No products in the cart.
Return To ShopNo products in the cart.
Return To Shop
Finding the right words for Instagram can make your post more powerful and relatable.
If you love meaningful and thoughtful lines, these Assamese captions for Instagram will perfectly express your emotions, attitude, and life philosophy.
Here are 45 deep Assamese captions with their English meanings that you can use for your Instagram posts.
মই স্বার্থপৰ বা অহংকাৰী নহয়, মাথোঁ সেইবোৰ মানুহৰ পৰা আঁতৰি থাকোঁ যাৰ ওচৰত মোৰ কোনো মূল্য নাই।
English Meaning: I am not selfish or arrogant; I simply stay away from people who do not value me.
সঁচা কথা মনে মনে সহ্য কৰি থাকিলে আপুনি ভাল, কিন্তু সন্মুখত চিধা চিধি কৈ দিলে আপোনাৰ সমান বেয়া কোনো নাই।
English Meaning: If you silently tolerate the truth you are considered good, but if you speak the truth directly, people think no one is worse than you.
কষ্টৰ পৰিমান যেতিয়া বাঢ়ি যায় তেতিয়া মানুহে কান্দিব এৰি মনে মনে থাকিবলৈ শিকি যায়।
English Meaning: When pain increases beyond limits, people stop crying and learn to stay silent.
সেইজন মানুহ বহুত বেছি সংস্কাৰী যিজনে যিমান খংত থাকিলেও বেলেগৰ লগত কথা পতাৰ শিষ্টাচাৰ পাহৰি নাযায়।
English Meaning: A truly cultured person is one who never forgets manners while speaking to others, even when angry.
সৎ পথত চলিলে হয়তো কষ্ট হ’ব, কিন্তু জয় এদিন তোমাৰে হ’ব।
English Meaning: Walking the honest path may be difficult, but one day victory will surely be yours.
সফলতাৰ পাছত অভিনন্দন জনোৱা মানুহ বহুত পাবা, কিন্তু বিফলতাৰ পাছত কাষত মাত্র এজনক পাবা আৰু সেইজন স্বয়ং তুমি নিজেই।
English Meaning: After success many will congratulate you, but after failure the only one beside you will be yourself.
যিটো বস্তু পাবলৈ তুমি অধৈর্য হৈ পৰিবা, সেইটো বস্তু নাপাবও পাৰা, কিন্তু যিটো পাবলৈ তুমি ধৈর্য ধৰিবা, সেইটো বস্তু নিশ্চয় পাবা।
English Meaning: What you become impatient for may not come to you, but what you pursue with patience will surely come.
গছৰ ডালত বহি থকা চৰাইটোৱে ডাল টো ভাগি যাব বুলি কেতিয়াও ভয় নকৰে, কিয়নো সিহঁতৰ নিজৰ ডেউকাৰ ওপৰত বিশ্বাস থাকে, সেয়েহে সদায় নিজৰ ওপৰত বিশ্বাস ৰাখিবা।
English Meaning: A bird sitting on a branch never fears the branch breaking, because it trusts its wings. Likewise, always trust yourself.
মানসিক শান্তিয়ে পৃথিৱীৰ সকলোতকৈ ডাঙৰ সুখ।
English Meaning: Peace of mind is the greatest happiness in the world.
বেলিটোও অকলশৰীয়া কিন্তু, সদায় পোহৰ দি থাকে, ঠিক সেইদৰে আপোনাৰ কাষত কোনোবা থাকক বা নাথাকক সদায় নিজকে সুখী ৰাখক আৰু হাঁহি থাকক।
English Meaning: The sun is alone yet it keeps shining; similarly, whether someone is beside you or not, always stay happy and keep smiling.
আজিৰ দিনত মানুহে মিছা কথা লাহেকৈ ক’লেও শুনা পায়, কিন্তু সঁচা কথা চিঞৰি থাকিলেও শুনা নাপাই।
English Meaning: Today people hear lies even when whispered, but they fail to hear the truth even when it is shouted.
মানুহে তোমাক তেতিয়াহে ভাল বুলি কয়, যেতিয়া তোমাক তেওঁলোকৰ ইচ্ছা মতে ব্যৱহাৰ কৰিব পাৰে।
English Meaning: People call you good only when they can use you according to their wishes.
মানুহৰ মনটো হৈছে এক শক্তিশালী সজুঁলি, ইয়াক ভাল চিন্তাৰে পূৰণ কৰক আৰু আপোনাৰ জীৱন ভাললৈ সলনি হ’ব।
English Meaning: The human mind is a powerful tool; fill it with positive thoughts and your life will change for the better.
আনৰ পৰা অনুপ্ৰাণিত হৈ আমি আগবাঢ়িবলৈ আৰম্ভ কৰিবহে পাৰোঁ, কিন্তু আগবাঢ়িবলৈ আমি নিজৰ সাহস আৰু কঠোৰ পৰিশ্ৰম কৰিব লাগিব।
English Meaning: We may start moving forward by being inspired by others, but to truly progress we need our own courage and hard work.
