No products in the cart.
Return To ShopNo products in the cart.
Return To Shop
In our previous blog posts, we wrote about…
1. Assamese Motivational Quotes
Today, we bring you a range of Assamese Quotes that touch upon various topics.
So, without any delay, let’s dive straight in.
1. কিছুমান দুখ এনেকুৱা হয়, যাক আমি সহ্য কৰিব পাৰোঁ, কিন্তু কাৰো আগত ব্যাখ্যা কৰিব নোৱাৰোঁ ।
English Meaning: Some sorrows are such that we can endure them, but we can never explain them to anyone.
2. মোক বেয়া পোৱা মানুহ বেছি, কাৰণ মই অভিনয় কৰিব নাজানো ।
English Meaning: I have many people who dislike me, simply because I don’t know how to act or pretend.
3. মই বেয়াই, ভাল মুখা পিন্ধা ভদ্ৰবোৰেনো কিয় আনৰ সমালোচনা কৰে ।
English Meaning: Fine, I am “bad,” but then why do these “gentle” people wearing masks of goodness spend their time criticising others?
4. ভদ্ৰতাৰ আনএটা নাম হৈছে দুৰ্বলতা, তুমি যিমানেই ভদ্ৰ হবা আনে তোমাক সিমানেই দুৰ্বল ভাবিব ।
English Meaning: Another name for politeness is weakness; the more polite you are, the more others will perceive you as weak.
5. সকলোৱে ভুল বুজে, পৰিস্থিতি কোনেও বুজিবলৈ চেষ্টা নকৰে ।
English Meaning: Everyone misunderstands, but no one tries to understand the situation.
6. সুখ এনেকুৱা এটা APP যিটো সকলোৰে জীৱনত INSTALL নহয় ।
English Meaning: Happiness is like an app that doesn’t get installed in everyone’s life.
7. এটা ভাল দিন পাবলৈ হ’লে হাজাৰটা বেয়া দিনৰ লগত যুদ্ধ কৰিব লাগিব ।
English Meaning: To earn one good day, you must fight through a thousand bad ones.
8. আচলতে মানুহৰ নিজৰ দৃষ্টিত ভাল হ’ব লাগে, সমাজৰ দৃষ্টিত পৃথিৱী খনেই দেখোন বেয়া ।
English Meaning: In reality, one should strive to be good in their own eyes; in the eyes of society, the whole world seems flawed.
9. পৃথিৱীৰ সকলোতকৈ ডাঙৰ ডাষ্টবিন হ’ল মানুহৰ মনটো, এই মন পৰিস্কাৰ ৰাখিলে গোটেই পৃথিৱী পৰিস্কাৰ হৈ থাকে ।
English Meaning: The biggest dustbin in the world is the human mind; if you keep this mind clean, the whole world remains clean.
10. END শব্দটোৰ মানে EFFORT NEVER DIES…অৰ্থাৎ প্ৰচেষ্টাৰ মৃত্যু নাই, সমাপ্তি মানেই শেষ নহয় ।
English Meaning: The word “END” means “Effort Never Dies” – meaning there is no death to effort, and a conclusion isn’t necessarily the finish.
11. এদিন ডাঙৰ হোৱাৰ সপোন দেখি দিনবোৰ পাৰ হৈছিল, এতিয়া এটাই দুখ শৈশৱক কিয় হেৰুৱালো ।
English Meaning: Days were spent dreaming of growing up; now, the only regret is why I lost my childhood.
12. জীৱন হয় জিকিবা, নহয় শিকিবা, হাৰিলোঁ বুলি নিজৰ সন্মুখত দেৱালখন গাঁঠি নলবা ।
English Meaning: In life, you either win or you learn; do not build a wall in front of yourself just because you think you lost.
13. খঙে মানুহক অন্ধ কৰে, লোভে মানুহক সংকীৰ্ণ কৰে আৰু হিংসাই মানুহক ধ্বংস কৰে ।
English Meaning: Anger blinds a person, greed narrows the mind, and envy/hatred destroys them.
