Rongali Bihu or Bohag Bihu, is the most vibrant festival of Assam.
Celebrated during the month of Bohag, it marks the Assamese New Year and the arrival of spring.
One of the most cherished traditions of this festival is exchanging Rongali Bihu Wishes in Assamese with loved ones.
These wishes express joy, prosperity, love, and hope for the coming year.
Below you will find beautiful Rongali Bihu Wishes in Assamese, along with their English meanings so anyone can share them easily.
So, here are 70 Best Rongali Bihu Wishes in Assamese that you can make use of this Bihu!
ৰঙালী বিহু আৰু অসমীয়া নৱবৰ্ষৰ ওলগ (Rongali Bihu Wishes & Greetings)
1. ৰঙালী বিহু আৰু অসমীয়া নৱবৰ্ষৰ ওলগ জনালোঁ। নতুন বছৰটোৱে আপোনাৰ জীৱনলৈ কঢ়িয়াই আনক অফুৰন্ত আনন্দ আৰু পোহৰৰ উৎস।
English: Greetings on Rongali Bihu and the Assamese New Year. May the new year bring endless joy and a source of light to your life.
2. ৰঙালীৰ ৰঙেৰে উপচি পৰক সকলোৰে দেহ-মন; সেই কামনাৰে আপোনাক আৰু আপোনাৰ পৰিয়াললৈ ৰঙালী বিহু আৰু অসমীয়া নৱবৰ্ষৰ আন্তৰিক ওলগ যাচিলোঁ।
English: May the colors of Rongali overflow in everyone’s body and mind; with that wish, I extend my heartfelt greetings for Rongali Bihu and the Assamese New Year to you and your family.
3. হেঁপাহৰ ৰঙালীৰ ওলগ জনালোঁ। ৰঙালীৰ প্ৰাকক্ষণত আপোনাৰ মংগল কামনা কৰিলোঁ।
English: Greetings on the much-awaited Rongali Bihu. I wish for your well-being on the eve of Rongali.
4. ৰঙালী বিহুৰ হিয়াভৰা শুভেচ্ছা জনাইছোঁ। ৰঙালীৰ দৰেই ৰঙীন হওক আপোনাৰ জীৱন।
English: I offer my heartfelt wishes for Rongali Bihu. May your life be as colorful as Rongali.
5. ৰঙালী বিহুৰ শুভেচ্ছা জনালোঁ। এই উৎসৱে আপোনাৰ লগতে আপোনাৰ পৰিয়ালৰ সকলোলৈ কঢ়িয়াই আনক সুখ-সম্প্ৰীতি আৰু আশাৰ বতৰা।
English: Greetings on Rongali Bihu. May this festival bring news of happiness, harmony, and hope to you and your entire family.
6. অসমীয়া বাপতিসাহোন ৰঙালী বিহুত তোমাক আৰু তোমাৰ পৰিয়ালৰ সকলোকে শুভকামনা জনাইছোঁ। লগতে অসমীয়া নতুন বছৰটো যাতে সুখ-শান্তিৰে পাৰ হয়, তাৰে কামনা কৰিলোঁ।
English: On our ancestral Rongali Bihu, I wish you and your family well. I also hope the Assamese New Year passes with peace and happiness.
7. আপোনাৰ লগতে আপোনাৰ পৰিয়ালৰ সকলোকে ৰঙালী বিহু আৰু অসমীয়া নৱবৰ্ষৰ শুভেচ্ছা জনালোঁ।
English: Best wishes for Rongali Bihu and the Assamese New Year to you and your entire family.
8. এই ব’হাগ বিহুৱে কঢ়িয়াই আনক আপোনাৰ জীৱনলৈ আনন্দ আৰু উল্লাস। ৰঙালী বিহুৰ আন্তৰিক ওলগ জনালোঁ।
English: May this Bohag Bihu bring joy and jubilation to your life. Heartfelt greetings for Rongali Bihu.
