Top 10 Assamese Rap Song Lyrics

Assamese rap song lyrics

Assamese rap is on the rise, blending bold lyrics, local flavor, and raw emotions into powerful beats.

If you’re searching for the most fire Assamese Rap Song Lyrics, you’ve come to the right place.

From street stories to cultural pride, here are some of the best bars straight from Assam’s vibrant rap scene.

1. চেনি by Kool D x Hamazik

কোনে খালে চেনি আৰু কোনে গুড় খালে?

পিঠাগুৰি-ভীমকল খাই অলপ জোৰ পালে

খোৱা-বোৱা পিচত হ’ব, চোৱাঁ অলপ মোৰ ফালে

ধেমালিতে কোৱা কথা গৈ বহুদূৰ পালে

কোনে খালে চেনি আৰু কোনে গুড় খালে?

পিঠাগুৰি-ভীমকল খাই অলপ জোৰ পালে

খোৱা-বোৱা পিচত হ’ব, চোৱাঁ অলপ মোৰ ফালে

ধেমালিতে কোৱা কথা গৈ বহুদূৰ পালে

 

ধোঁৱা-ধোঁৱা চাৰিওফালে, কোনে খালে cigarette?

সৰু সৰু মাইনা আজি hostel-ত liberate

হাঁওফাঁওত জুই লাগিল, হাত দাঙিল liver-এ

খাওঁ খাওঁ বুলি ভাবি পানী পৰিল জিভাৰে

সিপাৰে সি আছে ৰঙানদী-পাৰত

জুই ফুঁৱাই হাত-ভৰি ৰঙা পৰিল জাৰত

মাঁয়ে আহি চৰ দিলে ৰঙা কৰি গালত

মদ খাই ল’ৰা বোলে ধৰা পৰিল bar-ত

 

মাইনা main, তাইৰ cool cool life

Social media-ত লাগে দুৰ্ঘোৰ fight

খেতি নকৰে সি কোৰ-চোৰ বাই

So what? তাৰ choice, তাৰ ভুল-চুল নাই

মাইনা main, তাইৰ cool cool life

Social media-ত লাগে দুৰ্ঘোৰ fight

খেতি নকৰে সি কোৰ-চোৰ বাই

So what? তাৰ choice, তাৰ ভুল-চুল নাই

 

বাকী ল’লে গিলাচত, উঠিলে বুৰ্-বুৰণি

এক ঢোক খাই পেলাই কথা দূৰ-দূৰণিৰ

কথা তোৰ-মোৰ, কথাবোৰ পুৰণি

পিচদিনা শুই উঠি হ’ল মূৰ-ঘূৰণি

বাকী ল’লে গিলাচত, উঠিলে বুৰ্-বুৰণি

এক ঢোক খাই পেলাই কথা দূৰ-দূৰণিৰ

কথা তোৰ-মোৰ, কথাবোৰ পুৰণি

পিচদিনা শুই উঠি হ’ল মূৰ-ঘূৰণি

 

হঠাৎ ভাঙিল টোপনি যে নোট পৰিৱৰ্তন

খিৰিকীৰে মূতি দিলে, মূত পৰিল মৰ্ত্যত

ধাঁই-ধুঁই bike চলায়, যুগ পৰিৱৰ্তন

ৰঙা-নীলা চুলি বোলে look পৰিৱৰ্তন

ভঙা ভঙা চাইকেলত half paddle, ল’ৰালি

ৰঙা-বগা চোলা আৰু half jacket, খৰালি

লাঙিজালত ঢোঁৰা-সাপ, ক’ত পলাল বৰালি?

বিচাৰচোন, বিচাৰচোন, বিচাৰ

 

কিনো কৰি আছ, লগা অলপ ঠেলা-হেঁচা

বাঃ কি সুগন্ধ! চৌপাশে গেলা-পচা

গেলি থকা সমাজখন চাফ-চিকুণ কৰিবলে

ক’ৰ পৰানো উঠি আহে, মানুহবিলাক এলা-পেচা

ফালি ফালি packet-টো পেলাই দে (পেলাই দে)

দেশ-জাতি ৰসাতলে, তয়ো অলপ গেলাই দে

বাঢ়ি আছে population জেগাকণ নুজুৰিলে সবে মিলি পকাতে ঢেলাই দে

 

নিজকে অলপমান ফাঁকি দে বোপাই

দেখিও চকুটো ঢাকি দে বোপাই

ভাল হ’ব পৰীক্ষা, চিন্তা কিয় কৰিছ?

গৈ পেলাই মন্দিৰত চাকি দে বোপাই

নিজকে অলপমান ফাঁকি দে বোপাই

দেখিও চকুটো ঢাকি দে বোপাই

ভাল হ’ব পৰীক্ষা, চিন্তা কিয় কৰিছ?

গৈ পেলাই মন্দিৰত চাকি দে বোপাই

 

কাম-বন নাই, পৰি আছোঁ, ধূৰ্ত

এলাহতে পাৰ হয় প্ৰতিটো মুহূৰ্ত

সামাজিক মাধ্যমত সমাজখন হেৰালে

ভাল চিন্তাৰ নাই শুংসূত্ৰ

কাম-বন নাই, পৰি আছোঁ, ধূৰ্ত

এলাহতে পাৰ হয় প্ৰতিটো মুহূৰ্ত

আহি কৰিলে চব লণ্ডভণ্ড

হ’ল নিচা চাগে’ খাই গো-মূত্ৰ

 

কোনে খালে চেনি আৰু কোনে গুড় খালে?

পিঠাগুৰি-ভীমকল খাই অলপ জোৰ পালে

খোৱা-বোৱা পিচত হ’ব, চোৱাঁ অলপ মোৰ ফালে

ধেমালিতে কোৱা কথা গৈ বহুদূৰ পালে

কোনে খালে চেনি আৰু কোনে গুড় খালে?

