20 Heart Touching Assamese Love Poems

20 Heart Touching Assamese Love Poems

অসমীয়া প্ৰেমৰ কবিতা ভালপোৱা নে?

যদি ভালপোৱা, we have 20 heart-warming Assamese Love Poems to share with you today.

Check them out below.

Poem 1: ভালপোৱা by সত্যজিত কাকতি 

 তুমি হাঁহিলেই যদি

 মোৰ দুচকুৰ জিলিকে

 এআকাশ তিৰবিৰ বৰ্ণিল জোনাক

 তেন্তে তুমি হাঁহি থাকা চিৰদিন,

 ম‌ই তোমাৰ দুচকুলৈ চালেই যদি

 তোমাৰ হৃদয়ত বাঢ়ি আহে

 বুকু ভৰা প্ৰেমৰ অনুৰাগ

 তেন্তে চাই থাকিবলৈ দিয়া চিৰদিন,

 মই তোমাৰ কাষ চাপিল এই যদি

 তোমাৰ উশাহত বিয়পি পৰে

 নিবিড় পছোৱা এজাক

 তেন্তে কাষতে থাকিবলৈ দিয়া চিৰদিন ।।

Bestseller: Assamese Love Quote T-shirt

Mati Fale Nangole - Model - Front

Mati Fale Nangole Buku Fale Morome

Original price was: ₹1,299.00.Current price is: ₹649.00. View Details This product has multiple variants. The options may be chosen on the product page

Poem 2: স্বীকাৰোক্তি by সত্যজিত কাকতি 

তুমিতো নাজানা সম্প্ৰতি

 মোৰ হৃদয়ৰ সীমাহীন শূণ্যতাত

 তুমি তুমি লগা ভাৱনাবোৰৰ

 ব্যস্ততা বাঢ়ি আহিছে,

 সঘনে তোমালৈ মনত পৰি

 ঘনে ঘনে বুকু খন কঁপিছে

 আৰু সন্ধিয়াৰ নীৰৱ হৃদয়াকাশত

 মৰমবোৰ কৃষ্ণচূড়া হৈ ফুলিছে ।।

Poem 3: তুমি মানেইতো প্ৰেম-বিষাদৰ কবিতা by সত্যজিত কাকতি

 তুমি যেন বুকুৰ পৰা বুকুলৈ বিয়পি থকা

 বাসনাসিক্ত ফাগুনৰ এছাটি বিপিন্ন পছোৱা,

 ৰিক্ত হৃদয়ৰ গধুৰ নীৰৱতা গচকি

 তুমি দি যোৱা এবুকু স্মৃতিৰ শূণ্যতা

 অহত কৰি থৈ যোৱা মোৰ প্ৰতিটো উশাহ ।।

Poem 4: তোমাৰ সন্ধানত by ৰনোজ দলে

এটা কবিতাৰ সন্ধানত

 ম‌ই শতটি কবিতা লিখো,

 তোমাক বিচাৰি কবিতাৰ ছন্দত

 মই মাথোঁ বিষাদহে দেখোঁ,

 অৱশেষত ভাগৰি পৰে

 মোৰ কলমৰ নিব;

 তথাপিও ম‌ই তোমাৰ সন্ধান

 কাগজত জীবিত ৰাখোঁ।

Poem 5: সঁহাৰি by নিলোৎপল বৰা

 সময়ক সাক্ষী কৰি

 মোৰ যৌৱনৰ কোলাহল,

 অপ্ৰাপ্তিৰ বেদনাত মোৰ

 মনৰ গতিবেগ অচল ।।

 পাৰিলে নকবি মোক

  তুমি কেঁচা মঙহ ভালপোৱা,

  জুখিব পাৰিবি জানো মোৰ

  হৃদয়ৰ যাতনা?

  অপ্ৰাপ্তিৰ এই যুঁজত

  বিচাৰোঁ কেৱল তোৰ সঁহাৰি,

  ত‌ইতো জান‌এ; ই যে মোৰ

  মনৰ কাতৰ গোহাৰি।

 

Poem 6: এটা প্ৰেমৰ কবিতা by নীলিম কুমাৰ

তুমি গুচি যোৱাৰ পিছত

 ময়ো গুচি আহিলোঁ

 কিন্তু আমি য’ৰ পৰা আহিছিলোঁ

 তালৈ উভতি যাব পাৰিলোঁনে?

 এনে লাগে যেন

 ম‌ই তোমাৰ ভিতৰতে ৰৈ গলোঁ,

 তুমি মোৰ ভিতৰতে ৰৈ গ’লা।

 আমি য’ৰ পৰা আহিছিলোঁ

 তালৈ উভতি যাব পাৰিলোঁনে আমি?