9. কপৌ ফুলৰ সৌন্দৰ্য আৰু তগৰ ফুলৰ সুগন্ধিৰে ভৰপূৰ ব’হাগৰ সুকীয়া পৰিৱেশৰ আমেজে আপোনাৰ লগতে পৰিয়ালৰ সকলোৰে জীৱনলৈ সুখৰ বতৰা কঢ়িয়াই আনক। আপোনাক আৰু আপোনাৰ পৰিয়ালৰ সকলো সদস্যলৈ ব’হাগ বিহুৰ হিয়াভৰা শুভেচ্ছা জ্ঞাপন কৰিলোঁ।
English: May the unique ambiance of Bohag, filled with the beauty of Kopou flowers and the fragrance of Tagar, bring happiness to your life. I convey my heartfelt Bohag Bihu wishes to you and your family.
10. বসন্তৰ উৎসৱ ৰঙালীয়ে আপোনাৰ আৰু আপোনাৰ পৰিয়ালৰ সকলোৰে মনবোৰ সমৃদ্ধ কৰি তোলক। ৰঙালী বিহুৰ আন্তৰিক শুভেচ্ছা আৰু শুভকামনা জনালোঁ।
English: May the spring festival of Rongali enrich the hearts of you and your family. Heartfelt wishes and greetings for Rongali Bihu.
11. ৰঙালীৰ ৰঙেৰে আগন্তুক দিনবোৰ ৰঙীন হৈ পৰক, তাৰেই কামনাৰে আপোনাৰ লগতে আপোনাৰ পৰিয়ালৰ সকলোকে ব’হাগ বিহু আৰু অসমীয়া নৱবৰ্ষৰ আন্তৰিক শুভেচ্ছা জনালোঁ।
English: Wishing that the coming days are colored with the hues of Rongali, I extend my heartfelt greetings for Bohag Bihu and the Assamese New Year to you and your family.
12. আপোনাক শুভ আৰু সমৃদ্ধিশালী ৰঙালী বিহুৰ শুভেচ্ছা জনাইছোঁ। এই উৎসৱটোৱে আপোনাক যথেষ্ট আনন্দ আৰু সফলতা আনি দিয়ক।
English: Wishing you a happy and prosperous Rongali Bihu. May this festival bring you great joy and success.
13. আপোনালৈ ৰঙালী বিহুৰ শুভেচ্ছা জনালোঁ। এই বিহুৱে আপোনাৰ জীৱনলৈ সুখ, শান্তি আৰু সমৃদ্ধি আনক, তাৰেই কামনা কৰিলোঁ।
English: Greetings to you on Rongali Bihu. I wish that this Bihu brings happiness, peace, and prosperity to your life.
14. আপোনাৰ লগতে পৰিয়ালৰ সকলোলৈ ৰঙালী বিহুৰ হিয়াভৰা ওলগ তথা অসমীয়া নৱবৰ্ষৰ শুভকামনা যাচিলোঁ। ব’হাগে কঢ়িয়াই আনক সাহস আৰু সৃষ্টিৰ অন্তহীন প্ৰেৰণা।
English: I extend heartfelt greetings for Rongali Bihu and the Assamese New Year to you and your family. May Bohag bring courage and endless inspiration for creativity.
15. ৰঙালী বিহুৰ এই পবিত্ৰ দিনত সৃষ্টিকৰ্তাৰ আশীৰ্বাদে আপোনাক আৰু আপোনাৰ পৰিয়ালৰ জীৱন সুখেৰে উপচাই ৰাখক।
English: On this holy day of Rongali Bihu, may the blessings of the Creator keep your and your family’s lives overflowing with happiness.
16. বাপতিসাহোন ৰঙালী বিহুৰ ওলগ জনালোঁ। এই বিহুৱে আপোনালৈ কঢ়িয়াই আনক ঐক্য আৰু সম্প্ৰীতিৰ বতৰা।
English: Greetings on our ancestral Rongali Bihu. May this Bihu bring news of unity and harmony to you.
17. ৰঙালী বিহুৰ শুভক্ষণে আপোনাৰ জীৱন ৰঙীন কৰি তোলক আৰু আপোনাৰ আগন্তুক দিনবোৰ শুভ হওক। ৰঙালী বিহুৰ অলেখ অভিনন্দন জ্ঞাপন কৰিলোঁ।
English: May the auspicious moment of Rongali Bihu make your life colorful and may your future days be blessed. Countless congratulations on Rongali Bihu.