পিঠাগুৰি-ভীমকল খাই অলপ জোৰ পালে

খোৱা-বোৱা পিচত হ’ব, চোৱাঁ অলপ মোৰ ফালে

ধেমালিতে কোৱা কথা গৈ বহুদূৰ পালে

 

2. Xullo Son by Debabrata Gogoi

আজিতো চাই দেখি নাপাওঁ যদিও সপোনে তোমাৰে নাম কয়

তোমাৰো আজৰি খুজিব নোৱাৰোঁ আগৰ কথাবোৰ ভাবি ৰৈ

চাৰিওফালে মিছা মাতৰে সুহুৰি, ধৰিব পৰা নাই এই জীৱন

নাজানো, নুবুজোঁ, যাবও নোৱাৰোঁ, ঘূৰাই দিয়াঁ মোক ১৬ চন

য’ত মোৰ দুখ নাই, য’ত সুখৰ ভোক নাই

য’ত তাইৰ চকুযুৰি, তাই মোক হাঁহি চায়

য’ত মন-ফুলনি, নিৰলে থাকোঁ আমি

য’ত মই ক’ব পাৰোঁ তাই মোক ভাল পায় বুলি

আহিলে মনৰে মৌনতা, নিজৰে মনতে মগ্ন তাই

হাতত ধৰি ৰাখিব নোৱাৰি নদীৰ দৰে উটি যায়

আশা-প্ৰতিশ্ৰুতি থমকি ৰ’ল, ৰংবোৰো কিবা নোহোৱা হ’ল

লাহে লাহে কৰি নিজকে বুজালোঁ- “তাই তোক এৰি গুচি গ’ল”

আহিলে মনৰে মৌনতা, নিজৰে মনতে মগ্ন তাই

হাতত ধৰি ৰাখিব নোৱাৰি নদীৰ দৰে উটি যায়

সহিব নোৱাৰি ভাঙিলোঁ মই, কোঠাতে নিজকে বান্ধিলোঁ থৈ

মনক বান্ধি ৰাখিলোঁ যদিও আছিল চকুপানী বৈ

আজিও চাই নেদেখোঁ মই, আজিও সপোনে তোমাৰে নাম কয়

যদিও নোহোৱা মোৰ তথাপিও সপোন ৰাখিছোঁ সাঁচি থৈ

নালাগে আনিব সুখৰে বতৰা, নালাগে ভাঙিব মোৰ মন

ৰং সানিবলৈ নাহিবাঁ তুমি, নালাগে ঘূৰাই ১৬ চন

3. সৰু মানুহ by Kool D x Krishi

আমিতো সৰু মানুহ, সৰু হৈয়ে থাকিম

আমিতো সৰু মানুহ, সৰু মানুহ, সৰু মানুহ

আমিতো সৰু মানুহ, সৰু হৈয়ে থাকিম

ফটা কাগজতে সপোনবিলাক আঁকিম

মিছা চাল মাৰি নিদিওঁ নিজক ফাঁকি

জেপত টকা নাথাকিলেও সপোন বহুত বাকী

আমিতো সৰু মানুহ, সৰু হৈয়ে থাকিম

আমিতো সৰু মানুহ, সৰু মানুহ, সৰু মানুহ

আন্ধাৰ ৰাতি পোহৰ বিলাম জ্বলাই এটা চাকি

হেঁপাহতে উৰি আছোঁ, কলমটো মোৰ পাখি

পলম হ’ব বাটত আৰু হ’ব চাগে ৰাতি

জেপত টকা নাথাকিলেও সপোন বহুত বাকী

আমিতো সৰু মানুহ, সৰু হৈয়ে থাকিম

আমিতো সৰু মানুহ, সৰু মানুহ, সৰু মানুহ

সি হাঁহিছে দুখতে, হৈছেগে পগলা, জাগিছে ভোকতে

সি মাগিছে শান্তি, পাহৰি কষ্ট, হাঁহি তাৰ মুখতে

সি ভাগিছে বিষাদত, নীৰৱে অকলে বহিছে চুকতে (চুকতে)

সি ভাবিছে কথাবোৰ, নিৰুপায়, পৰিছে নিজৰে ৰোষতে

তোৰতো টকা নাই, তোক লৈ কোনেও মৰমৰ ছবিখন অঁকা নাই

তোৰতো টকা নাই, হ’ব দে তাতেনো কিটো হ’ল একোতো কথা নাই

তোৰতো টকা নাই, তোৰ পথাৰৰ ফচলো সময়ত পকা নাই

তোৰতো টকা নাই, যুঁজিছ ভিতৰত, কিয় মন খুলি তই বকা নাই?

তোৰতো টকা নাই, তোৰতো টকা নাই (তোৰতো টকা নাই)

Aye, ফটা গেঞ্জী, তলফালে half-pant

ফটা ভাগ্য লৈ বেলেগলে হাত মেল

সৰু মানুহ তই সৰু হৈ থাক, বৰ সপোন ৰচিবলে কিহৰ এই বাঘতেল!

ফটা গেঞ্জী, তলফালে half-pant

ফটা ভাগ্য লৈ বেলেগলে’ হাত মেল

সৰু মানুহ তই সৰু হৈ থাক, বৰ সপোন ৰচিবলে কিহৰ এই বাঘতেল!

আমিতো সৰু মানুহ, সৰু হৈয়ে থাকিম

আমিতো সৰু মানুহ, সৰু মানুহ

শুদ্ধ পথত যুদ্ধ কৰিম, ৰুদ্ধ কৰে মাত কোনে!

মনত বেছি চেকা হ’লে ধৰিব তোৰ গাত ঘূণে

ধনত বেছি আঠা, চাবি লাগিব তোৰ লেঠা

জেপত টকা নাথাকিলেও সুখী আমি লাখগুণে

(সুখী আমি লাখগুণে)

তই মনতে ধনী নে ধনতে?

