No products in the cart.
Return To ShopNo products in the cart.
Return To Shop
Jua bar aami Assamese love shayari bihohe eta blog post likhisilu…
Ei bar aami anisu 30 Sad Assamese Shayari!
So, without further kanda kandi, let’s get to them straight.
যি ঠাইত তোমাৰ মূল্য নাই, সেই ঠাইৰ পৰা আতঁৰি অহা…লাগিলে সেয়া কাৰোবাৰ হৃদয়ে নহওক কিয় ।
English: Walk away from a place where you are not valued… even if that place happens to be someone’s heart.
চকুৰ পানী সকলোৱে দেখা পায়, কিন্তু হৃদয়ৰ বেদনা কোনেও দেখা নাপায়।
English: Everyone can see the tears in the eyes, but no one can see the pain in the heart.
কিছুমান মানুহক সুধিবলৈ মন যায়, মোলৈ মনত পৰিছে বাবে খবৰ লৈছা নে সযময় পাৰ কৰিবৰ বাবে মোক মনত পেলাইছা?
English: I feel like asking some people: Are you checking on me because you truly miss me, or are you just remembering me to pass your time?
ভালপোৱাটো ভুল নাছিল, ভৰখা কৰাটোহে ভুল আছিল।
English: Loving you wasn’t the mistake; trusting you was.
কোনোবা হেৰাই গ’লে বিচাৰি পোৱা যায়, কিন্তু সলনি হৈ গ’লে তেওঁক আৰু ঘূৰাই পোৱা নাযায়।
English: If someone gets lost, they can be found; but if someone changes, they can never be brought back.
যিদিনা বুজিবা সিদিনা বিচাৰিবা, আজি তুমি নাই, সেইদিনা হয়টো মই নাথাকিম।
English: The day you finally understand, you will come looking for me. Today you aren’t here; that day, perhaps I won’t be here.
যাৰ বাবে তুমি হাঁহিছা তেওঁক হয়টো এদিন পাহৰি যাবা, কিন্তু যাৰ বাবে তুমি কান্দিছা তেওঁক কেতিয়াও পাহৰিব নোৱাৰা।
English: You might eventually forget the one who made you laugh, but you can never forget the one who made you cry.
বিশ্বাস কৰা, মই তোমাৰ জীৱনত আকৌ কেতিয়াও ঘূৰি নাহো… কিন্তু মই, এটা কথা কব বিচাৰোঁ যে মই তোমাক কেতিয়াও পাহৰিব নোৱাৰিম, মই জানো যে তুমি এতিয়া আনৰ হৈ গলা… আধৰুৱা প্ৰেম কাহিনী মোৰ, সুখী থকা তুমি।
English: Believe me, I will never return to your life again… but I want to say one thing: I can never forget you. I know you belong to someone else now. My love story remains incomplete; may you stay happy.
তুমি মোক অকলশৰীয়া কৰি এৰি গলেও, তোমাৰ স্মৃতিবোৰে মোক অকলশৰীয়া কৰা নাই।
English: Even though you left me all alone, your memories have never left my side.
মই এতিয়া নিজকে হেৰুৱাই পেলাইছো, তেওঁক বিচাৰি পালেও কি লাভ…. মই আৰু এতিয়া সেইজন নহয় যাৰ বাবে তেওঁ সকলো আছিল।
English: I have lost myself now; what’s the point of finding her? I am no longer the person for whom she was everything.
যদিও নাই তোমাক পোৱাৰ মোৰ এই কপালত লিখা, তথাপিও মাগিম মই তোমাক পোৱাৰ তেওঁৰ পৰা ভিক্ষা।
English: Even if it isn’t written in my fate to have you, I will still beg the Almighty for the gift of your presence.
প্ৰতিটো আঘাতে এটা শিক্ষা দিয়ে আৰু সেই আঘাতেই এজন মানুহক সলনি কৰি দিয়ে।
English: Every wound teaches a lesson, and it is that very wound that changes a person.
কোন দীশে উৰুৱাই অনিলা হেৰৌ বতাহ বলিয়া, উভতি কেনেকৈ যাম বিচাৰি অতিত ধুনীয়া।
English: Oh wild wind, in which direction have you blown me away? How will I ever find my way back to that beautiful past?
কলৈকো নাযাও মই যাযাবৰ, নগ’লে তোমাৰ হৃদয়ৰ পথে… এতিয়া মাথোঁ মোৰ প্ৰতিটো উশাহে, তোমাৰ নামৰ মালা গাঁঠে।
English: I, the wanderer, go nowhere unless the path leads to your heart. Now, with every breath I take, I weave a garland of your name.
ডাল সৰি এৰা বহু দিন হ’ল, মই এতিয়া এখিলা মৰহা শুকান পাত, মোক পাৰিলে জ্বলাই দিয়া… ধূৱা হৈ উৰিব বিচাৰোঁ কৰোঁবাত।
English: It’s been long since I fell from the branch; I am now but a withered, dry leaf. Burn me if you can… I wish to fly away somewhere as smoke.
ভাঙি পৰাৰ অভিজ্ঞতা মোৰ বহুত, অথচ তুমি সামৰি ল’বা নে তোমাৰ বুকুত, মোৰ প্ৰতিটো আশাত অন্ধকাৰে লগালে যুত, মোক পোহৰাবলৈ ৰাখিবা নে তোমাৰ চকুত।
English: I have much experience in breaking down; will you still gather me into your arms? Darkness has clouded my every hope; will you keep me in your sight to light my way?
