No products in the cart.
Return To ShopNo products in the cart.
Return To ShopNo products in the cart.
Return To ShopNo products in the cart.
Return To Shop
Assamese rap is on the rise, blending bold lyrics, local flavor, and raw emotions into powerful beats.
If you’re searching for the most fire Assamese Rap Song Lyrics, you’ve come to the right place.
From street stories to cultural pride, here are some of the best bars straight from Assam’s vibrant rap scene.
কোনে খালে চেনি আৰু কোনে গুড় খালে?
পিঠাগুৰি-ভীমকল খাই অলপ জোৰ পালে
খোৱা-বোৱা পিচত হ’ব, চোৱাঁ অলপ মোৰ ফালে
ধেমালিতে কোৱা কথা গৈ বহুদূৰ পালে
কোনে খালে চেনি আৰু কোনে গুড় খালে?
পিঠাগুৰি-ভীমকল খাই অলপ জোৰ পালে
খোৱা-বোৱা পিচত হ’ব, চোৱাঁ অলপ মোৰ ফালে
ধেমালিতে কোৱা কথা গৈ বহুদূৰ পালে
ধোঁৱা-ধোঁৱা চাৰিওফালে, কোনে খালে cigarette?
সৰু সৰু মাইনা আজি hostel-ত liberate
হাঁওফাঁওত জুই লাগিল, হাত দাঙিল liver-এ
খাওঁ খাওঁ বুলি ভাবি পানী পৰিল জিভাৰে
সিপাৰে সি আছে ৰঙানদী-পাৰত
জুই ফুঁৱাই হাত-ভৰি ৰঙা পৰিল জাৰত
মাঁয়ে আহি চৰ দিলে ৰঙা কৰি গালত
মদ খাই ল’ৰা বোলে ধৰা পৰিল bar-ত
মাইনা main, তাইৰ cool cool life
Social media-ত লাগে দুৰ্ঘোৰ fight
খেতি নকৰে সি কোৰ-চোৰ বাই
So what? তাৰ choice, তাৰ ভুল-চুল নাই
মাইনা main, তাইৰ cool cool life
Social media-ত লাগে দুৰ্ঘোৰ fight
খেতি নকৰে সি কোৰ-চোৰ বাই
So what? তাৰ choice, তাৰ ভুল-চুল নাই
বাকী ল’লে গিলাচত, উঠিলে বুৰ্-বুৰণি
এক ঢোক খাই পেলাই কথা দূৰ-দূৰণিৰ
কথা তোৰ-মোৰ, কথাবোৰ পুৰণি
পিচদিনা শুই উঠি হ’ল মূৰ-ঘূৰণি
বাকী ল’লে গিলাচত, উঠিলে বুৰ্-বুৰণি
এক ঢোক খাই পেলাই কথা দূৰ-দূৰণিৰ
কথা তোৰ-মোৰ, কথাবোৰ পুৰণি
পিচদিনা শুই উঠি হ’ল মূৰ-ঘূৰণি
হঠাৎ ভাঙিল টোপনি যে নোট পৰিৱৰ্তন
খিৰিকীৰে মূতি দিলে, মূত পৰিল মৰ্ত্যত
ধাঁই-ধুঁই bike চলায়, যুগ পৰিৱৰ্তন
ৰঙা-নীলা চুলি বোলে look পৰিৱৰ্তন
ভঙা ভঙা চাইকেলত half paddle, ল’ৰালি
ৰঙা-বগা চোলা আৰু half jacket, খৰালি
লাঙিজালত ঢোঁৰা-সাপ, ক’ত পলাল বৰালি?
বিচাৰচোন, বিচাৰচোন, বিচাৰ
কিনো কৰি আছ, লগা অলপ ঠেলা-হেঁচা
বাঃ কি সুগন্ধ! চৌপাশে গেলা-পচা
গেলি থকা সমাজখন চাফ-চিকুণ কৰিবলে
ক’ৰ পৰানো উঠি আহে, মানুহবিলাক এলা-পেচা
ফালি ফালি packet-টো পেলাই দে (পেলাই দে)
দেশ-জাতি ৰসাতলে, তয়ো অলপ গেলাই দে
বাঢ়ি আছে population জেগাকণ নুজুৰিলে সবে মিলি পকাতে ঢেলাই দে
নিজকে অলপমান ফাঁকি দে বোপাই
দেখিও চকুটো ঢাকি দে বোপাই
ভাল হ’ব পৰীক্ষা, চিন্তা কিয় কৰিছ?
গৈ পেলাই মন্দিৰত চাকি দে বোপাই
নিজকে অলপমান ফাঁকি দে বোপাই
দেখিও চকুটো ঢাকি দে বোপাই
ভাল হ’ব পৰীক্ষা, চিন্তা কিয় কৰিছ?
গৈ পেলাই মন্দিৰত চাকি দে বোপাই
কাম-বন নাই, পৰি আছোঁ, ধূৰ্ত
এলাহতে পাৰ হয় প্ৰতিটো মুহূৰ্ত
সামাজিক মাধ্যমত সমাজখন হেৰালে
ভাল চিন্তাৰ নাই শুংসূত্ৰ
কাম-বন নাই, পৰি আছোঁ, ধূৰ্ত
এলাহতে পাৰ হয় প্ৰতিটো মুহূৰ্ত
আহি কৰিলে চব লণ্ডভণ্ড
হ’ল নিচা চাগে’ খাই গো-মূত্ৰ
কোনে খালে চেনি আৰু কোনে গুড় খালে?
পিঠাগুৰি-ভীমকল খাই অলপ জোৰ পালে
খোৱা-বোৱা পিচত হ’ব, চোৱাঁ অলপ মোৰ ফালে
ধেমালিতে কোৱা কথা গৈ বহুদূৰ পালে
কোনে খালে চেনি আৰু কোনে গুড় খালে?
পিঠাগুৰি-ভীমকল খাই অলপ জোৰ পালে
খোৱা-বোৱা পিচত হ’ব, চোৱাঁ অলপ মোৰ ফালে
ধেমালিতে কোৱা কথা গৈ বহুদূৰ পালে
2. Xullo Son by Debabrata Gogoi
আজিতো চাই দেখি নাপাওঁ যদিও সপোনে তোমাৰে নাম কয়
তোমাৰো আজৰি খুজিব নোৱাৰোঁ আগৰ কথাবোৰ ভাবি ৰৈ
চাৰিওফালে মিছা মাতৰে সুহুৰি, ধৰিব পৰা নাই এই জীৱন
নাজানো, নুবুজোঁ, যাবও নোৱাৰোঁ, ঘূৰাই দিয়াঁ মোক ১৬ চন
য’ত মোৰ দুখ নাই, য’ত সুখৰ ভোক নাই
য’ত তাইৰ চকুযুৰি, তাই মোক হাঁহি চায়
য’ত মন-ফুলনি, নিৰলে থাকোঁ আমি
য’ত মই ক’ব পাৰোঁ তাই মোক ভাল পায় বুলি
আহিলে মনৰে মৌনতা, নিজৰে মনতে মগ্ন তাই
হাতত ধৰি ৰাখিব নোৱাৰি নদীৰ দৰে উটি যায়
আশা-প্ৰতিশ্ৰুতি থমকি ৰ’ল, ৰংবোৰো কিবা নোহোৱা হ’ল
লাহে লাহে কৰি নিজকে বুজালোঁ- “তাই তোক এৰি গুচি গ’ল”
আহিলে মনৰে মৌনতা, নিজৰে মনতে মগ্ন তাই
হাতত ধৰি ৰাখিব নোৱাৰি নদীৰ দৰে উটি যায়
সহিব নোৱাৰি ভাঙিলোঁ মই, কোঠাতে নিজকে বান্ধিলোঁ থৈ
মনক বান্ধি ৰাখিলোঁ যদিও আছিল চকুপানী বৈ
আজিও চাই নেদেখোঁ মই, আজিও সপোনে তোমাৰে নাম কয়
যদিও নোহোৱা মোৰ তথাপিও সপোন ৰাখিছোঁ সাঁচি থৈ
নালাগে আনিব সুখৰে বতৰা, নালাগে ভাঙিব মোৰ মন
ৰং সানিবলৈ নাহিবাঁ তুমি, নালাগে ঘূৰাই ১৬ চন
3. সৰু মানুহ by Kool D x Krishi
আমিতো সৰু মানুহ, সৰু হৈয়ে থাকিম
আমিতো সৰু মানুহ, সৰু মানুহ, সৰু মানুহ
আমিতো সৰু মানুহ, সৰু হৈয়ে থাকিম
ফটা কাগজতে সপোনবিলাক আঁকিম
মিছা চাল মাৰি নিদিওঁ নিজক ফাঁকি
জেপত টকা নাথাকিলেও সপোন বহুত বাকী
আমিতো সৰু মানুহ, সৰু হৈয়ে থাকিম
আমিতো সৰু মানুহ, সৰু মানুহ, সৰু মানুহ
আন্ধাৰ ৰাতি পোহৰ বিলাম জ্বলাই এটা চাকি
হেঁপাহতে উৰি আছোঁ, কলমটো মোৰ পাখি
পলম হ’ব বাটত আৰু হ’ব চাগে ৰাতি
জেপত টকা নাথাকিলেও সপোন বহুত বাকী
আমিতো সৰু মানুহ, সৰু হৈয়ে থাকিম
আমিতো সৰু মানুহ, সৰু মানুহ, সৰু মানুহ
সি হাঁহিছে দুখতে, হৈছেগে পগলা, জাগিছে ভোকতে
সি মাগিছে শান্তি, পাহৰি কষ্ট, হাঁহি তাৰ মুখতে
সি ভাগিছে বিষাদত, নীৰৱে অকলে বহিছে চুকতে (চুকতে)
সি ভাবিছে কথাবোৰ, নিৰুপায়, পৰিছে নিজৰে ৰোষতে
তোৰতো টকা নাই, তোক লৈ কোনেও মৰমৰ ছবিখন অঁকা নাই
তোৰতো টকা নাই, হ’ব দে তাতেনো কিটো হ’ল একোতো কথা নাই
তোৰতো টকা নাই, তোৰ পথাৰৰ ফচলো সময়ত পকা নাই
তোৰতো টকা নাই, যুঁজিছ ভিতৰত, কিয় মন খুলি তই বকা নাই?
তোৰতো টকা নাই, তোৰতো টকা নাই (তোৰতো টকা নাই)
Aye, ফটা গেঞ্জী, তলফালে half-pant
ফটা ভাগ্য লৈ বেলেগলে হাত মেল
সৰু মানুহ তই সৰু হৈ থাক, বৰ সপোন ৰচিবলে কিহৰ এই বাঘতেল!
ফটা গেঞ্জী, তলফালে half-pant
ফটা ভাগ্য লৈ বেলেগলে’ হাত মেল
সৰু মানুহ তই সৰু হৈ থাক, বৰ সপোন ৰচিবলে কিহৰ এই বাঘতেল!
আমিতো সৰু মানুহ, সৰু হৈয়ে থাকিম
আমিতো সৰু মানুহ, সৰু মানুহ
শুদ্ধ পথত যুদ্ধ কৰিম, ৰুদ্ধ কৰে মাত কোনে!
মনত বেছি চেকা হ’লে ধৰিব তোৰ গাত ঘূণে
ধনত বেছি আঠা, চাবি লাগিব তোৰ লেঠা
জেপত টকা নাথাকিলেও সুখী আমি লাখগুণে
(সুখী আমি লাখগুণে)
তই মনতে ধনী নে ধনতে?