14. প্ৰতিটো শিক্ষা কিতাপত পোৱা নাযায়, কিছুমান শিক্ষা জীৱনেও দি যায় ।
English Meaning: Not every lesson is found in books; some lessons are taught by life itself.
15. Accept কৰিব শিকা আৰু হাঁহি এটা মাৰি আগবাঢ়ি যোৱা ।
English Meaning: Learn to accept and move forward with a smile.
16. পানীত ননমাকৈ যিদৰে সাঁতোৰ শিকিব নোৱাৰি, ঠিক তেনেকৈ জীৱনলৈ বেয়া দিন নাহিলে মানুহ চিনিব নোৱাৰি ।
English Meaning: Just as you cannot learn to swim without getting into the water, you cannot truly know people until bad days arrive in your life.
17. সকলোৰে বাবে সকলো সময়তে উপলব্ধ নহ’ব অন্যথা আপোনাৰ গুৰুত্ব আৰু মূল্য দুয়োটাই কমি আহিব ।
English Meaning: Do not be available for everyone all the time; otherwise, both your importance and your value will decrease.
18. আনৰ চৰিত্ৰ বিচাৰ কৰিবলৈ যোৱাৰ আগতে নিজৰ চৰিত্ৰ কেনেকুৱা সেইটো বিচাৰ কৰক, মনত ৰাখিব ভাল চৰিত্ৰৰ মানুহে আনৰ চৰিত্ৰ খুচৰি নুফুৰে ।
English Meaning: Before judging another’s character, judge your own; remember, people of good character do not go around picking apart the character of others.
19. লাগিলে জীৱনত যিমান বাৰেই অসফল নোহোৱা কিয়, কিন্তু তোমাৰ ধনাত্মক চিন্তাধাৰায়ে তোমাক এদিন সফলতা প্ৰাপ্ত কৰাব ।
English Meaning: No matter how many times you fail in life, your positive mindset will one day lead you to success.
20. জীৱনত কষ্ট পোৱাটো বহুত জৰুৰী, কাৰণ ই এক প্ৰকাৰৰ শিক্ষা আৰু এই শিক্ষাই পৰবৰ্তী সমস্যাৰ লগত যুঁজিবলৈ সাহস দিয়ে ।
English Meaning: It is very important to face hardships in life because it is a form of education, and this education gives you the courage to fight future problems.
21. প্ৰতিটো কষ্টৰ অভিজ্ঞতাই আমাৰ বাবে এটা নতুন শিক্ষা ।
English Meaning: Every painful experience is a new lesson for us.
22. জীৱনটো গঢ়িবলৈ যোৱাৰ আগতে নিজৰ মনটো শক্তিশালী আৰু দৃঢ়ভাবে গঢ়ি লওক যাতে কোনো শক্তিয়ে আপোনাক বাধা দিব নোৱাৰে ।
English Meaning: Before building your life, build your mind to be strong and firm so that no force can stop you.
23. চৌদিশে বৃদ্ধি পাইছে অট্টালিকাৰ উচ্চতা, কিন্তু নিম্নগামী হৈছে সততা, মানবতা ।
English Meaning: The heights of buildings are rising everywhere, but honesty and humanity are declining.
24. কষ্ট কৰি পোৱা সফলতাই মানুহক চৰিত্ৰ বান কৰি তুলে আৰু নভবাকৈ পোৱা সফলতাই মানুহক অহংকাৰী কৰি তুলে ।
English Meaning: Success achieved through hard work builds character, while unexpected success often makes a person arrogant.
25. মানুহে যেতিয়াৰ পৰা টকা চাই সন্মান কৰা আৰম্ভ কৰিছে, তেতিয়াৰে পৰা আমাৰ সমাজত জ্ঞানী মানুহৰ মৰ্যদা কমি গৈছে আৰু টকা থকা মানুহৰ মূল্য বৃদ্ধি হৈছে ।
English Meaning: Ever since people started giving respect based on money, the status of wise people in our society has decreased while the value of wealthy people has increased.
26. বুজিবলৈ সঁচাকৈ কঠিন যে ভুল কাৰ আমাৰ মানুহবোৰৰ নে সময়ৰ।
English Meaning: It is truly difficult to understand whose fault it is – ours, the people’s, or time’s.