টকা পাই আৱেগো বেচিলি কমতে

তোৰ দূৰৰ পৰা ঘৰতো চমকে

ভিতৰত অশান্তি, সুখবোৰ থমকে

ভালকে ভাবিবি কথাবোৰ নাইবা তই একোকে নাপাবি গমকে

সময় তোৰ লাগিব বুজিবলে কথা, ভুকুতে কলটো নপকে

কিবাতো থাকিব অৰ্থ নাইবাতো এনেই সি beat-তে নবকে

সুখৰে সন্ধানত বিলাওঁতে দক্ষিণা চাবি দেই ঠগিব গণকে

আমিতো সৰু মানুহ, সৰু হৈয়ে থাকিম

ফটা কাগজতে সপোনবিলাক আঁকিম

মিছা চাল মাৰি নিদিওঁ নিজক ফাঁকি

জেপত টকা নাথাকিলেও সপোন বহুত বাকী

আমিতো সৰু মানুহ, সৰু হৈয়ে থাকিম

ফটা কাগজতে সপোনবিলাক আঁকিম

4. শূণ্য by Kool D & Zupiter

মই চাব খোজোঁ এনে এক ঠাই য’ত

নাই মই আজি আৰু নাই মোৰ ছায়া

Really don’t wanna chase anything ’cause

দুদিনৰ জীৱন আৰু দুদিনৰ মায়া

মই চাব খোজোঁ এনে এক ঠাই য’ত

নাই মই আজি আৰু নাই মোৰ ছায়া

Really don’t wanna chase anything ’cause

দুদিনৰ জীৱন আৰু দুদিনৰ মায়া

মই চাব খোজোঁ এনে এক ঠাই য’ত

নাই মই আজি আৰু নাই মোৰ ঠিকনা

কোনোমতে মাথোঁ আছোঁ জীয়াই

মোৰ হৃদয়ত আজি আৰু নাই উদ্দীপনা

চিনাকি বহুত, চিনাকি অযুত

সহায়ৰ হাত লাগে যদি চিনাকি মজুত

পিচে নিজকে কিয় বাৰু নিচিনিলোঁ আজিলৈকে?

হৃদয়ত দেখোঁ কিয় অচিনাকি মোক?

অনাই-বনাই ফুৰিছোঁ ঘূৰি মই বিচাৰি হেৰুওৱা বাটৰ দিশ

যুঁজিছোঁ কিয় মই নিজৰে লগতে! আচলতে এটা সাঁথৰ ই

বিচৰা নাই মই চিনাকি চেহেৰা, যাবলৈ খুজি মই আঁতৰি

নিজৰে মাজতে মগন, আজি মোক নালাগে কাৰোৰে বাতৰি

নিজেই নিজৰ শত্ৰু, মই সঁচা মহাপাগল

বৰ্ষাৰ নহয় পানী, এইয়া চকুৰে অহা জাগল

টুলুঙা মোৰ নৌকা গৈ পালে মহাসাগৰ

মই ডুবি যাব খোজোঁ, আজি লাগিছে বৰ ভাগৰ

ক’ব খোজোঁ বহুকথা বুকু ফালি

পিচে আৱেগবোৰ থমকি ৰয় দুকোঠালীত

তাতে বহোঁ আৰু সময়বোৰ জোখোঁ বালিত

বৈ যোৱাঁ নৈ আৰু লোৱাঁ তাতে মোকো ঢালি

মই ক’ব খোজোঁ বহুকথা বুকু ফালি

পিচে আৱেগবোৰ থমকি ৰয় দুকোঠালীত

তাতে বহোঁ আৰু সময়বোৰ জোখোঁ বালিত

বৈ যোৱাঁ নৈ আৰু লোৱাঁ তাতে মোকো ঢালি

ধূলিকণা ময়ো, মোৰোনো কি চিন-চাব!

ফোঁপোলা জীৱন, ইয়াত মৰে মানুহ চিন্তাত

5. এইখনি গাওঁ বুকুৰ আপোন (Rap Version ) by Yu9g Nicky

এইখনি গাওঁ বুকুৰ আপোন 

ইয়াতে দেখোঁ নতুন সপোন 

কোনে জুমি চায় জুৰিত দাপোন?

ফুলৰ পাতত সাজোন-কাচোন

 

ওঁ, তাৰ পৰা গুচি গ’লটো মই 

ওঁ, তাৰ পৰা দূৰত গ’লো মই 

ওঁ, আজি পঢ়ি চালোঁ নতুন Notice 

ওঁ, আজি কৰি চালোঁ নতুন Practice 

দেউতাই মোক Phone কৰি মাতি পঠালে গাঁৱত 

গুচি গ’লো ব্ৰহ্মপুত্ৰ পাৰ কৰি নাৱত 

মাৰ বোলে বৰকৈ মনত পৰিছে মোলৌ 

নৰখি মই গুচি গ’লো আজি ম‌ই গাঁৱলৈ 

 

এইখনি গাওঁ বুকুৰ আপোন 

ইয়াতে দেখোঁ নতুন সপোন 

কোনে জুমি চায় জুৰিত দাপোন?

ফুলৰ পাতত সাজোন-কাচোন

এই গাওঁ আপোন আপোন 

এই গাওঁ নিচেই আপোন 

(এই গাওঁ নিচেই আপোন)

 

গাঁৱৰ পৰা গ’লো মই Back (অঁ-হঁ)

Semester- ত লাগিছিল Back (অঁ-হঁ)

দেউতাই দিছিলে Slap (অঁ-হঁ)

লগৰবোৰে মাৰিছিল Clap (অঁ-হঁ)

মানুহবোৰৰ কথাবোৰ Crazy

হৈ গৈছিলো lazy

মানুহবোৰৰ কথাবোৰ Crazy

হৈ গৈছিলো (অঁ-হঁ)

 