টকা পাই আৱেগো বেচিলি কমতে
তোৰ দূৰৰ পৰা ঘৰতো চমকে
ভিতৰত অশান্তি, সুখবোৰ থমকে
ভালকে ভাবিবি কথাবোৰ নাইবা তই একোকে নাপাবি গমকে
সময় তোৰ লাগিব বুজিবলে কথা, ভুকুতে কলটো নপকে
কিবাতো থাকিব অৰ্থ নাইবাতো এনেই সি beat-তে নবকে
সুখৰে সন্ধানত বিলাওঁতে দক্ষিণা চাবি দেই ঠগিব গণকে
আমিতো সৰু মানুহ, সৰু হৈয়ে থাকিম
ফটা কাগজতে সপোনবিলাক আঁকিম
মিছা চাল মাৰি নিদিওঁ নিজক ফাঁকি
জেপত টকা নাথাকিলেও সপোন বহুত বাকী
আমিতো সৰু মানুহ, সৰু হৈয়ে থাকিম
ফটা কাগজতে সপোনবিলাক আঁকিম
4. শূণ্য by Kool D & Zupiter
মই চাব খোজোঁ এনে এক ঠাই য’ত
নাই মই আজি আৰু নাই মোৰ ছায়া
Really don’t wanna chase anything ’cause
দুদিনৰ জীৱন আৰু দুদিনৰ মায়া
মই চাব খোজোঁ এনে এক ঠাই য’ত
নাই মই আজি আৰু নাই মোৰ ছায়া
Really don’t wanna chase anything ’cause
দুদিনৰ জীৱন আৰু দুদিনৰ মায়া
মই চাব খোজোঁ এনে এক ঠাই য’ত
নাই মই আজি আৰু নাই মোৰ ঠিকনা
কোনোমতে মাথোঁ আছোঁ জীয়াই
মোৰ হৃদয়ত আজি আৰু নাই উদ্দীপনা
চিনাকি বহুত, চিনাকি অযুত
সহায়ৰ হাত লাগে যদি চিনাকি মজুত
পিচে নিজকে কিয় বাৰু নিচিনিলোঁ আজিলৈকে?
হৃদয়ত দেখোঁ কিয় অচিনাকি মোক?
অনাই-বনাই ফুৰিছোঁ ঘূৰি মই বিচাৰি হেৰুওৱা বাটৰ দিশ
যুঁজিছোঁ কিয় মই নিজৰে লগতে! আচলতে এটা সাঁথৰ ই
বিচৰা নাই মই চিনাকি চেহেৰা, যাবলৈ খুজি মই আঁতৰি
নিজৰে মাজতে মগন, আজি মোক নালাগে কাৰোৰে বাতৰি
নিজেই নিজৰ শত্ৰু, মই সঁচা মহাপাগল
বৰ্ষাৰ নহয় পানী, এইয়া চকুৰে অহা জাগল
টুলুঙা মোৰ নৌকা গৈ পালে মহাসাগৰ
মই ডুবি যাব খোজোঁ, আজি লাগিছে বৰ ভাগৰ
ক’ব খোজোঁ বহুকথা বুকু ফালি
পিচে আৱেগবোৰ থমকি ৰয় দুকোঠালীত
তাতে বহোঁ আৰু সময়বোৰ জোখোঁ বালিত
বৈ যোৱাঁ নৈ আৰু লোৱাঁ তাতে মোকো ঢালি
মই ক’ব খোজোঁ বহুকথা বুকু ফালি
পিচে আৱেগবোৰ থমকি ৰয় দুকোঠালীত
তাতে বহোঁ আৰু সময়বোৰ জোখোঁ বালিত
বৈ যোৱাঁ নৈ আৰু লোৱাঁ তাতে মোকো ঢালি
ধূলিকণা ময়ো, মোৰোনো কি চিন-চাব!
ফোঁপোলা জীৱন, ইয়াত মৰে মানুহ চিন্তাত
5. এইখনি গাওঁ বুকুৰ আপোন (Rap Version ) by Yu9g Nicky
এইখনি গাওঁ বুকুৰ আপোন
ইয়াতে দেখোঁ নতুন সপোন
কোনে জুমি চায় জুৰিত দাপোন?
ফুলৰ পাতত সাজোন-কাচোন
ওঁ, তাৰ পৰা গুচি গ’লটো মই
ওঁ, তাৰ পৰা দূৰত গ’লো মই
ওঁ, আজি পঢ়ি চালোঁ নতুন Notice
ওঁ, আজি কৰি চালোঁ নতুন Practice
দেউতাই মোক Phone কৰি মাতি পঠালে গাঁৱত
গুচি গ’লো ব্ৰহ্মপুত্ৰ পাৰ কৰি নাৱত
মাৰ বোলে বৰকৈ মনত পৰিছে মোলৌ
নৰখি মই গুচি গ’লো আজি মই গাঁৱলৈ
এইখনি গাওঁ বুকুৰ আপোন
ইয়াতে দেখোঁ নতুন সপোন
কোনে জুমি চায় জুৰিত দাপোন?
ফুলৰ পাতত সাজোন-কাচোন
এই গাওঁ আপোন আপোন
এই গাওঁ নিচেই আপোন
(এই গাওঁ নিচেই আপোন)
গাঁৱৰ পৰা গ’লো মই Back (অঁ-হঁ)
Semester- ত লাগিছিল Back (অঁ-হঁ)
দেউতাই দিছিলে Slap (অঁ-হঁ)
লগৰবোৰে মাৰিছিল Clap (অঁ-হঁ)
মানুহবোৰৰ কথাবোৰ Crazy
হৈ গৈছিলো lazy
মানুহবোৰৰ কথাবোৰ Crazy
হৈ গৈছিলো (অঁ-হঁ)
সৰু-বৰ নাই ইগাঁৱত সমূলি
উলাহত হওঁ উদুলি-মুদুলি
চেনেহৰ এই বান্ধোন
চেনেহৰ এই বান্ধোন
ফুলৰ পাতত সাজোন-কাচোন
এই গাওঁ আপোন আপোন
এই গাওঁ নিচেই আপোন
(এই গাওঁ নিচেই আপোন)
এই গাওঁখনি নিচেই আপোন
দেখিছোঁ ইয়াত মই বহুত সপোন
শুৱনি পৰিৱেশ, মন মোৰ মুকলি কৰি ইয়াত
পথাৰতে বহি লিখিছোঁ আধুনিক কবিতা
পিন্ধিছোঁ ধুতি, মই কান্ধত লৈছোঁ নাঙল
কৰিছোঁ মই খেতি, দেখোঁ সপোন বহুত ডাঙৰ
ল’ৰা হ’লো গাৱঁৰ, জীৱন খেতিপথাৰৰ মাজত
অনুভৱবোৰ জীৱনৰ মই শুনাই দিছোঁ গানত
গাঁৱলে’ মনত পৰে, সৰুকালৰ কাহিনী
তাতে থাকোঁতে পৰিছিলোঁ প্ৰেমত এজনী ছোৱালীৰ
সৰুকালৰ প্ৰেম আছিল, সেইবোৰ আছিল ধেমালি
কিন্তু মনত থাকি যাব তাই মাৰি যোৱা টঙালি
6. অঘাইতং by Kool-D × Hamazik
অঘাইতং ল’ৰাটো মই অঘাইতং
বেছি হ’লে উৎপাত তোৰ কানত ধৰি পকাই থম
আঘাইতং ল’ৰাটো মই আঘাইতং
বেছি হ’লে উৎপাত তোৰ কানত ধৰি পকাই থম
বকি যাম যি তি মোৰ ভুল হ’লেও হ’ব
চকীখন নালাগে মোক টুল হ’লেও হ’ব
Slimfit নহ’লেও মোক গোল হ’লেও হ’ব
আৰু মাংস হ’লে খতম অলপ জোল হ’লেও হ’ব
চাইকেল খন চলাওঁ সেয়ে নালাগে মোক তেল ডিপু
ৰাষ্টাত বৰ ভিৰ হ’লে জোৰ কে মই বেল টিপোঁ
ভালদৰে যাবি চাবি খাবি তইও বেলতিটো
পূজাত লাগে জেলপি টো শব্দত মই খেল জিকো
শব্দবোৰ ওলাই আমাৰ Wholesale ত
PUB G ৰে দিনটো আমি Busy থাকো বল খেলত
Selfie খন লবলে দে Long Fell ত
আৰু স্বাস্থ্য ভাল ৰাখিবলে খাদ্য ৰান্ধি বন তেলত
কাপোৰ কানি জধলা মোৰ চুলিতো নাই তেল টোঙা
দিনে ৰাতি বিছনাতে পৰি দিওঁ ধেল টোঙা
শব্দবোৰ লৈ আহিছোঁ ভৰাই দিম তই মেল ঠোঙা
মায়া ঘৰ দেখাম মই দেখাম তোক Hell কুনা
বিপদতো লগতে থাকে মানুহতো যাওঁ জেনিয়ে
ডেকা লৰা বিছনা ভাঙে Mobile ত চাই D-niel
Bryn আৰু John Cena ৰ কাজিয়া
মই আমগুৰিত Show কৰি যাম ঘূৰি নাজিৰা
ৰাষ্টাত মই মেল পাতো কথাৰে
মোৰ যোগ্যতা কিমান তই নোজোখিবি বঁটাৰে
টোফানি Flow… টোফানি Flow…
তোক উৰাই নিব, উৰাই নিব, উৰাই নিব বতাহে
Classত গৈ বহো সদায় Back Seat ত
কৰুণাময় পৰিবেশ মোৰ ভৰষা নাই Vaccine ত
Vibe নাপাওঁ আমি কাৰো Freak Seat ত
আৰু Brush দিলে দুটা মানে মূতি দিব Bed Sheetত
বিষাক্ত Flow…
যেন পানী ওলায় দমকলত
City Life বেকাৰ মোৰ মন থাকে জংঘলত
Organic Bro আগবঢ়া নাই মই ধন বলত
এলাহতো Pro মই সুমাই থাকো কম্বলত
বহু মানুহ আহিব তোৰ ভাল দিনত
ধূলি খিনি গুচাবলৈ পানী ধালো বাল্টিঙত
Flow তো যায় ফৰকাটিং লামডিং ত
পিছে flight ত নাই উঠা কাৰণ Problemটো Funding ত
ৰাষ্টাতে পৰি আছিল (JCB)
Kuch To He Garbadh মানে Daya আৰু ACP
Rap তো মোৰ খানা ইয়াত বিলাই দিম মই Rec ipe
ঘৰে ঘৰে নেমুটেঙা Vibe তো বৰ Acidic
পাহাৰ নহয় পৰ্বত মই নেমুটেঙাৰ চৰবত
পঢ়ি আছোঁ কৃষি বুলি হাত তো দাঙো গৰ্ভত
পথাৰতে প্ৰাণ বায়ু পথাৰ তে স্বৰ্গ
মই Rap লেখো তাতে বহি প্ৰকৃতিৰ গৰ্ভত
টকাও নাই উৰাবলে পিন্ধনত
চাইকেত ঘূৰো সেয়ে খৰচ না ইন্ধনত
দোকানতো বাকী মোৰ পেট ভৰে Cream Bunত
মৰিবলে ভয় যদি ওলোটাকে দিন গনক
জেং হ’লে লগত আছে হেংদাং
Myntra ৰ লগত ওলাই Feminist ৰ ঠেং দাল
তৰ্ক বিতৰ্ক ফোপোলা ভিতৰখন
বিসৰ্ধ ওলাবগে আশাৰামৰ Fan Gourd
অঘাইতং ল’ৰাটো মই অঘাইতং
বেছি হ’লে উৎপাত তোৰ কানত ধৰি পকাই থম
আঘাইতং ল’ৰাটো মই আঘাইতং
বেছি হ’লে…
নকৰ চোতালখন লেতেৰা মই কৰি দিম চফা
মোৰ Lyrical পলসত নুঘূৰে তোৰ চকা
শুন মৌখিক আক্ৰমণ খাবি বাঘঢকা
কোন দৈৱিক ? কোন Calcium ? কাৰ বাইদেউ ককা
মই সৈনিক যুদ্ধ মোৰ শব্দৰে দৈনিক
তইও জান আচলতে শুদ্ধ কোন শৈলীক
শুনাবোৰো কমনহয় মগজ লৈ শৈলীক
তোক লিখনি নালাগে, লাগে সৌন্দৰ্য দৈহিক