18. ৰঙালীৰ আগমনে সকলোৰে জীৱনৰ দুখ-বিষাদসমূহ আঁতৰ কৰি কঢ়িয়াই আনক সুখ, শান্তি আৰু সমৃদ্ধিৰ বতৰা। আপোনাক আৰু আপোনাৰ পৰিয়াললৈ ৰঙালী বিহুৰ অলেখ শুভেচ্ছা জ্ঞাপন কৰিলোঁ।
English: May the arrival of Rongali remove all sorrows and bring news of happiness, peace, and prosperity. Many wishes for the festival of Rongali Bihu to you and your family.
19. আপোনাক শুভ আৰু সমৃদ্ধিশালী ৰঙালী বিহুৰ শুভেচ্ছা জনাইছোঁ। এই উৎসৱটোৱে আপোনাৰ জীৱনলৈ আনন্দ আৰু সফলতা কঢ়িয়াই আনক।
English: Wishing you a happy and prosperous Rongali Bihu. May this festival bring joy and success to your life.
20. নতুন সূৰ্য, নতুন প্ৰাণ, নতুন সুৰ, নতুন গান, নতুন পোহৰ, নতুন প্ৰভাত—নতুন বছৰটো হওক সুন্দৰ। শেষ হওক বিষাদ, শুভ হওক নৱবৰ্ষ। আপোনাৰ পৰিয়াললৈ অসমীয়া নৱবৰ্ষ আৰু ৰঙালী বিহুৰ শুভেচ্ছা জনালোঁ।
English: New sun, new life, new melody, new song, new light, new morning—may the New Year be beautiful. May sorrows end, and the New Year be auspicious. Greetings for the Assamese New Year and Rongali Bihu to your family.
21. প্ৰতি পাহি কপৌ ফুলৰ সুগন্ধিয়ে প্ৰেম আৰু প্ৰতিজনী কুলিৰ মাতে আনন্দ কঢ়িয়াওক। প্ৰতি টোপাল বৰষুণে আশা আৰু প্ৰতিজাক বতাহে সুখৰ বতৰা আনি আপোনালৈ কঢ়িয়াই আনক ৰঙালীৰ এসাগৰ সপোন। তাৰে কামনাৰে সকলোকে ৰঙালী বিহু আৰু অসমীয়া নৱবৰ্ষৰ শুভেচ্ছা জনালোঁ।
English: May the fragrance of every Kopou flower bring love and the call of every cuckoo bring joy. May every raindrop bring hope and every breeze bring news of happiness, filling your life with a sea of Rongali dreams. Greetings to all for Rongali Bihu and the Assamese New Year.
22. বাপতিসাহোন ৰঙালী বিহুৰ ওলগ জনালোঁ। এই বিহুৱে কঢ়িয়াই আনক ঐক্য আৰু সম্প্ৰীতিৰ বতৰা। আপোনালৈ অসমীয়াৰ আয়ুসৰেখা ব’হাগ বিহুৰ আৰু নৱবৰ্ষৰ প্ৰীতিভৰা শুভকামনা।
English: Greetings on Rongali Bihu. May this Bihu bring unity and harmony. Affectionate wishes for Bohag Bihu—the lifeline of Assamese culture—and the New Year.
23. আপোনাৰ লগতে পৰিয়ালৰ সকলোলৈ যাচিলোঁ অসমীয়াৰ বাপতিসাহোন ৰঙালী বিহু আৰু নৱবৰ্ষৰ আন্তৰিক অভিনন্দন তথা অফুৰন্ত শুভকামনা।
English: I extend heartfelt congratulations and endless good wishes for our ancestral Rongali Bihu and the New Year to you and your family.
24. বসন্তৰ আগমনত, কুলিৰ মাতত, ঢোলৰ চাপত আৰু পেঁপাৰ লহৰত কপৌ ফুলৰ সুগন্ধিৰে আপোনাৰ জীৱন ৰাঙলী হৈ পৰক। ৰঙালী বিহু আৰু অসমীয়া নৱবৰ্ষৰ আন্তৰিক শুভেচ্ছা যাচিলোঁ।
English: With the arrival of spring, the call of the cuckoo, the beat of the dhol, and the tune of the pepa, may your life be reddened with the fragrance of Kopou. Heartfelt wishes for Rongali Bihu and the Assamese New Year.