সৰু-বৰ নাই ইগাঁৱত সমূলি 

উলাহত হ‌ওঁ উদুলি-মুদুলি

চেনেহৰ এই বান্ধোন 

চেনেহৰ এই বান্ধোন 

ফুলৰ পাতত সাজোন-কাচোন 

এই গাওঁ আপোন আপোন 

এই গাওঁ নিচেই আপোন 

(এই গাওঁ নিচেই আপোন)

 

এই গাওঁখনি নিচেই আপোন 

দেখিছোঁ ইয়াত মই বহুত সপোন 

শুৱনি পৰিৱেশ, মন মোৰ মুকলি কৰি ইয়াত 

পথাৰতে বহি লিখিছোঁ আধুনিক কবিতা

পিন্ধিছোঁ ধুতি, মই কান্ধত লৈছোঁ নাঙল 

কৰিছোঁ মই খেতি, দেখোঁ সপোন বহুত ডাঙৰ 

ল’ৰা হ’লো গাৱঁৰ, জীৱন খেতিপথাৰৰ মাজত 

অনুভৱবোৰ জীৱনৰ ম‌ই শুনাই দিছোঁ গানত 

গাঁৱলে’ মনত পৰে, সৰুকালৰ কাহিনী 

তাতে থাকোঁতে পৰিছিলোঁ প্ৰেমত এজনী ছোৱালীৰ

সৰুকালৰ প্ৰেম আছিল, সেইবোৰ আছিল ধেমালি 

কিন্তু মনত থাকি যাব তাই মাৰি যোৱা টঙালি 

 

6. অঘাইতং by Kool-D × Hamazik

অঘাইতং ল’ৰাটো মই অঘাইতং 

বেছি হ’লে উৎপাত তোৰ কানত ধৰি পকাই থম

আঘাইতং ল’ৰাটো মই আঘাইতং 

বেছি হ’লে উৎপাত তোৰ কানত ধৰি পকাই থম 

বকি যাম যি তি মোৰ ভুল হ’লেও হ’ব

চকীখন নালাগে মোক টুল হ’লেও হ’ব

Slimfit নহ’লেও মোক গোল হ’লেও হ’ব 

আৰু মাংস হ’লে খতম অলপ জোল হ’লেও হ’ব 

চাইকেল খন চলাওঁ সেয়ে নালাগে মোক তেল ডিপু

ৰাষ্টাত বৰ ভিৰ হ’লে জোৰ কে মই বেল টিপোঁ

ভালদৰে যাবি চাবি খাবি ত‌ইও বেলতিটো

পূজাত লাগে জেলপি টো শব্দত মই খেল জিকো

শব্দবোৰ ওলাই আমাৰ Wholesale ত

PUB G ৰে দিনটো আমি Busy থাকো বল খেলত

Selfie খন লবলে দে Long Fell ত

আৰু স্বাস্থ্য ভাল ৰাখিবলে খাদ্য ৰান্ধি বন তেলত

কাপোৰ কানি জধলা মোৰ চুলিতো নাই তেল টোঙা

দিনে ৰাতি বিছনাতে পৰি দিওঁ ধেল টোঙা 

শব্দবোৰ লৈ আহিছোঁ ভৰাই দিম ত‌ই মেল ঠোঙা

মায়া ঘৰ দেখাম মই দেখাম তোক Hell কুনা 

বিপদতো লগতে থাকে মানুহতো যাওঁ জেনিয়ে

ডেকা লৰা বিছনা ভাঙে Mobile ত চাই D-niel

Bryn আৰু John Cena ৰ কাজিয়া 

মই আমগুৰিত Show কৰি যাম ঘূৰি নাজিৰা 

ৰাষ্টাত মই মেল পাতো কথাৰে 

মোৰ যোগ্যতা কিমান ত‌ই নোজোখিবি বঁটাৰে 

টোফানি Flow… টোফানি Flow…

তোক উৰাই নিব, উৰাই নিব, উৰাই নিব বতাহে

Classত গৈ বহো সদায় Back Seat ত

কৰুণাময় পৰিবেশ মোৰ ভৰষা নাই Vaccine ত

Vibe নাপাওঁ আমি কাৰো Freak Seat ত

আৰু Brush দিলে দুটা মানে মূতি দিব Bed Sheetত

বিষাক্ত Flow…

যেন পানী ওলায় দমকলত

City Life বেকাৰ মোৰ মন থাকে জংঘলত 

Organic Bro আগবঢ়া নাই মই ধন বলত

এলাহতো Pro মই সুমাই থাকো কম্বলত

বহু মানুহ আহিব তোৰ ভাল দিনত 

ধূলি খিনি গুচাবলৈ পানী ধালো বাল্টিঙত

Flow তো যায় ফৰকাটিং লামডিং ত

পিছে flight ত নাই উঠা কাৰণ Problemটো Funding ত

ৰাষ্টাতে পৰি আছিল (JCB)