ঐতিহ্য বিপাঙত Hip-Hop ৰ বিকৃতি
ৰঙা নৈ দিচাঙত
Rapper বুলি চাল মাৰি সংস্কৃতি পাহৰিলে
ভুল জানো নহ’ব ক ভাবি চালে হিচাপত
দুটামানৰ Rap ত অকল বাবা আৰু নিচা কন
Beat টো লৈ বকি দিলে Rap নহয় বেতা
এই কাঁইটীয়া মাছ দিঙিত লাগি ধৰে ফিছাখন
চাল মৰা… চাল মৰা… চাল মৰা…
তোৰ চাল মৰা Hip-Hop কি নোবোজো মোৰ দাইতিয়ে
ওপৰলৈ গ’লে বেছি সহায় আনিম দাই ঘিৰে
ভাল কথা ক’লে কোনো শুনিবলে নাহে আৰু
দৌৰ মাৰি যাব গানত নাচি দিলে মাইকিয়ে
অঘাইতং ল’ৰাটো মই অঘাইতং
বেছি হ’লে উৎপাত তোৰ কানত ধৰি পকাই থম
আঘাইতং ল’ৰাটো মই আঘাইতং
বেছি হ’লে উৎপাত তোৰ কানত ধৰি পকাই থম
বকি যাম যি তি মোৰ ভুল হ’লেও হ’ব
চকীখন নালাগে মোক টুল হ’লেও হ’ব
Slimfit নহ’লেও মোক গোল হ’লেও হ’ব
আৰু মাংস হ’লে খতম অলপ জোল হ’লেও হ’ব
বকি যাম যি তি মোৰ ভুল হ’লেও হ’ব
চকীখন নালাগে মোক টুল হ’লেও হ’ব
Slimfit নহ’লেও মোক গোল হ’লেও হ’ব
আৰু মাংস হ’লে খতম অলপ জোল হ’লেও হ’ব
7. পইচা by Hrittize Baruh, Rinabh Saikia & Hirog Jyoti Xutiya
এইয়া পইচা কাৰ পইচা, পাপাৰ নি, ওম
এইয়া পইচা কাৰ পইচা, মাৰ নি, ওম
এইয়া পইচা কাৰ পইচা, অইতাৰ, ওম
এইয়া পইচা কাৰ পইচা, এ নাজানো দেই
এইয়া পইচা কাৰ পইচা, জুবিন দাৰ নিকি, ওম
এইয়া পইচা কাৰ পইচা, লাকো দাৰ নি, ওম
এইয়া পইচা কাৰ পইচা, দিপাংগৰ নি, ওম
এইয়া পইচা কাৰ পইচা, মামাৰ নি
পইচা আছে যদি Ultimate Power Bro
পইচা ধালিলে ছোৱালী বনিযাব হ
পইচা থাকে য’ত Vote Bank যায় ত’ত
এটকীয়া চাউল খোৱাই দি চৈধ গোষ্ঠী লুটি ল’ম তোৰ
পইচ পইচা পইচা…
ধনী মানুহ চোৰ কৰোঁ, পইচা আহিলে Party মাৰো
দুখিয়া মানুহ ঘিণ কৰোঁ, ৰাইজৰ আগত মুখা মাৰো
বলা মায়া পকৰ চেলেকি ৰাইজৰ অলপ পইচা মাৰো
পইচা আহক ফকততে দম দিম দোকানতে
আহক পইচা যাওক পইচা লাডু কৰি ভৰাই থই যা
খা পইচা হাগ পইচা বেছি হৈছে মনালিছা
Steve Job টেমা নুচুতাবি জিয়াই জিয়াই কিনি দিম তোৰ খানদান আৰু Company
এইয়াই নিকি পইচা, ৰাইজৰ নি, ওম
পইচা মামাৰ নি Yeh, পইচা ৰাইজৰ নি, ওম
পইচা মামাৰ নি Yeh
বন্ধন গোটৰ Loan লৈ চলাওঁ তই ঘৰ
কিন্তু পুতেকক লাগে KTM Then ৰাষ্টাৰ থোকি মৰ তই
পঢ়া-শুনাত মন নাই Bulletহে খুজিবি দম আছে যদি
নিজৰ ভৰিত থিয় দি কিনিবি 5 বিঘা মাটি খেতিকে কৰে
নতুন নতুন Demand আহিছে সেইবোৰ তই ধৰ
Facebook Insta WhatsApp Twitter তই বাদ দে
Internet পাইছ যদি ভাল কিবা পঢ়ি দে, পইচা ৰাইজৰ নি, ওম
পইচা মামাৰ নি, Yeh, পইচা ৰাইজৰ নি, ওম
পইচা মামাৰ নি, Yeh
সপোন চাবি Ambani হোৱাৰ Reality ত তই বোৱাৰী চোৱা
মেখেলা চাদৰ নিপিন্ধিলে ছোৱালীক লৈ গালি দিবি
নিজে আকৌ ফটোৱা কৰি সংস্কৃতিৰ আগত হাগিদিবি
দেশৰ হৈছ তহতি এটা এটা Virus,
Alpha Man বনিব যাৱ কিন্তু তই Zero নহয় একদম Minus
Full Song লাগে, তোকো Full Song লাগে
Full song লাগে Full Song লাগে Demand আহিছে বহুত
Rapper চেপাৰ নহয় আমি ধুলি দিছোঁ চকুত
জীৱনত প্ৰথমবাৰ Mic ধৰিছো
নজনাকে নুবুজাকে শব্দৰ গাঠনি কৰিছোঁ
Cinema বনাওঁ আমি
YouTubeইয়া Creation হয়
আল বাল Rapper বাদ দিয়ক
আমাৰ আচল Content হয়,
নমস্কাৰ, Kripiya Dhyan Dijiye,
ধন্যবাদ যে আপোনালোকে আমাৰ গান শুনিছে,
জীৱনৰ মূল্যবান তিনি মিনিট আমাৰ নামত এৰিছে
Audience এ ভগৱান বুলি আমি মানিছো
কিন্তু এইটোৰ নিচিনা ফকটিয়া Content যে Hit হোৱা যে দেখিছোঁ
কষ্টৰ ফল নাই যে বুজিছোঁ
আল বাল মানুহ ও যে Copy কৰি Hit হ’ব পাৰে সেয়াও আমি মানিছো
Time Is Money, Money Is Time
Time Waste কৰাটো Very Big Crime
পইচা… পইচা… পইচা… পইচা
8. Sad Song by Juice Kid
নাই নাই নাই একো বুজাবলে নাই
নাই নাই নাই কথা শুনাবলে নাই
নাই নাই নাই একো বুজাবলে নাই
নাই নাই নাই কথা শুনাবলে নাই
I Know That You Hate Me
মানিছো মই Crazy
লিখিছোঁ মই Sad Song
তোক লৈ Daily
মিছা মৰম যাছি আকৌ নকৰিবা Hazy
নালাগে তই কবলে Nobody Can Replace Me
I Know That You Hate Me
মানিছো মই Crazy
লিখিছোঁ মই Sad Song,
তোক লৈ Daily
মিছা মৰম যাছি আকৌ নকৰিবা Hazy
নালাগে তই কবলে Nobody Can Replace Me
Full Speed Chase
সময়ৰ লগত আজি কালি কৰিছোঁ মই Race
পাক লগা জীৱন যেনে Pac Man ৰ Maze
ভালপোৱা আধৰুৱা আছিল এটা Phase
কৰিছিলোঁ Mistakes Yeah
গোটেই ৰাতি সাৰে থাকো টোপনি মোৰ নাই
Devil এ মোক ক’লে যে মই ভৰিম এদিন Price
মৰিম এদিন অকলে মই তোলৈ বাট চাই
But I Know I Can’t Die Cause I Never Was Alive
অকলে কৰিছোঁ Grind লগত মোৰ কোনো নাই
নাজানো কেলেই নো তাই এনেকে আতৰি যায়
দুচকু সেমেকি যায় তথাপিও নুবুজে তাই
সকলো বুজিও এতিয়া পিছলে উভতি চোৱা নাই
নাই নাই নাই একো বুজাবলে নাই
নাই নাই নাই কথা শুনাবলে নাই
নাই নাই নাই একো বুজাবলে নাই
নাই নাই নাই কথা শুনাবলে নাই
I Know That You Hate Me
মানিছো মই Crazy
লিখিছোঁ মই Sad Song,
তোক লৈ Daily
মিছা মৰম যাছি আকৌ নকৰিবা Hazy
নালাগে তই কবলে Nobody Can Replace Me
I Know That You Hate Me
মানিছো মই Crazy
লিখিছোঁ মই Sad Song,
তোক লৈ Daily
মিছা মৰম যাছি আকৌ নকৰিবা Hazy
নালাগে তই কবলে Nobody Can Replace Me
I Know That You Hate Me
মানিছো মই Crazy
লিখিছোঁ মই Sad Song,
তোক লৈ Daily
মিছা মৰম যাছি আকৌ নকৰিবা Hazy
নালাগে তই কবলে Nobody Can Replace Me
9. বাংলাদেশী by Minimi
বহু দেখিলোঁ, বহু শুনিলোঁ
কিন্তু এতিয়া, কোৱাৰ সময় আহি পৰিছে
আৰু চকু মুদা কুলি হৈ নাথাকোঁ
সকলো কথা খুলি ক’ম
লাচিতৰ দেশত আজি লাগিলে কলংক
নেতা হ’ল পেটুৱা, কৃষক উলংগ
দুই বছৰতে হ’ব দেশ ধ্বংস
নাথাকিব বুলিবলে অসমীয়া বংশ
য’তে চাওঁ দেখোঁ মাথোঁ হাহাকাৰ
Busy আছে সকলো, কোনে শুনে কাৰ
সকলোৰে বাবে যদি এক অধিকাৰ
তেন্তে কোর্ট কাছাৰীৰ কি দৰকাৰ
চৰকাৰ, শুই আছে নেকি
অসমতে আনি বোলে ভৰাব বিদেশী
তুলি লওঁ যদি হেংদাং
দাঙি ঠেং, এৰি লুঙী পলাব বাংলাদেশী
নাই জাতিভেদ হিন্দু-মুছলিম আমি ভাই ভাই
এৰি দিম অসমক ? নাই নাই
অতিথি ভগৱান আমাৰ কাৰণে
কিন্তু বহিৰাগতক মাৰ ধাই ধাই
কাটি কৰিম দুছেও যদি উঠে প্ৰশ্ন
আই মাতৃৰ অস্তিত্বৰ ওপৰত
সকলোৰে ঘৰত আছে তৰোৱাল
আছে ধাৰ, আছে কাৰ মৰ-সাহ
পাহুৱাল অসমীয়া ওলাই আহ
কৰোঁ আমি লুইত ৰক্তাক্ত
নহ’লে হ’ব অসম ইতিহাস
নাথাকিব ক’বলে বৃত্তান্ত
এটকীয়া মন্ত্ৰী , দুটকীয়া শাসন
তিনি টকাৰ চাউল, চাৰি টকাৰ ভাষণ
আজি তেওঁলোকে লৈছে আসন
যাৰ জোৰ আছে পকেটত, একেবাৰে মাখন
টেবুলৰ তলৰ লেন-দেন
বেংকৰ হিচাপ, হেন-তেন
ইটো সিটো, ban ban
Electionৰ timeত কৰিব পেন-পেন
Electionৰ timeততো vote লাগে ন !