25. ৰঙালী বিহুৰ শুভক্ষণে আপোনাৰ জীৱন ৰঙীন কৰি তোলক আৰু আপোনাৰ আগন্তুক দিনবোৰ শুভ হওক। আপোনাক আৰু আপোনাৰ পৰিয়াললৈ ৰঙালী বিহুৰ অলেখ অভিনন্দন জ্ঞাপন কৰিলোঁ।
English: May the auspicious moments of Rongali Bihu make your life colorful and your future bright. Countless congratulations to you and your family on Rongali Bihu.
26. কুলিৰ শুৱলা মাতে আৰু কপৌ-তগৰৰ সুগন্ধিয়ে আমাৰ অসমী আইৰ প্ৰাকৃতিক শোভা দুগুণ কৰাৰ দৰে, এই বিহুৱে আপোনাৰ জীৱনলৈও সৌন্দৰ্য কঢ়িয়াই আনক। ৰঙালী বিহুৰ আন্তৰিক শুভেচ্ছা জনালোঁ।
English: Just as the sweet call of the cuckoo and the fragrance of Kopou-Tagar double the natural beauty of Mother Assam, may this Bihu bring beauty to your life too. Heartfelt greetings for Rongali Bihu.
27. আনন্দ আৰু সম্প্ৰীতিৰে ভৰপূৰ ৰঙালী বিহুৰ আন্তৰিক শুভেচ্ছা আপোনালৈ জনালোঁ।
English: Heartfelt wishes for a Rongali Bihu filled with joy and harmony.
28. অসমীয়া নৱবৰ্ষৰ প্ৰতিটো পলে আপোনাৰ লগতে পৰিয়ালৰ সকলোলৈ কঢ়িয়াই আনক সুখ-সমৃদ্ধি আৰু আশাৰ বতৰা। আগন্তুক দিনবোৰ ৰঙালীৰ দৰেই ৰঙীন হওক।
English: May every moment of the Assamese New Year bring prosperity and hope to you and your family. May the coming days be as colorful as Rongali.
29. ৰঙালীৰ আগমনে আপোনাৰ জীৱনৰ দুখ-বিষাদ আঁতৰাই সুখ-শান্তি আৰু সমৃদ্ধি আনক। আপোনাক আৰু আপোনাৰ পৰিয়াললৈ ৰঙালী বিহুৰ অলেখ শুভেচ্ছা জনালোঁ।
English: May the arrival of Rongali remove the sorrows of your life and bring happiness, peace, and prosperity. Numerous wishes for Rongali Bihu to you and your family.
30. আপোনাক শুভ আৰু সমৃদ্ধিশালী ৰঙালী বিহুৰ শুভেচ্ছা জনাইছোঁ। এই উৎসৱটোৱে আপোনাক যথেষ্ট আনন্দ আৰু সফলতা প্ৰদান কৰক।
English: Wishing you a happy and prosperous Rongali Bihu. May this festival grant you immense joy and success.
31. আপোনাক আৰু আপোনাৰ পৰিয়ালৰ সকলোকে অসমীয়া নৱবৰ্ষ আৰু ৰঙালী বিহুৰ হিয়াভৰা ওলগ জনালোঁ। ৰঙালীৰ ৰঙেৰে ভৰি পৰক দেহা-মন, আগন্তুক দিনবোৰ হওক সুখ-শান্তিৰে পৰিপূৰ্ণ।
English: Heartfelt greetings to you and your family for the Assamese New Year and Rongali Bihu. May your mind and body be filled with the colors of Rongali, and may future days be full of peace.
32. অসমীয়া বাপতিসাহোন ৰঙালী বিহুত তোমাক আৰু তোমাৰ পৰিয়ালৰ সকলোকে শুভকামনা জনাইছোঁ। লগতে নতুন বছৰটো যাতে সুখেৰে পাৰ হয়, তাৰ কামনা কৰিলোঁ।
English: Best wishes to you and your family on our ancestral Rongali Bihu. I also pray that the new year passes happily.
33. আপোনাৰ পৰিয়ালৰ জীৱনলৈ আনন্দ আৰু সম্প্ৰীতিৰ বতৰা লৈ আহক এই ৰঙালী বিহু। সকলোৰে মন প্ৰেমেৰে উপচি পৰক।
English: May this Rongali Bihu bring news of joy and harmony to your family’s life. May everyone’s heart overflow with love.