Kuch To He Garbadh মানে Daya আৰু ACP

Rap তো মোৰ খানা ইয়াত বিলাই দিম মই Rec ipe

ঘৰে ঘৰে নেমুটেঙা Vibe তো বৰ Acidic 

পাহাৰ নহয় পৰ্বত ম‌ই নেমুটেঙাৰ চৰবত 

পঢ়ি আছোঁ কৃষি বুলি হাত তো দাঙো গৰ্ভত 

পথাৰতে প্ৰাণ বায়ু পথাৰ  তে স্বৰ্গ 

মই Rap লেখো তাতে বহি প্ৰকৃতিৰ গৰ্ভত 

টকাও নাই উৰাবলে পিন্ধনত 

চাইকেত ঘূৰো সেয়ে খৰচ না ইন্ধনত

দোকানতো বাকী মোৰ পেট ভৰে Cream Bunত

মৰিবলে ভয় যদি ওলোটাকে দিন গনক 

জেং হ’লে লগত আছে হেংদাং 

Myntra ৰ লগত ওলাই Feminist ৰ ঠেং দাল

তৰ্ক বিতৰ্ক ফোপোলা ভিতৰখন 

বিসৰ্ধ ওলাবগে আশাৰামৰ Fan Gourd

অঘাইতং ল’ৰাটো মই অঘাইতং 

বেছি হ’লে উৎপাত তোৰ কানত ধৰি পকাই থম 

আঘাইতং ল’ৰাটো মই আঘাইতং 

বেছি হ’লে…

নকৰ চোতালখন লেতেৰা মই কৰি দিম চফা

মোৰ Lyrical পলসত নুঘূৰে তোৰ চকা

শুন মৌখিক আক্ৰমণ খাবি বাঘঢকা

কোন দৈৱিক ? কোন Calcium ? কাৰ বাইদেউ ককা

মই সৈনিক যুদ্ধ মোৰ শব্দৰে দৈনিক 

ত‌ইও জান আচলতে শুদ্ধ কোন শৈলীক

শুনাবোৰো কমনহয় মগজ লৈ শৈলীক

তোক লিখনি নালাগে, লাগে সৌন্দৰ্য দৈহিক 

ঐতিহ্য বিপাঙত Hip-Hop ৰ বিকৃতি

ৰঙা নৈ দিচাঙত

Rapper বুলি চাল মাৰি সংস্কৃতি পাহৰিলে 

ভুল জানো নহ’ব ক ভাবি চালে হিচাপত 

দুটামানৰ Rap ত অকল বাবা আৰু নিচা কন

Beat টো লৈ বকি দিলে Rap নহয় বেতা

এই কাঁইটীয়া মাছ দিঙিত লাগি ধৰে ফিছাখন

চাল মৰা… চাল মৰা… চাল মৰা…

তোৰ চাল মৰা Hip-Hop কি নোবোজো মোৰ দাইতিয়ে 

ওপৰলৈ গ’লে বেছি সহায় আনিম দাই ঘিৰে 

ভাল কথা ক’লে কোনো শুনিবলে নাহে আৰু 

দৌৰ মাৰি যাব গানত নাচি দিলে মাইকিয়ে 

অঘাইতং ল’ৰাটো মই অঘাইতং 

বেছি হ’লে উৎপাত তোৰ কানত ধৰি পকাই থম 

আঘাইতং ল’ৰাটো মই আঘাইতং 

বেছি হ’লে উৎপাত তোৰ কানত ধৰি পকাই থম 

বকি যাম যি তি মোৰ ভুল হ’লেও হ’ব

চকীখন নালাগে মোক টুল হ’লেও হ’ব

Slimfit নহ’লেও মোক গোল হ’লেও হ’ব 

আৰু মাংস হ’লে খতম অলপ জোল হ’লেও হ’ব 

বকি যাম যি তি মোৰ ভুল হ’লেও হ’ব

চকীখন নালাগে মোক টুল হ’লেও হ’ব

Slimfit নহ’লেও মোক গোল হ’লেও হ’ব 

আৰু মাংস হ’লে খতম অলপ জোল হ’লেও হ’ব 

7. প‌ইচা by Hrittize Baruh, Rinabh Saikia & Hirog Jyoti Xutiya

এইয়া প‌ইচা কাৰ প‌ইচা, পাপাৰ নি, ওম

এইয়া প‌ইচা কাৰ প‌ইচা, মাৰ নি, ওম

এইয়া প‌ইচা কাৰ প‌ইচা, অইতাৰ, ওম

এইয়া প‌ইচা কাৰ প‌ইচা, এ নাজানো দেই 

এইয়া প‌ইচা কাৰ প‌ইচা, জুবিন দাৰ নিকি, ওম

এইয়া প‌ইচা কাৰ প‌ইচা, লাকো দাৰ নি, ওম

এইয়া প‌ইচা কাৰ প‌ইচা, দিপাংগৰ নি, ওম

এইয়া প‌ইচা কাৰ প‌ইচা, মামাৰ নি 

 

প‌ইচা আছে যদি Ultimate Power Bro

প‌ইচা ধালিলে ছোৱালী বনিযাব হ

প‌ইচা থাকে য’ত Vote Bank যায় ত’ত

এটকীয়া চাউল খোৱাই দি চৈধ গোষ্ঠী লুটি  ল’ম তোৰ

 

প‌ইচ প‌ইচা প‌ইচা…

 

ধনী মানুহ চোৰ কৰোঁ, প‌ইচা আহিলে Party মাৰো 

দুখিয়া মানুহ ঘিণ কৰোঁ, ৰাইজৰ আগত মুখা মাৰো

বলা মায়া পকৰ চেলেকি ৰাইজৰ অলপ প‌ইচা মাৰো

প‌ইচা আহক ফকততে দম দিম দোকানতে

আহক প‌ইচা যাওক প‌ইচা লাডু কৰি ভৰাই থ‌ই যা

খা প‌ইচা হাগ প‌ইচা বেছি হৈছে মনালিছা 

Steve Job টেমা নুচুতাবি জিয়াই জিয়াই কিনি দিম তোৰ খানদান আৰু Company 

এইয়াই নিকি প‌ইচা, ৰাইজৰ নি, ওম

প‌ইচা মামাৰ নি Yeh, প‌ইচা ৰাইজৰ নি, ওম

প‌ইচা মামাৰ নি Yeh 

 

বন্ধন গোটৰ Loan লৈ চলাওঁ ত‌ই ঘৰ

কিন্তু পুতেকক লাগে KTM Then ৰাষ্টাৰ থোকি মৰ ত‌ই

পঢ়া-শুনাত মন নাই Bulletহে খুজিবি দম আছে যদি

নিজৰ ভৰিত থিয় দি কিনিবি 5 বিঘা মাটি খেতিকে কৰে

নতুন নতুন Demand আহিছে সেইবোৰ ত‌ই ধৰ 

Facebook Insta WhatsApp Twitter ত‌ই বাদ দে

Internet পাইছ যদি ভাল কিবা পঢ়ি দে, প‌ইচা ৰাইজৰ নি, ওম 

 