সেইকাৰণে তেওঁলোকে ডাঙৰ ডাঙৰ কথা কয়
ডাঙৰ ডাঙৰ প্ৰতিশ্ৰুতি দিয়ে, ডাঙৰ ডাঙৰ আশা দিয়ে
কিন্তু আসন পোৱাৰ পিছত কি কৰে !
সকলো ঠগবাজ, সকলোৱে লুটি খায়
আৰু আমিবোৰে কি চাই থাকিম (?)
আমিবোৰে চাই থাকিম নেকি (?)
আমি মাত দিম, আমি যুঁজ দিম
এইবোৰ আৰু নচলিব
সত্তৰ বছৰৰ স্বাধীনতা
নেতা – পালিনেতা, অভিনেতা
এটা গাদীত, চকীত এটা
ঢাৰি পাৰি বহি গৈছে বাকী কেইটা
প্ৰতিশ্ৰুতিবোৰ দিব সমাজক
আঁচনিৰ ধন মাৰি নেতা পলাতক
দেশক লৈ কৰিছে নাটক
ধনৰ বিনিময়ত বিকিছে মাকক
লাচিতৰ তেজ যদি গাত আছে
নিজকে চা দাপোণত, তোৰো মাত আছে
তৰোৱাল ল’বলে তোৰো দুখন হাত আছে
কাইলে কাঁহীত একো নাথাকিব, আজি হে ভাত আছে
অ’, আজি ভাত আছে, হাতত নাই ডেগাৰ, হাতত আছে ফোন
তই কিয় শুনিবি, আমি ক’বলে কোন
তোৰ নিজৰটো ঠিক আছে চোন
এয়া মানসিকতা এই প্ৰজন্মৰ
তথাপি ভাবোঁ, আমি মহান
জোৰ পুৰি হাত পালে নাই কাণসাৰ
এদিন এই ঠাই হ’ব শ্মশান
আৰু ৰৈ থাকি লাভ নাই
টঙালি বান্ধি ল
পাৰিলে তই জোং-যাঠি ল
যদি ৰণ কৰিবলে ভয় লাগে
তেন্তে তই পেটত গামোচা গাঁথি থ
খাবলে নাপাবি একো
আজিহে বুজা নাই
কাইলে গম পাবি ৰ
যদি কৰ লাজ নিজকে বুলিবলে অসমীয়া
নিজ নাকটোকেই কাটি থ
নাকটো কাটি ল কেলা
ৰণ হৈছে, হোৱা নাই খেলা
মগজত আছে যদি জ্ঞান
ওলাই আহ লৈ ঢাল-তৰোৱাল
যদি তই সঁচা অসমীয়া, ওলাই আহ
কাৰণ তোৰ আজি প্ৰয়োজন আছে
এয়া সময় বহি থকাৰ নহয়
এয়া সময় যুঁজ দিয়াৰ
এয়া সময় ৰণ কৰাৰ, ৰণহুংকাৰ বাজিছে
আজি সকলো অসমীয়া এক হ’ব লাগিব
আমি এক হ’ব লাগিব
আমি যুঁজ দিব লাগিব
আৰু আমি যুঁজ দিম, আমি চাই নাথাকোঁ , আমি যুঁজ দিম
Let’s go
কোনে কৰিব ওকালতি
এই দেশ হ’ব ছাৰখাৰ অকালতে
লাচিতৰ যুঁজ যাব অবাবতে
কনকলতাইও চাগে আজি মুখ ঢাকে
খাৰখোৱা জাতিৰ, মেৰুদণ্ড বেঁকা
এই জাতিৰ এয়া অন্তিম শতিকা
এই ভেঁটি-মাটিৰ কোনে লৈছে ঠিকা
ক’ত গ’ল খিলঞ্জীয়াৰ আজি অধিকাৰ
ব্ৰহ্মপুত্ৰৰ সোঁত বয় কোন দিশে
আমাৰ ভৱিষ্যত কোনে লিখে
আজিৰ অসমীয়া খাই লৈ মত্ত
কোনেও বুজি নাপায় এই অৰ্থ
আমি অন্ধ, সকলো কাম পণ্ড
প্ৰজাতন্ত্ৰত ৰজা ভণ্ড
সমস্যাজৰ্জৰ দেশত
এটাই নেকি সমাধান ! অসম বন্ধ
অসম বন্ধৰে কি হ’ব বে
যদি জোৰ আছে ডিঙিতে ৰেপি দে
এদিন দুদিন কৰি ভৰি গ’ল
সোণৰ অসম আজি বাংলাদেশীৰে
গ’ল নিজ ভাষা, গ’ল নিজ মাটি, গ’ল নিজ তেজ
হয়তো মৰিম, নহ’লে মাৰিম, কৰিম শেষ
গ’ল নিজ ভাষা, গ’ল নিজ মাটি, গ’ল নিজ তেজ
নিজেও মৰিম, তহঁতক মাৰিম, কৰিম শেষ
নিজেও মৰিম, তহঁতক মাৰিম, কৰিম শেষ
নিজেও মৰিম, তহঁতক মাৰিম, কৰিম শেষ
এই যুঁজখন মই মোৰ নিজৰ হাতত লৈছোঁ
আৰু আপোনালোকেও নিজৰ হাতত ল’ব লাগে
আমি সকলোৱে মিলি এই যুঁজ দিব লাগে
MINIMI ARMY
This is time for a war
And we will fight this war
And we will win this one
Peace
Shoutout to everyone
জয় আই অসম
10. খাঁটি ল’ৰা by Notorious Sam
খাটি ল’ৰা আছিলোঁ মই ভাল ল’ৰা
বেয়া হলো যেন লাগে প্ৰেমত পৰাৰ পৰা
তাই নোহোৱাৰ আগত চব আছিল ঠিক
And i was really ready, to take all that risk
Bunk দিছিলোঁ মই class বোৰ আগত
এতিয়া তাই কয় আহি বহা মোৰ লগত
Class বোৰ কৰা text call হাঁহি ধেমালিৰ মাজত
খোজ দিলোঁ মই তাইৰ গভীৰ প্ৰেমত
And it’s her smile, why I fell for her
Didn’t really know nothin else
But I fell for her, but it just me
Hopeless, romantic
Couldn’t really tell her how much love
I got for her, but yeah, she knows
Cause she told me my actions speaks
But baby, that’s the lipstick i got for you,
Don’t it ? You do look beautiful on it
But I’d be f**in mad if some other dude be kissing on it,
And it’s fine if the other dude loves you
But why then he makes you cry and doubts you ?
Cause it’d break my heart to see your tear drop
Even if you give up on me, I won’t really stop
খাটি ল’ৰা আছিলোঁ মই ভাল ল’ৰা
বেয়া হলো যেন লাগে প্ৰেমত পৰাৰ পৰা
তাই নোহোৱাৰ আগত চব আছিল ঠিক
And i was really ready, to take all that risk
খাটি ল’ৰা আছিলোঁ মই ভাল ল’ৰা
বেয়া হলো যেন লাগে প্ৰেমত পৰাৰ পৰা
তাই নোহোৱাৰ আগত চব আছিল ঠিক
And i was really ready, to take all that risk
Bunk দিছিলোঁ মই class বোৰ আগত
এতিয়া তাই কয় আহি বহা মোৰ লগত
Class বোৰ কৰা text call হাঁহি ধেমালিৰ মাজত
খোজ দিলোঁ মই তাইৰ গভীৰ প্ৰেমত
And for the rest of the days,
Only way i could talk to you was text
That’s the reason I don’t really know
How to say it, in the best way, girl, that you, way too fine!
