25 Heartfelt Assamese Love Captions

25 Heartfelt Assamese Love Captions

Are you searching for heart-warming Assamese love captions for that someone special you care about?

Well, today we bring you a choice of love captions in Assamese to create moments that matter!

In all, we have 25 such love captions that you can make use of.

So, here they are.

Assamese Quote T-shirts Banner

   1. কাঁচি জোনৰ পোহৰত বলিয়া এই মনে,

       তোমাৰ ভাৱনাকে সোঁৱৰে প্ৰতিটো ক্ষণে,

       নিজান ৰাতিৰ নীৰৱতাত কেতিয়াবা

       বিচাৰি ফুৰেনে তোমাৰ মনে মোক কোনোবা

       ক্ষণে।

 

   2. জীৱনলৈ অহা কলা মেঘৰ আৱৰনে প্ৰতিটো                              ‌‌

       ক্ষণে মোক আঁকোৱালি ল’বলৈ চেষ্টা কৰিছে

       কিন্তু নোৱাৰিলে…‌ তোমাৰ পৰশ, মৰম,

       সাহাৰ্য ভালপোৱাৰ কিৰণে তাক মোৰ কাষৰ

       পৰা আঁতৰাই ৰাখিছে।

 

   3. “হিয়াৰ গভীৰ প্ৰেমৰ সুভাষ তুমি

        কোমল হৃদয়ৰ ব্যকুলতা তুমি

        পুৱাৰ পোহৰৰ জিলিকণী তুমি

   ‌     মাজনিশা মোৰ সপোনৰ সাৰথি তুমি”

 

   4. দিনে প্ৰতিদিনে আটাইতকৈ আপোন হৈ পৰিলা,

       মাজ নিশাৰ সুমধুৰ সপোন হৈ পৰিলা,

       প্ৰতিদিনে হৃদয়ৰ স্পন্দন আৰু মোৰ দুটি

       ওঁঠৰ হাঁহিৰ কাৰণ হৈ পৰিলা।

 

   5. মামৰে ধৰা হৃদয়ত

       তোমাৰ অসীম

       প্ৰেমৰ বীজ সিঁচাত

       এতিয়া যেন হৃদয়ত

       নানা ৰঙীন ফুল পুলিছে

       আৰু সকলো দিশে বিয়পাইছে

       তোমাৰ প্ৰেমৰ সুগন্ধি।

 

   6. তোমাৰ পৰশে যেন মোৰ দেহত পাখি গজাই দিলে…

       এতিয়া মনটো পখিলাৰ দৰে হৈ পৰিল

       জীৱনৰ প্ৰতিটো ক্ষণত তোমাৰ সৈতে

        উৰি – ফুৰিবলৈ মন যায়।

 

   7. ভালপোৱা বোৰ সদায় ভালপোৱা হৈ থাকিব

       কঠোৰ নিয়তি আৰু অভিশপ্ত বাস্তৱে

       যিমানেই দুয়োৰে নয়নত অশ্ৰু কঢ়িয়াই আনক

       হৃদয়ত সেই ভালপোৱাৰ আজীৱন সজীৱ হৈ

       থাকিব।

 

   8. জোনাক নিশাৰ নিৰিবিলি পোহৰত

       ঘাঁহনি এডৰাৰ সানিদ্ধ্যত, তোমাৰ কান্ধত মূৰ

       ৰাখি, জোনবাই চোৱাৰ আমেজ সুকীয়া

       তাতে তোমাৰ হাতৰ চেঁচা পৰশ

       তোমাৰ চকুযোৰিৰ গভীৰতাৰ

       নিজকে তোমাতে বিলীন কৰি পাওঁ।

 

   9. কেতিয়াবা ডাৱৰ হৈ চাবাচোন,

       নিজে সৰি আনক সেপাঁহৰ বৰষুনজাকেৰে

       ভিজাই চাবাচোন, মৰমবোৰ নিজে নিজে

       হৃদয়ত থিতাপি ল’ব।

 

   10. মাজ নিশা তোমাৰ কথা ভাবি ভাবি

         মোৰ মন হৈ পৰে বলিয়া,

         জানানে তুমি মোৰ হৃদয়ে

         তোমাৰ প্ৰতি কঢ়িওৱা অজস্ব ভালপোৱা।

 

   11. সেই সন্ধিয়াৰ ডুব যোৱা বেলিটো,

         দলঙৰ শীতল বতাহজাক

         নৈ অবিৰিত গতিত বৈ যোৱা চেঁচা পানী

         আমাৰ মিলনৰ একোটা ক্ষণৰ সাক্ষী হৈ

         ৰৈছে একোখন মনোৰম চিত্ৰত।

Assamese Quote T-shirts Banner

 

