসৰি কোচ নৃপতি মহাৰাজ বিশ্বসিংহ, তেওঁৰ পুত্ৰ নৰনাৰায়ণ আৰু চিলাৰায়ৰ কথা জনা যায়।

 মন্দিৰৰ শেষৰ অংশ (নৃত্য মণ্ডপ) আহোম স্বৰ্গদেউ ৰাজেশ্বৰ সিংহৰ দিনত সংযোজন কৰা হয়। ইয়াত আহোম ড্ৰেগন ঙি ঙাও খামৰ ভাস্কৰ্য‌ও দেখা যায়। 

 

   2. নেঘেৰিটিং শিৱদৌল 

 নেঘেৰিটিং শিৱদৌল অসমৰ গোলাঘাট জিলাৰ অন্তৰ্গত দেৰগাঁও নগৰৰ পৰা পূৱফালে ৬ কিলোমিটাৰ মান আঁতৰত সুন্দৰ প্ৰাকৃতিক পৰিৱেশৰ মাজত অৱস্থিত।

 নেঘেৰিটিং শিৱদৌলটো দুশ বছৰৰো অধিক পুৰণি বুলি অনুমান কৰা হৈছে। তিনি কুৰি পোন্ধৰটা শিলৰ চিৰি উঠি গৈ প্ৰায় বিশ গজমান চিৰি নোহোৱা ক্ৰমান্বয়ে ওপৰলৈ উঠি যোৱা বাট অতিক্ৰম কৰি মন্দিৰৰ লোহাৰ গেটখন পোৱা যায়।

 গেটৰ পৰা এশ গজ গলেই মন্দিৰৰ বাট চ'ৰা পোৱা যায়। চৌহদৰ দহবিঘা   মাটিৰ মাজতে মন্দিৰটো  অৱস্থিত। মন্দিৰটো প্ৰথমে কছাৰীয়ে খ্রীষ্টীয় ৮ম-৯ম  শতাব্দীৰ ভিতৰত তৈয়াৰ  কৰিছিল। যদিও, এইটো প্ৰাকৃতিক দুৰ্যোগত বহুবাৰ ধ্বংস হৈ যায় আৰু মন্দিৰৰ বৰ্তমান ৰূপটো আহোম ৰজা   ৰাজেশ্বৰ সিংহই নিৰ্মাণ কৰিছিলে।

 সুন্দৰভাবে সজোৱা শিৱ দৌলটোৰ চাৰিও কোণত চাৰিটা ক্ষুদ্র দৌলৰ দ্বাৰা সজ্জিত। শিৱ দৌলৰ সৈতে সংলগ্ন  প্রায় ৩ফুট ব্যাসৰ বান লিঙ্গক লৈ গঠিত  য’ত গণেশ, বিষ্ণু, দুৰ্গা আৰু সূৰ্য আদি ক্ষুদ্র দৌলবোৰ নিৱিষ্ট।

 

   3.  শিৱ দৌল 

 শিৱসাগৰৰ প্ৰাণকেন্দ্ৰ বৰ পুখুৰীৰ পাৰত অৱস্থিত শিৱ দৌলটো, শিৱ দৌল, বিষ্ণু দৌল আৰু দেৱী দৌলৰ সৈতে অন্তৰ্ভুক্ত সংগ্ৰাহলয় তথা তিনিটা হিন্দু মন্দিৰৰ আন্তঃগাথঁনিৰে গঠিত এক সমন্বয়ৰ কৃতি চিহ্ন।

 শিৱ দৌল, বিষ্ণু দৌল, দেৱী দৌল ক্ৰমে ভগৱান শিৱৰ, ভগৱান বিষ্ণুৰ,আৰু দেৱী দূৰ্গাৰ দ্বাৰা নিৱিষ্ট। ৮ ফুট ওখ সোণৰ গম্বুজৰ দ্বাৰা সুসজ্জিত, শিৱ দৌলৰ উচ্চতা ১০৪ ফুট আৰু মন্দিৰৰ ভেটিৰ পৰিধি হিচাপে ১৯৫ ফুট।

 

   4. কেদাৰেশ্বৰ মন্দিৰ 

কেদাৰেশ্বৰ মন্দিৰটো ১৭৫৩ চনত আহোম ৰজা ৰাজেশ্বৰ সিংহৰ দ্বাৰা নিৰ্মিত ভগৱান শিৱক উৎসৰ্গীকৃত এটা গুৰুত্বপূৰ্ণ মধ্যযুগী মন্দিৰ। এই মন্দিৰটো গুৱাহাটীৰ পৰা প্ৰায় ৩২ কিলোমিটাৰ দূৰত্বত হাজোৰ মদন চালা পাহাৰৰ টিলাত অৱস্থিত।

