Top 50 Assamese Quotes For All Age Groups

Top 50 Assamese Quotes For All Age Groups

In our previous blog posts, we wrote about Assamese Motivational QuotesAssamese Quotes On Life as well as Assamese Love Quotes.

Today, we bring you a range of Assamese Quotes that touch upon various topics.

So, without any delay, let’s dive straight in.

 

1. কিছুমান দুখ এনেকুৱা হয়, যাক আমি সহ্য কৰিব পাৰোঁ, কিন্তু কাৰো আগত ব্যাখ্যা কৰিব নোৱাৰোঁ ।

2. মোৰ বেয়া পোৱা মানুহ বেছি, কাৰণ ম‌ই অভিনয় কৰিব নাজানো ।

3. ম‌ই বেয়াই,  ভাল মুখা পিন্ধা ভদ্ৰবোৰেনো কিয় আনৰ সমালোচনা কৰে । 

4. ভদ্ৰতাৰ আন‌এটা নাম হৈছে  দুৰ্বলতা,  তুমি যিমানেই ভদ্ৰ হবা আনে তোমাক সিমানেই দুৰ্বল ভাবিব ।

5. সকলোৱে ভুল বুজে, পৰিস্থিতি কোনেও বুজিবলৈ চেষ্টা নকৰে ।

6. সুখ এনেকুৱা এটা APP যিটো সকলোৰে জীৱনত INSTALL নহয় ।

7. এটা ভাল দিন পাবলৈ হ’লে হাজাৰটা বেয়া দিনৰ লগত যুদ্ধ কৰিব লাগিব ।

8. আচলতে মানুহৰ নিজৰ দৃষ্টিত ভাল হ’ব লাগে, সমাজৰ দৃষ্টিত পৃথিৱী খনেই দেখোন বেয়া ।

9. পৃথিৱীৰ সকলোতকৈ ডাঙৰ ডাষ্টবিন হ’ল মানুহৰ মনটো, এই মন পৰিস্কাৰ ৰাখিলে গোটেই পৃথিৱী পৰিস্কাৰ হৈ থাকে ।

10. END শব্দটোৰ মানে EFFORT NEVER DIES…অৰ্থাৎ প্ৰচেষ্টাৰ মৃত্যু নাই, সমাপ্তি মানেই শেষ নহয় ।

11. এদিন ডাঙৰ হোৱাৰ সপোন দেখি দিনবোৰ পাৰ‌ হৈছিল, এতিয়া এটাই দুখ শৈশৱক কিয় হেৰুৱালো ।

12. জীৱন হয় জিকিবা, নহয় শিকিবা, হাৰিলোঁ বুলি নিজৰ সন্মুখত দেৱালখন গাঁঠি নলবা ।

13. খঙে মানুহক অন্ধ কৰে, লোভে মানুহক সংকীৰ্ণ কৰে আৰু হিংসাই মানুহক ধ্বংস কৰে ।

14. প্ৰতিটো শিক্ষা কিতাপত পোৱা নাযায়, কিছুমান শিক্ষা জীৱনেও দি যায় ।

15.  Accept কৰিব শিকা আৰু হাঁহি এটা মাৰি আগবাঢ়ি যোৱা ।

16. পানীত ননমাকৈ যিদৰে সাঁতোৰ শিকিব নোৱাৰি, ঠিক তেনেকৈ জীৱনলৈ বেয়া দিন নাহিলে মানুহ চিনিব নোৱাৰি ।

17. সকলোৰে বাবে সকলো সময়তে উপলব্ধ নহ’ব অন্যথা আপোনাৰ গুৰুত্ব আৰু মূল্য দুয়োটাই কমি আহিব ।

18. আনৰ চৰিত্ৰ বিচাৰ কৰিবলৈ যোৱাৰ আগতে নিজৰ চৰিত্ৰ কেনেকুৱা সেইটো বিচাৰ কৰক, মনত ৰাখিব ভাল চৰিত্ৰৰ মানুহে আনৰ চৰিত্ৰ খুচৰি নুফুৰে ।