 মই ওভতা মানে

 তোমাৰ ভিতৰলৈ ওভতাই,

 তুমি ওভতা মানে

 মোৰ ভিতৰলৈ ওভতা

 আমি সঠিক ভাবে উভতিব পাৰিলোঁনে?

 আমি যদি উভতিলোঁ

 গৈছিলো‍ঁনো ক’লৈ

 সেই ঠাইটুকুৰাৰ নামেই প্ৰেম নেকি

 য’ৰ পৰা আমি উভতিব লাগে।

Poem 7: প্ৰেমৰ সপোন by জিতু দাস

এটা সপোনে বহুদিন ধৰি

 কৰিছে আমনি,

 সপোনবোৰ মায়াবী

 মই নজনা নহয়,

 সপোনবোৰ আৰু জটিল

 কৰি তুলিচা তুমি আহি,

 মায়াৰ ৰং সানিছাঁ,

 এটা সপোনৰ ভিতৰতে

 আৰু অন্য এক স্বপ্ন ৰচিছা,

 প্রতিটো কাহিনীতে

 মুখ্য চৰিত্ৰ তুমি।

 হয়তো তুমি নজনা,

 তুমি কাৰোবাৰ হাজাৰ

 সপোনত খেলা খেলি।

 

Poem 8: তুমি সাগৰীয় by কুলদীপ মেধি 

তাই কেৱল বিচাৰিছিল,

এনে এখনি ঠাই য’ত তাইৰ হাড়বোৰ প্ৰসাৰিত কৰিব পাৰে

এনে এখনি ঠাই য’ত তাই হাঁহিব পাৰে

দীঘল চুলিটাৰী মেলি ধৰিব পাৰে

এনে এখনি ঠাই য’ত তাই নাঙঠ ভৰিৰে খোজ কাঢ়িব পাৰে

নকটাকৈ, দুখ নোপোৱাকৈ।

এখনি ঠাই য’ত বান্ধোন নাই।

তাই সাগৰীয় উশাহৰ পৰা জন্ম পাইছিল।

মই তাইক মনত পেলাই দিছিলোঁ;

কেৱল তেওঁলোকৰ বাবে নিজক জলাঞ্জলি নিদিবা

যাৰ হৃদয় ধূলি-মাকতিৰে ভৰা, য’ত মৰমৰ অভাৱ।

দুর্বল হৈ নিজকে শেষ নকৰিবা।

বিশাল হোৱা।

তুমি ইচ্ছা কৰিলেও সাগৰক নৈ লৈ বোৱাই আনিব নোৱাৰা ।

Poem 9: বিষাদ by জ্ঞান জ্যোতি গগৈ 

 বহু চেষ্টা কৰিলো আজি

 দুখ লুকুৱাই এবাৰ

 হাঁহিবলে…

 কিন্তু নোৱাৰিলো অ…

 বৈ আহিল দুচকু পানী…

 কিন্তু তুমি ভাবিলা সেইয়া

 মোৰ সুখৰ চকুলো…

 হাজাৰ দুখৰ মাজত

 হাঁহিব শিকিছিলো

 তোমাক কাষত পায়…

 কিন্তু কি কৰিম…

 নিষ্ঠুৰ নিয়তি…

 এবাৰ হাঁহিব নিদিলে মোক…

 আঁতৰি যোৱা মোৰ

 মন সৰগৰ ৰাণী…

 কিদৰে আছো মই

 নাচাবা তুমি…

 

Poem 10: প্রেম by উৎপল (বাবু)

প্রেম প্রেম চাৰিও ফালে প্ৰেম

প্ৰেমৰ প্ৰকোপত

মোৰ ওলমি থকা সৰল জীৱনটো

জহি খহি পৰিচে

প্রেমে খহাই থৈ যোৱা মোৰ জীৱনটো

যোৰা লগাবনে কনোবাই

প্ৰেমৰ অন্তপৰি ভাল দিনৰ

আশাত মই ৰৈ আছো বহুদিন

কিন্তু মোৰ আশা সপোন হৈ ৰল

বহুদিনৰ আশাৰ পিছত দেখিছো

ভাল দিন

কিন্তু সন্দেহ নায় যে

নিষ্ঠুৰ প্ৰেমে ইয়াকো

এই জীৱনৰ পৰা শেষ কৰিব এদিন।।

Recommended: Assamese Love Quote T-shirt

Mon Jai Assamese T-shirt - Back - Model

Mon Jai

Original price was: ₹1,299.00.Current price is: ₹699.00. View Details This product has multiple variants. The options may be chosen on the product page