34. আপোনাৰ লগতে পৰিয়ালৰ সকলোকে অসমীয়া নৱবৰ্ষ আৰু ৰঙালী বিহুৰ হিয়াভৰা ওলগ যাচিলোঁ। আগন্তুক দিনবোৰ ৰঙালীৰ দৰেই ৰঙীন আৰু সুখ-শান্তিৰে পৰিপূৰ্ণ হওক।
English: Heartfelt greetings to you and your family for the New Year and Rongali Bihu. May the coming days be as colorful as Rongali and filled with peace.
35. আপোনাৰ পৰিয়ালৰ সকলোলৈ যাচিলোঁ অসমীয়াৰ বাপতিসাহোন ৰঙালী বিহু আৰু নৱবৰ্ষৰ আন্তৰিক অভিনন্দন আৰু অফুৰন্ত শুভকামনা।
English: I offer heartfelt congratulations and endless wishes for our ancestral Rongali Bihu and the New Year to everyone in your family.
36. এই বিহুৱে সুখ-শান্তি আৰু ভালপোৱাৰে আপোনাৰ জীৱন আলোকিত কৰক, তাৰেই কামনা কৰিলোঁ।
English: I wish that this Bihu illuminates your life with happiness, peace, and love.
37. আপোনাৰ পৰিয়ালৰ প্ৰতিজন সদস্যলৈ ৰঙালী বিহুৰ আন্তৰিক শুভেচ্ছা আৰু শুভকামনা জনালোঁ। আগন্তুক দিনবোৰে সুখ-শান্তি কঢ়িয়াই আনক।
English: Heartfelt greetings and wishes for Rongali Bihu to every member of your family. May the coming days bring peace and happiness.
38. ৰঙালী বিহুৰ হিয়াভৰা ওলগ জনালোঁ। ব’হাগ আৰু বসন্তই জীপাল কৰক আপোনাৰ মন।
English: Heartfelt greetings for Rongali Bihu. May Bohag and spring rejuvenate your soul.
39. হেঁপাহৰ ৰঙালীৰ ওলগ জনালোঁ। ৰঙালীৰ প্ৰাকক্ষণত আপোনাৰ লগতে আপোনাৰ পৰিয়ালৰ সকলোৰে মংগল কামনা কৰিলোঁ।
English: Greetings for the cherished Rongali. On the eve of Rongali, I wish for the well-being of you and your family.
40. বাপতিসাহোন ৰঙালী বিহুৰ ওলগ জনালোঁ। এই বিহুৱে কঢ়িয়াই আনক আপোনাৰ পৰিয়াললৈ ঐক্য আৰু সম্প্ৰীতিৰ বতৰা।
English: Greetings on ancestral Rongali Bihu. May this Bihu bring unity and harmony to your family.
41. আপোনালৈ অসমীয়াৰ আয়ুসৰেখা ব’হাগ বিহুৰ প্ৰীতি আৰু শুভকামনা জনাইছোঁ। ৰঙালীৰ বতৰে আপোনালোকৰ মনবোৰ প্ৰেম-ভালপোৱাৰে ভৰাই তোলক।
English: I offer love and good wishes for Bohag Bihu—the life-force of the Assamese. May the season of Rongali fill your hearts with love.
42. ব’হাগ আকৌ আহিল। চৌদিশে এতিয়া কেৱল ঢোলৰ গুমগুমনি আৰু তগৰ-কপৌ-নাহৰৰ গোন্ধ। বিহুটিয়ে যাতে আপোনাৰ পৰিয়ালৰ সকলোৰে জীৱন জীপাল কৰি তোলে, তাৰেই কামনা কৰিছোঁ।
English: Bohag has returned. The echo of the dhol and the scent of flowers are everywhere. I wish that this Bihu refreshes the lives of everyone in your family.
43. ‘বিহু আনন্দীয়া, বিহু বিনন্দীয়া, বিহুটি অসমৰ প্ৰাণ…’ আপোনালৈ ৰঙালী বিহুৰ হিয়াভৰা ওলগ জনালোঁ।
English: “Bihu is joyful, Bihu is beautiful, Bihu is the soul of Assam…” Heartfelt greetings for Rongali Bihu to you.