27. নিজ নিজ সপোনবোৰ বাস্তৱলৈ পৰিণত কৰিবৰ বাবে আপুনিয়েই চেষ্টা কৰিব লগিব সকলোবোৰ আপুনি সময়ৰ ওপৰত জাপি দিলে নহ’ব সপোন যেতিয়া আপোনাৰ চেষ্টাও আপোনাৰ হ’ব লাগিব।
English Meaning: You must be the one to strive to turn your dreams into reality; you cannot leave everything to time. When the dream is yours, the effort must be yours too.
28. সকলো উত্তৰ সময়ে দিয়ে, আমি যিমানেই চেষ্টা নকৰোঁ কিয়, কিন্তু সময়ৰ বানৰ আগত সকলো পৰাজিত ।
English Meaning: Time provides all the answers; no matter how hard we try, everyone is defeated before the tide of time.
29. সময় আৰু শিক্ষক দুয়োটাই শিকায়,কিন্তু পার্থক্য মাথো এইটোৱেই যে, শিক্ষকে শিকোৱাৰপিছত পৰীক্ষা লয়।আৰু সময়ে পৰীক্ষা লোৱাৰপিছত শিকায়।
English Meaning: Both time and teachers teach us, but the only difference is that a teacher teaches and then takes a test, while time takes a test and then teaches.
30. জ্ঞানী মানুহৰ ভুল ধৰিলে তুমি হ’বা তেওঁৰ বন্ধু। মূর্খ মানুহৰ ভুল ধৰিলে তুমি হ’বা তেওঁৰ শত্রু।
English Meaning: If you point out the mistake of a wise person, you will become their friend. If you point out the mistake of a fool, you will become their enemy.
31. আপোন হ’বলৈ কোনো তেজৰ সম্পর্ক নালাগে, দুখৰ সময়ত যিজন আপোনাৰ কাষত থাকে সেইজনেই প্রকৃত আপোন।
English Meaning: You don’t need a blood relation to be close to someone; the person who stands by you in times of sorrow is your true kin.
32. সপোন যিমান ৰঙীন হয় বাস্তৱ সিমানেই কঠিন হয়।
English Meaning: The more colourful the dream, the harsher the reality.
33. অকল কাপোৰেই নহয়, চিন্তাধাৰাবোৰো ব্ৰেণ্ডেড হোৱাটো প্ৰয়োজন ।
English Meaning: It’s not just clothes – your thoughts need to be “branded” (high quality) too.
34. সিংহই চিকাৰৰ সপোন নেদেখে, সিংহই মাত্ৰ চিকাৰহেকৰে, গতিকে সপোন নহয় বাস্তৱত কামখিনি কৰি দেখুৱা ।
English Meaning: A lion doesn’t dream of hunting; a lion just hunts. So, don’t just dream—show results through your actions in reality.
35. বেলেগৰ ভৰিত পৰি সফলতা লাভ কৰাতকৈ, নিজৰ ভৰিত থিয় হৈ নিজৰ ভৱিষ্যতটো সুৰক্ষিত কৰা দৰকাৰ।
English Meaning: Rather than achieving success by falling at someone else’s feet, it is better to stand on your own feet and secure your future.
36. তুমি পইচা বনোৱা, সম্বন্ধ বোৰ মানুহবোৰে নিজেই বনাই ল’ব ।
English Meaning: You focus on making money; people will create relationships with you on their own.
37. ভাল বুলি সকলোৱে লগ দিয়ে, কিন্তু বেয়া বুলি জানিও ভাল কৰিবলৈ চেষ্টা কৰা জনহে আচল বন্ধু ।
English Meaning: Everyone stays with you when things are good, but the one who knows your flaws and still tries to make you better is a true friend.
38. ভিৰ সদায় সেইটো ৰাস্তাত হয় যিটো ৰাস্তা সহজ হয় ।
English Meaning: Crowds always gather on the path that is easy.
39. ভাল সময়ে এটা ভাল স্মৃতি দি যায় আৰু বেয়া সময়ে এটা ভাল শিক্ষা দি যায় ।
English Meaning: Good times leave behind a good memory, and bad times leave behind a good lesson.