Poem 11: প্ৰিয়তমাৰ চিঠি by হেমচন্দ্ৰ গোস্বামী

 সৌন্দৰ্য্যৰ বুকুত কাঁচলি উদঙ্গাই

 প্ৰকৃতিৰ চোঁ-ঘৰ চালোঁ পিত্ পিত্;

 কুকুৰঠেঙ্গীয়া এই আখৰকিটিত

 যি অমিয়া ঘহাঁ আছে, ক’তো আৰু নাই।

 

 কবি-নিকুঞ্জত ফুলি কত কবিতাই

 মলয়াত উটি উটি ফুৰে পৃথিৱীত,

 তোমাৰ চিঠিয়ে কিন্তু জানে যিটি গীত,

 কবিতাৰ কাব্যে তাৰ গোন্ধকে নাপায়।

 

 ফুল ফুলে, সৰি যায়, শুকান বননি,

 বসন্তৰ কুঁহিপাত ৰ’দত লেৰেলে;

 তোমাৰ চিঠিয়ে প্ৰিয়ে জানে কি মোহিনী,

 নিতৌ নোহোৱা বাহী, ন ন ফুল মেলে।

 

 যত শুঙো, চুমা খাওঁ, নালাগে আমনি,

 হৃদয়ত হেপাহৰ ভোটাতৰা জ্বলে ।

 

Poem 12: হয়তো তুমি নাজানা by ডিমপী

 হয়তো তুমি নাজানা

 তুমালৈ মোৰ কিমান হেপাহ

 এতিয়াও ভাহি আহে

 মৰহি যোৱা ফুলপাহৰ গোনধ

 হয়তো তুমি নাজানা

 তোমালৈ মোৰ কিমান আসক্তি

 তুমি চালেই বৈ আহে বুকুলৈ

 শীতল মলয়া এছাটি।

 ফেচবুকত যেতিয়াই দেখোঁ

 তোমাৰ অপেন বিলেচন,

 বুকুত জাগি উঠে এক

 আৱেগভৰা শিহৰণ।

 হয়তো তুমি নাজানা

 এতিয়াও তোমালৈ কিমান মৰম।

 জানো তুমিও মোক পাহৰা নাই,

 নহলে মেছেজ নিদিলাহেতেন –

 হাউ আৰ ইউ

 বেয়া নাপাবা তোমাৰ

 জি এফ এ বেয়া পাব বুলিয়েই

 নিদিওঁ ৰিপলাই।

 হয়তো তুমি নাজানা

 আলফুলে ৰাখিছোঁ ইচমৃতিবোৰ

 হৃদয়ৰ এক বনধ কোঠালিত।

Poem 13: প্রেমিক মই by সত্যজিত কাকতি

 সেই প্রেম মোৰ হিয়াৰ প্ৰতি কোঁহে  কোঁহে

 যি প্রেমত জন্ম নহয়

 কাৰোবাক পোৱাৰ কিম্বা কাৰোবাক

 নিজৰ কৰি লোৱাৰ অজস্ৰ হেঁপাহ,

 নাইবা জাগ্রত নহয় কোনোবা প্রেমিকাক

 স্পৰ্শ কৰাৰ দুৰ্বাৰ বাসনা।

 প্রেম মানেই তো সেইয়াই বুজোঁ

 কাৰোবাৰ নিয়ৰত ডুবা দুচকুত

 শৰতৰ এমুঠিমান ৰ’দালি সানি

 দুটিওঁঠত এবুকু হাঁহি সিঁচি দিয়াৰ সামান্য প্রচেষ্টা, প্ৰেমৰ মই হাজাৰ কবিতা লিখোঁ

 অথচ কোনো কবিতাতেই বিচাৰি নোপোৱা প্ৰতাৰণাৰ মূৰ্চ্ছিত ভাষা।

 মই জানো

 ইতিহাসতে ভাঙি যোৱা মোৰ হৃদয়

 কোনো প্রেমিকাৰে প্ৰিয় নহয়,

 সেয়েহে হৃদয়ে আত্মগোপন কৰাৰ খবৰত সকলোৱে মোক স্বাভিমানী বুলি কয়।

 