44. আপোনাৰ লগতে পৰিয়ালৰ সকলোলৈ ৰঙালী বিহুৰ আন্তৰিক শুভকামনা থাকিল। নতুন বছৰটোৱে সকলোলৈ কঢ়িয়াই আনক সুখ-শান্তি আৰু আশাৰ বতৰা।
English: Heartfelt wishes for Rongali Bihu to you and your family. May the New Year bring news of peace and hope for all.
45. সকলো বিষাদ দূৰ কৰি বিহুটিয়ে সকলোৰে বাবে কঢ়িয়াই আনক কেৱল সুখ আৰু শান্তি। আপোনাৰ পৰিয়ালৰ সকলোলৈ ৰঙালী বিহুৰ শুভেচ্ছা থাকিল।
English: May this Bihu remove all sorrows and bring only happiness and peace to everyone. Greetings for Rongali Bihu to your family.
46. আপোনাক আৰু পৰিয়ালৰ সকলোকে অসমীয়া নৱবৰ্ষ আৰু ৰঙালী বিহুৰ হিয়াভৰা ওলগ যাচিলোঁ। দিনবোৰ ৰঙীন আৰু সুখ-শান্তিৰে পৰিপূৰ্ণ হওক।
English: I offer heartfelt greetings for the Assamese New Year and Rongali Bihu to you and your family. May the days be colorful and peaceful.
47. অসমীয়া বাপতিসাহোন ৰঙালী বিহুত তোমাক আৰু তোমাৰ পৰিয়ালক শুভকামনা জনাইছোঁ। নতুন বছৰটো সুখ-শান্তিৰে পাৰ হওক।
English: Best wishes to you and your family on Rongali Bihu. May the New Year pass with happiness and peace.
48. প্ৰতি পাহি কপৌ ফুলৰ সুগন্ধিয়ে প্ৰেম আৰু কুলিৰ মাতে আনন্দ কঢ়িয়াওক। ৰঙালীৰ ৰঙেৰে আপোনাৰ সপোনবোৰ পূৰণ হওক—তাৰেই কামনাৰে ৰঙালী বিহুৰ শুভেচ্ছা জনালোঁ।
English: May the fragrance of flowers bring love and the cuckoo’s song bring joy. May your dreams come true with the colors of Rongali. Best wishes for Bihu.
49. আপোনাৰ পৰিয়ালৰ সকলোলৈ ৰঙালী বিহুৰ হিয়াভৰা ওলগ তথা নৱবৰ্ষৰ শুভকামনা যাচিলোঁ। ব’হাগে কঢ়িয়াই আনক সাহস আৰু সৃষ্টিৰ অন্তহীন প্ৰেৰণা।
English: Heartfelt greetings for Rongali Bihu and New Year wishes to your family. May Bohag bring courage and endless creative inspiration.
50. অসমীয়া নৱবৰ্ষৰ প্ৰতিটো পলে কঢ়িয়াই আনক সুখ-সমৃদ্ধি। আগন্তুক দিনবোৰ ৰঙালীৰ দৰেই ৰঙীন আৰু সুখ-শান্তিৰে ভৰপূৰ হওক। আপোনালৈ ৰঙালী বিহুৰ হিয়াভৰা ওলগ যাচিলোঁ।
English: May every moment of the New Year bring prosperity. May future days be as colorful as Rongali and filled with peace. Heartfelt greetings to you.
51. আপোনালৈ অসমীয়া নৱবৰ্ষৰ লগতে বাপতিসাহোন ৰঙালী বিহুৰ শুভেচ্ছা যাচিলোঁ। ৰঙালীৰ ৰঙে জীৱনলৈ কঢ়িয়াই আনক সুখৰ বতৰা।
English: Best wishes for the Assamese New Year and ancestral Rongali Bihu. May the colors of Rongali bring news of happiness to your life.
52. আপোনাৰ পৰিয়ালৰ সকলোলৈ যাচিলোঁ অসমীয়াৰ বাপতিসাহোন ৰঙালী বিহু আৰু নৱবৰ্ষৰ আন্তৰিক অভিনন্দন তথা অফুৰন্ত শুভকামনা।
English: I offer heartfelt congratulations and boundless wishes for Rongali Bihu and the New Year to your entire family.
53. আপোনাৰ পৰিয়ালৰ সকলোকে অসমীয়া নৱবৰ্ষ আৰু ৰঙালী বিহুৰ হিয়াভৰা ওলগ যাচিলোঁ। ৰঙালীৰ ৰঙে যেন সকলোৰে জীৱনলৈ সুখ-শান্তি কঢ়িয়াই আনে।
English: Heartfelt greetings for the New Year and Rongali Bihu to your family. May the colors of Rongali bring happiness and peace to everyone’s life.