নিজৰ ওপৰত বিশ্বাস ৰাখি, কঠোৰ পৰিশ্ৰম কৰিলে, আপুনি যিকোনো পৰিস্থিতিৰ সৈতে সংঘাত কৰি জয়ী হ’ব পাৰিব।
English Meaning: With self-belief and hard work, you can overcome any situation and succeed.
তুমি তোমাৰ জীৱন যাত্ৰাৰ কাৰ্য্যক্ৰম সমূহ আগতে স্থিৰ কৰি লোৱা, দেখিবা এসময়ত সিয়েই তোমাক মানুহ কৰি তুলিব।
English Meaning: Plan the course of your life in advance; one day it will shape you into a better person.
সত্যৰ পথত চলাটো কিছু কঠিন নিশ্চয় হ’ব, কিন্তু সেই পথত আপোনাক কোনেও পেলাব নোৱাৰিব।
English Meaning: The path of truth may be difficult, but no one can defeat you on that path.
এইখন পৃথিৱীত আপুনি যিমান ভয় খাব, মানুহবোৰে তাতকৈ দুগুণ আপোনাক ভয় দেখুৱাব।
English Meaning: The more fear you show in this world, the more people will try to scare you.
সুখ চন্দনৰ দৰে, কাৰোবাৰ কপালত লগালে নিজৰ আঙুলিও সুগন্ধিত হয়।
English Meaning: Happiness is like sandalwood; when you apply it to someone else’s forehead, your fingers also become fragrant.
জন্ম, মৃত্যু সকলো ঈশ্বৰৰ হাতত যদিও, জন্মৰ পৰা মৃত্যু পৰ্যন্ত আপোনাৰ জীৱন যাত্ৰাত যদি আপুনি এবাৰো মানসিক ভাবে মৃত্যু হ’ব লগা নহয়, তেন্তে আপোনাতকৈ সুখী এই পৃথিৱীত কোনো নাই।
English Meaning: Birth and death are in God’s hands, but if you never feel mentally defeated during life, no one is happier than you.
কোনোবাই কয় মই বেয়া, কোনোবাই কয় মই ভাল, সঁচা কথা ক’বলৈ গ’লে যিয়ে যেনেকুৱা, তেওঁৰ ওচৰত মই তেনেকুৱা।
English Meaning: Some say I am bad and some say I am good; the truth is I am exactly what people are with me.
সকলো শেষ হৈ যোৱা যেন লগাৰ পিছতো, আপুনি যদি জীৱনটো নতুনকৈ আৰম্ভ কৰিব পাৰে, তেন্তে আপোনাক কোনো হৰুৱাব নোৱাৰে।
English Meaning: Even when everything seems finished, if you can start again, no one can defeat you.
জীৱনত জটিল সময়ৰ খুবেই প্ৰয়োজন, তেতিয়াহে সফলতাৰ প্ৰকৃত আনন্দ উপভোগ কৰিব পাৰি।
English Meaning: Difficult times are necessary in life because they help us truly enjoy success.
জীৱনটো তোমাৰ, গতিকে মানুহে কি ভাবিব, মানুহে কি ক’ব সেইবোৰ ভাবি সময় নষ্ট নকৰিবা।
English Meaning: Life is yours, so don’t waste time worrying about what others think or say.
প্ৰথমবাৰ ক্ষমা কৰি দিয়ক, দ্বিতীয়বাৰ আকৌ সুযোগ দিয়ক, তৃতীয়বাৰ আঁতৰি আহক।
English Meaning: Forgive the first time, give another chance the second time, and walk away the third time.
জীৱনৰ পৰা তুমি সেইটো নোপোৱা যিটো তুমি বিচৰিছা, জীৱনৰ পৰা তুমি সেইটোহে পাবা যিটোৰ বাবে তুমি উপযুক্ত।
English Meaning: In life you don’t always get what you want; you get what you deserve.
মানুহে তোমাক হিংসা কৰিলেও তুমি নিজৰ কৰ্ম কৰি যোৱা… সময়ে ইয়াৰ প্ৰত্যুত্তৰ এদিন হ’লেও দিব।
English Meaning: Even if people envy you, keep doing your work; time will answer them someday.
উদেশ্য সৎ আৰু মনটো পৰিস্কাৰ হ’লে কোনোবা নহয় কোনোবা ৰূপত ভগৱানেও আহি সহায় কৰি থৈ যায়।
English Meaning: If your intentions are pure and your heart is clean, God will help you somehow.
আপুনি দেখা সকলো সপোন দিঠকত সম্ভৱ, কেৱল সপোন দেখক আৰু কৰ্ম কৰি যাওক।
English Meaning: Every dream you see can become reality if you keep dreaming and working for it.
সপোনৰ অবিহনে সফলতা কঢ়িয়াই আনিব নোৱাৰি আৰু সফলতা কৰ্মৰ অবিহনে পাব নোৱাৰি।
English Meaning: Success cannot come without dreams, and dreams cannot come true without hard work.