And if i don’t really do it now
I’m scared, you won’t be mine
And baby, i don’t lie
Best things like you, it takes time
I’m just trying to find the right lines
And i can’t really see you cry
Sorry for anything, that I did to hurt you
Even if i get mad at times
And still love you
Without you baby girl, i won’t be fine
খাটি ল’ৰা আছিলোঁ মই ভাল ল’ৰা
বেয়া হলো যেন লাগে প্ৰেমত পৰাৰ পৰা
তাই নোহোৱাৰ আগত চব আছিল ঠিক
And i was really ready, to take all that risk
খাটি ল’ৰা আছিলোঁ মই ভাল ল’ৰা
বেয়া হলো যেন লাগে প্ৰেমত পৰাৰ পৰা
তাই নোহোৱাৰ আগত চব আছিল ঠিক
And i was really ready, to take all that risk
Bunk দিছিলোঁ মই class বোৰ আগত
এতিয়া তাই কয় আহি বহা মোৰ লগত
Class বোৰ কৰা text call হাঁহি ধেমালিৰ মাজত
খোজ দিলোঁ মই তাইৰ গভীৰ প্ৰেমত
11. You & I by Yu9g Nicky
দেখিলোঁ first তোক মই DTP Dyke-ত
Hella fine, wanna make you mine, girl
কাৰণ baby হৈছ তই মোৰ type-ৰ
কথা দিছোঁ মই সদায় থাকিম তোৰ side-ত
দেখিলোঁ first তোক মই DTP Dyke-ত
Hella fine, wanna make you mine, girl
কাৰণ baby হৈছ তই মোৰ type-ৰ
কথা দিছোঁ মই সদায় থাকিম তোৰ side-ত
সদায় থাকিম তোৰ side-ত
মিছা নকওঁ, মই আছিলোঁ suicidal
আহ, তই আহি মোৰ ধৰি ল হাত
Copilot তই মোৰ জীৱনৰ ride-ত
হ’বি তই মোৰ Bonnie
আৰু মই তোৰেই Clyde হ’ম
হৈছোঁ মই addicted
Feel like তই মোৰ হৈছ Styrofoam
কথা আছে বহুত, feel কৰি থাকোঁ বহুত lonely
আছে লগত gang, সেয়া হৈছে মোৰেই homies
সঁচা মানুহ নাই ইয়াত, real life-ত চব মতলবী
বনি যা মোৰ ৰাণী আৰু বনিম মই তোৰেই king
পিন্ধাম ring
আমি দুয়ো একেলগে বনিম tag team
কাহিনী ৰচিম
সঁচা মৰম যাচিম
দুয়ো মিলি এখন মৰমৰ ঘৰ সাজিম
And I won’t ever change
I’ll be the same
I say, “F**k the fame”
Working to get paid
And I won’t ever change
I’ll be the same
I say, “F**k the fame”
Working to get paid, ayy
মনৰ কথাবোৰ মই কৈ দিছোঁ গানত আজি
তোলে’ থকা মৰমবোৰ বুকুত মই থৈছোঁ সাঁচি
দিয় মোক trip তই, যেন তই LSD
Shizuka তই মোৰ, মই তোৰ Nobita Nobi
দেখিলোঁ first তোক মই DTP Dyke-ত
Hella fine, wanna make you mine, girl
কাৰণ baby হৈছ তই মোৰ type-ৰ
কথা দিছোঁ মই সদায় থাকিম তোৰ side-ত
দেখিলোঁ first তোক মই DTP Dyke-ত
Hella fine, wanna make you mine, girl
কাৰণ baby হৈছ তই মোৰ type-ৰ
কথা দিছোঁ মই সদায় থাকিম তোৰ side-ত
12. Axom Lifestyle by D Vibe$
YS Finna Killem Beat
Star you made this (yeah yeah)
অকণমান gangstar আৰু অলপমান মই distant, diss
Shortlist কৰিছোঁ you know কোন আছে, কোন আছে
.40 on my deck shine কৰি আছে, কৰি আছে
I feel like slim Shady bars ওলাই আছে, ওলাই আছে
Rap ৰ মন্ত্ৰ মুখৰ পৰা উলাইছে, উলাইছে
নিজৰ বুলি কব গলে music আছে, আছে
নিশাচৰ প্ৰাণী দিনতে নোলাৱেই, নোলাৱেই
বনাই আছো money নবনাও মই bitches, no
Guwahati ৰ scene বেয়া চলি আছে, sorry
যেতিয়ালৈকে মই নাছিলোঁ ইয়াতে, yeah yeah
অহা নাই মই represent কৰিব pincode, straight up
গোটেই অসম cover কৰিম আছে network, it’s lit
মই কৰা নাই claim, মই আছিলোঁ game ত যেতিয়া start হৈছিলে, yeah
কিছুমান maf****rs stole my beat pay back কৰাতো নাছিলে, no
মোৰ নাম rich key আছিলে, yeah
Beats মোৰ crazy আছিলে, so
Melodic হৈও মই trap অতে, woah
$ সোমাইছে বেংকতে, yeah
অকণমান gangstar আৰু অলপমান মই distant, distant
Ay ay
Shortlist কৰিছোঁ you know কোন আছে, কোন আছে
Ay ay
অকণমান gangstar আৰু অলপমান মই distant, diss
Shortlist কৰিছোঁ you know কোন আছে, কোন আছে
.40 on my deck shine কৰি আছে, কৰি আছে
I feel like slim Shady bars ওলাই আছে, ওলাই আছে
Rap ৰ মন্ত্ৰ মুখৰ পৰা উলাইছে,উলাইছে
নিজৰ বুলি কব গলে music আছে, আছে
নিশাচৰ প্ৰাণী দিনতে নোলাৱেই, নোলাৱেই
বনাই আছো money নবনাও মই bitches, bitches
নবনাও মই আৰু bitches মোৰ মন নাই, মন নাই
সামৰণি হব but I never found love, never
Loyal থাকি ফালেও মইটো দেখিলোঁ, yeah
Heartbreak city ত পুনৰ ঘুৰি আহিলোঁ, again
Mentally exhausted আৰু নোৱাৰো, no
টকাতকৈও বেচি matter কৰে power বোৰ, ay
Axom lifestyle keep কৰোঁ তেজত মোৰ, for real
Gang নহয় আমি, আমি হলো যুদ্ধাৰো, straight up
Gang নহয় আমি, আমি হলো যুদ্ধাৰো, for real
Fight back কৰোঁ মৰাৰ care নকৰোঁ, straight up
Gang নহয় আমি, আমি হলো যুদ্ধাৰো, for real
Fight back কৰোঁ মৰাৰ care নকৰোঁ, straight up
অকণমান gangstar আৰু অলপমান মই distant, distant
Shortlist কৰিছোঁ you know কোন আছে, কোন আছে
.40 on my deck shine কৰি আছে, কৰি আছে
I feel like slim Shady bars ওলাই আছে, ওলাই আছে
Rap ৰ মন্ত্ৰ মুখৰ পৰা উলাইছে, উলাইছে
নিজৰ বুলি কব গলে music আছে, আছে
নিশাচৰ প্ৰাণী দিনতে নোলাৱেই, নোলাৱেই
বনাই আছো money নবনাও মই bitches
No way, no way
No way, no way
13. সৰু কালতে by D Vibe$
টকা নাথাকিলে দিব কোনে respect
But I’m making sure
I’m getting respect
Boney bust the track
টকা নাথাকিলে দিব কোনে respect, respect
But I’m making sure
I’m getting respect, respect
চকু মোৰ 3 টা কৰিছোঁ realize, realize
সপোন ডাঙৰ লৈ মই kio stuck inside, stuck inside
লাহে লাহে কৰি ওলাব কথা মোৰ মুখৰে পৰায়ে, yeah
মই ৰেপতে Jaun Elia হৈ সুৰ ধালিছো dark trap অতে, woah
Bullet ৰ দৰে গৈ আছে মোৰ শব্দবোৰ, straight up
মই অলপ হব বিচাৰোঁ confortable, ah
Major minor মই দুটাতেওঁ থাকোঁ, ah
OG bars, OG লগত feeling good, ah
যেতিয়ালৈকে মই relapse নকৰোঁ, নকৰোঁ
দিম solo album feature নকৰোঁ, নকৰোঁ
Distracted মই আছিলোঁ মাজে মাজে, yeah
মোৰ cell phone off থাকে মাজে মাজে, মাজে
ভয়বোৰ কিয় গুচিগলযে দূৰতে, yeah
I was making me দিনে ৰাতি অকলেই, ay
কৰিছিলোঁ struggle আগৰ কথা মনত আছে, মনত আছে
সৰু কালতে মন যায় যাব এবাৰ হলেও, এবাৰ হলেও
মই আৰু মোৰ homies ইয়াত fun আছে, fun
চলে trip আৰু dealer ছানঢালি আছে, ow ow ow
18 বছৰ বয়স লাগে বহু কিবা, বহু কিবা
লাগে friends কিছু যোনে দিয়ে সুবিধা, সুবিধা
মই heartless emotions নাই ৰখা, নাই ৰখা
মই নহয় player সেইবাবে নাই খেলা, নাই খেলা
Lately মই বুজিলোঁ সকলো মিচা, মিচা
দুদিনিয়া জীৱনত লাগে অলপ নিচা, নিচা
কালিত ভৰখা মই নাই কৰা, নাই কৰা
মোৰ সময়বোৰ ভালদৰে পাৰ কৰো
টকা নাথাকিলে দিব কোনে respect
But I’m making sure
I’m getting respect
টকা নাথাকিলে দিব কোনে respect, respect
But I’m making sure
I’m getting respect, respect
চকু মোৰ 3 টা কৰিছোঁ realize, realize
সপোন ডাঙৰ লৈ মই kio stuck inside, stuck inside
টকা নাথাকিলে দিব কোনে respect, respect
But I’m making sure
I’m getting respect, respect
চকু মোৰ 3 টা কৰিছোঁ realize, realize
সপোন ডাঙৰ লৈ মই kio stuck inside, stuck inside
Stuck inside, ay ay
Stuck inside, ay ay
মই হলো, ay ay
Stuck inside, ay ay
Stuck inside, ay ay
Stuck inside, ay ay
মই হলো, ay ay
Stuck inside, woah
Stuck inside
Stuck inside
14. একো নাই দিয়া by D Vibe$
একো নাই দিয়া (Yeah, yeah)
মই ৰম তোমাৰ বাবে (তোমাৰ বাবে)
তোমাৰ বাবে
একো নাই দিয়া মই ৰম তোমাৰ বাবে
(Yeah, yeah, yeah)
একো নাই দিয়া তুমি নোপোৱা লৈকে
(Yeah, yeah, yeah)
গোটেই ৰাতিটো মই আছিলোঁ নিশাচৰ হৈয়ে
(Yeah, yeah, yeah)
কৈছিলো তোমাকে পাই গলে call কৰিবলে
(Yeah, yeah, yeah)
মন বেয়া তোমাৰ আৰু হৈ আছে মোৰ
Mood swings (Mood swings)
নিজকে ঢালিদিলোঁ তোমাতেই মোৰ সকলোঁ
Good things (Good things), Good things
এতিয়া বিচাৰিবলেও তোমাক বহু টান
ঠেলিলা দুৰলে মোক কলা মই নহয় ভাল (নহয় ভাল)
পিছে কিয় তোমাৰ জীৱনৰ বেছি সময় মোৰ
জানায় মনত কি চলিছে তথাপিও সোধা মোক (মোক)
মই কম সদায়েই তুমিয়েই
প্ৰতিটোপল, প্ৰতিদিনে
তুমি সপোনত এবাৰ আহাযে
মোৰ কাহিনীৰ নায়িকা তুমিয়েই
একো নাই দিয়া মই ৰম তোমাৰ বাবে
(Yeah, yeah, yeah)
একো নাই দিয়া তুমি নোপোৱা লৈকে
(Yeah, yeah, yeah)
গোটেই ৰাতিটো মই আছিলোঁ নিশাচৰ হৈয়ে
(Yeah, yeah, yeah)
কৈছিলো তোমাকে পাই গলে call কৰিবলে
(Yeah, yeah, yeah)
এটা জনম গুচি গল জানানে (জানানে)
বাকী থাকিল ছটা আৰু এতিয়া (আৰু এতিয়া)
ভালপাও তোমাকেই বহুতেই (বহুতেই)
ছটা জনমত তুমি নাহিলে খং কৰিম (কৰিম)
কৈছিলো তোমাকে মোৰ মণত আছে (আছে)
দিয়া কথাবোৰো মোৰ বাৰু ৰাখিবানে (মোৰ)
কিয় তুমি আগতে কোৱা নাছিলা মোকে
ভালপোৱাই মোক আবৰি ৰাখিলে (ৰাখিলে)
সদায়েই মই চাওঁ তোমাকেই (তোমাকেই)
প্ৰতিতোপল, প্ৰতিসময়তে (সময়তে)
তুমিয়েই নোহোৱাৰ হতাশত মই থাকোঁ বহু নীৰৱতাত (Yeah, yeah)
একো নাই দিয়া মই ৰম তোমাৰ বাবে
(Yeah, yeah, yeah)
একো নাই দিয়া তুমি নোপোৱা লৈকে
(Yeah, yeah, yeah)
গোটেই ৰাতিটো মই আছিলোঁ নিশাচৰ হৈয়ে
(Yeah, yeah, yeah)
কৈছিলো তোমাকে পাই গলে call কৰিবলে
(Yeah, yeah, yeah)
15. বানপানী by Minimi
VERSE 1
নামতেই পৰিচয়, বানে ধোৱা বৰভাগ
প্ৰত্যেক বছৰে আমাক পানীয়ে কৰে বৰবাদ।
খেতি-বাতি নষ্ট, গোটেই ঘৰখন মোৰ ডুব যায়
পকী ৰাস্তা-ঘাট হ’লেই উন্নতি নুবুজায়।
ইয়াত পাগলাদিয়া, বৰলীয়া আৰু নোনাই কৰে তাণ্ডৱ
ভাই, TV ত দেখা NEWS নহয়, এইবোৰ মোৰ বাস্তৱ,
এতিয়া আছিল আঠুলৈ, এতিয়া পালে ডিঙিলৈ
এই বিড়ম্বনাৰ কেতিয়া লাগিব FULL STOP
মোৰ অঞ্চলত খাটি খোৱা জনতাৰ যন্ত্ৰনা,
বেপাৰ-বাণিজ্য ডুবি থাকে, স্কুল-কলেজ অন্ধকাৰ
“শ্লুইচ্ গেট” দিব বুলি চৰকাৰে কয় দুসুঁতীৰ মুখত
কতই ক’লে মেল-মিটিঙত, কতই লিখে ফেচবুকত…
তথাপি, আজিলৈকে নেদেখিলো মই খুঁটা এটা
কেতিয়াবা দেখো অলপ ক্ষোভ মনত এটা-দুটাৰ,
মোৰ নিচিনা ডেকা ল’ৰাই, নামাতিলে এইবোৰ কথাত
লৈ কি লাভ EDUCATION, কৈ কি লাভ দূৰৰ পৰা?