54. ৰঙালীৰ ৰঙেৰে আগন্তুক দিনবোৰ ৰঙীন হৈ পৰক—তাৰেই কামনাৰে আপোনালৈ ৰঙালী বিহু আৰু অসমীয়া নৱবৰ্ষৰ আন্তৰিক শুভেচ্ছা যাচিলোঁ।
English: May the coming days be colorful with the hues of Rongali—with that wish, I extend heartfelt greetings for Bihu and the New Year.
55. বসন্তৰ উৎসৱ ৰঙালীয়ে আপোনাৰ পৰিয়ালৰ সকলোৰে মনবোৰ ৰাঙলী কৰি তোলক। ৰঙালী বিহুৰ আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰিলোঁ।
English: May the spring festival of Rongali brighten the hearts of everyone in your family. Heartfelt greetings for Rongali Bihu.
56. ৰঙালীৰ ৰঙেৰে উপচি পৰক সকলোৰে দেহ-মন। সেই কামনাৰে ৰঙালী বিহু আৰু অসমীয়া নৱবৰ্ষৰ আন্তৰিক ওলগ যাচিলোঁ।
English: May everyone’s heart and mind overflow with the colors of Rongali. With that wish, I offer heartfelt greetings for Bihu and the New Year.
57. আপোনাৰ পৰিয়ালৰ প্ৰতিজন সদস্যলৈ ৰঙালী বিহুৰ আন্তৰিক শুভেচ্ছা জনালোঁ। আগন্তুক দিনবোৰে সুখ-শান্তিৰ লগতে আনন্দ কঢ়িয়াই আনক।
English: Heartfelt greetings for Rongali Bihu to every member of your family. May the coming days bring happiness along with peace.
58. আপোনাক শুভ আৰু সমৃদ্ধিশালী ৰঙালী বিহুৰ শুভেচ্ছা জনাইছোঁ। এই বিহুৱে আপোনাৰ জীৱনলৈ আনন্দ আৰু সফলতা কঢ়িয়াই আনক।
English: Wishing you a happy and prosperous Rongali Bihu. May this Bihu bring joy and success to your life.
59. আপোনালৈ ৰঙালী বিহু আৰু অসমীয়া নৱবৰ্ষৰ হিয়াভৰা শুভেচ্ছা জনালোঁ। বিহুটিয়ে আমাৰ এনাজৰীডাল সুদৃঢ় কৰি আপোনাৰ জীৱনলৈ আনন্দ কঢ়িয়াই আনক।
English: Heartfelt wishes for Rongali Bihu and the New Year. May this Bihu strengthen our bonds and bring joy to your life.
60. ৰঙালীৰ আগমনে সকলোৰে জীৱনৰ বিষাদ আঁতৰ কৰি সুখ, শান্তি আৰু সমৃদ্ধি আনক। আপোনাৰ পৰিয়াললৈ ৰঙালী বিহুৰ অলেখ শুভেচ্ছা জনালোঁ।
English: May the arrival of Rongali remove all sadness and bring happiness, peace, and prosperity. Best wishes for Rongali Bihu to your family.
61. এই ৰঙালী বিহুটি আপোনাৰ বাবে আনন্দদায়ক, সমৃদ্ধ আৰু আশীৰ্বাদপ্ৰাপ্ত হওক। আপোনালোকলৈ বিহুৰ আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰিলোঁ।
English: May this Rongali Bihu be joyful, prosperous, and blessed for you. Heartfelt greetings to all of you.
62. ‘বিহুটি আদৰৰ বিহুটি সাদৰৰ, বিহুটি আঁচলৰ ধন…’ আপোনাৰ পৰিয়ালৰ সকলোলৈ ৰঙালী বিহুৰ আন্তৰিক ওলগ জনালোঁ।
English: “Bihu is dear, Bihu is respectful, Bihu is a treasure…” Heartfelt greetings for Rongali Bihu to everyone in your family.
