25 Assamese Love Shayari For The Young & Romantic

25 Assamese Love Shayari For The Young & Romantic

If you are looking for Assamese Love Shayari, well, you are at the right place!

In this blog post, we bring you Top 25 Assamese Love Shayari that will appeal to the romantic in you.

So, let’s begin.

Assamese Love Shayari No. 1 - আধৰুৱা উপন্যাস

তুমি এটি কাহিনী,

জানো এইয়া যে এটি আধৰুৱা কাহিনী,

এইয়া এটি আধৰুৱা কবিতা,

এটি সন্ধানহীন যাত্ৰা,

এটি যাত্ৰা যাৰ নাই কোনো ঠিকনা,

নাই বুলি জানিও নাজানো কিয় আজি এই মনে কেৱল তোমাকে বিচাৰে, নাজানো কিয়?

এই উপন্যাসখন এটি আধৰুৱা পৃষ্ঠাত‌ ৰৈযাব,

কিতাপৰ পৃষ্ঠাত হয়তো পঢ়িবলৈ একো নাথাকিব বুলি জানিও আজি মনে তোমাকে বিচাৰে…

ইয়াৰ অন্ত নাই, প্ৰতিটো ক্ষণতে এটি ভয় লৈ  জীয়াই আছো,

হয়টো কালিলৈ নাথাকিব এই  ফাগুনৰ পছোৱা বা…

কেৱল আৰম্ভণিয়ে সোৱাদ ল’ব আমাৰ পবিত্ৰ প্ৰেমৰ…

Bestseller: Assamese Love Quote T-shirt

Mati Fale Nangole - Model - Front

Mati Fale Nangole Buku Fale Morome

Original price was: ₹1,299.00.Current price is: ₹649.00. View Details This product has multiple variants. The options may be chosen on the product page