মই তাইক যেনেকৈ বিচিৰোঁ, তায়ো মোক তেনেকৈ বিচাৰে নে বাৰু… এই প্ৰহেলীকাৰ সমাধান বিচাৰি এটি ক্ষণতে শ বাৰ মোৰ।
English: I wonder if she longs for me the way I long for her… seeking the answer to this riddle, I die a hundred times in a single moment.
বিচাৰি পাৰ সাঁতুৰি কৰো হাহাকাৰ, আমাৰ কপালত নৌকা নাই… কেনেকৈ নো হ’ম উদ্ধাৰ।
English: I struggle and cry out while swimming to find the shore, but there is no boat in my fate… how will I ever be saved?
মই সেই ক্ষণলৈ থাকিম জীয়াই, যি ক্ষণলৈ তুমি মোক নিদিয়া বিদায়… মোৰ এতিয়া প্ৰতিটো উশাহ তোমাৰ ঋণি, তুমি কৰে নিজকে জ্বলাই তোমাৰ এন্ধাৰক দিম উজ্বলাই।
English: I will stay alive until the moment you bid me farewell… my every breath is now indebted to you. I will burn myself to brighten your darkness.
হ’ব পাৰা তুমি প্ৰকাণ্ড বিৰিয়া, মই তলৰ দুবৰি বন… অথচ মোৰ বতাহত উৰি যোৱাৰ ভয় নাই মোৰ অভয় আজৰি মন।
English: You may be a giant tree and I the grass below… yet I have no fear of being blown away by the wind; my heart is free and fearless.
উজাগৰ মোৰ প্ৰতিটো ৰজনী, তোমাৰ ভাৱনাত বিলীন নাহে মোৰ টোপনি… যদিও কেনেবাকে আহে, চাগে তুমি মোক সপোনত কৰিবা আমনি।
English: My every night is sleepless, lost in thoughts of you. Even if sleep comes by chance, I know you will only haunt my dreams.
কিমান বছৰ গুচি গ’ল, মই ৰৈ গলো অকলে। কিমান বছৰ গুচি গ’ল আৰু জীৱনৰ কিমান দিন, মই ৰৈ গলো কিন্তু জীৱনত সদায় অকলে।
English: So many years have passed, yet I remain alone. So many years and so many days of life have gone by, but I am still standing here, forever alone.
ভাগৰিও নাভাগৰা জীৱনে আজিচোন ভাগৰি পৰিছে, কন্টকময় পথৰ অৱকাশ কত? জীৱন যাত্ৰাৰ ৰথখনে আজি দেখোন আধাতে মেলানি মাগিব খুজিছে…
English: This life that never used to tire has finally grown weary today. Where is the end to this thorny path? The chariot of my life’s journey seems to want to bid farewell halfway.
তোমাৰ ওঁঠৰ স্বৰগমত আজি মই দুগ্ধ… মায়াৱী সপোন হৈ কিয় আহা কলিজাটো মোৰ এনেই বিধ্বস্ত।
English: I am lost in the melody of your lips… why do you come as a haunting dream when my heart is already devastated?
তুমি মোৰ নোহোৱা বুলি জানিও মই তোমাৰ লগত আছো… কাৰণ তুমি দিয়া প্ৰতিশ্ৰুতি বোৰ মই পাহৰিব পৰা নাই ।
English: Even knowing you aren’t mine, I am still with you… because I haven’t been able to forget the promises you once made.
মাজ নিশা আজিও অতীতৰ স্মৃতিৰ বোজাবোৰে দুটি নয়নক সেমেকাই যায়, অলপ সময় থমকি ৰও আকৌ নিজ বিচলিত মনক বাস্তৱ লৈ উভতাই আনো।
English: Even now, at midnight, the burden of past memories dampens my eyes. I pause for a while, then force my restless mind back to reality.
দুখ এইটো কথাত নাই যে, তুমি মোৰ নহলা… দুখ এইটো কথাতহে যে তোমাক এতিয়াও পাহৰিব নোৱাৰিলোঁ।
English: The sadness isn’t that you didn’t become mine… the sadness is that I still haven’t been able to forget you.
তোমাৰ সুখৰ বাবে যদি তোমাক পাহৰি যাব লগা হয়, তেন্তে মই পাহৰিব ৰাজি আছোঁ… পাহৰিব হয়তো কোনো দিনেও নোৱাৰিম, কিন্তু পাহৰি থকাৰ অভিনয় কৰিব পাৰিম ঠিকেই ।
English: If I must forget you for the sake of your happiness, then I am willing to do so. I may never truly be able to forget, but I can certainly act as if I have.
“হাঁহি থকা ওঁঠ যোৰেৰি অজস্ব বেদনা লুকুৱাই ৰাখোঁ… দিনটোৰ শেষত মাজনিশা তোমাৰ ভাৱনাত উচুপি উঠো”
English: I hide immense pain behind these smiling lips… and at the end of the day, in the dead of night, I sob while thinking of you.
মোৰ উশাহৰ চহৰখনত এতিয়া কেৱল নিস্তব্ধতাৰ বাস,
তুমি দি যোৱা স্মৃতিবোৰ যেন মৰুভূমিৰ একো একোটা তপ্ত নিশ্বাস।
মই চোন আজিও সেই একেখিনি ঠাইতে ৰৈ আছোঁ,
য’ত তুমি মোক আধাতে এৰি দিছিলা মোৰ সমস্ত বিশ্বাস।
English:
In the city of my breaths, only silence resides now,
The memories you left behind are like scorching sighs of a desert.
I am still standing in the exact same spot,
Where you abandoned me halfway, along with all my faith.
Hope you enjoyed our collection of Sad Assamese Shayari.
If you like content such as this, amaar blog tu follow koriba.
Till next time…
Cheers!