কোনে আঁৰিব ভাই, টিলিঙা ডিঙিত মেকুৰীৰ
ভূটানেও পানী এৰে, ভাগ্যই কি লিখিছে
ভাই, ভূৰ চলাই ক’ত জনে চিঁয়ৰিছে প্ৰাণৰ বাবে
মোৰ এই গান মুঠেও নহয়, কঁকাল ভাঙি নাচিবৰ বাবে।
মোৰ ঘৰত মানুহতকৈ বেছি সাপ আৰু ভেকুলী
বাৰীত লাগিছিল শাক, এতিয়া নাই ঠাল-ঠেঙুলি।
বৰভাগ মোৰ স্বাভিমান, বিচাৰোঁ মই সমাধান
আমাৰ কথা PLEASE শুনক, গোটেইখিনি সাঙুৰি।
চহৰখনত এজাক বৰষুণ দিলেই নদী বয়
MNCৰ মইনাহঁতে কেনেবাকৈ যায় স্কুটি লৈ,
থানাৰ কাষৰ পৰাই দেখোন ব্যভিচাৰ হয় ৰাস্তা-ঘাট
চাৰিওফালে পানী উঠি সকলোৱে জঁটত ফঁচি ৰয়।
বেয়া লাগে দিয়কচোন মোৰ নিজৰ ঠাইৰ কথাবিলাক
মনেই নাযায় ক’বৰ বাবে, কিন্তু ইমান সোপা ঢিলা,
হ’লেও মই নিজেই ভূগিম প্ৰতি বছৰে একোবাৰ
কেনকৈ কৰিম প্ৰতিবাৰ, পৰিস্থিতিৰ মোকাবিলা!
যাবলৈ এতিয়া বাকী, মুধাৰ ওপৰেৰে পানী
ভাই, আমাৰ তিতিল কাপোৰ-কানি, মেঘে ধৰে ছানি,
দিছপুৰৰ AC ROOM ত নেতা নামি-দামী
আমাৰ কথা কোনেও নুবুজে, আমাৰ দেউতা নহয় আম্বানী
Aye…
আমাৰ দেউতা নহয় আম্বানী,
প্ৰত্যেক বছৰে আহে বানপানী।
জানা ভাইহত জাগা নলবাৰী বছোৱা
উঠা ভাইহত উঠা মথাউৰি বনোৱা…
VERSE 2
এবাৰ হ’লে দুৰ্যোগ
আৰু প্ৰতিবাৰ হ’লে উৎসৱ,
বানৰ দিলে মই বৰ্ণনা
লাগে অতিকে বিভৎস
MEDIA ৰ বাবে CONTENT
মানুহক লাগে মৎস্য
সমাধান হ’ব কেতিয়া
আৰু অন্ত পৰিব তাণ্ডৱ!
চৰকাৰ হ’ল সলনি
নহ’ল কোনো কৰ্মমুখী
মন্ত্ৰীয়ে নিজ মুখেৰে কয়
নলবাৰী হেনো গৰ্ভৱতী?
বাৰিষাত ভাগে মথাউৰি
খৰালিত হয় মেৰামতি
চলি যায় সেয়া Repeat ত
দ্বায়িত্ব নলয় মূৰপাতি
ডুবিছে চোৱা বৰভাগ
চামতাৰ পশ্চিম ভাগ
গাওঁ-চহৰ সমানে ডুবিছে
নাৰাখি ক’তো ভেদভাৱ
মাধ্যমটো ল’লো সামাজিক
কলমেৰে কৰোঁ প্ৰতিবাদ
একেই খিনি কাহিনীৰে
সাক্ষী আমি প্ৰতিবাৰ
ঘৰখন সমূলি ধ্বংস
পশুধন জলমগ্ন
চিঁয়ৰ শুনিব কোনে
মাথোঁ ৰিলিফৰ আমি যোগ্য
ভৌগোলিক সমস্যা বুলি কওঁ ন’?
মই যদি অসমৰ জাতীয় সমস্যা বুলি কওঁ?
BASIN WIDE APPROACH
আমাক সমাধান লাগে PERMANENT
বান্ধি যা মাথোঁ মথাউৰি
নদীয়েও সলাব গতিবেগ,
তাৎক্ষণিক বুদ্ধি নালাগে
লাগে প্ৰতিকাৰ
এইয়া কলমৰে কৰা এক প্ৰতিবাদ
VERSE 3
গোটেই অসম জুৰি প্ৰকৃতিৰ তাণ্ডৱ
এটা প্ৰজন্মৰ বোজা আজি মোৰ কান্ধত
বান্ধ ভাগি নদীৰ, পানী পালে ঊৰ্ধ্বত,
দামী দামী গাড়ীত নেতা এটা এটা বুৰ্বক
এক জাক বৰষুণত নলবাৰী ডুবিছে
এইসব দেখি মোৰ ক্ষোভবোৰ জাগিছে
ঠিকাদাৰ, অভিযন্তাই পকেট গৰম কৰিছে
মোৰ নগৰৰ মানুহবোৰ যন্ত্ৰণাত ভূগিছে
আমাতকৈ ভাল মহেঞ্জোদাৰো
এইসব চলি থাকিলে যাব লাগিব কিলিমাঞ্জাৰো
দূৰ্নীতি বন্ধ কৰ নহ’লেই বাজিব ইয়াত বাৰ (১২)
মূদ্ৰাস্ফীতিৰ কাৰণে ভাৰত, ডুব আছে ধাৰত
VERSE 4
এই বানপানী, কি উজনি নামনি
আহিল দীঘলঠেঙীয়া
নদী বাঢ়িল পাৰ ভাগি
বোঁৱালে দুখৰ বন্যা
ৰজা ঘৰত লাগে এই জলকেলি
এই জলকেলি
প্ৰজা বাঢ়ে জল ঠেলি
উপৰিপুৰুষৰ মাটি মোৰ গ’ল ডুবি
আহে যেতিয়া পানী এই ঢল ভাগি
উন্নতিৰ ফটা ঢোল
নাচাই কোনো ইয়াত গ’ল ভাগি
বুকুত লৈ সপোন প্ৰজা যায় আগবাঢ়ি
জনাবা কাক তুমি, সবেই একেই পানীৰ মাছ
বনাবা ক’ত তুমি পানীত বুৰিল সাজ
সহজ এই মানুহবোৰ, কোনোৱে বুজি নাপায় ভাঁজ
নালাগে TALK SHOW নালাগে বিবাদ
লাগে মোক SOLUTION যাতে ডুবি নাযায় ঘাট
খুলি খোৱা মানুহবোৰেও এই সমস্যাৰেই PART
টকা সোমাই জেপত মথাউৰিত মেলে ফাঁট
জাগা ভাইহত জাগা নলবাৰী বছোৱা
উঠা ভাইহত উঠা মথাউৰি বনোৱা…
জাগা ভাইহত জাগা নলবাৰী বছোৱা
উঠা ভাইহত উঠা মথাউৰি বনোৱা…
VERSE 5
ভোক লাগিছে মা
খাবলে দিয়া
নাই যদি একো
অলপ পানীকে দিয়া,
কামুৰিছে গাত মহে
ওচৰত নিয়া
টোপনি অহা নাই মোৰ
বোকোচাত লোৱা
বহুদিন হ’ল জানো
দেউতাও নাই
পৰহিৰ পৰা আমি
ভাত খোৱা নাই,
কৈছিলা তুমি দেউতাই
মাছ আনিব
কান্দিছা কিয় লুকাই
ঘৰ উটিব
শুনিছোঁ মা আকৌ পাৰ ভাগিব
পাৰিবনে দেউতাহঁতে ঘৰ ৰাখিব?
শুনিছোঁ মা আকৌ পাৰ ভাগিব
পাৰিবনে দেউতাহঁতে ঘৰ ৰাখিব?
VERSE 6
প্ৰথমতে নমস্কাৰ, কৈ যাম মই কথাবিলাক
উন্নতিৰ নামত আজি পানী আহি আঁঠু পালে
আমাৰ গাঁৱৰ খেলপথাৰখন গ’ল আজি ছাৰ নদীৰ বুকুত
ডাঙৰ ডাঙৰ নেতাবোৰৰ কেতিয়া পৰিব চকুত!
নদীৰ কাষৰ থানখন, তাৰেও নাই সুৰক্ষা
মুখত হাঁহি নাই আমাৰ, বিচাৰিছোঁ সমীক্ষা
GEOBAG ৰ নামত পকেট গৰম নেতাসোপাৰ
আজিলৈকে ভবা নহ’ল পূব চুবুৰীৰ সেই আঁহতজোপাক।
এবাৰ ভাবি চাওকচোন ছাৰ যদিও সৰু আমাৰ গাওঁ
মথাউৰি ছিগি গ’লে ক’ত যাম, আমি কি খাম?
প্ৰতিবছৰৰ সমস্যা এবাৰেই কৰক সমাধান
ল’ৰাহঁতে ভাগৰিছে কিমান কৰিব শ্ৰমদান!
ৰাতি হ’লে গৰা খহে, চকুত নাহে টোপনি আমাৰ
মথাউৰি ছিগিব লাগিলে আলৈ-আথানি হয় মানুহ মখাৰ।
কিমান কৰিব কষ্ট, সকলোৱে দিন-হাজিৰা কৰে
প্ৰতি কথাত আপোনালোকে কিয় আমাক এলাগী কৰে?