19. লাগিলে জীৱনত যিমান বাৰেই অসফল নোহোৱা কিয়, কিন্তু তোমাৰ ধনাত্মক চিন্তাধাৰায়ে তোমাক এদিন সফলতা প্ৰাপ্ত কৰাব ।

20. জীৱনত কষ্ট পোৱাটো বহুত জৰুৰী, কাৰণ ই এক প্ৰকাৰৰ শিক্ষা আৰু এই শিক্ষাই পৰব‌ৰ্তী সমস্যাৰ লগত যুঁজিবলৈ সাহস দিয়ে ।

21. প্ৰতিটো কষ্টৰ অভিজ্ঞতাই আমাৰ বাবে এটা নতুন শিক্ষা ।

22. জীৱনটো গঢ়িবলৈ যোৱাৰ আগতে নিজৰ মনটো শক্তিশালী আৰু দৃঢ়ভাবে গঢ়ি ল‌ওক যাতে কোনো শক্তিয়ে আপোনাক বাধা দিব নোৱাৰে ।

23. চৌদিশে বৃদ্ধি পাইছে অট্টালিকাৰ উচ্চতা, কিন্তু নিম্নগামী হৈছে সততা, মানবতা । 

24. কষ্ট কৰি পোৱা সফলতাই মানুহক চৰিত্ৰ বান কৰি তুলে আৰু নভবাকৈ পোৱা সফলতাই মানুহক অহংকাৰী কৰি তুলে  ।

25. মানুহে যেতিয়াৰ পৰা টকা চাই সন্মান কৰা আৰম্ভ কৰিছে, তেতিয়াৰে পৰা আমাৰ সমাজত জ্ঞানী মানুহৰ মৰ্যদা কমি গৈছে আৰু টকা থকা মানুহৰ মূল্য বৃদ্ধি হৈছে ।

26. বুজিবলৈ সঁচাকৈ কঠিন যে ভুল কাৰ আমাৰ মানুহবোৰৰ নে সময়ৰ।

27. নিজ নিজ সপোনবোৰ বাস্তৱলৈ পৰিণত কৰিবৰ বাবে আপুনিয়েই চেষ্টা কৰিব লগিব সকলোবোৰ আপুনি সময়ৰ ওপৰত জাপি দিলে নহ’ব সপোন যেতিয়া আপোনাৰ চেষ্টাও আপোনাৰ হ’ব লাগিব।

28. সকলো উত্তৰ সময়ে দিয়ে, আমি যিমানেই চেষ্টা নকৰোঁ কিয়, কিন্তু সময়ৰ বানৰ আগত সকলো পৰাজিত ।।

29. সময় আৰু শিক্ষক দুয়োটাই শিকায়,কিন্তু পার্থক্য মাথো এইটোৱেই যে, শিক্ষকে শিকোৱাৰপিছত পৰীক্ষা লয়।আৰু সময়ে পৰীক্ষা লোৱাৰপিছত শিকায়।

30. জ্ঞানী মানুহৰ ভুল ধৰিলে তুমি হ’বা তেওঁৰ বন্ধু। মূর্খ মানুহৰ ভুল ধৰিলে তুমি হ’বা তেওঁৰ শত্রু।

31. আপোন হ’বলৈ কোনো তেজৰ সম্পর্ক নালাগে, দুখৰ সময়ত যিজন আপোনাৰ কাষত থাকে সেইজনেই প্রকৃত আপোন।

32. সপোন যিমান ৰঙীন হয় বাস্তৱ সিমানেই কঠিন হয়।

33. অকল কাপোৰেই নহয়, চিন্তাধাৰাবোৰো ব্ৰেণ্ডেড হোৱাটো প্ৰয়োজন ।

34. সিংহ‌ই চিকাৰৰ সপোন নেদেখে, সিংহ‌ই মাত্ৰ চিকাৰহেকৰে, গতিকে সপোন নহয় বাস্তৱত কামখিনি কৰি দেখুৱা ।

