হেঁপাহৰ জোনটি,
মানিছোঁ মই বাওনা
হ’লেও আছে এখন হৃদয়!
আমিও দেখোঁ অযুত সপোন,
অৱস্থিতি য’ত প্ৰীতিৰ নিলয়।।
জোনটো হৈয়ে দূৰতে ৰ’বানে,
আঁকোৱালি নোলোৱা নেকি বুকুৰ মাজত?
নে বাওনা বুলি কাষলৈ নাহো ভাবিছা!
নালাগে দিয়া, নকৰো আপত্তি
যিটো ভাবিছা… ঠিকেই ভাবিছা।।
হ’ব মন আছিল জানা…
নীল আৰ্মষ্ট্ৰঙ নাইবা ৰাকেশ শৰ্মা!
কিন্তু অবুজ মনটোক বুজাব নোৱাৰোঁ,
নিতৌ কৰে… নতুন ভাওনা!
মই হব খোজোঁ তোমাৰ মুক্ত প্ৰেমিক…
তোমাৰ বুকুত বগাই সীমাহীন বিচৰণ মোৰ লক্ষ,
তথাপি মই শংকিত !
কাহানিও এৰিব নোৱাৰিম তোমাৰ পক্ষ।।
শুনিছা,
লাগে মাথোঁ কিছুমান তোমাৰ জোনাকী সঁহাৰি…
যাতে জোন, তুমি বুলি ভাবিলে মুখলৈ আহে এটি প্ৰকৃত হাঁহি।
মনৰ কথাখিনি তোমাকে ক’লো,
নীল আৰ্মষ্ট্ৰঙ হব নোৱাৰিলেও
নিল হৈয়ে তোমাক জনালোঁ।