এজাক বৰষুণ দিলেইচোন চৰেকুকা ডুবি যায়
আমাৰ ল’ৰাহঁতৰ স্কুললৈ যোৱাত বৰ কষ্ট হয়,
AC গাড়ীত নহয় ছাৰ, আহিবচোন এদিন লাইন গাড়ীত
তেতিয়াহে গম পাব, থাকো কিমান কষ্ট কৰি।
যদি চিনি নাপায় ছাৰ, কৈ দিলোঁ মই কথাষাৰি
প্ৰথমতে মুকালমুৱা, বৰতলা, কাপ্লাবৰী
হিদলাটাৰী পাৰ হৈ ছাৰ, যাব ৰামপুৰ
তাত এপিয়লা চাহ খাই দক্ষিণফালে মুখ কৰি
অকণমান আহিয়েই পাই যাব
বানে ধোৱা গোৰাক্ষাটাৰী
অকণমান আহিয়েই পাই যাব
বানে ধোৱা গোৰাক্ষাটাৰী
Aye… Aye…
অকণমান আহিয়েই পাই যাব…
জাগা ভাইহত জাগা নলবাৰী বছোৱা
উঠা ভাইহত উঠা মথাউৰি বনোৱা…
জাগা ভাইহত জাগা নলবাৰী বছোৱা
উঠা ভাইহত উঠা মথাউৰি বনোৱা…
জাগা ভাইহত জাগা নলবাৰী বছোৱা
উঠা ভাইহত উঠা মথাউৰি বনোৱা…
জাগা ভাইহত জাগা নলবাৰী বছোৱা
উঠা ভাইহত উঠা মথাউৰি বনোৱা…
জাগা ভাইহত জাগা নলবাৰী বছোৱা
উঠা ভাইহত উঠা মথাউৰি বনোৱা…
16. শেষ ৰাগিনী by Pyro Hip Hop
দুচকুৰ কাজলতে মোৰ সুখ বোৰো ল সামৰি
তোৰ নামৰে কেনভাছতে মোক আকি ল ৰং বুটলি
দুচকুৰ কাজলতে মোৰ সুখ বোৰো ল সামৰি
তোৰ নামৰে কেনভাছতে মোক আকি ল ৰং বুটলি
প্ৰতিটো উশাহতে মোৰ উশাহৰ শেষ ৰাগিনী
জীৱনৰ অন্ধকাৰত পূৰ্ণিমাৰ জোন হৈ জিলিকি
Baby I’m die for you
Baby never side for you
Tryna hold my tears for you
Everytime beside for you
Sad song…
তোৰ মৰমতে বিষাদও হেৰাল
তোৰ বাবে আজি উজলিলে প্ৰকাশ
সপোনতো মোৰ দিঠকৰ আকাশ
বাচাৰোঁ হ’বলে তোৰ…
নাজানো কত মোৰ উশাহৰ টান
তইয়েচোন সুৰ লোৱা এটি গান
নানাৰঙি ফুল হৈ ফুলিলি বুকুত
দুচকুৰ কাজলতে মোৰ সুখ বোৰো ল সামৰি
তোৰ নামৰে কেনভাছতে মোক আকি ল ৰং বুটলি
প্ৰতিটো উশাহতে মোৰ উশাহৰ শেষ ৰাগিনী
জীৱনৰ অন্ধকাৰত পূৰ্ণিমাৰ জোন হৈ জিলিকি
আশা বোৰে আজি সাৰ পালে
মোৰ ভবিষ্যতৰ নাওখনে পাৰ পালে
মোৰ মনে কেৱল বাট চালে
ৰখি আছোঁ মই তোৰ ঘৰৰ আগফালে…
মোৰ কবিতাও প্ৰাণ পালে
তই বুকুত থকা কথাটোৰ উমান পালে
মোৰ মৰমে পাগল কৰে,
Baby প্ৰতিটো পৰশে মোক উমাল কৰে…
লুইতৰ পাৰত প্ৰতিটো সন্ধিয়া
মোৰ কথাটো তুমি অলপ মন দিয়া
চুলিতাৰি চাই হলো মোহনীয়া,
মোকো ভালপোৱা এবাৰটো কৈ দিয়া
এবাৰটো কৈ দিয়া,
মোক ভালপোৱা এবাৰটো কৈ দিয়া
এবাৰটো কৈ দিয়া
মোক ভালপোৱা এবাৰটো কৈ দিয়া…
দুচকুৰ কাজলতে মোৰ সুখ বোৰো ল সামৰি
তোৰ নামৰে কেনভাছতে মোক আকি ল ৰং বুটলি
দুচকুৰ কাজলতে মোৰ সুখ বোৰো ল সামৰি
তোৰ নামৰে কেনভাছতে মোক আকি ল ৰং বুটলি…
17. মগ্ন মই by D Vibe$
মই feel কৰো safe যেতিয়া মই অকলে থাকোঁ, অকলে
Mind কৰো নিজৰ business আৰু একো নকৰোঁ, একো নকৰোঁ
নিজৰ সময় নিজেই আনিম ৰখিব নোৱাৰো, নোৱাৰো
সময় নষ্ট বহু হল এতিয়া grind কৰো
মই feel কৰো safe যেতিয়া মই অকলে থাকোঁ, অকলে থাকোঁ
Mind কৰো নিজৰ business আৰু একো নকৰোঁ, একো নকৰোঁ
নিজৰ সময় নিজেই আনিম ৰখিব নোৱাৰো, ৰখিব
সময় নষ্ট বহু হল এতিয়া grind কৰো, yeah yeah
মগ্ন মই নিজৰ গানতেই দিনে ৰাতি, দিনে ৰাতি
বহু কৰিছো sacrifice যিবোৰ আছে লুকাই, yeah yeah
Quality দিম মই নিদিও quantity, quantity
So that তুমি মোৰ নাম মনত ৰাখিবা নহ, ৰাখিবা নহ
মোৰ লাগে awkward কত আছিলোঁ কত আহিলো, কত আহিলো
এইটো God’s plan কব মোৰ নাই একো, মোৰ নাই একো
পাহৰিব ধৰিছো আজিকালি কিচুকথা, কিছুকথা
সেইটোযে ভাল কথা নহলে হয় mind বেয়া
Planning ৰ পৰা execution লৈকে মই কৰিছো
যদি fail হও হেৰাম নিজৰ মই সকলো
Craze আৰু বিশ্বাস মোৰযে লগত আছে, লগত আছে
F*ck your opinion তুমি মোক দিব নেলাগে, yeah yeah
মই feel কৰো safe যেতিয়া মই অকলে থাকোঁ, অকলে
Mind কৰো নিজৰ business আৰু একো নকৰোঁ, একো নকৰোঁ
নিজৰ সময় নিজেই আনিম ৰখিব নোৱাৰো, ৰখিব নোৱাৰো
সময় নষ্ট বহু হল এতিয়া grind কৰো
মই feel কৰো safe যেতিয়া মই অকলে থাকোঁ, অকলে
Mind কৰো নিজৰ business আৰু একো নকৰোঁ, একো নকৰোঁ
নিজৰ সময় নিজেই আনিম ৰখিব নোৱাৰো, ৰখিব নোৱাৰো
সময় নষ্ট বহু হল এতিয়া grind কৰো, yeah yeah
বেংকত current account আৰু মই কৰিছো business, yeah
Keeping secret is the fucking brutal business, yeah
নেলাগে support মোৰ I don’t really need that I don’t really
Cut কৰিলো all hoes মাথোঁ শান্তি লাগে, skrt skrt
মই tired মই lonely টোপনি মোৰ ক্ষতি
যেতিয়া মই লিখোঁ হৈ যাওঁ ডাঙৰ কবি
পৰিচয় মোৰ বনাই আছো so লাগিব time
ভিৰতে চলিবলে মোৰ লাগে বহু টান
আৰম্ভণি যদি হৈ হৈছে শেষ কৰিম মই ভাল
Figure higher হৈ গলে গণিম মই বহু fast
Lyrically গৈ আছে flow যেন মনৰ কথা
বুজিবলে নোৱাৰিলে please দূৰত থাকা
মই feel কৰো safe যেতিয়া মই অকলে থাকোঁ, অকলে
Mind কৰো নিজৰ business আৰু একো নকৰোঁ, একো নকৰোঁ
নিজৰ সময় নিজেই আনিম ৰখিব নোৱাৰো, নোৱাৰো
সময় নষ্ট বহু হল এতিয়া grind কৰো
মই feel কৰো safe যেতিয়া মই অকলে থাকোঁ, অকলে
Mind কৰো নিজৰ business আৰু একো নকৰোঁ, একো নকৰোঁ
নিজৰ সময় নিজেই আনিম ৰখিব নোৱাৰো, ৰখিব
সময় নষ্ট বহু হল এতিয়া grind কৰো, skrr skrr
18. Echo by Rajvir 2.0
একেলগে…
শিকিমনো কি যিমান আছিল বাকী
চব তই শিকাই দিলি
পাইগলো নিজক আজি so finely
ৰং আৰু গালত আহি নলগাবি
সপোন বিলাক আকৌ আহি নেদেখাবি
দেখাপাবি ইয়াতেই যামনো মই কত
Aahh…
তই যদি সুখত থাক থাকি দিম দূৰত
চাম নিতৌ ৰঙা আকাশ আবেলিপৰত
হাঁহি মাৰি কম বাৰু নালাগে থাকক
ৰজা আৰু ৰাণী বহুত কৰিলোঁ নাটক
Heart চুৰিৰ case ত চাৰি জনীকে আটক
জুইকুচা নুমাই থলো দাঁততে দাঁতক
নিজক কৰি নিজে heal পংকজ পাঠক
একেলগে…
মোৰ আগৰ লগৰ ল’ৰাবোৰ চব বাতৰি কাকত
নাজানো কি লিখা আছে কাৰ কি ভাগত
খং দিলোঁ কমাই নহ’লে ছিধা দিওঁ নাকত
নাকী লগাই বান্ধি থম পদূলি আগত
I don’t know কাৰ হাতত অসমৰ scene
লাহে লাহে পাৰ কৰি আছোঁ মোৰ dream
Solo on the road bitch নালাগে মোক team
নোখোজা লৈকেনো মই কেনেকৈনো দিম
চবতকৈ কঠিন দিন কিটা পাৰ হ’ল
Dealy same routine কৰাটো হে টান হ’ল
Dealy level up টোৰ মতে মাৰ হ’ল
মাৰা কাটা কম হ’ল so মোৰ দা খনৰ ধাৰ গ’ল
শিকিমনো কি যিমান আছিল বাকী
চব তই শিকাই দিলি
পাইগলো নিজক আজি so finely
ৰং আৰু গালত আহি নলগাবি
সপোন বিলাক আকৌ আহি নেদেখাবি
দেখাপাবি ইয়াতেই যামনো মই কত
তইও যদি সুখী থাক থাকি দিম দূৰত
চাম নিতৌ ৰঙা আকাশ আবেলিপৰত
হাঁহি মাৰি কম বাৰু নালাগে থাকক
ৰজা আৰু ৰাণী বহুত কৰিলোঁ নাটক
Heart চুৰিৰ case ত চাৰি জনীকে আটক
জুইকুচা নুমাই থলো দাঁততে দাঁতক
নিজক কৰি নিজে heal পংকজ পাঠক