40. মনত শান্তি নাথাকিলে গোটেই পৃথিৱী খনেই বিৰক্ত যেন লাগে ।
English Meaning: If there is no peace in the mind, the entire world feels irritating.
41. আমি perfect নহ’লেও বিশ্বাস যোগ্য হোৱা খুবেই প্ৰয়োজন ।
English Meaning: Even if we are not perfect, it is very necessary to be trustworthy.
42. জীৱনটো আচলতে সৰল, আমি হে ইয়াক খুতুৰি থাকি জটিল বনাই পেলাওঁ ।
English Meaning: Life is actually simple; it is we who complicate it by over-analysing and poking at it.
43. মৌনতাৰ আশ্ৰয় লোৱা মানেই মানুহ জনৰ দূৰ্বলতা নুবুজাই, মৌনতা জীৱনৰ অসফলতা নহয়, ই ধৈৰ্যৰহে পৰিচয় ।
English Meaning: Taking refuge in silence does not imply a person’s weakness; silence is not a failure of life, it is a sign of patience.
44. অৱহেলিত যিমানেই হ’ব এদিন আপুনিও শিলৰ দৰে কঠিন হৈ পৰিব তেতিয়া আপোনাক কোনেও ভাঙিব নোৱাৰিব ।
English Meaning: The more you are neglected, the more you will become hard like a stone one day, and then no one will be able to break you.
45. টকা-পইচাৰে কাৰোবাক সহায় কৰিব পৰা নাই কোনো কথা নাই কিন্তু মৰম আৰু অন্তৰিকতাৰেও আপুনি কাৰোবাক সহায় কৰিব পাৰে।
English Meaning: It’s okay if you can’t help someone with money, but you can always help someone with love and sincerity.
46. তর্কতকৈ নীৰৱতা ভাল। প্রতিশোধ লোৱাতকৈ বাট সলাই চলা ভাল। আৰু স্বর্থপৰ মানুহৰ লগত দূৰত্ব বজাই ৰাখি অকলে চলা অনেক গুনে ভাল।
English Meaning: Silence is better than an argument. Moving on is better than taking revenge. And walking alone while maintaining distance from selfish people is many times better.
47. যেতিয়া তোমাৰ ওচৰত অজস্র ধন-সম্পত্তি থাকিব তেতিয়া তুমি পাহৰি যাবা, তুমি কোন ? আৰু যেতিয়া তোমাৰ ওচৰত ধন-সম্পত্তি নাথকিব তেতিয়া এই পৃথিৱীখনে পাহৰি যাব, তুমি কোন ?
English Meaning: When you have immense wealth, you will forget who you are. When you have no wealth, the world will forget who you are.
48. আৱেগৰ পথত নচলি বিবেকৰ পথেৰে চলিবলৈ শিকা, দেখিবা তুমি তোমাৰ জীৱনটো সুন্দৰকৈ গঢ় দিবলৈ পাৰিছা। কাৰণ পৃথিৱীৰ শ্রেষ্ঠ আদালত হৈছে মানুহৰ বিবেক।
English Meaning: Learn to walk the path of conscience instead of emotion, and you will see that you can shape your life beautifully. Because the greatest court in the world is a person’s conscience.
49. কিতাপৰ জ্ঞানৰ দ্বাৰা শিক্ষিত হে হয় জ্ঞানী নহয়, যেনেকৈ জ্বলি থকা চাকিৰ দ্বাৰা পোহৰ হে হয় দিন নহয় ।
English Meaning: Bookish knowledge makes one educated, not necessarily wise – just as a lit lamp provides light, but it does not make it daytime.
50. জীৱনৰ আৱশ্যকতা যিমানেই সীমিত কৰিব সিমানেই জীৱনটো সুন্দৰ হৈ পৰিব ।
English Meaning: The more you limit the necessities of life, the more beautiful life will become.
So, that’s it.
We hope these Assamese Quotes gave you some food for thought.
Until next time…
Cheers!

One comment
জগদীশ নাথ
মই পঢ়ি ভালপাওঁ