প‌ইচা মামাৰ নি, Yeh, প‌ইচা ৰাইজৰ নি, ওম 

প‌ইচা মামাৰ নি, Yeh

 

সপোন চাবি Ambani হোৱাৰ Reality ত ত‌ই বোৱাৰী চোৱা

মেখেলা চাদৰ নিপিন্ধিলে ছোৱালীক লৈ গালি দিবি

নিজে আকৌ ফটোৱা কৰি সংস্কৃতিৰ আগত হাগিদিবি

দেশৰ হৈছ তহতি এটা এটা Virus, 

Alpha Man বনিব যাৱ কিন্তু ত‌ই Zero নহয় একদম Minus

 

Full Song লাগে, তোকো Full Song লাগে

 Full song লাগে Full Song লাগে Demand আহিছে বহুত 

Rapper চেপাৰ নহয় আমি ধুলি দিছোঁ চকুত 

জীৱনত প্ৰথমবাৰ  Mic ধৰিছো 

নজনাকে নুবুজাকে শব্দৰ গাঠনি কৰিছোঁ 

Cinema বনাওঁ আমি 

YouTubeইয়া Creation হয় 

আল বাল Rapper বাদ দিয়ক 

আমাৰ আচল Content হয়, 

নমস্কাৰ, Kripiya Dhyan Dijiye,‌ 

ধন্যবাদ যে আপোনালোকে আমাৰ গান শুনিছে,  

জীৱনৰ মূল্যবান তিনি মিনিট আমাৰ নামত এৰিছে 

Audience এ ভগৱান বুলি আমি মানিছো 

কিন্তু এইটোৰ নিচিনা ফকটিয়া Content যে Hit হোৱা যে দেখিছোঁ 

কষ্টৰ ফল নাই যে বুজিছোঁ 

আল বাল মানুহ ও যে Copy কৰি Hit হ’ব পাৰে সেয়াও আমি মানিছো

Time Is Money, Money Is Time 

Time Waste কৰাটো Very Big Crime 

প‌ইচা… প‌ইচা… প‌ইচা… প‌ইচা

8. Sad Song by Juice Kid

নাই নাই নাই একো বুজাবলে নাই 

নাই নাই নাই কথা শুনাবলে নাই 

নাই নাই নাই একো বুজাবলে নাই 

নাই নাই নাই কথা শুনাবলে নাই 

 

I Know That You Hate Me

মানিছো মই Crazy

লিখিছোঁ মই Sad Song 

তোক লৈ Daily 

মিছা মৰম যাছি আকৌ নকৰিবা Hazy

নালাগে ত‌ই কবলে Nobody Can Replace Me

 

I Know That You Hate Me 

মানিছো মই Crazy

লিখিছোঁ মই Sad Song,

তোক লৈ Daily 

মিছা মৰম যাছি আকৌ নকৰিবা Hazy

নালাগে ত‌ই কবলে Nobody Can Replace Me

 

Full Speed Chase

 

সময়ৰ লগত আজি কালি কৰিছোঁ মই Race

পাক লগা জীৱন যেনে Pac Man ৰ Maze

ভালপোৱা আধৰুৱা আছিল এটা Phase 

কৰিছিলোঁ Mistakes Yeah 

গোটেই ৰাতি সাৰে থাকো টোপনি মোৰ নাই

Devil এ মোক ক’লে যে মই ভৰিম এদিন Price 

মৰিম এদিন অকলে মই তোলৈ বাট চাই 

But I Know I Can’t Die Cause I Never Was Alive 

 

অকলে কৰিছোঁ Grind লগত মোৰ কোনো নাই 

নাজানো কেলেই নো তাই এনেকে আতৰি যায় 

দুচকু সেমেকি যায় তথাপিও নুবুজে তাই

সকলো বুজিও এতিয়া পিছলে উভতি চোৱা নাই

 

নাই নাই নাই একো বুজাবলে নাই 

নাই নাই নাই কথা শুনাবলে নাই 

নাই নাই নাই একো বুজাবলে নাই 

নাই নাই নাই কথা শুনাবলে নাই 

 

I Know That You Hate Me 

মানিছো মই Crazy

লিখিছোঁ মই Sad Song,

তোক লৈ Daily 

মিছা মৰম যাছি আকৌ নকৰিবা Hazy

নালাগে ত‌ই কবলে Nobody Can Replace Me

 

I Know That You Hate Me 

মানিছো মই Crazy

লিখিছোঁ মই Sad Song,

তোক লৈ Daily 

মিছা মৰম যাছি আকৌ নকৰিবা Hazy

নালাগে ত‌ই কবলে Nobody Can Replace Me

 

I Know That You Hate Me 

মানিছো মই Crazy

লিখিছোঁ মই Sad Song,

তোক লৈ Daily 

মিছা মৰম যাছি আকৌ নকৰিবা Hazy

নালাগে ত‌ই কবলে Nobody Can Replace Me

 