Poem 14: এজাক বৰষুণ by নিভা শইকীয়া

 আহিবা চোন তুমি বৰষা

 নামিলে,

 খোজ কাঢ়িম আমি দুয়ো

 খালি ভৰিৰে একেটা ছাতিৰ

 তলতে।

 বৰষাই তিয়াই নিয়া আমাৰ

 প্রেম কাহিনী, লিখি থম দিন

 লিপিৰ প্ৰতিটো পৃষ্ঠাতে।

 শাওঁনৰ বৰষাই তিয়াই

 দুৰ পেলাই শৰীৰ আৰু মন।

 বাৰিষা আহিলেই মেঘ আৰু

 বৰষুণৰ মাজত খেলা হয়

 মনৰ উলাহত।

 নতুন বৰষাই তিয়াই নিয়ে

 সকলোৰে দেহা মন,

 অলপ দিনৰ পিছতেই

 শৰতৰ হ’ব আগমন।

 

Poem 15: প্ৰেমৰ কবিতা by হীৰেন ভট্টাচাৰ্য

 মোৰ বুকুত কি জ্বলে !
মোৰ দুখ, মোৰ আনন্দ
কিহে আৰু ব্যাপক কৰি তোলে !
মোৰ অনুভৱে অনুভৱে
তোমাৰ প্ৰেমৰ গুণগুণ শব্দ
এনেকৈ ৰূৰুৱাই জ্বলে যে
তাৰ ছাই ভৰি পৰে
মোৰ বুকুৰ ভিতৰে-বাহিৰে |
সম্ভৱত তোমাৰ প্ৰগলভ প্ৰেমে
মোক ছাই কৰি পুৰি নিব ক্ৰমে ।।

 

Poem 16: হেঁপাহৰ জোন by নিলোৎপল বৰা

 হেঁপাহৰ জোনটি,

 মানিছোঁ মই বাওনা

 হ’লেও আছে এখন হৃদয়!

 আমিও দেখোঁ অযুত সপোন,

 অৱস্থিতি য’ত প্ৰীতিৰ নিলয়।।

 জোনটো হৈয়ে দূৰতে ৰ’বানে,

 আঁকোৱালি নোলোৱা নেকি বুকুৰ মাজত?

 নে বাওনা বুলি কাষলৈ নাহো ভাবিছা!

 নালাগে দিয়া, নকৰো আপত্তি

 যিটো ভাবিছা… ঠিকেই ভাবিছা।।

 হ’ব মন আছিল জানা…

 নীল আৰ্মষ্ট্ৰঙ নাইবা ৰাকেশ শৰ্মা!

 কিন্তু অবুজ মনটোক বুজাব নোৱাৰোঁ,

 নিতৌ কৰে… নতুন ভাওনা!

 মই হব খোজোঁ তোমাৰ মুক্ত প্ৰেমিক…

 তোমাৰ বুকুত বগাই সীমাহীন বিচৰণ মোৰ লক্ষ,

 তথাপি মই শংকিত !

 কাহানিও এৰিব নোৱাৰিম তোমাৰ পক্ষ।।

 শুনিছা,

 লাগে মাথোঁ কিছুমান তোমাৰ জোনাকী সঁহাৰি…

 যাতে জোন, তুমি বুলি ভাবিলে মুখলৈ আহে এটি প্ৰকৃত হাঁহি।

 মনৰ কথাখিনি তোমাকে ক’লো,

 নীল আৰ্মষ্ট্ৰঙ হব নোৱাৰিলেও

 নিল হৈয়ে তোমাক জনালোঁ।

Poem 17: ভালপোৱাৰ চিঠিখন by ধ্ৰুৱজিৎ বৰ্মন

 হেঙুলীয়া সূৰ্য্যৰ কিৰণেৰে

 তোমাৰ মুখখন চিকমিকাইছিল,

 তোমাৰ লাজুকী ওঠৰ হাঁহিটোৱে

 সৌন্দৰ্য্য বিৰাজ কৰিছিল।

 মেঘালী চুলিটাৰীৰ সুগন্ধি বিলাই

 তুমি আহিছিলা,

 মোৰ হৃদয়ত কম্পনাংকৰ ঢৌ তুলি।

 কাজলসনা চকুজুৰিয়ে কৈ গৈছিল নিশব্দৰে,

 তুমি মোক ভালপোৱা বুলি।।

Poem 18: পাহৰি যাব নোৱাৰো by জিন্টু মৰাং

 তুমি নকবা পাহৰি যোৱা বুলি

 নোৱাৰোঁ পাহৰিব তোমাক

 ভাল পাওঁ তোমাক!

 পাহৰিব কলেই নোৱাৰোঁ…

 যদি কোৱা আঁতৰি যোৱা

 আঁতৰি আহিম তোমাৰ জীৱনৰ পৰা

 কিন্তু পাহৰিব কেতিয়াও নোৱাৰিম!

 ভাল পাওঁ তোমাক

 অভিনয় কৰিব পাৰিম তোমাক পাহৰি যোৱা!