Assamese Love Shayari No. 2 - বিশ্বাসৰ পঁজা

সুখত থাকিবলৈ ডাঙৰ অট্টালিকাৰ প্ৰয়োজন নাই,

মাথোঁ জীৱন সংগী জন বিশ্বাসী আৰু মৰমিয়াল হ’লে ভঙা পজাটো সুখী হব পাৰি।

Assamese Love Shayari No. 3 - জীৱনৰ পৰিক্ৰমা

কিছুমানে সুখ বিচাৰি কান্দে,

কিছুমানে দুখৰ বুকুত কান্দে,

আচৰিত এই জীৱনৰ পৰিক্ৰমা…

কিছুমানে বিশ্বাসৰ কাৰণে কান্দে, আৰু কিছুমানে বিশ্বাস কৰি কান্দে।

Assamese Love Shayari No. 4 - মনৰ কিতাপ

এবাৰ মাথোঁ মোৰ মনৰ কিতাপখন মেলি চোৱা,

প্ৰথম পৃষ্ঠাৰ পৰা শেষলৈ কেৱল তুমি,

তুমি আৰু তোমাৰ নামেই পাবা।

Assamese Love Shayari No. 5 - মধুৰ জীৱন

জীৱনটো মিঠা আৰু ইমান মধুৰ,

কিন্তু যেতিয়ালৈকে ম‌ই তোমাৰ আৰু তুমি মোৰ।

Assamese Love Shayari No. 6 - ভগ্ন হৃদয়ৰ স্বপ্ন

জীৱন এতিয়া ভগ্ন হৃদয়ৰ,

ম‌ই নিলাজ প্ৰেমিকে প্ৰেমৰ স্বপ্ন দেখি গলো,

আৰু মোৰ হৃদয়েও ভাঙি গৈ থাকিল,

কোনোৱে বুজি নাপালে, হৃদয়খনো মোৰ থাকিল ভাঙি।।

Assamese Love Shayari No. 7 - নিসংগ যাত্ৰা

কিমান বছৰ গুচি গ’ল,

ম‌ই ৰৈ গলো অকলে।

কিমান বছৰ গুচি গ’ল আৰু জীৱনৰ কিমান দিন,

ম‌ই ৰৈ গলো কিন্তু জীৱনত সদায় অকলে।

Assamese Love Shayari No. 8 - সপোনৰ কেনভাচ

সন্ধিয়াৰ ঘন নীলা আকাশ,

তাতে আছে হাজাৰ সপোনৰ কেনভাচ, তথাপি কেৱল তোমাৰেই প্ৰতিচ্ছবি সকলো সপোনত।

Assamese Love Shayari No. 9 - অস্তিত্বৰ যুঁজ

মই মোৰেই পথ প্ৰদৰ্শক নহয় আপোনাৰ নো কেনেকৈ হম,

মোৰ সৃষ্টি, মোৰেই বৈৰী, মই তাৰ বাবে নো কেনেকৈ ৰম।

মই মোকেই বিপন্নত পেলালো,

আপোনাৰ অন্ন কেনেকৈ হম,

মোৰ সমৃদ্ধি, মোৰেই ক্ৰুদ্ধ মই তাৰ বাবে নো কেনেকৈ ৰম।

Recommended: Assamese Love Song T-shirt

Mon Jai Assamese T-shirt - Back - Model

Mon Jai

Original price was: ₹1,299.00.Current price is: ₹699.00. View Details This product has multiple variants. The options may be chosen on the product page

Assamese Love Shayari No. 10 - শেষৰ জন

মই তোমাক বিচাৰোঁ, তোমাৰ অতীতক নহয়…

মই তোমাৰ ভবিষ্যত হ’ব খোজো, অকল বৰ্তমানেই নহয়…

তোমাৰ জীৱনত শেষৰ জন হ’ব বিচাৰোঁ…

প্ৰথম দ্বিতীয় জন বুলি নহয়।

Assamese Love Shayari No. 11 - বিষাদৰ নৈ

তুমি নাই সেয়ে অৱতৰীয়া বৰষুণজাকো নাই,

আছে মাথোঁ তোমাৰ মোৰ হৃদয়ৰ মাজেৰে বৈ এখনি বিষাদৰ নিৰৱ নৈ…

Assamese Love Shayari No. 12 - প্ৰেমৰ স্মৃতি

ভালপোৱা জীয়াই থাকে,

কেতিয়াবা কবিতা হৈ,

কেতিয়াবা স্মৃতি হৈ।

Assamese Love Shayari No. 13 - জোনাকৰ বিষাদ

নিশাৰ আকাশখনক সুধিছিলো,

কেনে‌ আছা তুমি ?

জোনবাই জনীয়ে ক’লে, স্মৃতি সাৱটি হেনো মোৰ দৰে এন্ধাৰ আছা সাৱটি।

Assamese Love Shayari No. 14 - নিৰুপায় প্ৰাৰ্থনা

যদিও নাই তোমাক পোৱাৰ মোৰ এই কপালত লিখা…

তথাপিও মাগিম মই তোমাক পোৱাৰ তেওঁৰ পৰা ভিক্ষা।

Assamese Love Shayari No. 15 - পপীয়া তৰা

প্ৰেম আকাশৰ তুমি পপিয়া তৰা,

পাৰিলে তুমি মোৰ মন চোতালত হিয়া উজাৰি সৰা।

Assamese Love Shayari No. 16 - ভাগৰুৱা জীৱন

ভাগৰিও নাভাগৰা জীৱনে আজিচোন ভাগৰি পৰিছে,

কন্টকময় পথৰ অৱকাশ কত?

জীৱন যাত্ৰাৰ ৰথখনে আজি দেখোন আধাতে মেলানি মাগিব খুজিছে |

Assamese Love Shayari No. 17 - আশাৰ সুৰুয

ডুব যোৱা সুৰুযৰ হেঙুলীয়াত মুঠি মুঠি আশা বান্ধিব,

আন্ধাৰ ভেদি এদিন পোহৰ সৰকাই আনিম,

তোমাৰ এমোকোৰা হাঁহিত মইও ৰক্তজবা হৈ ফুলিম।

Assamese Love Shayari No. 18 - উজাগৰী ৰাতি

প্ৰতিটো উজাগৰী ৰাতি সাক্ষী,

‘প্ৰিয়তম’