9. বাংলাদেশী by Minimi

বহু দেখিলোঁ, বহু শুনিলোঁ

কিন্তু এতিয়া, কোৱাৰ সময় আহি পৰিছে

আৰু চকু মুদা কুলি হৈ নাথাকোঁ

সকলো কথা খুলি ক’ম

লাচিতৰ দেশত আজি লাগিলে কলংক

নেতা হ’ল পেটুৱা, কৃষক উলংগ

দুই বছৰতে হ’ব দেশ ধ্বংস

নাথাকিব বুলিবলে অসমীয়া বংশ

য’তে চাওঁ দেখোঁ মাথোঁ হাহাকাৰ

Busy আছে সকলো, কোনে শুনে কাৰ

সকলোৰে বাবে যদি এক অধিকাৰ

তেন্তে কোর্ট কাছাৰীৰ কি দৰকাৰ

চৰকাৰ, শুই আছে নেকি

অসমতে আনি বোলে ভৰাব বিদেশী

তুলি লওঁ যদি হেংদাং

দাঙি ঠেং, এৰি লুঙী পলাব বাংলাদেশী

নাই জাতিভেদ হিন্দু-মুছলিম আমি ভাই ভাই

এৰি দিম অসমক ? নাই নাই

অতিথি ভগৱান আমাৰ কাৰণে

কিন্তু বহিৰাগতক মাৰ ধাই ধাই

কাটি কৰিম দুছেও যদি উঠে প্ৰশ্ন

আই মাতৃৰ অস্তিত্বৰ ওপৰত

সকলোৰে ঘৰত আছে তৰোৱাল

আছে ধাৰ, আছে কাৰ মৰ-সাহ

পাহুৱাল অসমীয়া ওলাই আহ

কৰোঁ আমি লুইত ৰক্তাক্ত

নহ’লে হ’ব অসম ইতিহাস

নাথাকিব ক’বলে বৃত্তান্ত

এটকীয়া মন্ত্ৰী , দুটকীয়া শাসন

তিনি টকাৰ চাউল, চাৰি টকাৰ ভাষণ

আজি তেওঁলোকে লৈছে আসন

যাৰ জোৰ আছে পকেটত, একেবাৰে মাখন

টেবুলৰ তলৰ লেন-দেন

বেংকৰ হিচাপ, হেন-তেন

ইটো সিটো, ban ban

Electionৰ timeত কৰিব পেন-পেন

Electionৰ timeততো vote লাগে ন !

সেইকাৰণে তেওঁলোকে ডাঙৰ ডাঙৰ কথা কয়

ডাঙৰ ডাঙৰ প্ৰতিশ্ৰুতি দিয়ে, ডাঙৰ ডাঙৰ আশা দিয়ে

কিন্তু আসন পোৱাৰ পিছত কি কৰে !

সকলো ঠগবাজ, সকলোৱে লুটি খায়

আৰু আমিবোৰে কি চাই থাকিম (?)

আমিবোৰে চাই থাকিম নেকি (?)