একেলগে aahh…
ভাল বেয়া চব এই জীৱনত yeah
Natureৰো change হয় sessionত
ভাল পাওঁ থাকি অলপ পৃথকত yeah
Past গুলি মাৰ aim future ত
Ooo…
Stanৰ লগত কাম মোৰ futureত
Tune খনো flow যেনি guitarৰ
Dark বাদ দিয়া পিছত life টো মোৰ better হ’ল
আগতকেও ডাঙৰ সপোন better গ’ল
Yeah…
ভিৰৰ পৰা ওলাই চোৱা musicত শান্তি
থাকিম চবে মিলিজুলি নিবিচাৰোঁ ক্ৰান্তী no no
নিজক নিজৰ নেদেখা জনক খোজা কান্দি
তেতিয়াহে পাবাগৈ নিজৰ মনৰ শান্তি
আজিলৈকে কোনেও মোক বুজি পোৱা নাই no
2.0 triangle দিশ মোৰ নাই
Rap কৰোঁ নিজৰ মতে চুৰি কৰা নাই
Hate কৰা কাবাৰটো reasonনেই চোন নাই
মোৰ পৃথিৱীখন চাবলে ইয়াত visionনেই চোন নাই
Visionনেই চোন নাই…নাই…
Visionনেই চোন নাই…
একেলগে…
শিকিমনো কি যিমান আছিল বাকী yeah
চব তই শিকাই দিলি
পাইগলো নিজক আজি so finely
ৰং আৰু গালত আহি নলগাবি
সপোন বিলাক আকৌ আহি নেদেখাবি
দেখাপাবি ইয়াতেই যামনো মই কত
তইও যদি সুখী থাক থাকি দিম দূৰত
চাম নিতৌ ৰঙা আকাশ আবেলিপৰত
হাঁহি মাৰি কম বাৰু নালাগে থাকক
শিকিমনো কি যিমান আছিল বাকী
চব তই শিকাই দিলি
পাইগলো নিজক আজি so finely
ৰং আৰু গালত আহি নলগাবি
সপোন বিলাক আকৌ আহি নেদেখাবি
19. খাঁটি Rap by Hhiru
Hey.. this is Hhiru
এইয়া আমাৰ খাঁটি rap
হে, হেই…
Rap Sceneত খোজ দিছোঁ
নাম দিছোঁ খাঁটি
ৰংপুৰৰ ডেকা আমি
শদিয়াৰ নাতি
আহোমৰ তেজ আৰু হেঙদাঙেই সাক্ষী
নাই কোনো জাতি-ভেদ
মানো মিলাপ্ৰিতি
(Yo)
Rap Sceneত খোজ দিছোঁ
নাম দিছোঁ খাঁটি
ৰংপুৰৰ ডেকা আমি
শদিয়াৰ নাতি
(Hey)
আহোমৰ তেজ আৰু হেঙদাঙেই সাক্ষী
নাই কোনো জাতি-ভেদ
চিনো মিলাপ্ৰিতি
খেতি-বাতি, বাঁতি কাঁহ
আৱেগ আমাৰ গামোচা
পেঁপা বাঁহী, ঢোল তাল
মাছৰ লগত খৰিচা
অসমীয়াৰ পৰিচয়
কথাটো তই ভাৱি চা
(কথাটো তই ভাৱি চা
কথাটো তই ভাৱি চা)
লুটিয়াই চাওঁ যদি বুৰঞ্জীৰ পাত
লাচিতৰ সাহত হেৰাল মোগলৰ মাত
হৰিহৰৰ যুদ্ধ, ঊষাৰ প্ৰেমত মত্ত
অনিৰুদ্ধই বুলাইছিল অসমলৈ বাট
শঙ্কৰ গুৰু মাধৱ দেৱ
এক দেৱ এক সেৱ
দুয়োজনাৰ অৱদানত চহকী সমাজ
বৰগীত, মুখাশিল্প
অংকীয়া নাট
গুৰুজনাৰ চৰণত
কৰো প্ৰণিপাত
(কৰো প্ৰণিপাত কৰো প্ৰণিপাত )
জ্যোতি-ৰাভাৰ গীত আৰু ভূপেন দাৰ গান
দেশে দেশে উজ্বলিছে অসমীয়াৰ মান
(hey)
পাপন দা, জয় দা, মুম্বাইত hero
জুবিন দাৰ গানবোৰো কম নহয় হেৰৌ
(কম নহয় হেৰৌ
কম নহয় হেৰৌ)
খাঁটি rap খাঁটি rap
বিহু সম্ৰাট খগেন দা
বিহুবোৰ প্ৰিয়
ভাল লগা গানফাকি নাগাওঁনো কিয়?
মা আমি শদিয়ালৈ যামেই
মা আমি শটফুল খামেই
খাঁটি rap খাঁটি rap
খাঁটি rap খাঁটি rap
যাদৱ পায়েঙ ককাইটি
ঔনামুখৰ চাপৰিত
গছপুলি ৰুলে, আজি ৰুলে শাৰী শাৰী
(Yo yo)
লাভলিনা, হিমা বাই
কামে কাজে জোৰ ভাই
জয়াৰ দেশৰ আধুনিক
অসমীয়া নাৰী
(অসমীয়া নাৰী হেই অসমীয়া নাৰী)
চাহ মানেই অসম
অসম মানে চাহ
কিবা কথাত জোকাই ল’লে
বাৰীত আছে বাঁহ
নেমু টেঙাৰ চৰবত
কাম কৰোঁ বেংকত
খাৰখোৱা আমি পিছে
মনত আছে সাহ
Rap Sceneত খোজ দিছোঁ
নাম দিছোঁ খাঁটি
ৰংপুৰৰ ডেকা আমি
শদিয়াৰ নাতি
আহোমৰ তেজ আৰু হেঙদাঙেই সাক্ষী
নাই কোনো জাতি-ভেদ
চিনো মিলাপ্ৰিতি
ফটফইটা জোনাকত, ধাৰা পাৰি চোতালত
আইতাৰ সাধুগিলা পাহেৰবা নৰোঁ জীৱনত
গোন্ধ অলচি হাইহালত, মেজি জলব’ পথাৰত
খাঁটি rap বাজিব, অসমৰে বতাহত
ইছেনী বিছেনী দৈৰ্কা দৈ
মৌ ধাৰা পাৰি থৌ
ভাষা বেলেগ হ’লিও
কাইজা নকৰোঁ কেতিয়াও
বিহুটি আহিলে
চিৰা দৈ আনিলে
উৰুকাৰ ভোজলৈ যোগাৰ এটি হাঁহ
জেউৰা জপনা
চুৰি কৰি ধেমালি
ভেলাঘৰৰ ৰখীয়া কোন আছে চা
(কোন আছে চা কোন আছে চা)
খাঁটি rap খাঁটি rap
ৰহিৰ লগত গাহৰি পোৰা
জুশালত দদাইদেও খুৰা
ঢেঁকিশালত খুৰিদেউ গোহালিত ককাইদেউ
সমনীয়াই কিয় দিয়ে ভনীৰ লগত জোৰা
ৰহিৰ লগত গাহৰি পোৰা
লগেভাগে দদাইদেও খুৰা
ঢেঁকিশালত খুৰিদেউ গোহালিত ককাইদেউ
সমনীয়াই কিয় দিয়ে ভনীৰ লগত জোৰা
সমনীয়াই কিয় দিয়ে ভনীৰ লগত জোৰা
কৈনো কৈ থাকিলে উৰকে নপৰে
আমাৰে মাটিৰে কথা
খাঁট-rap কৰিলো
ভুৰুকাতে ভৰালো
মনত নেৰাখিব বেঠা
যৌৱনদৈ, এঠা হীৰা দৈ
আকৌ যৌৱন দৈ, বেথা হীৰা দৈ
মনত নেৰাখিব বেথা
ঔ হৰি ঔ ৰাম
সেৱা লওঁ প্ৰণাম
ইয়াতেই সামৰো
অভাজনৰ গান
আশীৰ্বাদ কৰিব
ভুল হ’লে ক্ষেমিব
ইয়াতেই সামৰিছোঁ
অভাজনৰ গান
কৃষ্ণ..
ইয়াতেই সামৰিছোঁ
অভাজনৰ গান
ইয়াতেই সামৰিছোঁ…
20. ক্ষীণ-মিন ল’ৰা by Kool-D
ক্ষীণ-মিন ল’ৰা
ভাত পানী খোৱা নাই মই তিন-দিন পৰা
প্ৰেম কৰি কথা দিলো কিনি -দিম তৰা
হঠাৎ আহি ওলালেহি ভিন-ভিন দৰা )×2
এংকৰী বেংকৰী , ঘূৰিফুৰোঁ জেংকৰি
জপিঁয়াব খুজোঁতেই ভাগিছিলে ঠেংভৰি
সন্ধিয়া জোহালত জ্বলাই লৈ জেংখৰি
কত’ মিছা শপত খালো ,আঙুলিটো লেং ধৰি
লাহে লাহে ডাঙৰ হলো , ঠগ খালো প্ৰেম কৰি
বিয়া বাৰু নাপাতো মই নালাগে মোক শ্ৰীমতী
শুকান মোৰ জীৱনটো জ্বলি যাব ফিৰিঙটিত
এনেই বহু দূৰবাট তাতে মোৰ ধীমি-গতি
মোক লাগে লগৰ কেইটা খেলিবলৈ তিনিপট্টি
তথাপিটো আজিলৈকে কৰা নাই মই মদ্য-পান
অভ্যাসটো লাগি গলে এৰাবলৈ বদ্য-টান
সিৰে সিৰে হিপ হপ মই অপদীয়া পদ্য- গাম
নাজানো মোৰ কৰ পৰা আহিল এনে শব্দ-জ্ঞান
ক্ষীণ-মিন ল’ৰা
ভাত পানী খোৱা নাই মই তিন-দিন পৰা
প্ৰেম কৰি কথা দিলো কিনি -দিম তৰা
হঠাৎ আহি ওলালেহি ভিন-ভিন দৰা
চিধা নৰ্থ লখিমপুৰ ,ঘৰ মোৰ নকাৰী
আজি কোৱা কথা কেইটা নহয় পিছে দৰকাৰী
ৰঙানদীৰ পাৰত মোৰ আচল ঘৰ কদমিয়াল
এপাক মাৰি চাবা তাত মানুহ কিমান মৰমিয়াল
আগফালে গোঁহালিটোৰ লগত এখন ঘোলনি
side তে ৰঙা নীলা ফুলি থকা ফুলনি
বকুল সৰা পদূলিটোত আছিল এডাল নঙলা
মাটি লিপি সজা সেইটো ঘৰ নাছিল বঙলা
এতিয়া সব অতীত so মনত পেলাই সেইবোৰ কথা হম গৈ যে পগলা
কোনোবাই কয় শকত হলি কোনোবাই কয় ক্ষীণ
কোনোৱে ভাবে বিপদ বুলি কোনোবাই কৰে ঘৃণ
মূৰত অলপ শুকান চুলি , তেল-তুলৰ চিষ্টেম নাই
জুল বোৱা নাকটো মোৰ হিন্দীত কয় ঝুখাম বুলি
বহি আছোঁ দোকান খুলি, লৈ এগাল উফি
কাণত লগাই হেডফ’নডাল শুনি থাকো চুফী
কাৰণ মনটো অলপ দুখী
মন আছিল মেডিকেলৰ , পঢ়ি আছোঁ কৃষি
তথাপিটো আক্ষেপ নাই , অলপতে সুখী
বকা কেইটাই বকি থাকক মোৰ পিছে ভ্ৰূক্ষেপ নাই
দূৰৰ পৰা দেখি বোলে চুলি খিনি জপৰা
ওচৰলৈ আহি দেখে মুখ খনো ফপৰা
কথা দুটা পাতি কব , ল’ৰাটো বৰ অঁকৰা
এনেকৈ হলে দুদিন পিছত বেছিবগে পকৰা
Assamese rap is more than music—it’s a voice, a vibe, and a movement.
We hope these Assamese Rap Song Lyrics inspired you, made you think, or even got your head nodding.
Stay tuned for more lyrical gems from the heart of Assam.