63. ‘অতিকৈ চেনেহৰ মুগাৰে মহুৰা, তাতোকৈ চেনেহৰ মাকো…’ তোমালৈ অসমীয়া নৱবৰ্ষ আৰু ৰঙালী বিহুৰ হিয়াভৰা শুভেচ্ছা জ্ঞাপন কৰিলোঁ।
English: “The Muga bobbin is dear, but the shuttle is dearer; still dearer is the Bihu of Bohag…” Heartfelt wishes for the New Year and Rongali Bihu to you.
64. আপোনাৰ পৰিয়ালৰ সকলোকে হেঁপাহৰ ৰঙালী বিহু আৰু অসমীয়া নৱবৰ্ষৰ হিয়াভৰা শুভেচ্ছা জনালোঁ। এই বিহুৱে যেন সকলোৰে মনোবাঞ্ছা পূৰ্ণ কৰে।
English: Heartfelt wishes for the beloved Rongali Bihu and New Year to your family. May this Bihu fulfill everyone’s desires.
65. ৰঙালীৰ ৰঙেৰে আগন্তুক দিনবোৰ ৰঙীন হৈ পৰক। তোমালৈ ব’হাগ বিহু আৰু অসমীয়া নৱবৰ্ষৰ আন্তৰিক শুভেচ্ছা জনালোঁ।
English: May the coming days be colorful with the spirit of Rongali. Heartfelt wishes for Bohag Bihu and the New Year to you.
66. আপোনাৰ লগতে পৰিয়ালৰ সকলোলৈ ৰঙালী বিহুৰ হিয়াভৰা ওলগ তথা অসমীয়া নৱবৰ্ষৰ শুভকামনা যাচিলোঁ।
English: I extend heartfelt greetings for Rongali Bihu and the Assamese New Year to you and your family.
67. তোমালৈ অসমীয়া নৱবৰ্ষ আৰু ৰঙালী বিহুৰ হিয়াভৰা শুভেচ্ছা জনালোঁ। এই বিহুৱে তোমাৰ জীৱনলৈ নতুন আশাৰ পোহৰ কঢ়িয়াই আনক।
English: Heartfelt wishes for the Assamese New Year and Rongali Bihu to you. May this Bihu bring a light of new hope to your life.
68. আপোনাৰ পৰিয়ালৰ সকলোলৈ ৰঙালী বিহু আৰু অসমীয়া নৱবৰ্ষৰ আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰিলোঁ। আগন্তুক দিনবোৰ উৎসৱৰ উমেৰে পূৰ্ণ হওক।
English: Heartfelt greetings for Rongali Bihu and the New Year to your family. May the coming days be filled with the warmth of the festival.
69. তোমালৈ ৰঙালী বিহু আৰু অসমীয়া নৱবৰ্ষৰ হিয়াভৰা শুভেচ্ছা জনালোঁ। এই বিহুৱে তোমাৰ জীৱনলৈ নতুন উদ্যম আৰু সাফল্যৰ বতৰা কঢ়িয়াই আনক।
English: Heartfelt wishes for Rongali Bihu and the New Year to you. May this Bihu bring news of new energy and success to your life.
70. এই ৰঙালী বিহুৱে আপোনাৰ জীৱনলৈ লৈ আহক বসন্তৰ দৰে নতুন সপোন আৰু নতুন আশা। ফুলৰ সুবাসৰ দৰে আপোনাৰ দিনবোৰ হওক সুখেৰে ভৰা, আৰু ঢোল-পেপাৰ আনন্দময় সুৰে ভৰাই ৰাখক আপোনাৰ হৃদয়। আপোনাৰ ঘৰ-সংসাৰ সদায় থাকক হাঁহি, মৰম আৰু সমৃদ্ধিৰে উজ্বল। ৰঙালী বিহুৰ আন্তৰিক শুভেচ্ছা।
English: May this Rongali Bihu bring new dreams and fresh hope into your life like the arrival of spring. May your days be filled with happiness like the fragrance of flowers, and may the joyful rhythm of the dhul and pepa fill your heart with celebration. May your home always shine with laughter, love, and prosperity. Warm Rongali Bihu wishes.
Rongali Bihu celebrates nature, new beginnings, joy, and togetherness.
Sharing heartfelt Rongali Bihu Wishes in Assamese is one of the most beautiful ways to spread happiness during this festive season.
Finally, we wish you and your loved ones a Very Happy Rongali Bihu!
Cheers!