জীৱনত যেতিয়া লৈকে সফল হৈ থাকিবা, তেতিয়ালৈকে মানুহৰ হাত তালিৰ শেষ নহয়। কিন্তু যেতিয়া তুমি ব্যর্থ হ’বা, তেতিয়া তোমাক তুলি ধৰাত হাত আগবঢ়ায় দিয়া কোনাে নোলায়।
English Meaning: As long as you succeed, people will applaud you; but when you fail, few will help you rise again.
খং উঠি কাকে এনেকুৱা একো কথা নক’বা, খং কমিলে যি কথা ভাবি নিজকে সেইজনৰ ওচৰত সৰু যেন অনুভৱ হয়।
English Meaning: Never say something in anger that later makes you feel small before that person.
যিটো বস্তু পাবলৈ তুমি অধৈর্য হৈ পৰিবা, সেইটো বস্তু নাপাবও পাৰা, কিন্তু যিটো পাবলৈ তুমি ধৈর্য ধৰিবা, সেইটো বস্তু নিশ্চয় পাবা।
English Meaning: What you chase impatiently may not come, but what you pursue with patience surely will.
এজোপা ফুলৰ বাবে যিদৰে ৰ’দ বৰষুণৰ প্ৰয়োজন ঠিক সেইদৰে প্ৰশংসা আৰু সমালোচনাও জীৱনত আগুৱাই যাবলৈ প্ৰয়োজন।
English Meaning: Just like a flower needs sunlight and rain, life also needs praise and criticism to grow.
মানুহে কয় জীৱনটো খন্তেকীয়া, কিন্তু নিজৰ আশা পূৰণৰ আগমুহূৰ্তৰ সময়খিনি যে কিমান দীঘলীয়া অনুভৱ কৰা জনেহে বুজিব।
English Meaning: People say life is short, but only the one waiting for their dreams understands how long it feels.
শেষ বোৰ সদায় হাঁহি মুখে হ’ব লাগে বেলেগ একো নহ’লেও জীৱনৰ প্ৰতি আক্ষেপ নাথাকে।
English Meaning: End things with a smile; even if nothing else remains, there will be no regret.
জীৱন এক পথৰ যাত্ৰা, সুখ আৰু দুখৰ লগত।
English Meaning: Life is a journey filled with both happiness and sorrow.
জীৱন তেনেই চুটি, সুখী হ’বলৈ শিকা।
English Meaning: Life is very short, so learn to be happy.
ধৈৰ্যৰে যি অৰ্জন কৰিব পৰা যায়, সেয়া শক্তি প্ৰয়োগ কৰিও অৰ্জন কৰিব নোৱাৰে।
English Meaning: What patience can achieve cannot always be achieved with force.
সুখী হোৱাৰ এটাই মূল মন্ত্ৰ, সেইয়া হৈছে মন খুলি হাঁহি থাকা।
English Meaning: The secret to happiness is simply to smile wholeheartedly.
নিজৰ জীৱনৰ যুদ্ধ নিজেই যুঁজিব লাগিব, জ্ঞান বহুতে দিব, কিন্তু সংগ কোনেও নিদিয়ে।
English Meaning: You must fight your own battles; many will give advice, but few will stand beside you.
যিয়ে আপোনাক দেখি ভিতৰে ভিতৰে জ্বলিব তেওঁলোকক কেতিয়াও ঘৃণা নকৰিব, কাৰণ তেওঁলোকে ভাবে আপুনি তেওঁলোকতকৈ বহুত উত্তম।
English Meaning: Never hate those who envy you, because they believe you are better than them.
তোমাক কোনোবাই নিন্দা কৰিলে তেওঁক মাথোঁ উপেক্ষা কৰা, মনত ৰাখিবা কুকুৰে মানুহক কামুৰিলেও, মানুহে কুকুৰক নাকামুৰে।
English Meaning: If someone criticizes you, simply ignore them; even if a dog bites a person, the person does not bite back.
জন্মগত ভাবে কোনেও ভাল আৰু বেয়া নহয়, ভাল আৰু বেয়া আশে-পাশে থকা পৰিস্থিতিয়ে বনাই দিয়ে।
English Meaning: No one is born good or bad; circumstances shape who they become.
মানুহে সেইখন যুদ্ধত হাৰি যায়, যিখন যুদ্ধত নিজৰ আপোনবোৰেই শত্ৰু।
English Meaning: People lose the battle where their own loved ones become their enemies.
These Assamese Captions for Instagram are perfect for expressing deep emotions, life lessons, motivation, and personal thoughts through your posts.
Whether you want something inspirational, thoughtful, or relatable, these captions can make your Instagram posts more meaningful and engaging.
Save your favourites and use these Assamese Captions for Instagram to add depth and personality to your next post.

2 comments
Meghali panging
wow
nayan phangchu
hi iam nayan