   12. কবিতাটো নহয় তুমি,

         নহয় এটি গান।

         মোৰ কলিজাৰ স্পন্দনত ভাহি উঠা,

         তুমি এটি নতুন প্ৰাণ।

 

   13. শব্দৰে নহয়, বুকুৰ মাজত আলফুলে

         সাৱটি মৌনতাৰে বুজাব বিচাৰো,

         কিমান ভাল পাওঁ তোমাক।

 

   14. ভাল লাগে তোমাৰ নাম, মোৰ লগত

         যেন কোনোবাটো ৰাতিপুৱা,

         সাঙোৰ খায় থাকে,

         এক ৰঙীন সন্ধিয়াৰ লগত।

 

   15. ভাল পাওঁ বুলি নকলেও জানিছিলোঁ,

         তুমি মোক ভালপোৱা বুলি ।

         কিন্তু জনা নাছিলোঁ,

         তুমি মোক ভালপোৱা,

         নিজতকৈও বেছি বুলি।

 

   16. তুমি আহিবা বুলিয়েই আকাশ

         ডাৱৰীয়া বৃষ্টি অহা নাই নামি,

         তুমি আহিলা বুলিয়ে কৃষ্ণচূড়াৰ ফুলবোৰো

         এতিয়াও যোৱা নাই সৰি।

 

   17. মোৰ সুখী জীৱনৰ প্ৰতিটো কাৰণ,

         প্ৰতিটো আশা, প্ৰতিটো সপোন…

         মাথোঁ তুমি।

 

   18. প্ৰশ্ন যিটোৱেই হ‌ওঁক উওৰ তুমি,

         ৰাস্তা যিটোৱেই হ‌ওঁক লক্ষ্য তুমি,

         কষ্ট যিমানেই হওঁক সুখ তুমি,

         তোমাক যিমানেই খং নকৰোঁ কিয়,

         তথাপি মোৰ ভালপোৱা তুমি।

 

   19. হেৰাই যোৱা সপোন আকৌ বিচাৰি যাম,

         তোমাক নাপালে তুমি দিয়া মিঠা মিঠা

         স্মৃতি তাতেই বিচাৰি পাম।

 

   20. মৰমে কেতিয়াওঁ নকয় তুমি কোন ?

         মৰমে মাথোঁ কয় তুমি মোৰ।

         মৰমে কেতিয়াওঁ নকয় তুমি ক’ত থাকা?

         মৰমে মাথোঁ কয় তুমি মোৰ অন্তৰত থাকা।

         মৰমে কেতিয়াওঁ নকয় তুমি মোক ভালপোৱানে

         মৰমে মাথোঁ কয় মই তোমাকেই ভাল পাওঁ।

 

   21. শব্দৰে নহয়, বুকুৰ মাজত আলফুলে

         সাৱটি মৌনতাৰে বুজাব বিচাৰো

         কিমান ভাল পাওঁ তোমাক।

 

   22. তোমাৰ অনুপস্থিতি,

         মোৰ যান্ত্ৰনাদায়ক অনুভুতি,

         তোমাৰ মৰমে মোৰ সাহস।

         তোমাৰ সংগ মোৰ জীৱন ৰথৰ সাৰথি,

         তোমাৰ অবিহনে ম‌ই যেন আধৰুৱা।

 

   23. তুমি কাষত থাকিলে

         পাহাৰ বগাব পাৰোঁ মই।

         তুমি কাষত থাকিলে

         পৃথিবী পাহৰিব পাৰোঁ মই।

         তুমি কাষত থাকিলে

         বিশ্ব জয় কৰিব পাৰোঁ মই।

 

   24. মনৰ একোণত তোমাৰেই প্ৰতিচ্ছবি

         হেঁপাহেৰে জীৰোৱা এমুঠি প্ৰতিশ্ৰুতি।

 

   25. তোমাৰ ভালপোৱাৰ পৰাহে জানিলো

         সঁচা অৰ্থত ভালপোৱানো কি

         তুমি দিয়া মৰমবোৰে

         অনুভৱ কৰালে প্ৰেম মানেনো কি

         মই নজনাকৈ মোৰ পাছে পাছে আহি

         মই ঘৰ ভালদৰে আহি সোমালো নাই

         নিজ চকুৰে চাই থৈ যোৱাতহে বুজিলো

         প্ৰিয়জনৰ প্ৰতি থকা চিন্তানো কি।

 

So, what do you think? Liked any of these? If yes, go ahead and share it with that someone special you love.

For more content such as this, do keep following our blog.

And if you are looking for a unique gift fto express your love, we suggest you take a look at our Assamese T-shirt Collections.

Our t-shirts are a perfect gift for that perfect someone in your life!

Till next time…

Cheers!

Assamese Quote T-shirts Banner

 

Share This Blog Post

Add comment

Your email address will not be published. Required fields are marked

More Blog Posts You Might Like...