ভালপোৱাৰো আজি ইমান অসুখ, তোমাৰ অবিহনে,

উশাহবোৰোও কৰে মোক বিমুখ।।

Assamese Love Shayari No. 19 - সময়ৰ অভিনয়

সময়ৰ সোঁতত চিনাকীও অচিনাকী হয়,

আপোনো হৈ পৰে পৰ, সময়ে য’ত থমকি ৰয়,

তাতে গঢ়ি উঠে অভিনয়…

এই চিনাকীবোৰ অচিনাকী হৈ আঁতৰি গ’লে ই অভিনয়ে গ্ৰাস কৰে আমাৰ হৃদয়।

Assamese Love Shayari No. 20 - সংগ্ৰাম আৰু সুখ

মনে বিচৰাবোৰ যদি কষ্ট অবিহনে পোৱা যায়, তাৰ মাদকতা কিমান দিন থাকিব?

সংগ্ৰাম কৰি তোমাৰ কাষ চাপিম….

মোতকৈ সুখী হয়টো কোনো নহব।

Assamese Love Shayari No. 21 - অভিমানৰ পকনীয়াত

নি:সংগতাৰ আঁচল উৰুৱাই ক’ত ৰাতি উজাগৰে যায়,

অভিমানৰ পকনীয়াত ভালপোৱাবোৰেও উশাহ বিচাৰি হাবাথুৰি খায়।

Assamese Love Shayari No. 22 - বিধ্বস্ত কলিজা

তোমাৰ ওঁঠৰ স্বৰগমত আজি ম‌ই দুগ্ধ…

মায়াৱী সপোন হৈ কিয় আহা কলিজাটো মোৰ এনেই বিধ্বস্ত।

Assamese Love Shayari No. 23 - পাহৰিব নোৱাৰা মৰম

মোক তুমি পাহৰি যোৱা মোৰ কব লগা একো নাই,

কিন্তু মোৰ মৰমখিনি তোমাৰ হৃদয়ত মই এনেদৰে বহোৱাই দিম যে ওৰে জীৱন মোক পাহৰিবলৈ তোমাৰ কষ্ট হ’ব ।।

Assamese Love Shayari No. 24 - শব্দৰ মায়া

কেতিয়াবা মোৰ শব্দৰে সজাম দিয়া তোমাৰ হৃদয়ৰ গোপন কোঠা,

কলিজা নেওচি বৈ অহা এটি আবেলি মাথোঁ মোৰ নামত কৰি দিয়া।

Assamese Love Shayari No. 25 - একান্ত ইচ্ছা

জটিল সময়, আশাবাদী মন,

মনে কামনা কৰে…

যিমান সময় কাষত থাকা তুমি যেন মোৰেই হৈ থাকা’। 

So, that’s it!

We hope you enjoyed going through this collection of Asssamese Love Shayari.

For more such content on Assamese pop culture, keep reading this blog.

Till next time.

Cheers!

কিবা Romantic পিন্ধা, কিবা Axomiya পিন্ধা।

Mati Fale Nangole - Model - FrontEkdom Bihu Bihu Lag Raha Hain - Model Back

Mati Fale Nangole Buku Fale Morome

Original price was: ₹1,299.00.Current price is: ₹649.00. View Details This product has multiple variants. The options may be chosen on the product page
Mon Jai Assamese T-shirt - Back - ModelMon Jai Assamese T-shirt - Front - Model

Mon Jai

Original price was: ₹1,299.00.Current price is: ₹699.00. View Details This product has multiple variants. The options may be chosen on the product page
O Homoi - Model - FrontEkdom Bihu Bihu Lag Raha Hain - Model Back

O Homoi Tumi Olop Roi Nidiya Kiyo

Original price was: ₹1,299.00.Current price is: ₹599.00. View Details This product has multiple variants. The options may be chosen on the product page
Pakhi Pakhi Ei Mon T-shirt - Model - BackPakhi Pakhi Ei Mon T-shirt - Model - Front

Pakhi Pakhi Ei Mon

Original price was: ₹1,299.00.Current price is: ₹749.00. View Details This product has multiple variants. The options may be chosen on the product page

Real Axomiya. Real Reviews.

Ritubrata Sarma testimonial
Riku Das Review
Bikash testimonial
Suranjan Hazarika testimonial
Bashir Islam testimonial
Rahul Basumatary testimonial
Share This Blog Post

2 comments

Add comment

Your email address will not be published. Required fields are marked

More Blog Posts You Might Like...