এইটো এটি বিৰল স্বয়ম্ভূ (স্ব-উৎস) ভগৱান শিৱৰ অৰ্ধ নাৰেশ্বৰ (পুৰুষ আৰু মহিলা) লিঙ্গবোৰৰ ভিতৰত অন্যতম এটা মন্দিৰ। ‘লিঙ্গ’টো পুৰোহিত সকলে   ধাতৱৰ বাটিৰে ঢাকি ৰাখিছে।

 

   5. বশিষ্ঠ মন্দিৰ 

   গুৱাহাটী চহৰৰ দক্ষিণ-পূব কোণত অৱস্থিত বশিষ্ঠ মন্দিৰটো ১৭৬৪ চনত আহোম ৰজা ৰাজেশ্বৰ সিংহৰ দ্বাৰা নিৰ্মিত এটা শিৱ মন্দিৰ।

   বশিষ্ঠ আশ্ৰমত অৱস্থিত বশিষ্ঠ মন্দিৰৰ ইতিহাস বৈদিক যুগৰ।এই মন্দিৰটো বিখ্যাত ঋষি বশিষ্ট মুনিৰ আশ্ৰয়স্থল বুলি বিশ্বাস কৰা হয়,বাবে ‘বশিষ্ঠ’ নামেও পৰিচিত।

   গুৱাহাটীৰ গড় ভাঙ্গা ৰিজাৰ্ভ ঔফৰেষ্টৰ উপকন্ঠত এই মন্দিৰটো আছে, য'ত হাতীৰ সংখ্যা প্ৰচুৰ যদিও লোকসকলে মন্দিৰত উপাসনা কৰে কিন্তু এতিয়াও ঋষি বশিষ্ঠ‌ই ধ্যান কৰা গুহা টো মন্দিৰৰ পৰা ৫ কিলোমিটাৰ নিলগত অৱস্থি বুলি বিশ্বাস কৰা হয়।

   মন্দিৰটো মেঘালয় পাহাৰৰ পৰা উৎপন্ন জলাধাৰাৰ তীৰত অৱস্থিত, যিটো ধাৰা চহৰখনৰ মাজেৰে প্ৰবাহিত হৈ বশিষ্ঠ আৰু ভৰলু নদীত পৰিণত হয়।

 

   6. উমানন্দ মন্দিৰ 

   উমানন্দ বিশ্বৰ আটাইতকৈ ক্ষুদ্ৰ নদীদ্বীপ, ই গুৱাহাটীৰ পাৰত ব্ৰহ্মপুত্ৰ নদীৰ মাজত অৱস্থিত। উমানন্দত বিখ্যাত উমানন্দ দেৱালয় আছে। এই উমানন্দ দেৱালয়ৰ নামৰ পৰায়ে দ্বীপটোৰ নাম উমানন্দ হ'ল।

   ব্ৰিটিছসকলে এই দ্বীপটোৰ গঠন অনুসৰি দ্বীপটোৰ নাম পিকক আইলেণ্ড বা ময়ুৰ দ্বীপ বুলি নাম দিছিল। ১৮৮৬ চনত ব্ৰিটিছ চৰকাৰে কৰা জৰীপ অনুসৰি এই মন্দিৰৰ মাটিকালি ১৩ বিঘা ৩ কঠা।

   ১৬৯৪ চনত আহোম স্বৰ্গদেউ গদাধৰ সিংহয়ে গড়গঞা সন্দিকৈ ফুকনক উমানন্দ মন্দিৰ নিৰ্মাণ কৰিবলৈ আদেশ দিছিল। ১৮৯৭ চনৰ ভূমিকম্পত এই মন্দিৰৰ বিস্তাৰ ক্ষতি সাধন কৰিছিল, তাৰ পাছত স্থানীয় সদাগৰে ইয়াৰ পুনৰ নিৰ্মাণ কৰে। এই মন্দিৰত বৈষ্ণৱ আৰু শৈৱ দুয়ো শৈলীৰ মিশ্ৰিত আৰু স্পষ্ট নিদৰ্শন পোৱা যায়।

 

   7. টিলিঙা মন্দিৰ 

   টিলিঙা মন্দিৰ তিনিচুকীয়া জিলাৰ বৰডুবিত অৱস্থিত। এইটো উজনি অসমৰ শিৱক উৎসৰ্গীকৃত এটা বিখ্যাত মন্দিৰ। এই মন্দিৰলৈ দুলীয়াজানৰ পৰা ১০ কিলোমিটাৰ আৰু তিনিচুকীয়া চহৰৰ পৰা ২৫ কিলোমিটাৰ দূৰত্বত আছে। 