 কিন্তু কেতিয়াও পাহৰিব নোৱাৰোঁ…

 তোমাক আঁতৰি যোৱাৰ বাধা নিদিওঁ,

 তোমাৰ সুখেই মোৰ সুখ!

 ম‌ই উৰে জীৱন তোমাৰ ছবি

 বুকুৰ মাজত সাৱটি ৰাখিম

 বিলিন হৈ যাম তোমাৰ ছবি খন লৈ,

 পাহৰিব কেতিয়াও নোৱাৰিম…

 আৰু নকবা পাহৰি যোৱা বুলি।।

Poem 19: প্ৰেমৰ অনুভুতি by ধ্ৰুৱজিৎ বৰ্মন 

 তোমাক প্ৰথম দেখাত

 মোৰ হৃদয়ৰ গোলাপ পাহি ফুলিছিল,

 তোমাৰ মিঠা হাঁহিটিত

 মোৰ দুচকুত তীক্ষ্ণ আলোকৰ সৃষ্টি হৈছিল,

 তোমাৰ মোৰ প্ৰথম চিনাকিত

 মোৰ হৃদপিণ্ডৰ ধপ ধপনি বাঢ়িছিল,

 তোমাৰ ওঁঠত স্পৰ্শ হৈ অহা শব্দবোৰে

 মোক বৰকৈ আমনি কৰিছিল,

 তোমাৰ সেই ধুনীয়া মুখখন

 নিজান ৰাতি মোৰ সপোনত ভাঁহি উঠিছিল,

 হয়তো মই নজনাকে

 মোৰ তোমালৈ ভালপোৱা হৈছিল।।

 

Poem 20: প্রেম ইত্যাদি by কুলদীপ মেধি

 (১)

 

তুমি মোক তোমাৰ কলম কৰি লোৱা

 তোমাৰ উকা কাগজত লিখিবলৈ

 প্ৰেমৰ বৰ্ণিল অধ্যায়।

(২)

 

প্রেম মানেই এটা আধা লিখা গল্প

 চকুৰ চাৱনিৰে আৰম্ভ হয়

 আৰু এখনি নির্বাক ছবিৰ দৰে

 কেৱল চাৰি চকুৱে কথা কয়

 প্রেম মানেই কেৱল গান আৰু গান

 য’ত সেউজীয়াবোৰ সুৰ হৈ ভৰে

 আৰু সপোনবোৰ মমৰ দৰে গলি

 ঠুনুকা হৃদয়খন ঠনঠনকৈ ভাগে

 প্রেম মানেই এটা দীঘল বাট

 গৈ গৈ যি পোৱা যায়

 তাত একো নাথাকে

 শূণ্য এটাৰ ভিতৰত কেবল শূণ্য থাকে।

এই Assamese love poems bur ভাল লাগিলে নে ?

আশা কৰিছো ভাল লাগিল !

আৰু এনেধৰণৰ content ভালপোৱা যদি, kindly আমাৰ blog টো follow কৰি থাকিবা।

Cheers!

কিবা Romantic পিন্ধা, কিবা Axomiya পিন্ধা।

Mati Fale Nangole - Model - FrontEkdom Bihu Bihu Lag Raha Hain - Model Back

Mati Fale Nangole Buku Fale Morome

Original price was: ₹1,299.00.Current price is: ₹649.00. View Details This product has multiple variants. The options may be chosen on the product page
Mon Jai Assamese T-shirt - Back - ModelMon Jai Assamese T-shirt - Front - Model

Mon Jai

Original price was: ₹1,299.00.Current price is: ₹699.00. View Details This product has multiple variants. The options may be chosen on the product page
O Homoi - Model - FrontEkdom Bihu Bihu Lag Raha Hain - Model Back

O Homoi Tumi Olop Roi Nidiya Kiyo

Original price was: ₹1,299.00.Current price is: ₹599.00. View Details This product has multiple variants. The options may be chosen on the product page
Pakhi Pakhi Ei Mon T-shirt - Model - BackPakhi Pakhi Ei Mon T-shirt - Model - Front

Pakhi Pakhi Ei Mon

Original price was: ₹1,299.00.Current price is: ₹749.00. View Details This product has multiple variants. The options may be chosen on the product page

Real Axomiya. Real Reviews.

Ritubrata Sarma testimonial
Riku Das Review
Bikash testimonial
Suranjan Hazarika testimonial
Bashir Islam testimonial
Rahul Basumatary testimonial
Share This Blog Post

Add comment

Your email address will not be published. Required fields are marked

More Blog Posts You Might Like...