35. বেলেগৰ ভৰিত পৰি সফলতা লাভ কৰাতকৈ, নিজৰ ভৰিত থিয় হৈ নিজৰ ভৱিষ্যতটো সুৰক্ষিত কৰা দৰকাৰ।

36. তুমি প‌ইচা বনোৱা, সম্বন্ধ বোৰ মানুহবোৰে নিজেই বনাই ল’ব ।

37. ভাল বুলি সকলোৱে লগ দিয়ে, কিন্তু বেয়া বুলি জানিও ভাল কৰিবলৈ চেষ্টা কৰা জনহে আচল বন্ধু ।

38. ভিৰ সদায় সেইটো ৰাস্তাত হয় যিটো ৰাস্তা সহজ হয় ।

39. ভাল সময়ে এটা ভাল স্মৃতি দি যায় আৰু বেয়া সময়ে এটা ভাল শিক্ষা দি যায় ।

40. মনত শান্তি নাথাকিলে গোটেই পৃথিৱী খনেই বিৰক্ত যেন লাগে ।

41. আমি perfect নহ’লেও বিশ্বাস যোগ্য হোৱা খুবেই প্ৰয়োজন ।

42. জীৱনটো আচলতে সৰল, আমি হে ইয়াক খুতুৰি থাকি জটিল বনাই পেলাওঁ ।

43. মৌনতাৰ আশ্ৰয় লোৱা মানেই মানুহ জনৰ দূৰ্বলতা নুবুজাই, মৌনতা জীৱনৰ অসফলতা নহয়, ই ধৈৰ্যৰহে পৰিচয় ।

44. অৱহেলিত যিমানেই হ’ব এদিন আপুনিও শিলৰ দৰে কঠিন হৈ পৰিব তেতিয়া আপোনাক কোনেও ভাঙিব নোৱাৰিব ।

45. টকা – পইচাৰে কাৰোবাক সহায় কৰিব পৰা নাই কোনো কথা নাই কিন্তু মৰম আৰু অন্তৰিকতাৰেও আপুনি কাৰোবাক সহায় কৰিব পাৰে।

46. তর্কতকৈ নীৰৱতা ভাল। প্রতিশোধ লোৱাতকৈ বাট সলাই চলা ভাল। আৰু স্বর্থপৰ মানুহৰ লগত দূৰত্ব বজাই ৰাখি অকলে চলা অনেক গুনে ভাল।

47. যেতিয়া তোমাৰ ওচৰত অজস্র ধন-সম্পত্তি থাকিব তেতিয়া তুমি পাহৰি যাবা, তুমি কোন ? আৰু যেতিয়া তোমাৰ ওচৰত ধন-সম্পত্তি নাথকিব তেতিয়া এই পৃথিৱীখনে পাহৰি যাব, তুমি কোন ? 

48. আৱেগৰ পথত নচলি বিবেকৰ পথেৰে চলিবলৈ শিকা, দেখিবা তুমি তোমাৰ জীৱনটো সুন্দৰকৈ গঢ় দিবলৈ পাৰিছা। কাৰণ পৃথিৱীৰ শ্রেষ্ঠ আদালত হৈছে মানুহৰ বিবেক।

49. কিতাপৰ জ্ঞানৰ দ্বাৰা শিক্ষিত হে হয় জ্ঞানী নহয়, যেনেকৈ জ্বলি থকা চাকিৰ দ্বাৰা পোহৰ হে হয় দিন নহয় ।

50. জীৱনৰ আৱশ্যকতা যিমানেই সীমিত কৰিব সিমানেই জীৱনটো সুন্দৰ হৈ পৰিব ।

 

So, that’s it.

We hope these Assamese quotes gave you some food for thought.

See you next time.

 

Blog Post Banner

Author Post

Add comment

Your email address will not be published. Required fields are marked

Related Articles

Kiba Prosno Ase? Chat with us!