আমি মাত দিম, আমি যুঁজ দিম

এইবোৰ আৰু নচলিব

সত্তৰ বছৰৰ স্বাধীনতা

নেতা – পালিনেতা, অভিনেতা

এটা গাদীত, চকীত এটা

ঢাৰি পাৰি বহি গৈছে বাকী কেইটা

প্ৰতিশ্ৰুতিবোৰ দিব সমাজক

আঁচনিৰ ধন মাৰি নেতা পলাতক

দেশক লৈ কৰিছে নাটক

ধনৰ বিনিময়ত বিকিছে মাকক

লাচিতৰ তেজ যদি গাত আছে

নিজকে চা দাপোণত, তোৰো মাত আছে

তৰোৱাল ল’বলে তোৰো দুখন হাত আছে

কাইলে কাঁহীত একো নাথাকিব, আজি হে ভাত আছে

অ’, আজি ভাত আছে, হাতত নাই ডেগাৰ, হাতত আছে ফোন

তই কিয় শুনিবি, আমি ক’বলে কোন

তোৰ নিজৰটো ঠিক আছে চোন

এয়া মানসিকতা এই প্ৰজন্মৰ

তথাপি ভাবোঁ, আমি মহান

জোৰ পুৰি হাত পালে নাই কাণসাৰ

এদিন এই ঠাই হ’ব শ্মশান

আৰু ৰৈ থাকি লাভ নাই

টঙালি বান্ধি ল

পাৰিলে তই জোং-যাঠি ল

যদি ৰণ কৰিবলে ভয় লাগে

তেন্তে তই পেটত গামোচা গাঁথি থ

খাবলে নাপাবি একো

আজিহে বুজা নাই

কাইলে গম পাবি ৰ

যদি কৰ লাজ নিজকে বুলিবলে অসমীয়া

নিজ নাকটোকেই কাটি থ

নাকটো কাটি ল কেলা

ৰণ হৈছে, হোৱা নাই খেলা

মগজত আছে যদি জ্ঞান

ওলাই আহ লৈ ঢাল-তৰোৱাল

যদি তই সঁচা অসমীয়া, ওলাই আহ

কাৰণ তোৰ আজি প্ৰয়োজন আছে

এয়া সময় বহি থকাৰ নহয়

এয়া সময় যুঁজ দিয়াৰ

এয়া সময় ৰণ কৰাৰ, ৰণহুংকাৰ বাজিছে

আজি সকলো অসমীয়া এক হ’ব লাগিব

আমি এক হ’ব লাগিব

আমি যুঁজ দিব লাগিব

আৰু আমি যুঁজ দিম, আমি চাই নাথাকোঁ , আমি যুঁজ দিম

Let’s go

কোনে কৰিব ওকালতি

এই দেশ হ’ব ছাৰখাৰ অকালতে

লাচিতৰ যুঁজ যাব অবাবতে

কনকলতাইও চাগে আজি মুখ ঢাকে

খাৰখোৱা জাতিৰ, মেৰুদণ্ড বেঁকা

এই জাতিৰ এয়া অন্তিম শতিকা

এই ভেঁটি-মাটিৰ কোনে লৈছে ঠিকা

ক’ত গ’ল খিলঞ্জীয়াৰ আজি অধিকাৰ

ব্ৰহ্মপুত্ৰৰ সোঁত বয় কোন দিশে

আমাৰ ভৱিষ্যত কোনে লিখে

আজিৰ অসমীয়া খাই লৈ মত্ত

কোনেও বুজি নাপায় এই অৰ্থ

আমি অন্ধ, সকলো কাম পণ্ড

প্ৰজাতন্ত্ৰত ৰজা ভণ্ড

সমস্যাজৰ্জৰ দেশত

এটাই নেকি সমাধান ! অসম বন্ধ

অসম বন্ধৰে কি হ’ব বে

যদি জোৰ আছে ডিঙিতে ৰেপি দে

এদিন দুদিন কৰি ভৰি গ’ল

সোণৰ অসম আজি বাংলাদেশীৰে

গ’ল নিজ ভাষা, গ’ল নিজ মাটি, গ’ল নিজ তেজ

হয়তো মৰিম, নহ’লে মাৰিম, কৰিম শেষ

গ’ল নিজ ভাষা, গ’ল নিজ মাটি, গ’ল নিজ তেজ

নিজেও মৰিম, তহঁতক মাৰিম, কৰিম শেষ

নিজেও মৰিম, তহঁতক মাৰিম, কৰিম শেষ

নিজেও মৰিম, তহঁতক মাৰিম, কৰিম শেষ

এই যুঁজখন মই মোৰ নিজৰ হাতত লৈছোঁ

আৰু আপোনালোকেও নিজৰ হাতত ল’ব লাগে

আমি সকলোৱে মিলি এই যুঁজ দিব লাগে

MINIMI ARMY

This is time for a war

And we will fight this war

And we will win this one

Peace

Shoutout to everyone

জয় আই অসম

10. খাঁটি ল'ৰা by Notorious Sam

খাটি ল’ৰা আছিলোঁ মই ভাল ল’ৰা 

বেয়া হলো যেন লাগে প্ৰেমত পৰাৰ পৰা

তাই নোহোৱাৰ আগত চব আছিল ঠিক 

And i was really ready, to take all that risk

 

Bunk দিছিলোঁ মই class বোৰ আগত 

এতিয়া তাই কয় আহি বহা মোৰ লগত

Class বোৰ কৰা text call হাঁহি ধেমালিৰ মাজত 

খোজ দিলোঁ মই তাইৰ গভীৰ প্ৰেমত

 

And it’s her smile, why I fell for her

Didn’t really know nothin else 

But I fell for her, but it just me

Hopeless, romantic 

Couldn’t really tell her how much love 

I got for her, but yeah, she knows 

Cause she told me my actions speaks 

But baby, that’s the lipstick i got for you,

Don’t it ? You do look beautiful on it

But I’d be f**in mad if some other dude be kissing on it,

And it’s fine if the other dude loves you 

But why then he makes you cry and doubts you ?

Cause it’d break my heart to see your tear drop 

Even if you give up on me, I won’t really stop 

 

খাটি ল’ৰা আছিলোঁ মই ভাল ল’ৰা 

বেয়া হলো যেন লাগে প্ৰেমত পৰাৰ পৰা

তাই নোহোৱাৰ আগত  চব আছিল ঠিক 

And i was really ready, to take all that risk

 

খাটি ল’ৰা আছিলোঁ মই ভাল ল’ৰা 

বেয়া হলো যেন লাগে প্ৰেমত পৰাৰ পৰা

তাই নোহোৱাৰ আগত চব আছিল ঠিক 

And i was really ready, to take all that risk

 

Bunk দিছিলোঁ মই class বোৰ আগত 

এতিয়া তাই কয় আহি বহা মোৰ লগত

Class বোৰ কৰা text call হাঁহি ধেমালিৰ মাজত 

খোজ দিলোঁ মই তাইৰ গভীৰ প্ৰেমত

 

And for the rest of the days, 

Only way i could talk to you was text

That’s the reason I don’t really know 

How to say it, in the best way, girl, that you, way too fine!

And if i don’t really do it now

I’m scared, you won’t be mine

And baby, i don’t lie

Best things like you, it takes time 

I’m just trying to find the right lines 

And i can’t really see you cry

Sorry for anything, that I did to hurt you 

Even if i get mad at times 

And still love you 

Without you baby girl, i won’t be fine 

 

খাটি ল’ৰা আছিলোঁ মই ভাল ল’ৰা 

বেয়া হলো যেন লাগে প্ৰেমত পৰাৰ পৰা

তাই নোহোৱাৰ আগত চব আছিল ঠিক 

And i was really ready, to take all that risk

 

খাটি ল’ৰা আছিলোঁ মই ভাল ল’ৰা 

বেয়া হলো যেন লাগে প্ৰেমত পৰাৰ পৰা

তাই নোহোৱাৰ আগত চব আছিল ঠিক 

And i was really ready, to take all that risk

 

Bunk দিছিলোঁ মই class বোৰ আগত 

এতিয়া তাই কয় আহি বহা মোৰ লগত

Class বোৰ কৰা text call হাঁহি ধেমালিৰ মাজত 

খোজ দিলোঁ মই তাইৰ গভীৰ প্ৰেমত

 

Assamese rap is more than music—it’s a voice, a vibe, and a movement.

We hope these Assamese Rap Song Lyrics inspired you, made you think, or even got your head nodding.

Stay tuned for more lyrical gems from the heart of Assam.

Assamese Swag Oversized T-shirts

Koi Roja Moharoja T-shirt - Model - FrontEkdom Bihu Bihu Lag Raha Hain - Model Back

Koi Roja Moharoja Aa Raha Hain Kya

Original price was: ₹1,299.00.Current price is: ₹649.00. Select options This product has multiple variants. The options may be chosen on the product page
Jui Joluwa Nijor Ontorot T-shirt - Model - BackJui Joluwa Nijor Ontorot T-shirt - Model - Front

Jui Joluwa Nijor Ontorot

Original price was: ₹1,299.00.Current price is: ₹799.00. Select options This product has multiple variants. The options may be chosen on the product page
The Battle of Saraighat T-shirt - Model - FrontEkdom Bihu Bihu Lag Raha Hain - Model Back

The Battle Of Saraighat

Original price was: ₹1,299.00.Current price is: ₹699.00. Select options This product has multiple variants. The options may be chosen on the product page
Moi Mukto T-shirt - Model - BackMoi Mukto T-shirt - Model - Front

Moi Mukto

Original price was: ₹1,299.00.Current price is: ₹749.00. Select options This product has multiple variants. The options may be chosen on the product page
Share This Blog Post

Add comment

Your email address will not be published. Required fields are marked

More Blog Posts You Might Like...