   ১৯৬৫ চনত এই মন্দিৰটো প্ৰতিষ্ঠা কৰা হৈছিল। হাজাৰ হাজাৰ কাহঁ, পিতল, তাম, ব্ৰঞ্জৰ টিলিঙা ওলোমাই ৰখা গছ এভালক কেন্দ্ৰ কৰি এই মন্দিৰটো সাজি উলিওৱা হৈছে।

 

   8. নৱগ্ৰহ মন্দিৰ 

    নৱগ্ৰহ মন্দিৰ হৈছে অসমৰ গুৱাহাটীৰ চিত্ৰাচল পাহাৰত অৱস্থিত এটা প্ৰাচীন মন্দিৰ। মন্দিৰটো হিন্দু জ্যোতিৰ্বিদ্যাৰ নটা প্ৰধান আকাশৰ সৌৰমণ্ডলৰ দ্বাৰা উৎসৰ্গীকৃত। এই গ্ৰহ সমুহ হৈছে সূৰ্য, চন্দ্ৰ, মঙ্গল,বুধ, বৃহস্পতি, শুক্ৰ, শনি, ৰাহু, আৰু কেতু।

    এই মন্দিৰটোৰ মিনাৰ আৰু ডাঙৰ এটা অংশ ভূমিকম্পত ধ্বংস হোৱা বাবে পুনৰ নিৰ্মাণ কৰা হৈছিল। বৰ্তমানৰ এই মন্দিৰটো ৰজা ৰাজেশ্বৰ সিংহই ১৭৫২ চনত তৈয়াৰ কৰিছিল।

 

   9. ঢেঁকীয়াখোৱা বৰনামঘৰ 

   ঢেঁকীয়াখোৱা বৰনামঘৰ সন্ত-সংস্কাৰক মাধৱদেৱৰ দ্বাৰা ১৫২৮ চনত (১৪৫০ শক) প্ৰতিষ্ঠিত।

  অসমৰ যোৰহাট নগৰৰ পৰা প্ৰায় ১৫ কিলোমিটাৰ পূৱত অৱস্থিত। ই ৩৭ নং ৰাষ্ট্ৰীয় ঘাইপথৰ পৰা প্ৰায় ৩.৫ কিলোমিটাৰ দূৰৰ ঢেঁকীয়াখোৱা গাঁৱত  অৱস্থিত।

  মহাপুৰুষ মাধৱদেৱে এই স্থানতে এগছি বন্তি জ্বলাইছিল, যিগছি বন্তি সুদীৰ্ঘ ৪৯৪ বছৰ ধৰ্মপ্ৰাণ ৰাইজে জ্বলাই ৰাখিছে।

  এই বন্তি গছি এছিয়া বুক অফ ৰেকৰ্ডছ আৰু ইণ্ডিয়া বুক অফ ৰেকৰ্ডছ এ “দীৰ্ঘতম সময়ৰ বাবে প্ৰজ্বলিত বন্তি” বুলি স্বীকৃতি প্ৰদান দিছে। নামঘৰটোৰ মুঠ মাটিকালি ১৩ বিঘা। এই নামঘৰটো ঐতিহাসিক সংযুক্তি আৰু বৃহৎ প্ৰাংগনৰ কাৰণে বৰনামঘৰ নামে পৰিচিত।

 

   10. মহা ভৈৰৱ মন্দিৰ 

   তেজপুৰ চহৰৰ উত্তৰ দিশত এটা টিলাৰ ওপৰত মহাভৈৰৱ মন্দিৰ অৱস্থিত।

   এই মন্দিৰত হিন্দুসকলৰ আৰাধ্য দেৱতা শিৱক পূজা অৰ্চনা কৰা হয়। মূল মন্দিৰৰ ভিতৰত এটা বৃহৎ শিৱলিংগ আছে, লিংগটোৰ উচ্চতা প্ৰায় ৩.২ মিটাৰ আৰু প্ৰস্থ প্ৰায় ২.৩ মিটাৰ। 

   মহাভৈৰৱ মন্দিৰৰ এই শিৱলিংগ টো এছিয়া মহাদেশৰ বৃহৎ শিৱলিংগ সমূহৰ ভিতৰত লেখত লবলগীয়া। 

 

So, this brings us to the end of our list of the top 10 famous temples in Assam.

 

We hope our list will help you plan your visit to these temples to seek blessings or pay your homage.

 

For more content such as this, do keep following our blog.

 

Until next time...

 

Keep the faith.